পাৰ্থ তুমি গলাগৈ; চাগৈ "this world is not meant for someone as beautiful as you"
মৌচাক পাতত প্ৰথম নাম আৰু ঠিকনাটো পাইছিলো। তাৰ লেখাই বাৰুকৈ মোক আপ্লুত কৰিছিল। কেনেকৈ ইমান ভাল লিখিব পাৰে? চিঠি এখন লিখিলো; পত্ৰ বন্ধুত্বৰ হাত আগবঢ়ালো । ভাবিলো সঁহাৰি দিব নে নাই বা ? পিয়ন জনৰ চাইকেলৰ টিলিঙাৰ শব্দলৈ অপেক্ষা কৰিলো। সি চিঠিৰ প্ৰত্যুত্তৰ দিলে ।
তাৰ ডালিম গুটীয়া আখৰ কেইটাই আৰু আপ্লুত কৰিলে মোক। তাৰ পিছৰে পৰা আৰম্ভ হল পুত্ৰবন্ধুত্বৰ যাত্ৰা । প্ৰায় প্রতিটো সপ্তাহত এখন পত্ৰ। পত্ৰৰ যোগেদিয়ে মোকো লেখা মেলা কৰিবলৈ কলে। মইও মৌচাক আৰু অন্যান্য কাকতৰ শিশুৰ চৰালৈ প্ৰবন্ধ পঠিয়াবলৈ আৰম্ভ কৰিলো । সি পঢ়ে আৰু কেনে হল পত্ৰৰে জনায় । পত্ৰৰে স্কুলীয়া জীৱনৰ কথা বতৰা বোৰো share কৰিবলৈ ধৰিলো। সময় বাগৰিল; মই দিল্লী বিশ্ববিদ্যালয়ৰ হংসৰাজ কলেজত নামভৰ্ত্তি কৰিলো। প্ৰান্তিক খন ডাক যোগে অনাৰ ব্যৱস্থা কৰিলো ।
"পার্থ বিজয় দত্ত
ৰাজনীতি বিজ্ঞান বিভাগ
কোঠা নং ২৬
কিৰড়ি মল মহাবিদ্যালয় ছাত্ৰাবাস
দিল্লী বিশ্ববিদ্যালয় চৌপাশ"
প্ৰান্তিকৰ পৃষ্ঠাত সম্পাদকলৈ চিঠি শিতানত পুনৰ এই ঠিকনালৈ চকু গল। লিখন শৈলীও চিৰ পৰিচিত । ই আমাৰ পার্থই হব লাগিব । ওলালো গৈ কিৰড়ি মল কলেজ ছাত্ৰাবাস। দুয়াৰদলিতে মাতিলো পার্থ; সিও কলে - পার্থ । আমি কিন্তু পত্ৰত ফটো আদান প্ৰদান কৰা মনত নপৰে । ইমানতে পত্ৰবন্ধুত্বৰ অন্ত পৰিল । অৱশ্যে দুবছৰ মান ধৰি আমাৰ চিঠিৰ আদান প্ৰদান হোৱা নাছিল । দিল্লীত আৰম্ভ হল আমাৰ বন্ধুত্বৰ এক নতুন যাত্রা । প্ৰায় প্ৰতিদিনেই আমি দেখা দেখি হৈছিলো - মোৰ বন্ধু, তাৰ বন্ধু আৰু নতুন চিনাকি বোৰ মিলি আমাৰ এটা ভাল গ্ৰুপ হৈছিল। আড্ডা ভাল জমিছিল । মামণি (মামণি ৰয়ছম গোস্বামী) বাইদেউৰ ঘৰলৈ প্ৰায়ে গৈছিলো। তাৰ কলেজৰ সমীপতে বাইদেউৰ ঘৰটো আছিল । এবাৰ আমি বাইদেউৰ তাত বহি আছিলো । কিছু সময়ৰ পাছত বাইদেউয়ে ওলাই আহি কলে - এই পৰেশে ফোন কৰিছিল । পাছত বাহিৰত সি মোক সুধিছিল - পার্থ কোন পৰেশ হে; বাইদেউয়ে ইমান সময় কথা পাতি আছিল । মই কলো - ধেৎ পৰেশ বৰুৱা আকৌ । বাইদেউয়ে তেতিয়া আলফা আৰু চৰকাৰক মেজত বহোৱাবলৈ প্ৰচেষ্টা চলাই আছিল।
পাছত সি বাইদেউৰ এক বৰ দীঘলীয়া সাক্ষাৎকাৰ লৈছিল - Walkman recorder ৰত । কাকতলৈ প্ৰেৰণ কৰাৰ আগতে আমাক দেখুৱাইছিল । মইও প্ৰবন্ধ পাতি লিখিলে তাক দেখুৱাইছিলো, সি শুদ্ধ কৰি দিয়ে । তাৰ অসমীয়া sign তো বৰ সুন্দৰ আছিল । তাক দেখি মইও সম্পূৰ্ণ নামটোৰে নিজৰ sign তো মৰা আৰম্ভ কৰিছিলো।
আড্ডাবোৰত সি দৈনিক জনমভূমি কাকতলৈ কেনেকৈ ছদ্মনামত সম্পাদকলৈ পত্ৰ পঠাইছিল - সেই কথা বোৰ বৰ ৰসাল কৈ কৈছিল ।
ভাল লগা ছোৱালী জনীক কেনেকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়া যায় - সেই ধৰণৰ আলোচনা কৰিও বহু নিশা পাৰ কৰিছো । সি কলেজৰ Political Science Societyৰ দায়িত্বতো আছিল । Society য়ে পতা political cartooning প্ৰতিযোগিতা মইও অংশ লৈ পুৰস্কৃত হৈছিলো । এইয়া লোৱা মোৰ sign থকা certificate তোমাক দিলো - পুৰস্কাৰ তো দিয়াৰ সময়ত সি মোক কৈছিল । তাৰ কলেজৰ Fine Arts Society ৰ বছেৰেকীয়া মহোৎসৱত মই prize পাওঁতে আমি একেলগে পাৰ্টী কৰিছিলো।
ভবেন্দ্ৰ নাথ শইকীয়া তাৰ প্রিয় আছিল । শইকীয়া ছাৰৰ মৃত্যুৰ দিনা খন সি মৰ্মাহত হৈছিল। বহু ৰাতি লৈকে আমি শইকীয়া ছাৰৰ সৃষ্টিশীলতাৰ কথা পাতি আছিলো।
পঢ়া শুনা সাং কৰি NETV ৰ দিল্লীৰ সাংবাদিক হিচাপে যোগদান কৰিছিল । দিল্লীত অসমৰ News Channel ৰ সি প্ৰথম জন সাংবাদিক আছিল । আমি তেতিয়া দিল্লী বিশ্ববিদ্যালয়ত একেলগে চিত্ৰ প্রদর্শনীও পাতিছিলো। সি আমাৰ NETV ৰ কাৰণে সাক্ষাৎকাৰো গ্ৰহণ কৰিছিল । TV সাংবাদিকতাৰ কাহিনী বোৰ ৰসাল কৈ আমাক কৈছিল । সি তাৰ মননশীল চিন্তা আৰু সূক্ষ্ম observation ৰে দৈনন্দিন জীৱনৰ ঘটনাবোৰৰে আঁত ধৰি অতি সাৱলীল আৰু thought provoking লেখা লিখিব পাৰিছিল । এই গুণ তাৰ জন্মগত । তাৰ সান্নিধ্যত জীৱনৰ এছোৱা পাৰ কৰিছো; প্ৰথম চোৱা পত্ৰ বন্ধু হিচাপে আৰু পিছৰ চোৱা দিল্লী বিশ্ববিদ্যালয়ত । প্ৰথম চাকৰিৰে তুমি কিনি টিভি তো, তোমাৰ হোষ্টেল পৰিপাতি কোঠাটো, প্ৰতিবাৰেই জন্মদিনত তুমি দিয়া shaving cream কেইটা - সকলো পুনৰ মনলৈ আহিব ধৰিছে।
তোমাৰ শিশু কালৰ চিঠি বোৰ এতিয়াও সযতনে ৰাখিছো। মোৰ প্ৰান্তিকত প্ৰকাশ পোৱা প্ৰথম আৰু একমাত্ৰ গল্পটো তুমি ভাল হৈছে কৈছিলা।
আজি তুমি গলাগৈ। চাগৈ "this world is not meant for someone as beautiful as you"
লেখক নিউজ-১৮ টিভি নেটৱৰ্কৰ দিল্লীস্থ জ্যেষ্ঠ সাংবাদিক।
No comments:
Post a Comment