ধুবুৰীৰ ব্রহ্মপুত্রৰ বালি চাপৰিত বাংলাদেশৰ সীমান্তৱর্ত্তী ইলশামাৰী চৰত ১৩ ফেব্ৰুৱাৰীত সূচনা কৰা হয় এটি গ্রন্থ আন্দোলনৰ। ধুবুৰী বুক ক্লাৱ আৰু ২৪৩১ নং ইলশামাৰী প্রাথমিক বিদ্যালয়ৰ সৌজন্যত অনুষ্ঠিত হয় এটি বিশেষ "গ্রন্থ উপহাৰ" অনুষ্ঠান আৰু লগতে বিদ্যালয়ৰ বছৰেকীয়া খেল ধেমালিৰ বঁটা প্রদান অনুষ্ঠান।
![]() |
অসমীয়াৰ সুখ-দুখঃ ভাল খবৰ |
উক্ত অনুষ্ঠানত উপস্থিত থাকে গৌৰীপুৰৰ প্রমথেশ বৰুৱা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা পাৰভিন চুলতানা, ধুবুৰী কন্যা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা জুঁই দাস আৰু ধুবুৰী জুনিয়ৰ গার্লছ কলেজৰ বিষয় শিক্ষক ফয়জাল হক। উল্লেখ্য যে ২৪৩১ নং ইলশামাৰী এল পি বিদ্যালয়ৰ সহকাৰী শিক্ষক দিবাকৰ ৰেণুৱে যোৱা ২০১৬ ইং বর্ষত কুঁহিপাত নামেৰে এটি পুঁথিভৰাল স্থাপিত কৰিছিল। বহু সমস্যাৰ সন্মুখীন হোৱাৰ পিছতো একমাত্র ছাত্র ছাত্রীৰ মাজত কিতাপ পঢ়াৰ এটি অভ্যাস গঢ়ি তোলাৰ আশাৰে তেওঁ এই পুঁথিভৰাল স্থাপন কৰে।
![]() |
শিশু সকললৈ উপহাৰ গ্ৰন্থ |
আজিৰ অনুষ্ঠানত উক্ত পুঁথিভৰাললৈ ধুবুৰী বুক ক্লাৱৰ জন্মদাত্রী পাৰভিন চুলতানা আৰু জুঁই দাসে বহু শিশু উপযোগী গ্রন্থ উপহাৰ দিয়ে। ভাষণৰ প্রসংগত বিশিষ্ট লেখিকা পাৰভিন চুলতানা আৰু সমাজ সেৱিকা জুঁই দাসে কুঁহিপাত পুথিভৰালৰ জৰিয়তে এক গ্রন্থ আন্দোলনৰ সূচনা কৰাত সকলো ৰাইজৰ সহযোগিতা বিচাৰিছে। বিদ্যালয়খনৰ প্রধান শিক্ষক মণিৰুদ্দীন আহমেদে ছাত্র ছাত্রী সকলৰ মাজত বিভিন্ন খেল ধেমালীৰ বঁটাসমূহ বিতৰণ কৰা এই অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আমিৰ আলী আৰু স্থানীয় সমাজ কর্মী হানিফ আলীৰ লগতে বহুতে স্থানীয় বিশিষ্ট ব্যক্তিয়ে ভাষণ প্রদান কৰে। ইলশামাৰীৰ দৰে অতি পিছ পৰা চৰাঞ্চলত সূচনা হোৱা এই অনুষ্ঠানক সকলোৱে আদৰণী জনাইছে।
No comments:
Post a Comment