গুৱাহাটীৰ মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পত মাৰ্ক্সৰ ২০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে মাৰ্ক্সবাদৰ সাম্প্ৰতিক প্ৰাসঙ্গিতাৰ বিষয়ে এটি বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈছিল আজি। বক্তা হিচাবে অংশ লৈছিল দেশৰ অন্যতম বাওঁপন্থী নেতা সীতাৰাম য়েচুৰীয়ে।
![]() |
অসমীয়াৰ সুখ-দুখঃ অনলাইন দৈনিক |
মাৰ্ক্সৰ চিন্তাৰ কেন্দ্ৰত আছিল মানৱ মুক্তি ৷ আৰু তেওঁ এই মুক্তি অৰ্জাৰ পথ নিৰ্দেশ কৰিছিল বৈজ্ঞানিক সমাজবাদত, যাৰ মৰ্মত আছে দ্বন্দাত্মক পদ্ধতি যিটো হ’ল প্ৰমেয় অপ্ৰমেয়ৰ মাজৰ সংঘাতৰ পৰা উৎপত্তি হোৱা সংশ্লেষণ ৷ ফয়াৰবাখে কৈছিল মানুহক মুক্ত কৰিবলৈ হ’লে মানুহৰ চেতনাৰ পৰিবৰ্তন হ’ব লাগিব৷ মাৰ্ক্সে কৈছিল মানুহৰ সামাজিক অৱস্থাইহে মানুহৰ চেতনা নিৰ্ণয় কৰে৷গতিকে সামাজিক অৱস্থাৰহে পৰিবৰ্তন হ’ব লাগিব৷ সামাজিক অৱস্থাটো হ’ল পুঁজিবাদী শোষণ ব্যৱস্থা য’ত প্ৰকৃত শ্ৰমৰ মূল্যতকৈ সামগ্ৰিৰ বজাৰ মূল্য বেছি৷ সামগ্ৰীৰ মজুৰি মূল্য আৰু বজাৰ মূল্যৰ পাৰ্থক্যই হ’ল উদ্বৃত্ব ৷ এই উদ্বৃত্বই হ’ল মুনাফা যিটো পুঁজিপতিয়ে হস্তগত কৰে৷ এই উদ্বৃত্বৰ বাবেই শ্ৰমিক শোষিত হয় ৷কিন্তু নিজৰ অন্তৰ্নিহিত দ্বন্দৰ বাবেই বাৰে বাৰে পুঁজিবাদ সংকটৰ সন্মুখীন হয়৷
মানুহৰ হাতত ক্ৰয় ক্ষমতা নথকা বাবে উৎপাদিত সামগ্ৰী গুদামত জমা হৈ পৰি থাকে৷উৎপাদন খৰচ কমাবলৈ শ্ৰমিক ছাতাই কৰিব লগা হয়৷অৰ্থনৈতিক সংকট মোচনৰ বাবে পুঁজিবাদ নতুন নতুন কৌশল অৱলম্বন কৰে৷ কেতিয়াবা সেই কৌশল প্ৰকাশ পায় ফেচিবাদী যুদ্বোন্মদনা হিচাপে৷ এতিয়া আমেৰিকাত ট্ৰাম্পে তাক জাতিবৈষম্যৰ ৰূপ দিছে আৰু আজি ভাৰতত তাক দিয়া হৈছে হিন্দু মুছলমানৰ বিভেদৰ ৰূপ৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত হিন্দুত্ববাদীসকলৰ শ্লোগান আছিল হিন্দু ৰাষ্ট্ৰৰ৷ কিন্তু কংগ্ৰেছে ধৰ্ম নিৰপেক্ষতা আৰু গণতন্ত্ৰৰ কথা কৈছিল৷ আমি ধৰ্ম নিৰপেক্ষতাৰ লগতে সমাজবাদৰ কথাও কৈছিলোঁ৷ আজি ভাৰততো পুঁজিবাদৰ সংকট বাঢ়িছে৷ বিলিয়নাৰৰ সংখ্যা বাঢ়িছে কিন্তু সাধাৰণ মানুহৰ চাকৰি নোহোৱা হৈছে৷ কৃষকে আত্মহত্যা কৰিছে৷মানুহে যেতিয়া এইবোৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিবলৈ আগবাঢ়িছে তেওঁলোকক হিন্দু-মুছলমান বুলি ভাগ ভাগ কৰি ৰখা হৈছে৷বিজেপি চৰকাৰৰ বিৰুদ্ধে মানুহ যেতিয়া নাৰাজ হৈছে, প্ৰশ্নতোলা হৈছে মোদীৰ বিকল্প কোন? মোদীৰ বিকল্প এজন মানুহ নহয় ভাৰতৰ জনগণ আৰু জনগণৰ সপক্ষে লোৱা নীতি৷ এয়া আছিল য়েচুৰীৰ ভাষণৰ এচেৰিঙা৷ তেওঁক সুধিবলগা কথা আছিল বহু কিন্তু সময় অকুলন৷
আজি মোক কোনোবা এজনে তাত থৈ আহিল;মই মোৰ ফোন আইপেদ ,গাড়ী সকলো অফিছলৈ পঠিয়াই দিলোঁ৷ গোহাঁইচাৰো গৈছিল সভালৈ৷ চাৰে ক’লে মই তোমাৰ গাড়ীতে যাম৷ মই বোলো চাৰ গাড়ী পঠিয়াই দিলোঁ৷ লগত ফোনো নাই ,ব’লাচোন কিবা কৰি যাম ব’লা দুয়ো৷ সভাঘৰৰ পৰা চাৰক উলিয়াই অনাটোৱেই মস্কিল হ’ল- ইজন আহি তেখেতৰ লগত ফটো উঠে সিজন আহি তেখেতৰ লগত ফটো উঠে৷ তাৰ পৰা আহিলোঁ ৰাস্তালৈ৷ তাতো কেইখোজমান অহাৰ পিছত ইজনে তেখেতৰ খবৰ সোধে সিজনে তেখেতৰ খবৰ সোধে৷ আগবাঢ়িবই নোৱাৰোঁ৷ তেনেদৰে আহি আহি ফাচী বজাৰৰ জে বি জত চাহ খাবলৈ সোমালোঁ৷ তাতো আহি মানুহ ওলালহি৷ এইবাৰ আকৌ অট’ বিচাৰি অট’ আস্থানলৈ আহিছোঁ, ক'ৰপৰা পুলিচ এজন আহি আগভেটি ধৰি ক’বলৈ ধৰিলে চাৰ আপোনাৰ দীৰ্ঘায়ুৰ কাৰণে আমি প্ৰৰ্থনা কৰোঁ৷ এইবাৰ অট’ ল’বলৈ গ’লোঁ৷ এজনে যাব নোখোজা দেখি অইন দুজন আগবাঢ়ি আহি ক’লে চাৰ আহক আমি থৈ আহিম৷ আপুনি আমাৰ অট’ত উঠিব কিমান ভাল কথা! এতিয়া অসমৰ অইন কোনজন লোকে সাধাৰণ ৰাইজৰ পৰা ইমান আদৰ সাদৰ পায় বাৰু?
No comments:
Post a Comment