মিঠাইৰ ৰজা হৈছে ৰসগোল্লা! ঘৰত কিবা এটা পাতিলেই লাগেই গোল্লা বহু পৰিমানে। আলহী আহিলেও দৌৰিব লাগে হোটেললৈ। সেয়ে আজি সখী-সখা সকললৈ আগবঢ়োৱা হৈছে, ঘৰত সোৱাদময় ৰসগোল্লা বনোৱাৰ আখলৰ দিহা। ৰাইজে কেনে পাইছে জনাবলৈ নাপাহৰিব দেই!
উপকৰণঃ
১।আমূল তাজা-১লিটাৰ
২। চেনি- ২কাপ
৩। নেমু ৰস-আধা ফাল নেমুৰ
৪। ইলাচি-৩টা
৫। পানী ৪কাপ
৬। ময়দা-২চামুচ
ৰন্ধন প্ৰণালীঃ
চচপেন এটাত গাখীৰ ভালকৈ উতলিব দি গেছ অফ কৰি ২ মিনিট পাছত নেমুৰসখিনি দি লৰাই দিব। অলপ পাছত গাখীৰখিনি ফাটি যাব। এটা বাতিত কোমল কাপোৰ এখন পাৰি গাখীৰখিনি ঢালি দি টেপৰ পানী খুলি ভালকৈ ধুই দিব। আৰু পাঁচ ঘণ্টা ওলমাই ৰাখিব। তাৰপাছত এখন থালত চানাখিনি লৈ ময়দা দুচামুচ দি ১০ মিনিট ভালকৈ মঠিব। আপুনি বিচৰাৰ দৰে বল বনাই ল'ব। এতিয়া চচপেন এটাত পানী চেনি আৰু ইলাচি দি উতলিব দিয়ক। উতল আহিলে বলকেইটা দি ৫ মিনিট হাই ফ্লেমত ঢাকি উতলিব দি ২০ মিনিট কম ফ্লেমত ৰাখি দিব। মাজতে এবাৰ লুটিয়াই দিব। হৈ হ'ল ৰসগোল্লা।
সুখ-দুখৰ আন আন 'জুতিলগাআখল'ৰ লেখা পঢ়িবলৈ ক্লিক কৰক তলৰ সূত্ৰঃ
https://www.xukhdukh.com/search/label/JUTI-LAGA-AKHAL?&max-results=10
https://www.xukhdukh.com/search/label/JUTI-LAGA-AKHAL?&max-results=10
No comments:
Post a Comment