মহীৰূহৰ লেখাঃ ৰাফাল বনাম বফৰ্চ আৰু বিজেপি-কংগ্ৰেছৰ দুৰ্নীতিৰ ইতিহাস :: ড° হীৰেন গােহাঁই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহীৰূহৰ লেখাঃ ৰাফাল বনাম বফৰ্চ আৰু বিজেপি-কংগ্ৰেছৰ দুৰ্নীতিৰ ইতিহাস :: ড° হীৰেন গােহাঁই

মহীৰূহৰ লেখাঃ ৰাফাল বনাম বফৰ্চ আৰু বিজেপি-কংগ্ৰেছৰ দুৰ্নীতিৰ ইতিহাস :: ড° হীৰেন গােহাঁই

Share This
কংগ্ৰেছৰ নেতৃবৃন্দৰ বিৰুদ্ধে বিশেষকৈ গান্ধী পৰিবাৰৰ বিৰুদ্ধে বিজেপি দলৰ আটাইতকৈ পছন্দৰ অস্ত্র হৈছে দুর্নীতি। তেওঁলােকে নিয়ােগ কৰা সাংবাদিক, বুদ্ধিজীৱী, প্রচাৰবিদ সকলােৱে দশকৰ পিছত দশক ধৰি কংগ্ৰেছৰ দুর্নীতি সম্পর্কে বস্তাই বস্তাই প্রতিবেদন, প্রবন্ধ, ব্যংগােক্তি ছপাই কংগ্ৰেছক বােকাত মূৰলৈকে ডুবাই দিছে। এই দুর্নীতিৰ অভিযােগৰ আটাইখিনি যে মিছা, তেনে কথা আমিও নকওঁ। কিছুমান অভিযােগ সঁচা বুলি প্রমাণিত হৈছে।
মুকেশ আম্বানিৰ সুবিধা মতে প্রাকৃতিক গেছৰ দাম বৃদ্ধি কৰাই নহয়, চৰকাৰৰ নিজা তেল-গেছ কোম্পানিবােৰকো মিছাতে গেছৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য কৰােৱা, তেনে দাম বৃদ্ধিত আপত্তি কৰা মন্ত্রীক তেল-গেছ দপ্তৰৰ পৰা বদলি কৰি বা বৰ্খাস্ত কৰি ৰাজহাঁড় নথকা লােকক সেই দপ্তৰৰ ভাৰ দিয়া, আদি কংগ্ৰেছৰ কুকাৰ্য্যৰ অকাট্য প্রমাণ লপিবদ্ধ হৈ আছে পুৰঞ্জয় গুহ ঠাকুৰতাৰ Gas Wars নামৰ গ্ৰন্থত। অৱশ্যে মন কৰিবলগীয়া কথা এয়ে যে এই মুকেশ আম্বানি নামৰ ধনকুবেৰ জন বিজেপিৰ বাবেও আপােনজন। সি যি নহওক, বিজেপি যে নিজেই দুর্নীতিমুক্ততাে হয়েই, এটা ভ্রষ্ট, অধঃপতিত দল, ইতিমধ্যে তাৰ বিস্তৰ প্ৰমাণ ৰাজহুৱা হৈ পৰিছে। তেওঁলােকৰ হেজাৰ-বিজাৰ পােহনীয়া বক্তা, সাংবাদিক আৰু লাখ লাখ সদাব্যস্ত Social Mediaৰ প্ৰচাৰবিদ (দলৰ সভাপতি অমিত শ্বাহৰ মতে ৩৫ লাখ!!) দিনে-নিশাই এইবােৰ ধূলি-মলি ঘঁহি-মাজি দূৰ কৰাত নিমগ্ন হৈ থকাও ইতিমধ্যে এইসকল ভকতৰ দুৰ্নীতিৰ প্ৰচুৰ প্ৰমাণ ওলাই দলটোক ঢাকি ধৰিছে। অসমত এইবােৰ দুৰ্নীতিৰ কথা ৰাইজে বেছিকৈ ভূ-পােৱা নাই। কাৰণ তাৰ এৰেহা খােৱা নেতা আৰু নেতাৰ পালি পহৰীয়াই অনবৰত কংগ্ৰেছৰ দুৰ্নীতিৰ কথাকে ভােৰতালৰ শব্দৰে প্ৰচাৰ কৰি আছে।।

কিন্তু কংগ্ৰেছৰ দুটা বিয়াগােম দুর্নীতিৰ কিছু প্রকৃত তথ্যও অসমৰ ৰাইজে জনা দৰকাৰ। বফৰ্চ নামৰ দূৰ “পাল্লাৰ” (Long range) বৰটোপ ক্ৰয়ত ৬৪ কোটি টকাৰ ঘােচ লােৱাৰ দুর্নীতি গাত লৈয়েই প্রাক্তন প্রধান মন্ত্রী ৰাজীৱ গান্ধীয়ে মৃত্যুপণ কৰা আজি কুৰি বছৰ হৈ গ’ল। সেই দুর্নামৰ বাবেই ১৯৮৯ চনত ৰাজীৱ গান্ধীয়ে গাদী হেৰুৱাইছিল। আজি ত্রিছ বছৰে বফৰ্চৰ লগত জড়িত সকলাে গােপন নথি-পত্র, তথ্যপাতি প্রকাশ পাইছে। কিন্তু ৰাজীৱ গান্ধীৰ গাত কলংক লেপন কৰিব পৰাকৈ একো-এটা নােলাল। ন্যায়ালয়ে বিৰক্তি প্রকাশ কৰি মত দিলে যে পৰ্বতৰ দৰে আকাৰৰ অভিযােগ আৰু দলিলে সত্যৰ নামত এটা এন্দুৰাে প্ৰসৱ কৰিব নােৱাৰিলে।

আৰু এটা হৈছে 2G সেৱাৰ নামত কংগ্ৰেছৰ মিশ্ৰিত চৰকাৰে এক লাখ কোটি টকাতকৈ অধিক ৰাজহুৱা ৰাজহ লোকচান আৰু ঘােঁচ হজম কৰাৰ অভিযােগ। সেই অভিযােগৰ হেঁচাত কংগ্ৰেছৰ নেতৃত্বাধীন চৰকাৰৰ পতন ঘটিল। কিন্তু সেই বিষয়েও কোনাে মজবুত প্রমাণ এতিয়ালৈকে নােলাল। অভিযােগৰ পাকচক্ৰত মিশ্রিত চৰকাৰৰ অংশীদাৰ DMK দলৰ দুজনকৈ মন্ত্রীয়ে কে’বা বছৰাে এনেয়ে জেল খাটিবলগীয়া হ’ল, কিন্তু অৱশেষত জগৰটোৰ প্রমাণেই নােলাল। ক্ষমতাত আছিল বিজেপি নেতৃত্বাধীন চৰকাৰ, যাৰ নেতা সকলে সুযােগ পালেই “2G কেলেংকাৰি”ৰ কথা কৈছিল, যদিও অতি সম্প্রতি সেই বিষয়ে নিমাত।

আনহাতে বিজেপি নেতা সকলাে দুর্নীতিত সমানেই পাৰ্গত আৰু উৎসাহী বুলি প্রমাণ ওলাইছে প্রচুৰ। কর্ণাটকৰ অতি ক্ষমতাশালী নেতা প্রাক্তন মুখ্যমন্ত্রী য়েডিয়ুৰাপ্পাই খনিৰ উদ্যোগত বিশাল দুর্নীতিত জড়িত ৰেডিড নামৰ দুই শিল্পপতি ভ্রাতৃক সহায় কৰাই নহয়, এজনক বিধান সভাৰ সদস্যও কৰিছে। আৰএছএছ আৰু বিজেপিৰ এই বিষয়ে নীৰৱতা একেবাৰে অটলস্পর্শী। অলপতে কর্ণাটকৰ কংগ্ৰেছজে ডি (এছ) চৰকাৰৰ পতন ঘটাবলৈ দহ কোটি টকাৰ ঘােঁচ যচাৰ এটা টেইপ জে ডি (এছ) দলৰ এক বিধায়কে প্রকাশ কৰিছে। এই বিষয়ে য়ে’ডিয়ুৰাপ্পা মহাশয়ৰ মন্তব্য চমৎকাৰ। এহাতে তেওঁ কৈছে যে তেওঁ উক্ত বিধায়কজনৰ লগত কথা হৈছিল, কিন্তু ঘােঁচ যচা নাছিল। আনহাতে তেওঁ আপত্তি কৰিছে যে কথােপকথন খিনি বিধায়কজনে টেইপ কৰাটো অত্যন্ত “অনৈতিক কাম হৈছে! অৱশ্যে।

আনহাতে নিজৰ দুর্নীতি আৰু কংগ্ৰেছৰ দুর্নীতি গলা ফুলাই ৰাজহুৱা সভা-সমিতিত চিঞৰি কৈ ফুৰা প্রধানমন্ত্রী নৰেন্দ্র মােদী ডাঙৰীয়াৰ কীৰ্ত্তিবােৰৰ হিচাবৰ খাতাখন মেলি চালে তবধ মানিব লাগিব। বিমুদ্ৰাকৰণে দেশ জুৰি কোটি-কোটি সাধাৰণ ব্যৱসায়ী আৰু শ্রমজীৱী মানুহক কাল-ধুমুহাত পেলােৱাৰ পিছত তেওঁ “জাতিৰ মংগল” সাধনৰ নামত শংখ-ঘণ্টা বজাই ঘােষণা কৰা জি-এছটিয়ে আৰু অগণন মানুহক ভূমিকম্পই ফাঁট মেলি দি গ্রাস কৰাৰ দৰে গ্রাস কৰিলে। এইবােৰ কথা ৰাইজে হাড়ে হাড়ে উপলব্ধি কৰাৰ উপৰি বহু শ্রদ্ধেয় গৱেষক আৰু অর্থনীতিবিদে তথ্যপাতি সহ প্রমাণ কৰিছে। কিন্তু অলপতে চাংসাৰিতাে তেওঁ লক্ষাধিক জনতাৰ আগত আকৌ ঘােষণা কৰিছে যে এই দুটা মােদী-ৰাজত্বৰ দুই কীর্তিস্তম্ভ। এনেকুৱা মিথ্যাবাদী প্রধানমন্ত্রী দেশে দ্বিতীয়জন আৰু দেখা নাই। শেহতীয়াকৈ ওলাইছে ৰাফাল বিমান ক্রয়ত তেওঁৰ প্রত্যক্ষ দুর্নীতিৰ ছেদ-ভেদ নােহােৱা প্রমাণ। যিমানেই বস্তা-গাৰু জাপি তাৰ চিন-মােকাম নােহােৱা কৰিবলৈ বিচাৰিছে সভাসদ সকলে, সিমানেই বস্তাৰ চাৰিওপিনৰ পৰা সৰকি ওলাব ধৰিছে তেলেতীয়া দুর্নীতি আৰু দুর্নামৰ নিছিগা ধাৰ।

শেহতীয়াকৈ প্রমাণেই হৈছে তেওঁ এই ব্যাপাৰত জড়িত থকা কথাটো। কাৰণ সকলাে চৰকাৰী নিয়মনীতি ভংগ কৰি দেশৰ ৰাজহুৱা ধনৰ অপচয় ঘটোৱাই নহয়, আম্বানি ভ্রাতৃদ্বয়ৰ কণিষ্ঠ জন অনিল আম্বানিক লাভবান কৰাৰ অধ্যৱসায়ত তেওঁ আকণ্ঠ লিপ্ত বুলি প্রমাণ। হৈছে। তেওঁৰ কার্যালয়ে অবৈধভাৱে বাৰে বাৰে হস্তক্ষেপ কৰাৰ উপৰি তেওঁ নিজেই ব্যক্তিগতভাৱে জড়িত হােৱাৰ মজবুত অভিযােগ উত্থাপিত হৈছে। 

চৰকাৰে অগতিৰ গতিৰ দৰে খামুচি ধৰি আছে উচ্চতম ন্যায়ালয়ৰ ৰায়টোত। মহামান্য ন্যায়ালয়ে কলে যে হাতত পৰা তথ্যপাতিৰ পৰা ৰাফাল বিমান ক্রয়ত কোনাে অবৈধ হস্তক্ষেপ ন্যায়াধীশ পীঠৰ চকুত নপৰিল। দুর্নীতিৰ অভিযােগ সেয়ে ৰায়টোত নাকচ কৰা হ'ল। কিন্তু ন্যায়াধীশৰ খণ্ডপীঠে (Division Bench) নিৰ্ভৰ কৰিলে চৰকাৰে বন্ধ থামত দিয়া গােপনীয় এক প্রতিবেদনৰ ভিত্তিত। কিন্তু ন্যায়ালয়ৰ ৰায়ত সেই প্রতিবেদনে দিয়া যিবােৰ তথ্যপাতি উল্লেখ কৰা হ’ল, সকলােবােৰ ফাঁকি বুলি প্রতিপন্ন হ’ল। অভিজ্ঞ আইনজীৱী সকলে একবাক্যে কৈছে যে যিহেতু ৰায়টোৱেই ভুল বা ভুৱা তথ্যৰ ভিত্তিত দিয়া হ'ল, নিজৰ সুনাম আৰু বিশ্বাসযােগ্যতা ৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে পলম নকৰাকৈ নতুনকৈ গােচৰটো লৈ শুদ্ধ ৰায় এটা দিব লাগে। সকলাে আচৰিত হৈছে এই কথা দেখি যে মহামান্য ন্যায়ালয়ে সেই সম্পর্কে মৌন গাম্ভীৰ্য ৰক্ষা কৰি চলিছে। ইংৰাজীত এষাৰ কথা আছে— ন্যায়দানেই যথেষ্ট নহয়, ন্যায় দান কৰাটো ৰাইজৰ চকুত পৰিব লাগে। 

ইতিমধ্যে নানা সুৰুঙাৰে ওলাই অহা অপকীৰ্ত্তিৰ এটা বুলি আটায়ে এইটোও জানিছে যে চৰকাৰে দিয়া বন্ধখামটোত থকা প্রতিবেদন খনত কাৰাে চহী নাই। এনে এখন চৰকাৰী প্রতিবেদন যাৰ দায়িত্ব কোনেও নলয়— যে নিৰ্ভৰযােগ্য চৰকাৰী দলিল বুলি গৃহীত হ'বই নােৱাৰে, সেইটোও আটায়ে জনা কথা। গণতান্ত্রিক ৰাষ্ট্র বিশ্বত প্রতিষ্ঠা হােৱাৰ পূর্বে জনগণে নিজে ৰাষ্ট্র পৰিচালনা কৰা শাসক মণ্ডলীক নির্বাচন কৰাৰ প্ৰথা নাছিল। বংশানুক্রমে পােৱা ক্ষমতা বা জোৰকৈ দখল কৰা শাসন ক্ষমতাৰে ৰজা বা তেনেধৰণৰ শাসকে দেশ শাসন কৰিছিল। সেয়ে সেই শাসন কি নয়মে চলিব সেই বিষয়ে কোনাে নির্দিষ্ট নীতিও নাছিল। আজিও সামৰিক শাসকে বা একনায়কত্ববাদী শাসকে চলােৱা দেশত শাসকৰ মর্জি মতেই দেশৰ শাসন-ব্যৱস্থা চলে। কিবা নীতি-নিয়ম থাকিলেও শাসকৰ সুবিধা অনুযায়ী ইচ্ছামতে তাৰ সালসলনি ঘটোৱা হয়। আজি বিজেপিৰ শাসনত সেই ধৰণৰ ঘটনাই ভাৰতত ঘটিবলৈ লৈছে। 

ভাৰততাে গণতন্ত্র প্রতিষ্ঠা হয় ১৯৪৭ চনৰ পিছত, ক’বলৈ গ'লে ১৯৫০ চনত সংবিধান সভাই বহু আলােচনা-বিলােচনাৰ মাজেৰে ভাৰতৰ সংবিধান প্রণয়ন আৰু গ্ৰহণ কৰাৰ পিছত। তেতিয়াৰ পৰা গণতান্ত্রিক প্রক্রিয়াৰে নির্বাচিত চৰকাৰে সংবিধান অনুযায়ী দেশ শাসন। কৰি আছে। সংবিধানে নির্দেশ সাধাৰণ নীতি-নিয়মৰ অধীনত নির্বাচিত চৰকাৰে সুনির্দিষ্ট কার্যপ্রণালি নিৰ্ধাৰণ কৰি আছে। চৰকাৰৰ বা সংসদ/বিধানসভাৰ কোনাে সিদ্ধান্ত সংবিধানৰ ব্যতিক্রম বুলি অভিযােগ উঠিলে উচ্চতম ন্যায়ালয়ে তাক “ultra vires” বুলি নাকচ কৰে। কেৱল ১৯৭৫ চনৰ পৰা ১৯ মাহ চলা “জৰুৰী অৱস্থাক সংবিধানৰ অপপ্রয়ােগ কৰি গ্ৰহণ কৰা ব্যৱস্থা বুলি বিশ্বাস কৰা হয়।

আজি কিন্তু বিজেপিয়ে নিজ খেয়াল-খুছি মতে (আৰু ভাৰতীয় সংবিধানক প্রথমৰে পৰা অগ্রাহ্য কৰা আৰএছএছ নামৰ এক সংগঠনৰ নিৰ্দেশ মতে) তাতকৈও মাৰাত্মক পর্যায়লৈ দেশখনক ঠেলি লৈ যাব ধৰিছে। যত সিহঁতৰ সুবিধা হয়, তাত সিহঁতে আইনৰ অপব্যাখ্যা কৰি অপপ্রয়ােগ কৰে, আৰু যত সুবিধা নহয় তাত প্রচলিত নিয়মকানুনক নেওচা দি কাম কৰে। পূর্বৰে পৰা প্ৰচলিত চৰকাৰী কাৰ্য্যবিধি ইচ্ছামতে উলংঘা কৰে। ৰাফাল বিমান ক্রয়ৰ ক্ষেত্ৰতাে এনে ঘটনা হােৱাৰ বহু তথ্য-প্রমাণ দিনৌ ওলায়েই আছে। শেহতীয়া প্রমাণবােৰ ৰােমহর্ষক।

ইতিমধ্যে সামৰিক তথা প্রতিক্ষা বিভাগৰ অস্ত্র-শস্ত্র ক্রয়ত কমিছনকে ধৰি নানা দুর্নীতিৰ বাৰে বাৰে অভিযােগ হােৱাৰ পিছত অস্ত্রশস্ত্র ক্রয় প্রক্রিয়াক নিখুত আৰু দুর্নীতিমুক্ত কৰিবলৈ তাক বিভিন্ন নির্দিষ্ট নীতি-নিয়মৰ অধীনলৈ অনা হয়। বিদেশৰ পৰা অস্ত্র-শস্ত্র ক্রয়ৰ প্রয়ােজন হলে প্রতিৰক্ষা দপ্তৰৰ বিশেষজ্ঞই সকলাে দিশ পৰীক্ষা কৰে। এই সকল সাধাৰণতে অস্ত্র-শস্ত্ৰৰ গুণাগুণ আৰু দাম-দৰ সম্পর্কে অভিজ্ঞ বিষয়া হয়। নির্দিষ্ট নীতি-নিয়ম (Defence | procurement procedure) মতে তেনে অস্ত্র-শস্ত্ৰ চমুকৈ DPP যুদ্ধবিমান আদি ক্ৰয়ৰ প্ৰস্তাৱ ৰচিত হলে তাক প্রতিক্ষা দপ্তৰৰ আৰু বিত্ত দপ্তৰৰ সদস্য তথা সেনাবাহিনীৰ পদস্থ প্রতিনিধিৰে গঠিত (Defense Acquisition Council) বিচাৰ-বিবেচনা কৰি অনুমােদন দিয়ে। নাকচ কৰিবও পাৰে, বা সংশােধন কৰিবও পাৰে। কিন্তু তাতেই প্রক্রিয়াটোৰ ওৰ নপৰে। দেশৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্রীসভাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিয়ে (CCS) সেই প্রস্তাৱ বিবেচনা কৰি তাক চুড়ান্ত অনুমােদন জনাব লাগে। |এনে চূড়ান্ত বিবেচনাৰ পিনে পূর্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত বহুকেইটা স্তৰ অতিক্ৰম কৰি ৰাফাল বিমান ক্রয় প্রক্রিয়া আগবাঢ়িছিল। যিহেতু এনে ব্যয়বহুল আৰু জটিল প্রযুক্তিৰ বিদেশী যুদ্ধবিমান ক্রয়ৰ অংশ হিচাবে দেশতাে তাৰ সৰসুৰা মেৰামতি বা অজটিল অংশ কিছুমান নির্মাণৰ প্রয়ােজন হয়, তাৰ বাবে দেশত কোনাে এক সহযােগী অংশীদাৰাে (Offset partner) নির্বাচন কৰা হয়। ভাৰতত তাৰ বাবে ৰাজহুৱা যুদ্ধবিমান-নির্মাতা কোম্পানি Hindustan Aeronautics Ltd, চমুকৈ HALক নির্বাচন কৰা হৈছিল। ৰাফাল বিমান ক্রয় সম্পর্কে সকলাে নীতি-নিয়ম গচকি পুৰণা উক্তি উপেক্ষা কৰি প্রধানমন্ত্রীয়ে নিজাববীয়াকৈ নতুনকৈ এখন চুক্তি ফৰাচী চৰকাৰৰ লগত কৰিবলৈ যােৱাৰ কথা তেওঁৰ চৰকাৰৰে প্ৰতিৰক্ষা মন্ত্রণালয়ে, প্রতিৰক্ষা মন্ত্রীয়েও জনা নাছিল।আনকি ৰাফাল বিমান নির্মাতা ডাছাট কোম্পানিৰ মুখ্য কাৰ্যবাহী | বিষয়াজনে দিল্লীত সংবাদমেলত ঘােষণা কৰিছিল যে দেশীয় সহযােগী সংস্থা HALৰ লগত বিষয়টো সম্পর্কে বুজাবুজিৰ ৯৫ শতাংশ কাম সম্পূর্ণ হৈছে। সেইটো নতুন চুক্তিখন প্রকাশিত হােৱাৰ দহদিন আগৰ কথা।

নতুন চুক্তিত দেখা গ'ল যে প্রধানমন্ত্রী ফ্রান্স চফৰৰ আগে আগে ফ্রান্সলৈ গৈ বাহৰ পতা আৰু প্রধানমন্ত্রীৰ লগত সম্পর্ক ৰখা  অনিল আম্বানিৰ পাতগজা কোম্পানি এটাক Offset Partner হিচাবে মনােনীত কৰা হৈছে। কোম্পানিটো চুক্তি স্বাক্ষৰৰ দহদিন পূর্বে মাত্র স্থাপন কৰা হৈছিল!! তদুপৰি ১২৬খন যুদ্ধবিমানৰ ঠাইত ঠিক একে গুণমান আৰু অস্ত্রশস্ত্র মাত্র ৩৬খনহে যুদ্ধবিমান ক্রয় চুক্তি প্রধানমন্ত্রীয়ে কাৰাে লগত পৰামর্শ নকৰাকৈ স্বাক্ষৰ কৰিলে। দামাে আগৰ চুক্তিৰ তুলনাত প্রায় দুগুণ। অৱশ্যে বিজেপি চৰকাৰে সেই সম্পর্কে নতুন-নতুন ফাকি মাৰি আছে।। নৰেন্দ্ৰ মােদীয়ে নিজে ফ্রান্সলৈ গৈ নিজা সিদ্ধান্ত অনুযায়ী পূর্বৰ ১২৬খন বিমান ক্রয় চুক্তি বাতিল কৰি দুগুণ দাম ভৰি ৩৬খনহে যুদ্ধবিমান ক্ৰয়ৰ নতুন চুক্তি কৰিলে। নতুন চুক্তিখন কৰা সময়ত DPPৰ পূর্বানুমােদন, DACৰ সন্মতি, আৰু মন্ত্রীসভাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ (CCS) চূড়ান্ত অনুমােদন; একোৱেই লােৱা নহ’ল। ই প্রচলিত চৰকাৰী নীতি-নিয়মক বুঢ়া আঙুলি দেখুৱা চৰম স্বেচ্ছাচাৰিতা। গণতন্ত্ৰতকৈ একনায়কত্ববাদী চৰকাৰৰহে লক্ষণ। এই সকলােবােৰ অনুমােদন ইত্যাদি প্রধানমন্ত্রীয়ে নিজাববীয়াকৈ সম্পন্ন কৰা চুক্তিৰ পিছতহে কৰাই লােৱা হ’ল। অর্থাৎ সেইবােৰ সংস্থা তথা পৰিষদক স্বেচ্ছাচাৰী ৰজাৰ চাটুকাৰ সভাসদত পৰিণত কৰা হ'ল। তাতকৈও ভয়ানক কথা এতিয়া পােহৰলৈ আহিছে।

DPP(Defence Procurement Procedures) প্ৰতিৰক্ষা মূলক ক্ৰয়ৰ নিৰ্ধাৰিত নীতি-নিয়মত এনে কেতবােৰ সংশােধন প্রতিক্ষা দপ্তৰ আৰু মন্ত্রীসভাৰ উপসমিতিয়ে নতুন চুক্তিখন হৈ যােৱাৰ পিছত কৰিলে, যিবােৰ আইনৰ শাসনৰ চুড়ান্ত উপলংঘা। যেনে, কমিছন দিয়া আদি দুর্নীতিত বিক্রেতা কোম্পানি জড়িত থকা বুলি প্রমাণ পালে কোম্পানিক দণ্ডমূলক জৰিমনা ভৰিবলৈ বাধ্য কৰাৰ এটা চৰ্ত্ত DPPত আছিল। নতুন চুক্তি হৈ যােৱাৰ পিছত ততাতৈয়াকৈ DPPৰ পৰা এই নিয়মটো বাদ দিয়া হ'ল। বহুবছৰৰ সতর্কতামূলক | বিবেচনা হেলাৰঙে পানীত পেলাই দিলে। এটা আশংকাৰ উদয় হ'ল। | যে এইবাৰ দুর্নীতি ধৰা পৰিলেও তাৰ বিচাৰ নহ'ব!

উক্ত নতুন চুক্তিৰ ৰেহ-ৰূপ ততা-ভুকুতাকৈ তৈয়াৰ কৰা সময়ত সেই সময়ত প্ৰতিৰক্ষা দপ্তৰৰ বিত্তীয় সচিবৰ দৰে গুৰুত্বপূর্ণ পদত থকা প্রাক্তন বিষয়া সুধাংশু মহান্তিয়ে অলপতে প্ৰকাশ কৰিছে যে যথাযথ বিবেচনাৰ অন্তত চুক্তিখনৰ চৰ্তবােৰৰ বিষয়ে প্রবল আপত্তি জনাইছিল। কিন্তু তেওঁৰ যুক্তিসংগত আপত্তি গ্রাহ্য কৰা নহ'ল। | তাৰ উপৰি তেতিয়া প্রতিক্ষা মন্ত্রণালয়ৰ শীর্ষ মহলৰ পৰাই ঘােৰ। অসন্তোষ প্রকাশ কৰা হৈছিল যে প্রধানমন্ত্রী কার্যালয়ৰ অনাহক আৰু অবৈধ হস্তক্ষেপে প্ৰতিৰক্ষা বিভাগৰ যথাযথ দাম-দৰ কৰাৰ শক্তি হ্রাস কৰি ডাছাউ কোম্পানি আৰু ফৰাচী চৰকাৰৰ প্ৰভাৱ বৃদ্ধি কৰিছিল। সেই বিষয়ৰ নথিপত্রও এতিয়া ফাদিল হৈছে। | বিজেপি চৰকাৰে হয়তাে ভাৰতীয় মহা লেখকাৰ (CAG) সদ্য প্রকাশিত প্রতিবেদনৰ আঁৰত লুকাই দুর্নীতি নাই কৰা বুলি টেটু ফালি চিঞৰিব। কিন্তু এতিয়া এইটোও গােপন হৈ থকা নাই যে বর্তমান মহা লেখকাৰ (CAG) দায়িত্বত থকা বিষয়াজনেই সেই সময়ত বিত্তীয় সচিব হিচাবে প্রধানমন্ত্রীৰ নতুন চুক্তিখনত অনুমােদন জনাইছিল। সন্দেহ ঘনীভূত হৈছে যে হয়তাে এই উদ্দেশ্যেই তেওঁক মহাগাণনিকৰ পদত অধীষ্ঠিত কৰা হৈছিল। এনে কাৰবাৰ আন আন ক্ষেত্ৰতাে ঘটিছে। সম্রাট যে নাঙঠ কথাটো সম্রাটে আৰু সভাসদ সকলে গর্জন কৰি অস্বীকাৰ কৰিলেও আটাইৰে চকু টেলেকা হৈছে।

No comments:

Post a Comment