যুক্তিবাদী ছহীদ জিওৰ্ডানো ব্ৰুনোৰ হত্যাৰ দিনটোত যোৱাবছৰৰ দৰে এইবছৰো ‘যুক্তি বিকাশ সমিতি, অসম’ আৰু ‘মুক্ত চিন্তা’ ই অহা ইং ১৭ ফেব্ৰুৱাৰী ২০১৯, তাৰিখে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাটৰ মুক্তি যুঁজাৰু ভৱনত “যুক্তি দিৱস” উদ্যাপন কৰিবলৈ লৈছে। পুৱা ৯ -৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানত থাকিব তিনিটা বক্তৃতা, ক্ৰমে ড০ অতনু কুমাৰ দত্তৰ “যুক্তিৰ পোহৰত বাস্তুশাস্ত্ৰ”, অৰূপা পটংগীয়া কলিতাৰ “ধৰ্ম, নাৰী আৰু সাহিত্য” আৰু সমুদ্ৰ কাজল শইকীয়াৰ “অসমৰ সংগীত: ধাৰ্মিক, চেকুলাৰ আৰু ব্যক্তি”।
লগতে থাকিব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুক্তিবাদী সংগঠনৰ সদস্যসকলৰ মাজত আন্তৰিক মত-বিনিময় অনুষ্ঠান, প্ৰগতিশীল গ্ৰন্থৰ বিপনী, সাংস্কৃতিক অনুষ্ঠান ইত্যাদি। উল্লেখযোগ্য যে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি “সাম্প্ৰতিক সময়ত যুক্তিবাদী আন্দোলনৰ প্ৰাসংগিকতা: সমস্যা আৰু সম্ভাৱনা” (Relevance of rationalist movements in contemporary times: problems and possibilities) শীৰ্ষক এখনি প্ৰবন্ধ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে।
প্ৰতিযোগিতাখন সকলো বয়সৰ লিখকৰ বাবেই খোলা থাকিব। ১৫০০ শব্দৰ ভিতৰত ইংৰাজী বা অসমীয়া ভাষাত লিখা প্ৰবন্ধ barnalibaruahdas@gmail.com বা ৯৭০৬৪৮২০৬০ ৱাটচ এপ নাম্বাৰলৈ অহা ১০ ফেব্ৰুৱাৰী বা তাৰ আগতে পোৱাকৈ প্ৰেৰণ কৰিবলৈ আয়োজকমণ্ডলীৰ তৰফৰ পৰা অনুৰোধ জনাইছে। লগতে উক্ত সভাৰ সকলো কাৰ্যসূচীতে উপস্থিত থাকি অনুষ্ঠান সাফল্যমণ্ডিত কৰিবলৈ আয়োজকবৃন্দই সাদৰেৰে আহ্বান জনাইছে।
যিকোনো ভাল খবৰ প্ৰকাশৰ বাবে পঠোৱাৰ ইমেইলঃ xukhdukh@gmail.com হোৱাটচএপঃ 9127283467
No comments:
Post a Comment