সময়ে সময়ে ইতিহাসৰ পাতৰ পৰা কিছু বিতর্কিত ব্যক্তিক টানি অনা হয় বর্ত্তমানৰ সাম্প্ৰদায়িক ৰাজনীতিক বৈধতা প্রদান কৰিবলৈ। জিন্নাও ইতিহাসৰ তেনে এজন ব্যক্তি। টিপু চুলতান, ঔৰংজেৱৰ পিছতে হয়তো জিন্নাক সর্বাধিক ব্যৱহাৰ কৰা হয় আমাৰ সম্প্রীতিৰ ৰাজনীতিক নাকচ কৰি এক সাম্প্ৰদায়িক সংঘাতমূলক ইতিহাসৰ প্রতিচ্ছবি দাঙি ধৰিবলৈ। ব্রিটিছ ৰাজনীতি বৈজ্ঞানিক জেমছ মিলে The History of British India নামৰ কিতাপত খুব সহজে ভাৰতৰ ইতিহাসক তিনি ভাগত ভাগ কৰিছে – হিন্দু, মুছলিম আৰু ব্রিটিছ।
পিছে ইতিহাসক এনেকৈ ধৰ্মীয়ভাৱে ভাগ ভাগ কৰা কিমানখিনি যুক্তি-যুক্ত আছিল সেয়া চিন্তা কৰা উচিত। মোগলৰ শাসনকালত বহু অনা-মুছলমান ৰজাও ভাৰতবর্ষত আছিল। ব্রিটিছৰ শাসনক বৈধতা প্রদান কৰাৰ আশাৰে এই কিতাপখনে মধ্যযুগৰ ৰজাবোৰক এক নেতিবাচক ৰূপত তুলি ধৰিবলৈ চেষ্টা কৰিছে। দুর্ভাগ্যজনকভাৱে আমি আজিও এই ‘colonial construct’ৰ পৰা ওলাই আহিবলৈ বিফল হৈছো।
পিছে ইতিহাসক এনেকৈ ধৰ্মীয়ভাৱে ভাগ ভাগ কৰা কিমানখিনি যুক্তি-যুক্ত আছিল সেয়া চিন্তা কৰা উচিত। মোগলৰ শাসনকালত বহু অনা-মুছলমান ৰজাও ভাৰতবর্ষত আছিল। ব্রিটিছৰ শাসনক বৈধতা প্রদান কৰাৰ আশাৰে এই কিতাপখনে মধ্যযুগৰ ৰজাবোৰক এক নেতিবাচক ৰূপত তুলি ধৰিবলৈ চেষ্টা কৰিছে। দুর্ভাগ্যজনকভাৱে আমি আজিও এই ‘colonial construct’ৰ পৰা ওলাই আহিবলৈ বিফল হৈছো।
এই কথা এই কাৰণে গুৰুত্বপূর্ণ হৈ পৰে যে স্বাধীনতাৰ পিছত যদিও ভাৰতবর্ষই ধর্মনিৰপেক্ষতাক বাছি লয় কিন্তু আজিও সাম্প্রদায়িকতাবাদ একেবাৰে শেষ হৈ যোৱা নাই। বৰং শাসক গোষ্ঠীৰ বিভাজনমূলক ৰাজনীতিৰ বাবেই আজি সম্প্ৰদায়িকতাবাদে এক নতুন ৰূপত গা কৰি উঠিছে। ভোট আৰু শাসনৰ গাদীৰ লোভত নিয়মীয়াকৈ ৰাজনৈতিক নেতাই সাম্প্রদায়িক ভাৱনাবোৰক উচটনি দিয়ে। সেয়ে সময়ে সময়ে জিন্নাকো টানি অনা হয়। পিছে ভাৰতবর্ষৰ স্বাধীনতাৰ ইতিহাস অধ্যয়ণ কৰিলে দেখা যায় যে মুছলীম লীগৰ নেতা মহম্মদ আলী জিন্না যদিও মুছলমানসকলৰ বাবে এক পৃথক ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতা কৰিছিল কিন্তু ভাৰতৰ সৰহ সংখ্যক সাধাৰণ মুছলমানে তেনে ভাৱধাৰাৰ লগত সহমত পোষণ কৰা নাছিল। আজি কিছুদিন আগতে বিজেপিৰ ছাত্র সংগঠন এবিভিপিৰ নেতা কিছুমানে আলীগড় বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ কাৰ্যালয়ত জিন্নাৰ এখন ছবি থকা লৈ আপত্তি কৰে। পিছে জিন্নাৰ এই ফটোখন যোৱা আঠ দশক ধৰি ছাত্ৰ একতা সভাৰ কাৰ্যালয়তে আছিল কাৰণ দেশ বিভাজনৰ পূৰ্বে ১৯৩৮ চনতে জিন্নাক ছাত্র একতা সভাৰ অবৈতনিক আৰু আজীৱন সদস্য পদ প্রদান কৰা হৈছিল। ভাৰতৰ আগশাৰীৰ শিক্ষানুষ্ঠানবোৰত বহু দেশ-বিদেশৰ নেতাই অধ্যয়ণ কৰিছে। কোৱা বাহুল্য যে জিন্নাৰ ফটো পাকিস্তানৰ নেতা হিচাপে নহয় বৰঞ্চ ছাত্র একতা সভাৰ আজীৱন সদস্য ৰূপেহে এই কাৰ্যালয়ত স্থান পাইছিল।
পিছে ভাৰতৰ ইতিহাসৰ লগতে বর্ত্তমানৰ সমাজখনকো কেৱল হিন্দু-মুছলমানৰ ৰূপত দেখা ৰাজনৈতিক শক্তি কিছুমানে এই কথাবোৰ মানিব নিবিচাৰে। জিন্নাৰ ভূত শেহতীয়া ভাৱে অসমত দেখা দিছে। কোৱা বাহুল্য যে বহু বিৰোধিতাৰ মাজতো বিজেপি চৰকাৰে বিতর্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ লোকসভাত পাছ কৰাৰ পিছতে অসমৰ লগত উত্তৰ পূর্বাঞ্চলত তীব্ৰ প্ৰতিবাদ হৈছে আৰু আইন শৃঙ্খলাজনিত সমস্যাৰ সৃষ্টি হৈছে। বিশেষকৈ অসমত শাসক গোষ্ঠীয়ে গণৰোষৰ সন্মুখীন হৈছে। ইছ্যু ডাইভাৰ্ট কৰাৰ বাবে শাসক গোষ্ঠীৰ কিছু সংখ্যক নেতা-মন্ত্ৰীয়ে বিভিন্ন ধৰণৰ মিথ্যাচাৰ, অপ-প্ৰচাৰ আৰু সাম্প্ৰদায়িক বক্তব্যৰ আশ্ৰয় লৈছে। ইমানদিনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে আমি শুনি আছিলোঁ যে মানৱতাৰ দৃষ্টিকোণৰ পৰা ধর্মীয় নিষ্পেষণৰ সন্মুখীন হোৱা হিন্দু, বৌদ্ধ, পার্ছি, খৃষ্টধর্মী আদিক স্থান দিয়া আৰু লগতে নাগৰিকত্বৰ সুযোগ দিয়া ভাৰতবর্ষৰ দায়িত্ব। ধৰ্মক ভিত্তি কৰি অৰ্থাৎ নিষ্পেষণৰ একমাত্র ভিত্তি ধর্ম হিচাপে লৈ লোকক আশ্ৰয় দিয়া আৰু নাগৰিকত্ব প্ৰদান কৰা কথাটো ভাৰতবৰ্ষৰ সংবিধানৰ পৰিপন্থী। কিন্তু শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী সপক্ষে আন এটা নতুন অদ্ভুত যুক্তি শুনা গল যে নাগৰিকত্ব সংশোধনী আনি এন আৰ চিত বাদ পৰা হিন্দু বাংলাদেশীৰ নাম নাগৰিক হিচাপে অন্তর্ভূক্ত নকৰিলে অসমৰ ১৭ টা বিধানসভা সমষ্টি ‘জিন্না’ৰ পৰা বচোৱা নাযাব। পৰোক্ষ ভাৱে অসমৰ এজন অতি প্ৰভাৱশালী মন্ত্ৰী আৰু জনপ্রিয় ৰাজনৈতিক নেতাজনে কোৱাৰ চেষ্টা কৰিছে যে ১৭ খন সমষ্টি সংখ্যালঘু নেতাৰ হাতত যোৱাৰ পৰা বচাবলৈ হলে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰি ভোটাধিকাৰ দিয়া অনিবার্য। ইয়াতেই এটা কথা স্পষ্ট হৈ যায় যে যত এফালে চৰকাৰে ধর্মীয় নিষ্পেষণৰ বলী হোৱা মানুহক সকাহ দিয়াৰ পৃষ্টপোষকতা কৰিছে, ঠিক একে সময়তে দলৰ কিছু নেতাই নির্বাচনী ভোট বেংকৰ হিচাপ-নিকাচত লাগি গৈছে।
পিছে সাম্প্রদায়িকীকৰণ কেৱল নাগৰিকত্ব সংশোধনী বিধেয়ক খনলৈয়ে সিমীত হৈ থকা নাই। ৰাজ্যৰ ৰাজনৈতিক মহলৰ আলোচনাৰ স্তৰ দিনক দিনে যথেষ্ট নিম্ন স্তৰলৈ গতি কৰিছে। আমি উন্নয়ণ, উত্তৰ পূর্বাঞ্চলৰ লুক ইষ্ট পলিচী কার্যকৰী কৰাৰ বাবে চুবুৰীয়া দেশৰ লগত ব্যৱসায় বাণিজ্যৰ কথা আলোচনা কৰা বাদ দি চুবুৰীয়া দেশৰ আভ্যন্তৰীণ বিষয়ত একপ্রকাৰ পৰোক্ষ ভাৱে যেন হস্তক্ষেপ কৰিছো। এটা কথা মনত ৰখা উচিত যে নাগৰিকত্ব সংশোধনীৰ অধীনত পাকিস্তান বা আফগানিস্তানৰ পৰা অহা মানুহৰ সংখ্যা তেনেই নগন্য হব। এই আইনে বেছিকৈ প্রভাৱান্বিত কৰিব বাংলাদেশক।
বাংলাদেশ ভাৰতৰ এনে এক চুবুৰীয়া দেশ যাৰ লগত ভাৰতৰ সম্পর্ক ভাল। বিশেষকৈ শ্বেইখ হাচিনাৰ শাসনকালত এই সম্পর্ক যথেষ্ট ভাল হৈছে। তেনে স্তৰত এই আইনে ভাৰত-বাংলাদেশৰ সম্পর্কত কেনেকুৱা নেতিবাচক প্রভাৱ পেলাব সেইটো দূৰদৰ্শী হিচাপে চিন্তা কৰা উচিত। ফাৰ্ষ্টপোষ্টৰ এক প্রতিবেদন মতে বাংলাদেশৰ বিশিষ্ট অর্থনীতিবিদ দেবপ্রিয় ভট্টচার্য্যই চিন্তা প্রকাশ কৰিছে যে এই বিধেয়ক আইনলৈ পৰিণত হলে বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলৰ ওপৰত বিশেষ কুপ্রভাৱ পৰিব। তেওঁৰ মতে বহু বছৰ ধৰি ধর্মীয় সংখ্যালঘু বাংলাদেশত সম অধিকাৰৰ বাবে সংগ্রাম কৰি আছে। তেনে ক্ষেত্রত এই আইন বাংলাদেশৰ ইছলামিক মৌলবাদীৰ হাতৰ অস্ত্র হৈ পৰিব। আমি মনত ৰখা উচিত যে ভাৰতবর্ষত যেনেকৈ একাংশ নেতাই বাংলাদেশ আৰু পাকিস্তানৰ নামলৈ মূলতঃ ৰাজনীতি কৰে, বাংলাদেশ আৰু পাকিস্তানতো ভাৰত বিদ্বেষী এনে বহু ৰাজনৈতিক সংগঠন আছে। এই আইনে সেই সংগঠনবোৰক অধিক শক্তিশালী কৰি তুলিব।
ইয়াৰ পিছত অহা যাওক আৰু এটা বিষয়লৈ যত ধৰ্মীয় মেৰুকৰণ স্পষ্ট ৰূপে দেখা যায়। আজি কিছুদিন আগতে অসমৰ সেই একেজন প্ৰভাৱশালী মন্ত্ৰী আৰু জনপ্রিয় ৰাজনীতিকজনে এক আছুতীয়া সাক্ষাৎকাৰত উল্লেখ কৰিলে যে মইনবড়ী সত্র মইনবড়ীৰ পৰা সৰভোগলৈ স্থানান্তৰিত কৰিব লগা হল একমাত্র স্থানীয় মুছলমান মানুহৰ ভয়ত। অসমত ইছলামিক মৌলবাদী নাই বুলি কোনেও দাবী কৰিব যোৱা নাই। কিন্তু অসমৰ শংকৰ-আজানৰ ঐতিহ্য লৈ হিন্দু মুছলমান সকলোৱে গৌৰৱ কৰে। তেনে ক্ষেত্রত সত্রৰ বিষয়ে এনে সাম্প্রদায়িক মন্তব্য কৰা অনুচিত।
এই মন্তব্যৰ ভিত্তি যে মিছা সেইটো অতি সোনকালে স্পষ্ট হৈ গল। মইনবড়ী সত্রৰ সত্রাধিকাৰ, তেওঁৰ দুই পুত্রই স্পষ্ট কৰি দিলে যে স্থানীয় মুছলমানসকলৰ পৰা তেওঁলোকে কেৱল সহযোগিতা পাইছে, কোনো ধৰণৰ ভাবুকি নহয়। মইনবড়ী সত্র স্থানান্তৰিত কৰিব লগা হৈছিল গৰাখহনীয়াত সত্রৰ মাটি নদীত জাহ যোৱাৰ বাবেহে। সত্রাধিকাৰৰ জ্যেষ্ঠ পুত্র এতিয়াও মইনবড়ীত মুছলমানসকলৰ লগতে বসবাস কৰি আছে। তেনে ক্ষেত্রত কোনো সত্যতা অবিহনে সংবাদ মাধ্যমত বহি এনে সাম্প্রদায়িক মন্তব্য কৰাৰ অন্তৰালৰ ৰাজনীতিনো কি?
আজিকালি মন্ত্রী, ৰাজনৈতিক নেতাৰ মুখত প্রায় ধুবুৰী, দক্ষিণ শালমাৰাৰ নাম শুনা যায়। পিছে এই সীমান্তৱর্ত্তী অনুন্নত অঞ্চলৰ কথা কোনো উন্নয়ণমূলক আঁচনিৰ বাবে নহয়, নিজৰ সাম্প্রদায়িক ৰাজনীতিক আৰু এক ঢাপ আগুৱাই লৈ যোৱাৰ বাবেহে বাছি বাছি কিছুমান বিশেষ সংখ্যালঘু মুছলমান অধ্যুষিত অঞ্চলৰ নাম লোৱা হয়। এই সংখ্যালঘু অধ্যুষিত এলেকাবোৰত হেনো লাখ লাখ বাংলাদেশী বসবাস কৰে বাবে সেই অঞ্চলবোৰত অসমীয়া নাইকীয়া হৈ গৈছে। ধুবুৰীলৈ কেতিয়াও আহি নোপোৱা বহুতেও চিন্তা প্রকাশ কৰে দক্ষিণ শালমাৰাৰ হিন্দু সকলক লৈ। পিছে তেওঁলোকে নাজানে যে দক্ষিণ শালমাৰা আজি কেৱল কাগজ আৰু চৰকাৰী নথি-পত্রতে থাকি গৈছে। দক্ষিণ শালমাৰা কেতিয়াবাই যে বান-গৰাখহনীয়াৰ কবলত পৰি সম্পূর্ণৰূপে ব্রহ্মপুত্রৰ বুকুত বিলীন হৈ গৈছে আৰু শালমাৰাৰ মানুহবোৰ বিভিন্ন ঠাইলৈ গৈ সংস্থাপিত হৈছে সেই কথা বহুতে নাজানে। ধুবুৰী, শালমাৰাত হেনো অসমীয়া মানুহ নাই, অসমীয়া মানুহ নির্বাচনত জয়ী নহয়। তেনেহলে ইমান দিনে ধুবুৰীত নির্বাচিত হোৱা নেতাবোৰ, এইবাৰ গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায়, বহু বছৰ ধৰি বিলাসীপাৰা (পুব)ৰ বিধায়ক হোৱা অগপৰ প্রশান্ত বৰুৱা অসমীয়া নহয় নেকি? এই এলেকাবোৰত দেশী মুছলমান সংখ্যাগৰিষ্ঠ। প্রতিমা বৰুৱা পাণ্ডেৰ ভাষাত কথোপকথন কৰা এই দেশী মুছলমানবোৰ অসমীয়া জাতিৰ অংগ নহয় নেকি?
ধুবুৰীৰ ইতিহাস চালে দেখা যাব যে ৰাজ্যিক পুনঃগঠন আয়োগৰ সন্মুখিত অধিবক্তা মহম্মদ আব্দুল কৰিম, স্বর্গীয় আবুল হোছেইন পণ্ডিত, মানগোবিন্দ চক্রবর্ত্তী আদিয়ে সাক্ষী দি মেমোৰেণ্ডাম প্রদান কৰি অবিভক্ত গোৱালপাৰাৰ মানুহে অসমীয়া ভাষা, সংস্কৃতিক আকোৱালি লৈছে আৰু অবিভক্ত গোৱালপাৰা পশ্চিম বংগৰ অংগ হব নোৱাৰে; অসমৰ অংগৰাজ্য হৈ থাকিব এই কথা দাবী উত্থাপন কৰিছিল। ধুবুৰীৰ অল্পশিক্ষিত, অশিক্ষিত চৰাঞ্চলবাসী আধা অসমীয়া, ভুল অসমীয়াতো মীটিংপাতিত স্বজোৰে দাবী কৰিছিল যে তেওঁলোক অসমীয়া, বঙালী নহয়। সেইলোকসকলৰ শক্তিশালী দাবীৰ ভিত্তিতে অবিভক্ত গোৱালপাৰা অসমৰ অংগ ৰাজ্য থাকিল। ভাষা আন্দোলনৰ সময়তো এই এলেকাবোৰে অসমীয়া ভাষাৰ সপক্ষে থিয় দিছিল। আজি যদি মন্ত্রী, ৰাজনৈতিক নেতা সেই একে ঠাইবোৰত গৈ আসমীয়া খুজি নাপায় তেন্তে সমস্যা তেওঁলোকৰ দৃষ্টিত।
বিদেশী সমস্যাই অসমক কেৱল অর্থনৈতিকভাৱে জুৰুলা কৰা নাই, অসমৰ ৰাজনীতিতো এই সমস্যা এক কেন্দ্ৰীয় বিষয় হৈ আছে! কিন্তু এই সমস্যা সমাধানৰ বাবে এন আৰ চি উন্নীতকৰণে এটা দিশ দিব বুলি অসমীয়াসকলে আশা কৰিছিল। সন্দেহ-সংশয় আৰু জটিলতাৰ মাজেৰে এন আৰ চিৰ প্রক্রিয়া আগুৱাই গৈ আছে। এতিয়া বহুতেই সংশয় প্ৰকাশ কৰিছে যে বোধহয় এন আৰ চিৰ কাম সম্পূর্ণ হলেও বিদেশী সমস্যাৰ সমাধান নহব আৰু অসমীয়া জাতিৰ সন্মুখত আৰু কিছু নতুন নতুন প্রশ্নৰ উত্থাপন হব! যেনে নাম বাদ পৰা সকলৰ কি হব। কিন্তু এই প্রক্রিয়া শেষ হোৱাৰ আগতে আসমীয়া মানুহৰ ধৈর্যক উপলুঙা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰিবলৈ তৎপৰ হৈ পৰা চৰকাৰে এই কথা স্পষ্ট কৰি দিয়া উচিত যে এই বিধেয়কে এন আৰ চি প্রক্রিয়াক নস্যাৎ নকৰিবনে? এই বিধেয়কে ঐতিহাসিক অসম চুক্তিক ভঙ্গ নকৰিবনে? এন আৰ চি উন্নীতকৰণ প্রক্রিয়াৰ ভিত্তি হল ১৯৭১ চনলৈকে অসমলৈ অহাসকলকহে এন আৰ চিত অন্তর্ভূক্ত কৰা হব, কিন্তু এই বিধেয়ক সেই একে অধিকাৰ ২০১৪ ৰ ডিচেম্বৰ মাহলৈকে অহা হিন্দুসকলক দিব। তেনে ক্ষেত্রত ইমান সময়, টকা খৰচ কৰি এন আৰ চি উন্নীতকৰণ কার্যৰ কোনো মূল্য থাকিব নে?
গণতান্ত্রিক দেশত ৰাজনীতি হওক ৰাইজৰ উন্নয়ণমূলক নীতিৰ ভিত্তিত – কেৱল সাম্প্রদায়িক ধ্রুৱীকৰণৰ সহায়ত নহয়। বহু প্রতিবাদৰ ফলত শাসক দলে এই বিতর্কিত আইন লোকসভাত পাছ কৰাৰ পিছত ৰাজ্যসভাত উত্থাপিত নকৰিলে। কিন্তু ৰাজ্যসভাৰ পৰৱৰ্তী অধিৱেশনত পুনৰ উত্থাপন কৰাৰ সম্ভাৱনা আছে। এই বিলৰ বিৰুদ্ধে অসম চৰকাৰৰ মিত্রদল অগপ চৰকাৰৰ পৰা ওলাই আহে। কিন্তু তাৰ পিছতো চৰকাৰে এতিয়াও এই আইনখন বাতিল কৰা নাই। ভাৰতবর্ষৰ বিভিন্নতা, বৈচিত্র্য ভাৰতবর্ষৰ শক্তি। বছৰৰ পিছত বছৰ ধৰি বিভিন্ন ধর্মাৱলম্বী মানুহে ভাৰতত শান্তিপূর্ণ ভাৱে সহাৱস্থান কৰি আছে। তেনে ক্ষেত্রত এই বিধেয়কখনে সম্প্রদায়বোৰৰ মাজৰ সম্পর্ক বিনষ্ট কৰিব, আন্তর্জাতিক স্তৰত ভাৰতবর্ষৰ ধর্মীয় নিৰপেক্ষ প্রতিচ্ছবিৰ ওপৰত কালিমা সানিব আৰু শাসকদলৰ এনে স্বার্থপৰ ৰাজনীতিয়ে অসম আৰু অসমীয়া জাতিৰ অস্তিত্বক সংকটত পেলাব।
এই বিধেয়কৰ বিৰুদ্ধে সাধাৰণ ৰাইজ, জাতীয়-জনগোষ্ঠীয় দল-সংগঠন, ড০ হীৰেণ গোঁহাই আৰু আন বুদ্ধিজীৱী সকলে উত্থাপিত কৰা প্রশ্ন সমূহক চৰকাৰে মনোযোগেৰে শুনি আৰু ৰাইজৰ মতামতক সন্মান জনাই এনে জাতিবিৰোধী বিধেয়ক বাতিল কৰা উচিত। এনে নকৰি যদি আপোচহীন ভাৱে জাতিৰ হকে কথা কোৱা ড০ হীৰেণ গোঁহাই, অখিল গগৈ আৰু মণজিৎ মহন্তৰ দৰে মানুহৰ নামত দেশদ্রোহৰ কেছ জাপি দিয়ে চৰকাৰে, তেনেহলে ৰাজ্যৰ পৰিবেশ আৰু অশান্ত হৈ পৰিব আৰু অসমৰ দীর্ঘদিনৰ সমস্যা সমাধান হোৱাৰ ঠাইত সমস্যাই নতুন ৰূপহে ধাৰণ কৰিব। অসম তথা উত্তৰ পূর্বাঞ্চল যেন পুনৰ অশান্ত হৈ নপৰে। নতুন প্ৰজন্মই পুনৰ আলফালৈ যোগদানৰ বাতৰিয়ে ভয়াবহ ইংগিত প্ৰদান কৰিছে। অসম তথা উত্তৰ পূর্বাঞ্চলৰ মানুহৰ স্থায়ী শান্তিৰ স্বার্থত চৰকাৰী নিজৰ ঠেক ৰাজনীতি পৰিত্যাগ কৰক। ডি ভোটাৰৰ নামত বা ডিটেনশ্যন কেম্পত কাৰাবন্দী হৈ থকা ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুলোকক চৰকাৰে শীঘ্রে সকাহ দিয়ক। কোনো মানুহ নিজ পৰিচয়ৰ বাবে বৈষম্যৰ ভুক্তভোগী হোৱাটো আমি নিবিচাৰো। কিন্তু এনে ভুক্তভোগীৰ সমস্যাৰ সমাধান ভাৰত চৰকাৰে সংবিধানৰ আওতাত থাকি কৰিব পাৰে। শক্তিশালী ভাৰতবর্ষই নিজৰ চুবুৰীয়া ৰাষ্ট্রক বাধ্য কৰোৱা উচিত ধর্মীয় সংখ্যালঘুৰ অধিকাৰ সংৰক্ষিত কৰিবলৈ। যেনেকৈ ৰোহিঙ্গীয়াক ভাৰতবর্ষলৈ অনা সমাধান নহয়, ঠিক একেদৰে বাংলাদেশৰ অনা-মুছলমানক ইয়ালৈ আহিবলৈ উৎসাহিত কৰাটো নতুন সমস্যাৰ সৃষ্টি কৰিব। তদুপৰি এই বিধেয়কখন পুঙ্খানুপুঙ্খভাৱে অধ্যয়ণ কৰা বহুকেইজন আইনজ্ঞৰ মতে ধৰ্মীয় নিষ্পেষণ কেনেকৈ প্রমাণ কৰিব সেইটো স্পষ্ট নহয়। এনে ক্ষেত্রত এই বিধেয়ক আইন হলে যে অপব্যৱহাৰ নহব সেইটো জোৰ দি কব নোৱাৰি। গতিকে গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰে যেন বিভাজনমূলক ৰাজনীতিৰ ঊর্ধ্বত ৰাইজৰ ইচ্ছা-আকাঙ্ক্ষা ৰাখি সংবিধান বিৰোধী আৰু আৰু জাতিধ্বংসী বিধেয়কখন বাতিল কৰা উচিত।
লেখিকাৰ ফোন নম্বৰঃ ৮৬৩৮৬৮৮২৭৭
SARKARISAKARI.IN
ReplyDelete