সম্পাদকীয়ঃ চ’ছিয়েল মেডিয়াত লেখা আৰু মত প্ৰকাশঃ সাৱধানতাৰ প্ৰয়োজনীয়তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকীয়ঃ চ’ছিয়েল মেডিয়াত লেখা আৰু মত প্ৰকাশঃ সাৱধানতাৰ প্ৰয়োজনীয়তা

সম্পাদকীয়ঃ চ’ছিয়েল মেডিয়াত লেখা আৰু মত প্ৰকাশঃ সাৱধানতাৰ প্ৰয়োজনীয়তা

Share This
চ’ছিয়েল মেডিয়াত লেখা আৰু মত প্ৰকাশঃ সাৱধানতাৰ প্ৰয়োজনীয়তা
(১)
প্ৰতিটো কথাৰ ওপৰত আমি নিজৰ একোটা ধাৰণা মনতে প্ৰতিষ্ঠিত কৰি লৈছো, সেয়া চাগৈ আন সকলেও কৰে৷ তাৰ ভিত্তিতে কথাবোৰৰ সঁচা-মিছা-সত্য-অসত্য-ভাল-বেয়া আদি নিৰ্ধাৰণ কৰো ৷ সেয়া চাগৈ এক ব্যক্তিগত প্ৰসংগ প্ৰণালী স্বৰূপ (বিজ্ঞানৰ ভাষাত)৷

তাৰে এটা হ’ল লেখাৰ ক্ষেত্ৰত৷  সেয়া চিঠি, কবিতা, প্ৰৱন্ধ বা আন সৃষ্টিশীল লেখাই কিয় নহওক৷ সকলো লেখাৰে একোটা উদ্দেশ্য থাকে ৷ প্ৰতিটো লেখাৰ আঁৰতেই লুকাই থাকে নিজস্ব একোটা প্ৰপাগাণ্ডা ৷
কোনোবা এটা লেখাত হয়তো লেখকৰ ব্যক্তিগত প্ৰপাগাণ্ডা, কোনোটোত ৰাজনৈতিক আদৰ্শৰ, কোনোটোত সামাজিক দিশৰ, কোনোটো ব্যৱসায়িক৷ প্ৰচাৰ প্ৰপাগাণ্ডাটো বেয়া কথা নহয় ,সেয়া জীৱনৰ এক অংশ৷

সকলোৰে উদ্দেশ্যেও একে নহয়, কাৰোবাৰ সৎ, কাৰোবাৰ মহৎ, কাৰোবাৰ অসৎ ৷ 

এনেকুৱা প্ৰপাগাণ্ডাই বহুত ক্ষেত্ৰতে সমাজৰ ভালটোৱেই কৰে৷ মানুহে লেখাটো পঢ়ি নিজৰ মতে সেই লেখাৰ আঁৰৰ উদ্দেশ্য, লেখকৰ মনৰ আঁৰৰ কথা, কি কাৰণে এইদৰে লিখিছে, তাৰ বিপৰীতে কি কি সম্ভাৱনীয়তা থাকিব পাৰে, কোনবোৰ কথা লেখকে কবলৈ বিচৰা নাই, এইধৰণৰ কথাৰো কোনো একোটা লেখাৰ পৰাই সচেতন সকলে অনুমান কৰিব পাৰে৷ বা তাৰ পৰা সূত্ৰ অনুসৰণ কৰি সত্য উন্মোচন কৰিব পাৰে৷

মুঠতে লেখা আৰু তাক পঢ়া কাৰ্যই মানুহৰ সচেতনতা বৃদ্ধি কৰে৷ মানুহক ভিন্ন দৃষ্টিৰে একোটা কথাক বিশ্লেষণ কৰাৰ বাবে সহায় কৰে৷ 

কিন্তু বহুতো লেখাৰ আঁৰৰ প্ৰপাগাণ্ডা অতি ভয়ংকৰ, কোনোবা ব্যক্তি বা সংগঠনৰ বাবে, কোনোটো সমাজৰ একাংশ লোকৰ বাবে, বা হয়তো ই গোটেই সমাজখনৰ বাবেও সুদূৰ-প্ৰসাৰী ভয়ানকো হব পাৰে৷ যেনে-মৌলবাদী কথা-বতৰা, ভাষা-ধৰ্ম-বৰ্ণবাদৰ ভিত্তিত ঘৃণা বিয়পোৱা, হিংসা, বিদ্বেষ আদিৰ সৃষ্টিৰে সমাজৰ এনাজৰীডাল ঢিলা কৰিবলৈ চেষ্টা কৰাটো অন্যতম৷ সেয়ে লেখা এটা পঢ়োতে তাৰ আঁৰত থাকিব পৰা প্ৰচাৰ, পোনে পোনে দেখা নোপোৱা গোপন উদেশ্য আদিৰ প্ৰতি সজাগ দৃষ্টি ৰখাতো খুৱেই প্ৰয়োজনীয়৷

ফেচবুক বা চচিয়েল মেডিয়াত কোনো লেখা নিহিত উদ্দেশ্য বুজি নোলোৱাকৈ শ্বেয়াৰ কৰা, মন্তব্য কৰা আদিবোৰ আজিৰ তাৰিখত সাৱধান হব লগীয়া কথা৷
(২)
আপোনাৰ মত প্ৰকাশৰ স্বাধীনতা আছে বুলিয়ে যি কোনো মত প্ৰকাশ কৰি নিদিব৷ সমাজৰ ক্ষতি কৰা প্ৰতিক্ৰিয়াশীল মত প্ৰকাশৰ পৰা বিৰত থকাই বুদ্ধিমানৰ কাম৷ কিন্তু সেইবুলি আপোনাৰ অভিব্যক্তিক দমন কৰি ৰাখিবলৈ ইয়াৰে কোৱা হোৱা নাই৷ 

যুক্তিক চোকা শব্দৰে বা চিঞৰি ক’লেই যে শুদ্ধ বুলি প্ৰতীয়মান হব বুলি কোনো কথা নাই ৷ গৰম গৰম কথাতকৈ মাৰ্জিত শব্দৰে তাৰ প্ৰত্যুত্তৰ দিয়ক৷ মনত ৰাখিব, গৰম লোহাক চিধা কৰে ঠাণ্ডা লোহাইহে, বা কাটেও ঠাণ্ডা লোহাৰ কৰতেৰে৷ অশ্লীল শব্দৰ প্ৰয়োগ কৰা মানে প্ৰতিপক্ষক আপোনাৰ দুৰ্বলতা এটা উপহাৰ দিয়াহে হব৷ সেয়ে লেখোতে বা মত প্ৰকাশ কৰোতে শব্দ, ভাষা আৰু ভাৱ প্ৰকাশক লৈ সজাগ হোৱাটো এটা কাৰ্যকৰী অভ্যাস ৰূপে আপুনিও গঢ় দিয়ক৷
(৩)
চচিয়েল মেডিয়াক ব্যৱসায়িক বা ন্যস্তস্বাৰ্থৰ বাবে উপযুক্ত ৰূপত ব্যৱহাৰ কৰাত কোনোটো কোম্পানী বা স্মাৰ্ট মানুহেই আজি পিছ পৰি ৰোৱা নাই৷ কাৰোবাৰ পৰা কিবা সহায়ৰ প্ৰয়োজন হ’লে আগতীয়াকৈ চা-চিনাকি বঢ়াবৰ বাবেও ফেচবুকক সহজ আহিলা ৰূপে ৰাইজে ব্যৱহাৰ কৰাটো অতি দৃষ্টি কটুৰূপে ধৰা দিছে ৷ তাৰ বাবে, কাম থকা গৰাকীৰ পোষ্টত সঘন লাইক, সহমত ব্যক্ত কৰা দেখা যায়৷

কোনোৱে সেই বিশেষ ব্যক্তিৰ কোনো মতামত বা কৰ্মৰ প্ৰতিবাদ কৰিলে, তাৰ প্ৰতিবাদত এক ভাৰ্চুৱেল "হঠাত পেট্ৰিয়টৰ যুদ্ধ"ও কোনোৱে ঘোষণা কৰি দিয়াৰ উদাহৰণ চ’চিয়েল মেডিয়াতে দেখা গৈছে৷ টিভিৰ জড়িয়তে বিজ্ঞাপনে মানুহৰ ড্ৰইং ৰুমত প্ৰৱেশ কৰাদি, এনে প্ৰীতিমূলক পদক্ষেপেৰে সহানুভূতিৰ বিজ্ঞাপনেৰে সুবিধাবাদী লোকে বৰঘৰ পৰ্যন্ত প্ৰৱেশ কৰাৰ প্ৰচেষ্টা চলায়৷

সেয়ে কাৰোবাৰ লেখনি বা মতামতক লৈ ঘপহকৈ উদ্বিগ্ন হোৱাতকৈ তাৰ আঁৰৰ কাহিনী উন্মোচনত এক অন্বেষণ কৰি চালে চ’চিয়েল মেডিয়া আপোনাৰ বাবে ৰহস্যধৰ্মী  উপন্যাসৰ দৰে আকৰ্ষণীয়ও হৈ উঠিব পাৰে৷ আৰু আপুনি চ’চিয়েল মেডিয়াৰ চালৰ্ক হোমচ হোৱাৰ আনন্দ লাভ কৰিব পাৰে৷
(৪)
সমাজৰ ভালৰ বাবে প্ৰচাৰ কৰা, সমাজৰ ভাল দিশবোৰ প্ৰচাৰ কৰা, সমাজৰ ভাল কামবোৰ প্ৰচাৰ কৰা মানুহো চ’চিয়েল মেডিয়াত কম নহয়৷ বহুতেই আকৌ এনে কৰা মানুহক সমালোচনা কৰা লেখা  মেলাতহে নিজৰ শক্তি ক্ষয় কৰে৷ নিজেও আনৰ ভালটো দেখিব নোৱাৰে, আনৰ ভাল কৰিব নোৱাৰে, আনে কৰিলেও সহ্য কৰিবলৈ টান পায়৷ সকলো ধৰণৰ মানুহেই চ’চিয়েল মেডিয়াখন ভৰি আছে, ইও এক ই-সমাজৰেই নামান্তৰ মাত্ৰ৷
(৫)
সেয়ে এয়া মোৰ অনুভৱ, যে আমি সজাগ হব লাগে৷ সমাজৰ ভিন্ন দিশৰ কথা কবলৈ যাওতে, মত প্ৰকাশ কৰিবলৈ যাওতে, কাৰোবাৰ সতে সহমত প্ৰকাশ কৰিবলৈ যাওতে৷

কাৰো গোপন উদেশ্য গাঁঠি থোৱা লেখা, মতামত, পোষ্ট, ফটো আদিৰ সতে যাতে নিজকে সাঙুৰি লোৱাৰ আগতে মাত্ৰ এবাৰ নিজকে চালৰ্ক হোমচৰ সন্দেহী দৃষ্টিৰে প্ৰশ্ন কৰক৷ বাকী বিবেকক দমন নকৰিব৷

সম্পাদকৰ নতুন সংযোজনঃ ২০১৩ চনতে প্ৰকাশ পোৱা সুখ-দুখৰ এই সম্পাদকীয়টো বৰ্তমান কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ পাছত চ'ছিয়েল মেডিয়াত দিয়া প্ৰতিক্ৰিয়ামূলক মন্তব্য তথা পোষ্টৰ বাবে বহু লোক গ্ৰেপ্তাৰ হব লগা পৰিস্থিতি হৈছিল। শেহতীয়াকৈ নিৰ্বাচনী বতৰতো শ্বহীদ হোৱা সুৰক্ষা কৰ্মীৰ বিষয়ে মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱাৰো খবৰ আহিছে। তালৈ লক্ষ্য ৰাখি লেখাটি পুনৰ পাঠকলৈ আগবঢ়োৱা হৈছে।

বৰ্তমান পৰিস্থিতিলৈ চাই, চ'ছিয়েল মেডিয়াত মত প্ৰকাশৰ ক্ষেত্ৰত বিষয় বস্তুৰ স্পৰ্শকাতৰতা আৰু মত প্ৰকাশৰ সময় উপযুক্ত হয় নে নহয়, সেয়াও বিবেচনা কৰাটো অতিশয় প্ৰয়োজনীয় কথা হৈ দেখা দিছে। বাক্ স্বাধীনতাৰো সময়, স্থান-কাল, পাত্ৰ চাইহে সাব্য়স্ত কৰাটো দায়িত্বশীল নাগৰিকৰ এক কৰ্তব্য হৈ পৰিছে।

চ’ছিয়েল মেডিয়াৰ পৃথিৱীত আপুনিও এজন সচেতন নাগৰিক হৈ উঠক, শুভেচ্ছা থাকিল ৷

3 comments: