চিন্তনঃ চালানী ৰাজনীতিয়ে নিৰ্ধাৰণ কৰিব নেকি অসমীয়াৰ ভৱিষ্যত ::আকাশ নিলাভ বৰুৱা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
চিন্তনঃ চালানী ৰাজনীতিয়ে নিৰ্ধাৰণ কৰিব নেকি অসমীয়াৰ ভৱিষ্যত  ::আকাশ নিলাভ বৰুৱা

চিন্তনঃ চালানী ৰাজনীতিয়ে নিৰ্ধাৰণ কৰিব নেকি অসমীয়াৰ ভৱিষ্যত ::আকাশ নিলাভ বৰুৱা

Share This
অসমৰ ৰাজনীতিক বর্তমান  উত্তৰ-ভাৰতীয় কৰণ কৰাৰ চেষ্টা আৰম্ভ হৈছে। উত্তৰ ভাৰতৰ ৰাজনীতিৰ মূল চালিকা শক্তি দুটাঃ হিন্দু-মুছলিম সাম্প্ৰদায়িকতা আৰু জাতিবাদ। দুয়োটাৰে দীর্ঘ কিন্তু হিংস্ৰ ইতিহাস আছে। 
আনহাতে অসমৰ ইতিহাসত আহোম-কোচ-কছাৰি-চুতীয়া আদি শাসকীয় শক্তি সমূহ সাংস্কৃতিগত ভাৱে মূলত মঙ্গোলীয় সভ্যতাৰ হোৱাৰ কাৰণে তেওঁলোকে হিন্দু ধৰ্ম গ্রহন কৰাৰ পাছতো গঙ্গা উপত্যকাৰ দৰে তথাকথিত উচ্চ-নিম্ন জাতিৰ আধাৰত ব্রাহ্মণ্যবাদ কেতিয়াও ব্রহ্মপুত্র উপত্যকাত শিপাব পৰা নাছিল | ঠিক সেই দৰে উত্তৰ বা দক্ষিণ ভাৰতৰ তথাকথিত নিম্ন জাতি সমূহৰ দৰে অসমৰ তথাকথিত নিম্ন জাতি সমূহ সামাজিক বা ৰাজনৈতিক অধিকাৰৰ হকে কোনো আন্দোলন গঢ়ি তোলাৰ প্ৰয়োজন হোৱা নাই | ফলত অসমত জাতি-বৰ্ণৰ আধাৰত কোনো ৰাজনৈতিক সচেতনতা বা ’আইডেন্টিটি পলিটিকচ’ ঠন ধৰি উঠা নাই বা তাৰ সম্ভৱনাও নাই | তাৰ মূলতে হ’ল  উত্তৰ ভাৰতৰ নিম্ন জাতি-বৰ্ণৰ মানুহে সমাজৰ ক্ষমতাশালী উচ্চ জাতি-বৰ্ণৰ মানুহৰ হাতত পোৱা ভয়ঙ্কৰ সামাজিক-অৰ্থনৈতিক তথা ৰাজনৈতিক অন্যায়, শোষণ, উতপীড়ণ তথা অত্যাচাৰ অসমৰ প্ৰেক্ষাপটত কেতিয়াও সহিব লগা হোৱা নাই | অসমৰ সামাজিক প্ৰেক্ষাপটত সমাজৰ একেবাৰে নিম্ন খাপত থকা মানুহজনেও নিজৰ কৰ্ম, জ্ঞান, বুদ্ধিৰে সমাজৰ শিখৰত আৰোহণ কৰিবলৈ বিনা দ্বিধাৰে সক্ষম হয়, তেওঁৰ বৰ্ণ বা জাতিয়ে বিশেষ বাধাৰ সৃষ্টি নকৰে | এই Social Mobility য়ে অসমীয়াত্বৰ এক গৌৰৱ | গতিকে চেষ্টা কৰিলেও অসমত জাতিবাদক শক্তিশালী ৰাজনৈতিক কাৰকলৈ পৰিবৰ্তন কৰিব নোৱাৰি | এই কথা বিজেপি আৰু সংঘৰ নেতা সকলেও জানে | আৰু জানে কাৰণেই যদিও ৰাষ্ট্ৰীয় সয়ংসেৱক সংঘৰ মূল সামাজিক ধাৰণাটোয়ে ব্ৰাহ্মণ্যবাদৰ আধাৰত প্ৰতিষ্ঠিত , তথাপি সেই সংঘয়েও অসমত তদানিন্তন উচ্চ বৰ্ণৰ ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ ভট্টচাৰ্য, বয়জেষ্ঠ মহিলা নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰবৰ্তী অথবা অসমত বিজেপি দলক ৰাজনৈতিক সফলতা প্ৰদন কৰা বিচক্ষণ নেতা হিমন্ত বিশ্ব শৰ্মাক বাদ দি নিৰ্বাচনৰ আগতেই জনজাতীয় মূলৰ সৰ্বানন্দ সনোৱালক মূখ্যমন্ত্ৰী পদবীৰ দাবিদাৰ হিচাপে প্ৰক্ষেপ কৰে |   

আনহাতে, অসমৰ ধর্মীয় লেন্ডস্কেপটো মূলত গঢ়ি উঠিছে ভক্তিবাদৰ আধাৰত গুৰুজনাৰ social engineering দ্বাৰা । ইছলামো এই ভূখণ্ডত আহিছে আদর্শগত ভাবে ভক্তিবাদৰ সৈতে মিল থকা ছুফী পীৰ সকলৰ জৰিয়তে। আহোম শাসনো (বৰ ৰজা ফুলেশ্বৰী কুঁৱৰীৰ সাময়িক শাসন কালক বাদ দিলে- মোৱামৰীয়া বিদ্ৰোহ) আদিৰে পৰা অন্তলৈকে আছিল চূড়ান্ত ভাবে ধর্মনিৰপেক্ষ । মোগলৰ অধীনত থকা নামনি অসমৰ অঞ্চল সমূহতো কোনো ধর্মীয় উতপীড়ণৰ উদাহৰণ পোৱা নাযায় । যাৰ ফলত হিন্দু-মুছলমানৰ মাজত কোনো সামাজিক উত্তেজনা কাহানিও নাছিল। কোনো এনেকুৱা মছজিদো নাই যাক আচলতে মন্দিৰ বুলি কোনোবাই দাবী কৰিব পাৰে, ওলোটা ইয়াত আহোম স্বৰ্গদেউ সকলে মছজিদৰ বাবে মাটি দান কৰাৰ উদাহৰণ পোৱা যায়, আনহাতে ঔৰঙ্গজেবৰ দৰে সম্রাটেও ইয়াত মন্দিৰৰ বাবে (উমানন্দ মন্দিৰ) মাটি দান কৰাৰ উদাহৰণ পোৱা যায়। দেশ বিভাজনৰ সময়তো ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুছলমান সকলেও ভাৰতৰ সপক্ষে মতদান কৰাৰ ফলত বিভাজনৰ বিশেষ কোনো প্ৰভাৱ এই ভূখন্ডতপৰা নাছিল | আনহাতে, বিভিন্ন সময়ে উত্তৰ ভাৰতত হোৱা হিন্দু-মুছলমান সাম্প্ৰদায়িক সংঘৰ্ষৰ প্ৰভাৱো অসমত কাহানিও পৰা নাই | বাবৰি মছজিদ কান্ডৰ সময়ত যেতিয়া সমগ্ৰ দেশ সাম্প্ৰদায়িক সংঘৰ্ষৰ দ্বাৰা বিধস্ত হৈছিল সেই সময়তো অসমত তাৰ বিশেষ প্ৰভাৱ পৰা নাছিল | হয়, অসমত নেলী, চাউলখোৱা, গহপুৰ বা কিছু বছৰ আগত হোৱা বড়োলেন্ডৰ সংঘৰ্ষত বহু নিৰীহৰ জীৱন গৈছে, কিন্তু এই সংঘৰ্ষ সমূহক পোণচাটেই হিন্দু-মুছলমান কৰিব নোৱাৰি|  গতিকে দেখা গল যে, চেষ্টা কৰিলেও হিন্দু বনাম মুছলমান এই ধৰণৰ এটা উত্তৰ ভাৰতীয় narrative অসমত তৈয়াৰ কৰিব নোৱাৰি। ফলত হিন্দু খতৰে মে হ্যায়,  ইছলাম খতৰে মে হ্যায় জাতীয় ৰাজনৈতিক মস্তিষ্ক ধুলাই অসমত সফল হব নোৱাৰে, হলেও সেয়া সীমিত আৰু সাময়িক। সেই সাময়িক তথা কৃত্ৰিম বিভেদটোক স্থায়ী কৰিবৰ হকে যোৱা বিধান সভা নিৰ্বাচনৰ আগত "শৰাইঘাটৰ শেষ ৰণ" বুলি এটা কাল্পনিক হিন্দু-মুছলিম বিভেদ ৰেখা টানিব বিচৰা হৈছিল, কিন্তু অসমৰ হোজা ৰাইজে সেয়া বাংলাদেশী খেদা ৰণ বুলিহে ভাবিলে আৰু সেই আশাত ভোটো দিলে।  কিন্তু বিজেপি চৰকাৰ গঠন কৰাৰ পাছত এতিয়া নাগৰিকত্ব সংশোধনী বিল খনৰ জৰিয়তে বাংলাদেশীক উলোটা থাপিব লোৱা কথাটোত শৰাইঘাটৰ শেষ ৰণৰ হুংকাৰটো বুমেৰাং হ'ল।  অৱশ্যে শৰাইঘাটৰ শেষ ৰণ বুলা হুংকাৰটোত এটা টেকনিকেল সমস্যাও আছে, সেয়া হ'ল মোগল সেনাপতি ৰাম সিংহ আৰু আহোমৰ ফালে লাচিতৰ সহযোগী বাঘ হাজৰিকা। গতিকে শতচেষ্টা কৰিলেও অসমৰ মানুহে শৰাইঘাটক হিন্দু-মুছলমানৰ ঐতিহাসিক সংঘাত হিচাপে মানি নলয়।  যাৰ বাবে এতিয়া পানীপথৰ শেষ যুদ্ধৰ কথা কোৱা হৈ আছে। উত্তৰ ভাৰতৰ ক্ষমতাকেন্দ্রিক পানীপথৰ যুদ্ধক এতিয়া অসমৰ স্বাভিমান হিচাপে চালান দিয়াৰ চেষ্টা এটা লাহেকৈ আৰম্ভ কৰা হৈছে। পানীপথত সংঘটিত হোৱা তিনিখন যুদ্ধ আছে যদিও সম্ভৱত তৃতীয় যুদ্ধৰ প্রতিহে ইঙ্গিত দিয়া হৈছে কাৰণ এই যুদ্ধতে মাৰাঠা সেনা বিধস্ত হৈছিল আহমেদ শ্বাহ আবদালিৰ আফগান সেনাৰ হাতত | কিন্তু পানীপথৰ তৃতীয় যুদ্ধ মূলত দিল্লীৰ মছনদ দখল কৰাৰ বাবে দুই সম্প্ৰসাৰণবাদী শক্তিৰ মাজত যুঁজহে আছিল | আহমেদ শ্বাহ আব্দালিৰ পক্ষত যিদৰে আছিল হিন্দু জাট আৰু ৰাজপুত সকল, ঠিক সেই দৰে মাৰাঠা পেশ্বৱাৰ লগত আছিল মুছলমান মোগল সম্ৰাট | গতিকে, পানীপথৰ যুদ্ধক হিন্দু বনাম মুছলমানৰ যুদ্ধ বুলি অসমত চলাই দি সেই যুদ্ধত ’হিন্দু’ মাৰাঠাৰ পৰাজয়ৰ এতিয়া অসমীয়া মুছলমানক জবাবদিহি কৰাটো বাতুলতাহে মাত্ৰ |

আচলতে, সংঘয়ে নিবিচাৰে অসমৰ মানুহে অসমীয়া পৰিচয়ক অগ্ৰধিকাৰ দিয়ক, তেওঁলোকে অসমীয়া পৰিচয়ক স্বীকাৰ নকৰে | তেওঁলোকৰ মতে অসমৰ মানুহে নিজকে হিন্দু আৰু মুছলমান বুলি পৰিচয় দিয়ক | ইতিহাস সাক্ষী আছে যে,  জিন্নাৰ মুছলিম লীগৰ দ্বিজাতিতত্বৰ অটাইতকৈ ডাঙৰ সমৰ্থক আছিল সংঘ | অসমীয়া জাতিৰ ধাৰণাটোক ভাঙি হিন্দু-মুছলমান কৰাৰ বাবে প্ৰথমে তেওঁলোকে বিৰোধ আৰম্ভ কৰিলে "শংকৰ-আজানৰ দেশ" - এই আপ্ত বাক্যৰ | বিজেপি নেতা শিলাদিত্য এই বিৰোধৰ মূল হোতা | সূক্ষ্মভাৱে লক্ষ্য কৰিলে দেখিব যে, এই বিৰোধৰ মূল উদ্দেশ্য দুটা - এক, অসম আৰু অসমীয়াৰ সংজ্ঞা সম্পূৰ্ণ ধৰ্ম ভিত্তিক কৰা | গুৰুজনাক অসমীয়াৰ নহয়, কেৱল হিন্দুৰ গুৰুলৈ পৰ্যবসিত কৰা | অসমৰ মুছলমান সকল অসমীয়া নহয়, সম্পূৰ্ণ ৰূপে পৃথক এক ধৰ্মীয় জনগোষ্ঠীহে - এই কথা সিদ্ধি কৰা | দুই, যেতিয়া লৈকে অসম অসমীয়াৰ হৈ থাকিব, শংকৰ-আজানৰ হৈ থাকিব, তেতিয়ালৈকে বাংলাদেশি মূলৰ শিলাদিত্য সংখ্যালঘু হৈ থাকিব, কিন্তু যেতিয়া অসমীয়া মানে কেৱল হিন্দুক বুজাব, তেতিয়া ৰাতিৰ ভিতৰতে শিলাদিত্যৰ নিচিনা বাংলাদেশী মূলৰ মানুহেও অসমীয়া জাতিৰ প্ৰধান হোতাত পৰিণত হব পাৰিব |

সন্মুখত নিৰ্বাচনৰ বতৰ | এই নিৰ্বাচনৰ আগত অসমীয়াক হিন্দু আৰু মুছলমানত ভাগ কৰিব পাৰিলে আটাইতকৈ লাভবান হব - বিজেপি আৰু আজমল | যাৰ ফলত এতিয়া প্ৰায় প্ৰতিদিনে হিমন্ত বিশ্ব শৰ্মাই উত্তৰ ভাৰতীয় হিন্দু নেতা সকলৰ দৰে অসমৰ মুছলমানক জিন্নাৰ বংশধৰ, প্ৰতিবাদ কৰিবলৈ কলা কাপোৰ আচলতে বোৰ্খা বনাবলৈ আনিছে - আদি আগতে কাহানিও অসমৰ ৰাজনীতিত নুশুনা কথা-বাৰ্তা কৈ আছে | উত্তৰ ভাৰতীয় সকলৰ দৰে অসমৰ কোনো মছজিদক যিহেতু  মন্দিৰ বুলি দাবী কৰিব নোৱাৰি , সেয়ে হিমন্তয়ে সত্ৰৰ মাটি দখল কৰাৰ কথা কৈ আছে | সত্ৰৰ মাটি যদি বেদখল হৈছে তেন্তে সেয়া তেওঁ চৰকাৰৰ শক্তিশালী মন্ত্ৰী হিচাপে বেদখলমুক্ত নকৰে কিয় ? নকৰে, কাৰণ জোলোঙাৰ মেকুৰী ওলাই আহিব | আনহাতে, বাংলাদেশী মুছলমানে আহি সত্ৰৰ হেজাৰ হেজাৰ মাটি দখল কৰিছে- এনেকুৱা এটা দাবীত উত্তৰ ভাৰতীয় হিন্দু খতৰে মে হ্যায় ধাৰণাটো শক্তিশালী কৰাত সুবিধা হয় | বল এতিয়া অসমৰ ৰাইজৰ কোৰ্টত - অসমীয়া হৈ থাকি নিজৰ সাংস্কৃতিক, ধৰ্মীয়, জনগোষ্ঠীয় ঐতিহ্যক শক্তিশালী কৰিব নে হিন্দু আৰু মুছলমান হৈ উত্তৰ ভাৰতীয় হিংসাৰ গড্ডালিকাত জাহ যাব ? বিবেচনা কৰাৰ সময় এয়া আপোনাৰ |

No comments:

Post a Comment