ইতিবাচকঃ একেলগে দিয়া খোজৰ পৃথিৱীখন: Ubuntu দৰ্শন :: কাবেৰী গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইতিবাচকঃ একেলগে দিয়া খোজৰ পৃথিৱীখন: Ubuntu দৰ্শন :: কাবেৰী গোস্বামী

ইতিবাচকঃ একেলগে দিয়া খোজৰ পৃথিৱীখন: Ubuntu দৰ্শন :: কাবেৰী গোস্বামী

Share This
Ubuntu culture হিচাপে পৰিচিত এটি আফ্ৰিকান সংস্কৃতিৰ বিষয়ে অলপতে ইণ্টাৰনেটৰ যোগেদি জানিবলৈ পালো৷ উবুণ্টু দৰ্শন হৈছে শান্তিৰ অৰ্থে এক আফ্ৰিকান দৰ্শন৷ Ubuntu শব্দটো আফ্ৰিকাৰ এক স্থানীয় ভাষাৰ শব্দ, যাৰ অৰ্থ মানৱতা৷ এটি প্ৰচলিত কাহিনী অনুসৰি এদিন এজন নৃতত্ববিদে এদল আফ্ৰিকীয় জনজাতীয় ল’ৰা- ছোৱালীৰ মাজত এটি খেল পাতিলে৷ য’ত তেওঁ এজোপা গছৰ তলত এখৰাহি মিঠাই থৈ তাৰ পৰা এশমিটাৰ দূৰৈত ল’ৰা- ছোৱালীখিনিক থিয় কৰালে আৰু ক’লে যে যিয়েই প্ৰথমে গছৰ তলত দৌৰি আহি উপস্থিত হ’ব সেইজনেই খৰাহিৰ মিঠাইখিনি লাভ কৰিব৷ যেতিয়াই তেওঁ ক’লে, Ready steady go! লগে লগে ল’ৰা- ছোৱালীখিনিয়ে সকলোৱে প্ৰত্যেকে প্ৰত্যেকৰ হাতত ধৰি একেলগে দৌৰি গছজোপাৰ তললৈ আহিল, নিজৰ মাজতে সমানে মিঠাইখিনি ভগালে, খালে আৰু ইয়াতে আনন্দ পালে৷

নৃতত্ত্ববিদজনে তেওঁলোকক কিয় এনে কৰিলে সুধিলে, তেতিয়া সকলোৱে একেলগে উত্তৰত ক’লে, “Ubuntu” যাৰ মানে হৈছে, এজন অকলে কি দৰে সুখী হ’ব পাৰে, যেতিয়া আনবোৰ দুখী হয় (How can one be happy when the others are sad?)

তেওঁলোকৰ ভাষাত ubuntu মানে বুজায়, আমাৰ কাৰণেহে মই (I am because we are)৷ আৰু এই বহল ভাবধাৰা বহনকাৰী কাহিনীটোৱেই আফ্ৰিকাৰ এক উবুন্টু সংস্কৃতিৰ প্ৰসাৰক ক্ৰমে উদ্বুদ্ধ কৰে আৰু আফ্ৰিকাৰ এক অন্যতম পৰম্পৰাগত দৰ্শন হৈ পৰে উবুন্টু দৰ্শন, যি আমাক মানুহ হিচাপে বাকী পৃথিৱীখনৰ সৈতে একাত্মবোধৰে সম্পৰ্কিত কৰে৷ প্ৰাত্যহিক ভাব বিনিময়ত ইতিবাচক ভাৱে এজন আন সকলোৰে সৈতে হৈহে সম্পূৰ্ণ হ’ব পৰাৰ মনোভাৱ গঢ় দিয়ে৷ আমি কোনোৱে অকলে সুখী হ’ব নোৱাৰো, অথবা অকলে দুখ এক ভ্ৰান্তি৷ সুখ ভগালে বাঢ়ে, দুখ ভগালে কমে৷ জনহীন দ্বীপ এটাত গৈ অকলশৰে এজনে প্ৰাচুৰ্য্যৰ ভোগত সুখ নাপায়৷ সামাজিক জীৱৰ বাবে সামাজিক জীৱন পৰস্পৰে পৰস্পৰৰ বাবে৷ মোৰ পৰা আমিলৈ ভাবিব পৰাটোতে সামূহিক জীৱনৰ সাৰ্থকতা৷

আমি হাইস্কুলৰ ওপৰ শ্ৰেণীত পঢ়ালৈকে আমাৰ গাঁৱত এগৰাকী আইতাক দেখিছিলো৷ এই বয়সীয়া মানুহগৰাকীয়ে ঘৰৰ কামৰ পৰা আহৰি হৈ গাওঁখনৰ মানুহকেইঘৰত এপাক মাৰিছিল৷ কাৰোবাৰ ঘৰত থিয়ৈ থিয়ৈ বা কোনোঘৰত বহি চাহ একাপ নহ’লে তামোল এখন পাগ লগাকৈ খাই গৃহস্থৰ খা- খবৰ লৈ নিজৰো ডায়েৰীখন গাই যায়গৈ৷ সংগতি নাই যদিও Ubuntu সম্পৰ্কে পঢ়ি এই মানুহগৰাকীৰ কথা মনলৈ আহিছিল৷ কাৰণ তেখেতে প্ৰায়েই ঘৰে ঘৰে শিলিখা পুলি, জলফাই পুলি ৰুই, চাপৰিৰ খেতিৰ পৰা পুতেকে অনা মটৰমাহ কেইচিৰামান বা মাটিমাহ দুমুঠিকে অথবা বাৰীৰে তেঁতেলি বা জলফাই দুটামান আঁচলত বান্ধি ছোৱালী- বোৱাৰীক দিয়ে৷ মানুহজনী আবেলি হ’লেই গাওঁফুৰিবলৈ ওলাই আহিবই৷ সৰুফুটীয়া বগী মানুহজনীয়ে কপালত ইমান ধুনীয়াকৈ ফোঁটটো লয় যে মানুহগৰাকীৰ মুখলৈ চালে প্ৰথমেই ফোঁটটোতে চকু পৰিব৷ তামোলখাই ৰঙা হোৱা ওঁঠ আৰু কথাৰ লগে লগে লৰি থকা কাণৰ থুৰীয়াজোৰৰ সতে মানুহজনীক দেখিলেই সাধুকথাৰ বুঢ়ীআইতালৈ মনত পৰে৷ মৰমীয়াল মানুহজনীয়ে পিছে কোনোবাই বেয়াকে ক’লেও ধৰি নাথাকে৷ গাঁৱৰ প্ৰত্যেকৰে ঘৰৰ খবৰ তেওঁৰ নখদৰ্পণত৷ আনৰ যিকোনো বিপদে- সম্পদে প্ৰথম মাতষাৰ দিয়া মানুহগৰাকীও অৱশ্যে প্ৰায়ে তেঁৱেই আছিল৷ 
উবুণ্টু শিক্ষাৰ পাঠ শিশুসকলক


এদিন শুনিছিলো সেই গৰাকী আইতাই ছালত কৰ্কট ৰোগত ভোগাৰ কথা৷ শান্তিৰে দিনকেইটা ঘৰতে কটাই চকু মুদাৰ ইচ্ছা কৰা মানুহগৰাকীক অসুখত শুকাই যোৱা ছালখনৰেও ফুৰিবলৈ ওলাই অহা দেখিছিলো৷ হয়তো গাঁওখনৰ মানুহৰ পৰা মনটো আঁতৰাই তেওঁ ঘৰখনত সোমাই থাকিব পৰা নাছিল৷ এদিন সেই ৰোগতে তেওঁ ঢুকাল৷ প্ৰথম অৱস্থাত উৰুঙা লাগিলেও মাহটো বাগৰাৰ লগতে স্বাভাৱিক হৈ পৰিল৷

কিছুমান মানুহৰ স্থিতিটো থাকিলে অনুভৱ কৰা নাযায়, নাথাকিলেহে অনুভৱ কৰা যায়৷ ঠিক যেন আলিমূৰৰ ডাঙৰ আঁহতজোপা, অথবা পদূলিৰ বকুলজোপা৷ যাক জন্মৰ পৰাই দেখি অহা যায়, কোনো দিন যাৰ কথা ভবাও নহয়, কিন্তু এই মূহূৰ্তত কাইলৈৰ পৰা সেয়া নাই বুলি ভাবিলে যেন খালী খালী ভাবটোৱে ভবা মুহূৰ্তৰ পৰা হেঁচি থাকিব৷ 

কিন্তু এই মানুহজনী! আমাৰ বাৰীত তেওঁ ৰুই যোৱা জালুকজোপা, ফুলনিৰ শেৱালীজোপাৰ দৰেই গাঁৱৰ কাৰোবাৰ পদূলিৰ মৌশিলিখা বা আমলখিজোপা, নিমজোপা অথবা শাকনিবাৰীৰ মধুসোলেং, পদিনা কেইজোপাই অহৰহ সোঁৱৰাই থাকিব সৰুফুটীয়া সেই মানুহজনীক৷

কোনে জানো কৈছিল, family is a miniature society. পৰিয়াল আৰু ঘৰখনেইতো সামাজিক জীৱন এটাৰ আৰম্ভণি৷ আত্মীয়তাৰ সেই তানটোৱেই আমাৰ ঘৰৰ পৰা আমাৰ সমাজলৈ বুলি ভাবিব পৰা কৰে৷ সৰুতে এৰাতি ঘৰৰ পৰা আঁতৰি থাকিব লগা হ'লে ঘৰলৈ বৰকৈ মনত পৰিছিল৷ লাহে লাহে বুজি পোৱা হ'লো যি কোনো বস্তুৰ পৰা আঁতৰি থাকিলেহে তাৰ প্রতি থকা মোহটো বুজা যায়৷ সেয়েহে চাগে গাঁও খনৰ ভিতৰত নিজৰ ঘৰখন, অঞ্চলটোৰ ভিতৰত নিজৰ গাঁওখন, তাৰ পৰা অলপ আঁতৰি নিজৰ জিলা তাৰ পাছত নিজৰ ৰাজ্যখন, বিদেশত থাকিলে নিজৰ দেশখন বৰকৈ মৰমৰ হয়! এই টানটোৰ কাৰণেই চাগে আঁতৰত থকা সকলেও নিজৰ সংস্কৃতিক লৈ সচেতন হয়! কেতিয়াবালৈ বেলেগ গ্রহত মানুহৰ বসতি সম্ভৱ হ'লে তাৰ পৰা পৃথিৱীখনলৈ চাইও চাগে এসময়ত মানুহৰ মনলৈ এনে ভাবেই আহিব সৌখন আমাৰহে পৃথিৱী৷ Ubuntu ৰ ধাৰণাই আঁতৰি নগৈ একেলগে থকা অৱস্থাতে আমাৰ সৈতেহে (কাৰণেহে) মই ধাৰণাটোক পোষণ আৰু প্ৰতিপাল কৰে৷ 

গছ এজোপা কুঁহিপাতৰে ভৰি যায়, পুৰঠ হয়, পকে আৰু এদিন সৰি যায়৷ ঘৰ আৰু সমাজৰো প্ৰজন্মৰ পাছত প্ৰজন্ম জন্ম হৈ শিশু, কৈশোৰ, প্ৰাপ্তবয়স্কৰ মাজৰে প্ৰবীন প্ৰজন্মটো বাৰ্ধ্যকলৈ গতি কৰি শেষত মৃত্যুৰে আঁতৰি যায়৷ কিন্তু সৰাপাত আৰু মানুহৰ মৃতকৰ মাজত পাৰ্থক্য এয়াই যে সৰাপাতত যিদৰে হাইকু লিখা নাযায়, আমি কিন্তু অনেকেই সোঁৱৰণিৰ সৰাপাত সাঁচি ৰাখোঁ, বিগত দিনৰ আতৰত সিক্ত কৰি৷ হেৰাই যোৱা জনৰ ছাঁ ক হেৰাই যাব নোৱাৰাকৈ মনত ৰখাৰ চেষ্টা কৰোঁ আৰু নিজেও আনৰ মনৰ পৰা পিছলৈ হেৰাই নোযোৱাৰ কামনা কৰোঁ৷ কিন্তু জোৰকৈ আনৰ মনত ঠাই ল’ব নোৱাৰি৷ জোৰকৈ দুখী আৰু জোৰকৈ সুখী হোৱাও নাযায়৷ আত্মসন্তুষ্টিৰে ভৰা পৰস্পৰৰ মাজত সকলোকে লৈ সুখী হোৱা মানেই কিজানি Ubuntu… পদূলিত ছাঁ দিয়া সেই হেৰাই যোৱা আইতাজনীৰ পৃথিৱীখন Ubuntu… ঘূৰণীয়া পৃথিৱীখনত কিজানি কোনো আনতকৈ আগত নাথাকে, আনটো মূৰত আন এজন সদায়েই থাকে৷ হাতত ধৰি সকলোৱে একেলগে আগুৱাই যোৱাৰ পৃথিৱীখনত সুখ আছে, I am because we are, অকলশৰে দৌৰাত সাফল্য আৰু সুখ নাই… UBUNTU…
লেখিকাৰ ফোনঃ ৯১০১০১৩২০২

1 comment: