তাজাখবৰঃ "দেশৰ বৰ্তমান অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ" বিষয়ত ১০ ফেব্ৰুৱাৰীত গুৱাহাটীত প্ৰাক্তন বিত্তমন্ত্ৰী যশৱন্ত সিঙৰ বক্তৃতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ  "দেশৰ বৰ্তমান অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ" বিষয়ত ১০ ফেব্ৰুৱাৰীত গুৱাহাটীত প্ৰাক্তন বিত্তমন্ত্ৰী যশৱন্ত সিঙৰ বক্তৃতা

তাজাখবৰঃ "দেশৰ বৰ্তমান অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ" বিষয়ত ১০ ফেব্ৰুৱাৰীত গুৱাহাটীত প্ৰাক্তন বিত্তমন্ত্ৰী যশৱন্ত সিঙৰ বক্তৃতা

Share This
"দেশৰ বৰ্তমান অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ" সম্পৰ্কত এক বক্তৃতানুষ্ঠানত ভাষণ দিবলৈ বাজপেয়ীৰ বিত্তমন্ত্ৰী যশৱন্ত সিনহা আহিব গুৱাহাটীলৈ পৰহিলৈ। এই আয়োজনক লৈ অসম নাগৰিক সমাজে প্ৰকাশ কৰা বিজ্ঞপ্তিৰ পূৰ্ণ পাঠ তলত দিয়া হ'ল-
"আমাৰ দেশ  আজি এক ভয়াবহ সংকটৰ সন্মুখীন হৈছে৷ কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰে সকলো নীতি-নিয়ম জলাঞ্জলি দি,  স্বৈৰতান্ত্ৰিকভাবে কেৱল দলীয় স্বাৰ্থত দেশৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহ ব্যৱহাৰ কৰি, সেইবোৰক দলৰে অংগ কৰি ল’ব বিচাৰিছে৷ চৰকাৰ আৰু দলৰ মাজত পাৰ্থক্য নোহোৱা কৰি দেশৰ সাংবিধানিক গণতন্ত্ৰ বিপন্ন কৰি তুলিছে৷ চৰকাৰৰ বিভাজনবাদী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপে ভাৰতৰ ঐক্য সংহতিৰ প্ৰতিয়ে এক ভাবুকি সৃষ্টি কৰিছে৷ যিকোনো প্ৰকাৰে নিৰ্বাচনত জয়ী হ’বলৈ মানুহক জাতি, ধৰ্মৰ নামত ভাগ ভাগ কৰা হৈছে৷ জনসাধাৰণৰ অধিকাৰ ভৰিৰে মোহাৰি নানা ধৰণৰ উপঢৌকন আৰু টোপ দি ভোট কিনাৰ ৰাজনীতিত চৰকাৰখন ব্যস্ত হৈ পৰিছে৷ চৰকাৰৰ অদূৰদৰ্শী অৰ্থনৈতিক নীতিৰ বাবে লাখ লাখ লোকে জীৱিকা হেৰুৱাব লগা হৈছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক আনি এই চৰকাৰখনে অসমত আমাৰ ওপৰত এটা আন্দোলনেই জাপি দিয়া নাই, দেশৰ সংবিধানখনৰ মৌলিক কাঠামোটোলৈ এক বিপদ মাতি আনিছে৷ এই কথাবোৰ ফঁহিয়াই জনসাধাৰণৰ আগত দাঙি ধৰাটো অতি জৰুৰী হৈ পৰিছে৷ সেয়ে, সকলো দেশপ্ৰেমিক আৰু ধৰ্মনিৰপেক্ষ ব্যক্তি একগোট হৈ এই চৰকাৰখনৰ বিৰুদ্ধে এক প্ৰবল জনমত গঢ়ি তোলাটো সাম্প্ৰতিক সময়ৰ আহ্বান৷ এই  বিষয়ে  জনসাধাৰণক সজাগ কৰিবলৈ আৰু জনসাধাৰণৰ সকলো অংশৰ ঐক্যৰ ভিত্তিত সাংবিধানিক গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষ মূল্যবোধসমূহ তুলি ধৰিবলৈ 'অসম নাগৰিক সমাজ'ৰ উদ্যোগত অহা ১০ ফেব্ৰুৱাৰীৰ দিনা দেওবাৰে গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত পুৱা ১০:৩০ বজাত "দেশৰ বৰ্তমান অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ" শীৰ্ষক এটি বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে৷ বক্তৃতা প্ৰদান কৰিব অটল বিহাৰী ৱাজপেয়ীৰ ঘনিষ্ঠ সহযোগী, তেওঁৰ মন্ত্ৰীসভাৰ বিত্ত মন্ত্ৰী আৰু বৰ্তমানৰ চৰকাৰৰ জনবিৰোধী নীতিৰ কঠোৰ সমালচক শ্ৰীযুত যশৱন্ত সিনহাদেৱে ৷ এই বক্তৃতানুষ্ঠানটিত উপস্থিত থাকিবলৈ আপোনাক/আপোনালোকক অনুৰোধ জনালোঁ৷

অসম নাগৰিক সমাজৰ হৈ 

নীলমণি ফুকন, নিৰূপমা বৰগোহাঞি, হীৰেন গোহাঁই, লক্ষ্মীনন্দন বৰা, ইমৰাণ শ্বাহ, অনিল কুমাৰ গোস্বামী, অনিমা গুহ, সুদক্ষিণা শৰ্মা, হৰেকৃষ্ণ ডেকা, কুলেন্দু পাঠক, গজেন তালুকদাৰ, অমৰজ্যোতি চৌধুৰী, মদন শৰ্মা, কুলদা কুমাৰ ভট্টাচাৰ্য্য, তুলতুল বৰুৱা, লক্ষ্মী গোস্বামী, নিপন গোস্বামী, দিলীপ  হাজৰিকা, চন্দ্ৰ কান্ত দাস, চন্দ্ৰমোহন শৰ্মা, অজিত কুমাৰ ভূঞা, নুৰুল হক, তোষপ্ৰভা কলিতা, হাচিবুৰ ৰহমান, পুলক গগৈ, অপূৰ্ব শৰ্মা, অপূৰ্ব কুমাৰ বৰুৱা, সত্যেন্দ্ৰ প্ৰসাদ ডেকা, অনুৰাধা দত্ত, মনোৰমা শৰ্মা, ধীৰেন্দ্ৰনাথ শইকীয়া, দুলাল চন্দ্ৰ গোস্বামী, হাইদৰ হুছেইন, চফিউৰ ৰহমান শইকীয়া, হাৰুণ উৰ ৰহমান, ইন্দিবৰ দেউৰী, প্ৰবীণ চন্দ্ৰ দাস, সন্ধ্যা গোস্বামী, লোকনাথ গোস্বামী, নিত্য বৰা, প্ৰদীপ বৰুৱা, প্ৰশান্ত ৰাজগুৰু, তৌফিক ৰহমান বৰবৰা, শান্তিকাম হাজৰিকা, অৰূপা পটংগীয়া কলিতা, মণীষা বেহেল, উদয়াদিত্য ভৰালী, বিমল ফুকন, জ্যোতিপ্ৰসাদ শইকীয়া, ৰজনীকান্ত দাস বিজন চন্দ্ৰ দাস, দ্বিজেন্দ্ৰ নাথ ভট্টাচাৰ্য্য, , দেবেন তামুলী, মুনীন বায়ন, ৰণেন কুমাৰ গোস্বামী, অদীপ কুমাৰ ফুকন, লাচিত বৰদলৈ, কীৰ্তি কমল ভূঞা, অনন্ত কলিতা, আবু নাচাৰ চঈদ আহমেদ, লক্ষীনাথ তামুলী, ৰমেশ চন্দ্ৰ কলিতা, প্ৰভাত বৰা, পাৰ্থপ্ৰতীম হাজৰিকা, উদ্ধৱ ভৰালী, ননী বৰপূজাৰী,  গিৰিপদ দেৱচৌধুৰী, প্ৰণৱ স্বৰূপ নেওগ, শংকৰ লাল গোৱেংকা, গংগাপদ দেৱচৌধুৰী, জীৱন চন্দ্ৰ দত্তবৰুৱা, উদ্ধৱ কাকতি, আব্দুল মান্নান, হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, সুজিত চক্ৰৱৰ্তী, জয়শ্ৰী বৰা, হলিৰাম টেৰাং, দেৱব্ৰত দাস, সমীৰ তাঁতী, নেকিবুৰ জামান, নৱনীল বৰুৱা, ফাদাৰ জি পি অমলৰাজ, অৰূপ বৰবৰা, মেলভিল পেৰেইৰা, ৰাজেন কলিতা, আমিনুল হক, আদিল উল য়াচিন, কল্পনা দুৱৰা, অজিত তালুকদাৰ, মায়া বৰুৱা, ৰবীন বৰঠাকুৰ, ৰেভাৰেন্দ বেনাৰ্দ মাৰাক, এ চি ব্ৰুক, মহেন্দ্ৰ আহোম, পাৰ্থজিৎ বৰুৱা, জ্ঞানেন বৰকাকতী, কৌস্তভ মণি শইকীয়া, ইন্দ্ৰানী দত্ত, নিৰূপা পটংগীয়া শইকীয়া,  ব্ৰজেন মহন্ত, শিবানন্দ কাকতি, কমলেশ গুপ্ত, পৰেশ মালাকাৰ, ময়ুৰ বৰা, মনোৰম গগৈ, মনজিৎ মহন্ত, অখিল ৰঞ্জন দত্ত, তালিবুৰ ৰহমান, মাচুম আৰা বেগম, ইনামুৰ ৰহমান, দেৱকান্ত সন্দিকৈ, মনোজ বৰপূজাৰী, খগেন বড়ো,  হৰেশ্বৰ বৰ্মন, শৈলেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ৰাজীৱ কুমাৰ ফুকন, অজিত বৰদলৈ, শান্তনু বৰঠাকুৰ, কুমুদ ৰঞ্জন দাস, চন্দন কুমাৰ শৰ্মা, সুপ্ৰকাশ তালুকদাৰ, ইছ্ফাকুৰ ৰহমান, ৰূপলেখা বৰগোহাঞি, এম জি হাজৰিকা, ভূপেন্দ্ৰ শইকীয়া, নৰেন পাটগিৰি, অমৰেন্দ্ৰ কলিতা, জয়দীপ বৰুৱা, আম্ৰপালি বসুমতাৰী, এ কে গ'ল্ডস্মিথ, ৰাণী গোহাঁই, জুনু বৰা, সুমিত্ৰা হাজৰিকা, মাইনী মহন্ত, সুপৰ্ণা লাহিড়ী বৰুৱা, ৰূপালীম দত্ত, জোনমণি দেৱী খাউণ্ড, বনদীপ দত্ত, বৈকুণ্ঠ দাস, মুছাদ্দিক ৰহমান, নজিবুদ্দিন আহমেদ, আব্দুল আহাদ, ৰ'দালি চেতিয়া, শংকৰ শইকীয়া, উজ্জ্বল ভৌমিক, উদয়ন বিশ্বাস, কন্দৰ্প দাস, জয়ন্ত কৃষ্ণ শৰ্মা,  ৰাজীৱ সন্দিকৈ, আৰুণি কাশ্যপ, পুৰন্দৰ গোহাঁই, অজিত কুমাৰ পটংগীয়া, বংশীধৰ বেজবৰুৱা, সিদ্ধেশ্বৰ দাস, ভবেন সন্দিকৈ, কমল শইকীয়া, জীৱন নৰহ, অৰিন্দম বৰকটকী, বীৰেন ডেকা, ভবেন্দ্ৰ কুমাৰ কলিতা, বন্তি শেনছোৱা, মাচুমা ওৱাছিফ, জুলী, ঈলতাফ হুছেইন হাজৰিকা, মৃনাল বৰা, পৰমানন্দ মজুমদাৰ, ৰিপুঞ্জয় গগৈ, দুদুলমণি শৰ্মা, ৰত্না ভৰালী তালুকদাৰ, অন্বেষা বৰঠাকুৰ, বুবুমণি গোস্বামী, নেচিমুল মজিদ, ঋষিৰাজ শৰ্মা, মছদ্দৰ হুছেইন, ৰীমা বৰা, ৰশ্মিৰেখা বৰা, চেমুৱেল চাংমা, ৰাজীৱ ভট্টাচাৰ্য্য, নয়নজ্যোতি ভূঞা, মৃগাংক মধুকল্য,  আৰমান আলী, জমশ্বেৰ আলী, গজেন কলিতা, সঞ্জীৱ পল ডেকা, সঞ্জীত কুমাৰ বৰদলৈ, প্ৰমোদ মহন্ত, প্ৰমোদ বৰুৱা, দিব্যজ্যোতি শৰ্মা, দুৰ্লভ বৰা,  নিৰঞ্জন মহন্ত, যুগল খাৰঘৰীয়া, নিবেদিতা ফুকন, কিশোৰী মোহন শৰ্মা, আল্পনা বৰগোঁহাই, বিনায়ক দত্ত, দীপাঞ্জলি বৰুৱা,  উৎপল শৰ্মা, চাহিদুল মজিদ (কাজু), আবিদ আজাদ, দীপ চৌধুৰী, হেমন্ত কুমাৰ দাস, অমৰদীপ গগৈ, ধ্ৰুৱজ্যোতি বৰদলৈ, পৰশমণি হাজৰিকা, সমীৰজ্যোতি বৈশ্য, নৱ কুমাৰ নাথ, চন্দন ডেকা, ত্ৰিদীপ দত্ত, প্ৰণৱ বৰুৱা, পংকজ কুমাৰ নাথ,  মহ: জাকিৰ উল্লা, সুৰজিৎ চলিহা, মনোৰম তুমুং, জয়ন্ত গগৈ, স্বপন সিংহ, জাভেদ ৰহমান, ৰশ্মি দত্ত, নীল শৰ্মা, কনক শৰ্মা,প্ৰবীণ কুমাৰ নেওগ,  মিনু ভট্টাচাৰ্য্য, দিলীপ দাস, চৈয়দা মছফিকা বেগম, দ্বীপেন ৰাজকোঁৱৰ, আজিজুৰ ৰহমান, দ্বিজেন বৰ্মন, টিনট আটিফা মাছুদ, অভিনিবেশ শৰ্মা, ব্ৰজেন ডেকা, অৰ্চনা ভট্টাচাৰ্য্য, দেৱাঞ্জন বৰঠাকুৰ, মুনমী পাঠক, দেৱব্ৰত গগৈ,  সমিক্ষ দাস, ৰাজীৱ ভট্টাচাৰ্য্য, অনুৰিতা পাঠক, নীলাঞ্জু দত্ত, মাধৱী দেৱী, অনুপ বৰুৱা, জলদ বৰণ মহন্ত, কৃষ্ণপদ দাস, মৃনাল বৰা, অনিল কুমাৰ চৌধুৰী, ৰেকিবুদ্দিন আহমেদ, মনোজ ৰয়, জুপিতৰা বসুমতাৰী, দেবাংগ সৌৰভ গগৈ, ৰাজু মণ্ডল, সমুদ্ৰ কাজল শইকীয়া, ৰাছেল হুছেইন, কৌশিক তালুকদাৰ, নিৰংকুশ নাথ, ৰঞ্জিৎ কুমাৰ মিশ্ৰ, যতীন চন্দ্ৰ দাস, সন্দীপন তালুকদাৰ, ভায়লেট নাজিৰ টিৱাৰী, অৰূপ ডেকা, ৰফিকুল ইছলাম, ৰেজাউল কৰিম, মইনুল হক, বদৰুল ইছলাম, অম্বৰ দাস, ময়ুৰী ৰাজবৰুৱা, আইনুদ্দিন আহমেদ, নিদৰ্শনা ডেকা, অজয়লাল দত্ত, প্ৰতীম প্ৰতাপ বৰুৱা, পঞ্চানন হাজৰিকা, অভিনৱ বৰবৰা, আবু জাহান বুলবুলি, হাফিজ আহমেদ, কল্যাণ বুঢ়াগোহাঁই, মুছাদ্দিকুৰ ৰহমান, ত্ৰিনয়ন বৰুৱা, মফিদা আহমেদ, বিতোপন শইকীয়া, ৰঞ্জন উপাধ্যায়, দীপজ্যোতি দাস, দীপজ্যোতি গগৈ, সৌৰভ শইকীয়া, সুব্ৰত তালুকদাৰ, মুন তালুকদাৰ, বিশালদীপ কাকতি, চফিকুৰ ৰহমান, মুন্না আহমেদ, কৃষ্ণ গগৈ, মমতাজ বেগম, চাবেদ ভূঞা, কামাল আজাদ, আৰতি গোস্বামী, মাধৱী ডেকা, চাদিউৰ ৰহমান, চিত্তৰঞ্জন ডেকা, প্ৰভাত দাস, দ্বিজেন দাস, জেহিৰুল ইছলাম, স্তুতি বাৰুকিয়াল, তপন কুমাৰ হাজৰিকা, জ্যোতিকা বৰুৱা, বনমল্লিকা চৌধুৰী আৰু ৰিতুৰঞ্জন দাস৷"

No comments:

Post a Comment