আজি "অসম নাগৰিক সমাজ"ৰ আমন্ত্ৰণ ক্ৰমে গুৱাহাটীৰ ভৰলুমুখৰ প্ৰাগজ্যোতিকা আই.টি.এ প্ৰেক্ষাগৃহত "দেশৰ বৰ্তমানৰ ৰাজনৈতিক অৱস্থা আৰু ভৱিষ্যত কাৰ্যপন্থা"ৰ বিষয়ক এটি গুৰুত্বপূৰ্ণ বক্তৃতা প্ৰদান কৰে বাজপেয়ী চৰকাৰৰ প্ৰাক্তন বিত্ত আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী য়শৱন্ত সিন্হাই।
এই ভাষণ 'মোদী চৰকাৰ'ৰ দিনত স্বেচ্ছাচাৰিতাই গা-কৰি উঠাৰ অভিযোগৰ সময়ত ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ ভেঁটি উজ্বলাই তোলা এক গুৰুত্বপূৰ্ণ ভাষণ বুলি বিবেচিত হৈছে। তেখেতৰ ভাষণৰ সময়ত মঞ্চত উপবিষ্ট আছিল অসমৰ বিশিষ্ট বুদ্ধিজীৱি অজিত কুমাৰ ভূঞা, প্ৰশান্ত ৰাজগুৰু, পৰেশ মালাকৰ, অখিল ৰঞ্জন দত্ত। এই বক্তৃতানুষ্ঠানত হলভৰ্তি দৰ্শকে অংশ লোৱাৰ লগতে এই অনুষ্ঠানৰ ফেচবুক লাইভৰ যোগেদিও প্ৰায় ১২০০লোকে প্ৰত্যক্ষ কৰে।
য়শৱন্ত সিন্হাৰ ভাষন আৰু তেওঁৰ মন্ত্ৰীত্বৰ সময়ত তেওঁৰ অভিজ্ঞতাৰ বিষয়ে বহু কথাই ৰাইজে জানিব পাৰিলে। তেওঁৰ ভাষনৰ কেইটামান বিশেষ 'উক্তি' তলত উল্লেখ কৰা হ'ল-
১) পাণ্ডৱ আছিল পাঁচজন আৰু পাণ্ডৱৰ নাম সকলোৱে জানে কিন্তু কৌৰৱৰ এশজন ভাতৃ কিন্তু ৰাইজে তাৰ দুই বা তিনি জনৰ নাম হে জানে ৷ বৰ্তমানৰ চৰকাৰখন কৌৰৱৰ দৰে যত ৰাইজ অমিত শ্বাহ আৰু মোডীৰ নাম হে জানে ৷
২) বৰ্তমান চৰকাৰখন মাত্ৰ PMO office ৰ পৰা নিয়ন্ত্ৰন হয় ৷
৩) বাজপেয়ী যেতিয়া প্ৰধান মন্ত্ৰী আছিল তেতিয়া তেওঁ বিদেশত গ'লে বিদেশ মন্ত্ৰীকো লগত লৈ গৈছিল ৷ কাৰন বিদেশে আন দেশৰ দুৰ্বলতা বেছি জানে আৰু দেশৰ দুৰ্বলতা জানিব নিদি দেশৰ বিদেশ মন্ত্ৰীক লগত লৈ গৈছিল ৷ কিন্তু এতিয়াৰ বিদেশ মন্ত্ৰীক প্ৰধান মন্ত্ৰীয়ে লগত নিয়ে নে?
৪) এনৰেগাক গালি পাৰিছিল প্ৰধান মন্ত্ৰীয়ে কিন্তু এতিয়া এনৰেগাৰ বাজেট আগৰ 42000 কোটিৰ পৰা 62000 কোটি পাইছে কাৰন বিমুদ্ৰাকৰনত লাখ লাখ মানুহ নিবনুৱা হোৱাই এনৰেগাত যোগদান দিব লগা হৈছে ৷
৫) ৰাফেল ডীলৰ কথাটো আচলতে প্ৰধান মন্ত্ৰীৰ কাৰ্যালয় গৈ পাবই নালাগিছিল ৷ এইটো কাম প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু বিত্ত মন্ত্ৰালয়ৰ ৷ ইউ পি এৰ দিনত সম্পন্ন হোৱা চুক্তি এনডিএই সম্পূৰ্ণ কৰিব লাগিছিল ৷ কিন্তু তাকে নকৰি 126 খনৰ পৰা 36 বিমান কিনাৰ সিদ্ধান্ত দুখজনক ৷ তেতিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকাৰে কৈছে যিহেতু প্ৰধান মন্ত্ৰীয়ে কৈছে আমাৰ সন্মতি আছে ৷ আচলতে এই কাম আছিল প্ৰতিৰক্ষা মন্ত্ৰীৰ ৷ অফচোৰ পাৰ্টনাৰ নিৰ্বাচিত হোৱা ৰিলায়েঞ্চে আজি দেশত নিজকে দেৱলীয়া ঘোষণা কৰি আবেদন কৰিব লগা হৈছে ৷ অথচ ইমান এটা বিশাল ডীলত তেওঁলোকক যোগ্য বুলি বিবেচনা কৰিলে মোডী চৰকাৰে।
৬) এইখন দেশত আজিকালি বিত্ত মন্ত্ৰীয়ে গম নোপোৱাকৈ এই দেশত বিমুদ্ৰাকৰন হয় ৷
৭) সম্পুৰ্ন কেবিনেটৰ মৰ্যদা ধ্বংস কৰি এতিয়া চব কামৰ পি এম ওৰ পৰা হয় ৷
৮) বাজপেয়ীৰ দিনত সংসদত বিৰোধীৰ লগতো আলোচনা কৰিছিল কিন্তু এতিয়া বিৰোধী নহয় দলৰ মন্ত্ৰীকো চৰকাৰে গুৰুত্ব নিদিয়ে ৷
৯) মোডীৰ দিনত স্বতন্ত্ৰ সংস্থা চব ধ্বংসৰ গৰাহত পৰিছে।
১০) আনকি জম্ম-কাশ্মীৰত চৰকাৰ ভাঙি ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰাৰ সিদ্ধান্তৰ কথা এই চৰকাৰৰ গৃহমন্ত্ৰীয়ে আগতীয়াকৈ গম নাপায়। গম পায় টিভিতহে! সিদ্ধান্ত লোৱাৰ ক্ষমতা এতিয়া কাৰ কুক্ষিগত, সেয়া ৰাইজেই বিচাৰ কৰক।
গোটেই অনুষ্ঠানটোৰ ভিডিঅ' তলত উপস্থাপন কৰা হৈছে-
(ভিডিঅটোত ৩০মিনিটৰ পৰা সিনহাৰ ভাষণ আছে আৰু ভিডিঅটো তেতিয়াৰ পৰাহে পোনকৈ দেখিবলৈ পাব।)
(ভিডিঅটোত ৩০মিনিটৰ পৰা সিনহাৰ ভাষণ আছে আৰু ভিডিঅটো তেতিয়াৰ পৰাহে পোনকৈ দেখিবলৈ পাব।)
No comments:
Post a Comment