এয়া প্ৰকৃততে মুদ্ৰাকৰণ নে বিমুদ্ৰাকৰণ
এই সাময়িক মুদ্ৰাবিহীনতাই যদি এক দীৰ্ঘকালীন মুদ্ৰাবিহীন অৰ্থনীতিৰ পোষকতা কৰে, তেন্তে এয়া বিমুদ্ৰাকৰণ নহয়, মুদ্ৰাকৰণহে (Monetization)। কাৰণ, কেৱল বিনিময়ত মুদ্ৰাৰ ব্যৱহাৰেই মুদ্ৰাকৰণ নহয়, বৰঞ্চ, দেশৰ যিকোনো অৰ্থনৈতিক কাৰ্যকলাপ বিত্তীয় ব্যৱস্থাৰ (Monetary System) অন্তৰ্ভূক্ত কৰাটোহে মুদ্ৰাকৰণ (Monetization) । বেংক প্ৰণালীৰ জৰিয়তে হোৱা ধনৰ গুণন (Money multiplication) অৰ্থনীতিৰ উৎপাদনক্ষম শক্তিবোৰৰ দ্বাৰা প্ৰকৃতাৰ্থত নিৰ্ণিত হব লাগিব । তেনেস্থলত, উন্নয়নশীল অৰ্থনীতিত ৰাজকোষীয় নীতিসমুহক (Fiscal Policies) মুদ্ৰাকৰণ অভিযানৰ পৰিপূৰক কৰি তোলাটো অসংগঠিত খণ্ডৰ বাবে অতি গুৰুত্বপূৰ্ণ হব ।
সাধাৰণভাৱে কবলৈ গ'লে, শাসকীয় উৎপীড়ণত সৃষ্টি হোৱা আধিক্য হল সামন্তীয় ধন আৰু উৎপাদকতাৰে হোৱা আধিক্য পুঁজিৰ বিকাশ। বাস্তৱিকতে বহুবিতৰ্কিত পুঁজিবাদী বিকাশৰ ঐতিহাসিক সন্ধিক্ষণত কেৱল ভাড়া-সন্ধানী হৈ পৰা সামন্তীয় ধন আৰু উৎপাদকতা-সমৃদ্ধ পুঁজিৰ সমকালীন উপস্থিতিত সেই উৎপীড়নৰ অৱশেষ বিদ্যমান হৈয়ে থাকিল । সমসাময়িক উন্নয়নশীল মানৱ সমাজৰ আন্তঃগাঁথনিমূলক বৈশিষ্ট হল এনে ঐতিহাসিক যুগসন্ধিৰে ৰূপৰেখা । এই বিবৰ্তনত অনুসাঙ্গিক ৰাজনৈতিক প্ৰক্ৰিয়াই পৰিবৰ্তিত আৰ্থসামাজিক সম্পৰ্কবিলাকৰ বৈধতা প্ৰতিষ্ঠিত কৰে । ভাৰতৰ দৰে পূৰ্বৰ ঔপনিৱেশিক ৰাষ্ট্ৰবিলাকত দীৰ্ঘদিনীয়া ঔপনিৱেশিক অৰ্থনীতিয়ে এই বিবৰ্তনলৈ নিশ্চিতভাৱে বিভ্ৰান্তি কঢ়িয়াই আনে ।
ধন আৰু মুদ্ৰাৰ ক্ষেত্ৰতো আমূল পৰিৱৰ্তন আহে - কেৱল বিনিময়ৰ মাধ্যম হিচাবে হোৱা একালৰ মুদ্ৰাৰ প্ৰচলনৰ পৰা উন্নিত হৈ বেংক ব্যৱস্থাৰ মাধ্যমেৰে সৃষ্টি কৰা ধনে ৰাজকোষীয় ব্যৱস্থাৰ (Fiscal System) পৰিধিৰ ভিতৰত সকলোবিলাক অৰ্থনৈতিক কাৰ্যকলাপৰে মুল্যায়ন কৰিবলৈ সমৰ্থবান হৈ পৰে। বেংক প্ৰণালীৰ পৰা অবৈধভাৱে বহু মুদ্ৰা সৰকি যোৱাৰ পাছতো ভাৰতবৰ্ষত বৰ্তমান মুঠ ৰাষ্ট্ৰীয় উৎপাদনৰ ১২ শতাংশহে মুদ্ৰা হিচাবে প্ৰচলিত হৈ থকাটোৱে ধন গুণন প্ৰক্ৰিয়াৰ বাহুল্যতাৰ সম্ভেদ দিয়ে। তেনেকৈ বিত্তীয় ব্যৱস্থাই (Monetary System)উদ্যোগিক বিনিয়োগৰ আচল মুনাফাৰ সৈতে প্ৰতিযোগীতাত অৱতীৰ্ণ হৈ উদ্যোগিক উৎপাদনৰ প্ৰকৃত মূল্যায়নৰ লক্ষ আগত ৰাখে। আচলতে ৰাজকোষীয় ব্যৱস্থা হল বিত্তীয় আৰু আচল অৰ্থনীতিৰ (Real Economy) একমাত্ৰ যোগসূত্ৰ । আৰু, উন্নয়নশীল অৰ্থনীতিত যেতিয়া আৰ্থ-সামাজিক শক্তিবিলাক সামন্তীয় সম্পত্তিৰ (Feudal wealth)অৱশেষ আৰু পুঁজিৰ সহাৱস্থানৰ পৰিনামস্বৰুপ হয়, ৰাজকোষীয় ব্যৱস্থা মুদ্ৰা সৰকাই নিয়াৰ মাধ্যম হিচাবে ব্যৱহৃত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠে ।
এনেদৰে সৰকি যোৱা সীমান্ত ধন (Marginal Money) হল জনপ্ৰিয় ক'লাধন আৰু বিভিন্ন সমীক্ষা মতে, ই ভাৰতৰ মুঠ ৰাষ্ট্ৰীয় আয়ৰ ৩০-৭০ শতাংশ পৰ্যন্ত ব্যাপক এটা সমান্তৰাল অৰ্থনীতিৰ সৃষ্টি কৰে। স্বাধীনোত্তৰ ভাৰতবৰ্ষত ক'লাধন সৃষ্টিৰ প্ৰক্ৰিয়া ঐতিহাসিক । এই প্ৰক্ৰিয়া গনতন্ত্ৰৰ সুৰক্ষিত কবচ পিন্ধি নব্য সামন্তীয় ৰূপে অৱতাৰী প্ৰভূসকলৰ কৃপাত বাহাল ৰখা ব্ৰিটিচ প্ৰশাসনৰ সংস্কাৰবিমুখ সংস্কৰণ আৰু তাৰ লগে লগে পুঁজিৰ বিকাশৰ ক্ষেত্ৰত অহা আমোলাতান্ত্ৰিক প্ৰশাসনীয় অন্তৰায়ৰ সৌজন্যত আৰম্ভ হৈছিল । বৈধ ৰাশিৰ অবৈধ আদান-প্ৰদানতেই ক'লাধনৰ সৃষ্টি হয় । ইয়াৰ মূল উৎসই হ'ল ৰাজহুৱা ধনৰ আত্মঃসাৎ। স্বাধীনতাৰ পিছৰ পৰাই চৰকাৰৰ জনপ্ৰিয় আঁচনি(Populist policies) বা প্ৰকল্পবিলাকৰ নামত আমোলাসকলৰ মাধ্যমেৰে এই আত্মঃসাৎ চলি আহিছে। তাৰোপৰি, চৰকাৰৰ বিভিন্ন বিভাগীয় সেৱাবিলাকৰ পৰিকল্পিত অনিয়মৰ বা প্ৰয়োজনীয় সংস্কাৰৰ অভাৱৰ সুবিধা লৈ আমোলাসকলে সামন্তীয় কৰ হিচাবে সংগ্ৰহ কৰা উপঢৌকনবোৰ প্ৰত্যক্ষভাৱে ৰাজহুৱা পুঁজিৰ লুট নহলেও এক বৃহৎ অংশ মানুহৰ বৈধ উপাৰ্জন । তেনেকৈ, সেৱা শুল্ক আৰু ৰাজহ কৰ ফাঁকি দিয়াৰ বাবে কৰা অবৈধ আদান-প্ৰদানবোৰও ক'লাধনৰ আন এক বৃহৎ উৎস ।এনে বহু পৰিকল্পিত আদান-প্ৰদানত সৃষ্টি হোৱা ক'লাধনবোৰ মূলতঃ মূদ্ৰাৰ ৰূপত সংগ্ৰহ হলেও, অন্য ভৌতিক বা অভৌতিক সম্পত্তিলৈ পৰিৱৰ্তন আৰু বেংক ব্যৱস্থাই নিষ্ক্ৰিয়ভাৱেই কৰা প্ৰচলিত ক'লাধনৰ গুণনৰ বাবে আচল ক'লাধনৰ পৰিমান সৰকি যোৱা মুদ্ৰাতকৈ বহুত বেছি । সৰ্বশেষত ক'লাধনৰ এক তেনেই সৰু অংশ মুদ্ৰা বা নোট হিচাবে জমা হৈ থাকে যিটো ভাৰতীয় অৰ্থনীতিত মুঠ ৰাষ্ট্ৰীয় আয়ৰ মাত্ৰ ২-৫ শতাংশ । চৰকাৰৰ ৫০০ আৰু ১০০০ টকাৰ নোট সলনি কৰাৰ পৰিকল্পনাই ইতিমধ্যে সেই নোট হিচাবে জমা থকা ক'লাধনৰ সম্পূৰ্ণ অংশ মূল্যহীন কৰি পেলাব পৰিবনে ? ক'লাধন বৈধ কৰাৰ সুৰুঙাৰে তাৰ কিছু অংশ বৈধ কৰি পেলালেও, নোট হিচাবে থকা ক'লাধনৰ এক অংশ হ'ব বেংক প্ৰণালীলৈ ঘূৰি নহা সেই নোটবোৰ, যিটো ৩১ ডিচেম্বৰ ২০১৭ লৈকে গম পোৱা যাব।
উপৰোক্ত আদান-প্ৰদানবোৰৰ পৰা ক'লাধনৰ উৎসবোৰৰ নিৰ্মূল অবিহনে নতুন নোটেৰেও পুনৰ ক'লাধন জমা হ'ব পাৰে । ইতিমধ্যে সামন্তীয় সম্পৰ্কৰ আধুনিক সংস্কৰণ হিচাবে ৰাজনৈতিকভাৱে সংগঠিত আৰু দেশৰ নীতি-নিৰ্দেশাৱলী প্ৰৱৰ্তকৰ পৰা প্ৰশাসন যন্ত্ৰৰ নিম্নস্তৰলৈকে সম্প্ৰসাৰিত হোৱা ৰাজকোষীয় ধন প্ৰবাহে উৎপাদকতাৰ ওপৰত মাধমাৰ সোধাই বহু-প্ৰ্ত্যাশিত সংকল্পবোৰ ধূলিসাৎ কৰে । প্ৰধানকৈ ৰাজহুৱা আঁচনি ৰুপায়নৰ ক্ষেত্ৰত সংস্কাৰমূলক ব্যৱস্থা লাগিব । সেয়ে ক'লাধন সৃষ্টিৰ ঐতিহাসিক প্ৰক্ৰিয়াক প্ৰতিহত কৰিবলৈ ৰাজহুৱা ব্যয়ৰ মুদ্ৰাকৰণ অতি মহত্বপূৰ্ণ পদক্ষেপ হব । প্ৰশাসনীয় সংস্কাৰেই হ'ল দুৰ্নীতি নিৰাময়ৰ ক্ষেত্ৰত একমাত্ৰ পদক্ষেপ আৰু আধুনিক তথ্য-প্ৰযুক্তিয়ে ইয়াত সহায় কৰিব। মুদ্ৰাৰ ব্যৱহাৰৰ সীমিতকৰণে সেৱা শুল্ক আৰু ৰাজহ কৰ ফাঁকিৰ বাবে হোৱা ক'লাধন সৃষ্টি বাধা দিব পাৰিব ।
উন্নয়নশীল অৰ্থনীতিত বাস্তৱিক অৰ্থনৈতিক উদ্যোগ আৰু তাৰ মুদ্ৰাকৰণৰ মাজত অন্তৰাল অৱশ্যাৱম্বী। তেনেদৰে অৰ্থনীতিত ক'লাধনেৰে বা দুৰ্নীতিৰ ধনেৰে হোৱা প্ৰত্যক্ষ উপভোগেও (Conspicuous Consumption) দীৰ্ঘদিন ধৰি কৃত্ৰিমভাৱে ঔদ্যোগিক চাহিদা বঢ়াব পাৰে । আকৌ অচল সম্পত্তি (Real Estate), সোণ আৰু অনিয়মিত খণ্ডত এক বুজন অংশৰ লেন-দেন কেৱল মুদ্ৰাৰ দ্বাৰা হয় আৰু ফলস্বৰুপে মুদ্ৰাকৰণে সাময়িকভাৱে হলেও এই অৰ্থনৈতিক উদ্যোগবোৰক নিৰুৎসাহ কৰি বিনিয়োগৰ গতি মন্থৰ কৰিব পাৰে। মুদ্ৰাৰ মাধ্যমত হোৱা লেন-দেন অচল সম্পত্তি আৰু সোণৰ ক্ষেত্ৰত প্ৰায়ে সন্দেহজনক, কিন্তু অনিয়মিত খণ্ডৰ বাবে ই জীৱনৰেখা। ভাৰতৰ মুঠ জনসংখ্যাৰ এক বৃহৎ অংশ পোনপটীয়াকৈ জড়িত হৈ থকা কুটিৰ বা লঘূ উদ্যোগবিলাক আৰু অন্য অনিয়মিত খণ্ডবোৰ মুদ্ৰাৰ বিনিময়তে চলি আহিছে । গতিকে এই উদ্যোগবোৰৰ মুদ্ৰাকৰণৰ বাবে ৰাজকোষীয় ব্যৱস্থাৰ প্ৰয়োজন হব যাতে এই খণ্ডবোৰৰ আৰু সামগ্ৰিক উদ্যোগিক চাহিদাৰ ওপৰত বিৰূপ প্ৰভাৱ নপৰে ।
এক ঔদ্যোগিক পুঁজিবাদী অৰ্থনীতিত বিত্তীয় ব্যৱস্থাৰ গুৰুত্ব অনস্বীকাৰ্য । মুদ্ৰাকৰণে অৰ্থনৈতিক উদ্যোগ কেৱল বৈধ ধনৰ লেন-দেনলৈ সীমাবদ্ধ কৰি অৰ্থনীতিৰ অসংগঠিত উদ্যোগৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰে । তেনেকৈ এক ব্যাপকভাৱে প্ৰভাৱশীল বিত্তীয় অৰ্থনীতিয়ে ৰাজকোষীয় ধন (Fiscal Money) সৃষ্টিৰ প্ৰক্ৰিয়া অনুপযোগী কৰি পেলাব পাৰে কাৰণ মানৱীয় বাহ্যিকতাৰ আভ্যন্তৰিনকৰণ কেৱল ৰাজকোষীয় নীতিৰেহে সম্ভৱ - যি অৰ্থনীতিৰ সামগ্ৰিক আৰু জনমূৰি উৎপাদনৰ স্তৰ আৰু ভৱিষ্যত পৰিকল্পনাৰ ওপৰত প্ৰতিষ্ঠিত । সেয়ে পৰিৱৰ্তিত অৰ্থনীতিৰ সন্ধিক্ষনত বিকাশৰ বাটত সামাজিক আৰু বিত্তীয় প্ৰক্ৰিয়াৰ মাজত সংঘাত বিদ্যমান হৈ পৰে ।
ভাৰতবৰ্ষৰ ৰাজকোষীয় আৰু বিত্তীয় নীতিৰ সন্মিলিত ইতিহাসে এক উন্নয়নশীল অৰ্থনীতিৰ ব্যাপকতাৰ আভাস দিয়ে। এসময়ৰ ৰাজকোষীয় নীতিৰ ফলস্বৰুপে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা ধন সৃষ্টিৰ যোগেদি ৰাজকোষীয় ঘাটিৰ বিত্তীয়ন (Deficit Financing) হৈছিল যিটো ১৯৯৭ চনৰ পৰা সম্পূৰ্ণকৈ সমাপ্ত কৰা হল আৰু ২০০৩ চনৰ ৰাজকোষীয় দায়বদ্ধতা আৰু বাজেট সঞ্চালন আইনৰ (Fiscal Responsibility and Budget Management Act 2003) যোগেদি অতিৰিক্ত সংস্কাৰ কৰা হয় ।তাৰ পাছৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকে কৰ্ম-নীতি সলনি কৰি চৰকাৰী ঋণৰ অনুকুলে ঘৰুৱা মুদ্ৰা বজাৰত যথোচিত তৰলতা সুনিশ্চিত কৰাত গুৰুত্ব দিয়ে। আকৌ জনপ্ৰিয় অৰ্থনীতিৰ (Populist Economy) অধিক ৰাজহুৱা ঋণে বিত্তীয় নীতিৰ ক্ষেত্ৰত বাধা আনি দিয়ে আৰু দীৰ্ঘকালীন বিকাশৰ বাটত নেতিবাচক প্ৰভাৱ পেলায়। সেয়ে বহু উন্নয়নশীল অৰ্থনীতিয়ে বিধিবদ্ধ ৰাজকোষীয় পদ্ধতি অৱলম্বন কৰা দেখা যায় আৰু কেন্দ্ৰীয় বেংকৰ পোনপতীয়া ঘাটি বিত্তীয়ন সমাপ্ত কৰাৰ যোগেদি ৰাজকোষীয় প্ৰভূত্বৰ আশংকা লাঘৱ কৰে। তথাপি, নিম্ন ৰাজকোষীয় ঘাটিও নিম্ন মুদ্ৰাস্ফীতিৰ কাৰক আৰু উন্নয়নশীল অৰ্থনীতিত বিনিয়োগৰ ক্ষেত্ৰত কম প্ৰেৰণাদায়ক বুলি গণ্য কৰা হয়।
সম্পূৰ্ণ মুদ্ৰাকৰণেই হব ক'লাধনৰ আশংকাৰ পৰা মুক্ত হোৱাৰ একমাত্ৰ বস্তুনিষ্ঠ পদক্ষেপ আৰু অৰ্থনীতিৰ প্ৰতিটো নিৰ্দিষ্ট সত্বাৰ বিত্তীয় দায়বদ্ধতাৰ অবিবাদিত মাপকাঠি । তথাপি উন্নয়নশীল অৰ্থনীতিৰ ক্ষেত্ৰত, যথোপযুক্ত ৰাজকোষীয় পদক্ষেপৰ অবিহনে দ্ৰুত মুদ্ৰাকৰণে বিত্তীয় ক্ষমতা মুদ্ৰা-চালিত বৃহৎ একচেটিয়া প্ৰতিষ্ঠানৰ পক্ষে অসন্তুলিত কৰিব পাৰে আৰু অসংগঠিত খণ্ডৰ উদ্যমতাক অৱৰোধ কৰিব পাৰে । কিয়নো, মুদ্ৰাকৰণ ক্ষুদ্ৰ উদ্যোগবিলাকক প্ৰতিযোগীতাৰ দৌৰৰ পৰা আঁতৰাই পেলোৱাৰ উপকৰণ হব নোৱাৰে, বৰঞ্চ সংগঠিত কৰাৰ দিশত পদক্ষেপহে হব লগে।
বিত্তীয় ব্যৱস্থাৰ বাহিৰত এক সমান্তৰাল অৰ্থনীতি দুটা পৃথক ঐতিহাসিক কাৰকৰ সৃষ্টি - এটা হ'ল প্ৰশাসনযন্ত্ৰত বিৰাজমান সামন্তীয় অৱশেষ আৰু আনটো সীমান্তৱৰ্তী অসংগঠিত খণ্ডৰ উদ্যম। সেয়ে, মুদ্ৰাকৰণৰ (Monetization) বাবে বেংক সেৱাৰ বিস্তাৰ আৰু তথ্য-প্ৰযুক্তি সমৃদ্ধ মুদ্ৰাবিহীন অৰ্থনীতি হব পূৰ্বচৰ্ত। মুদ্ৰাকৰণে ৰাজহুৱা ধনক বৈধ আৰু প্ৰকৃত ব্যয় ৰাশিলৈ পৰিণত কৰিব লাগিব, কিয়নো ঘাটি বিত্তীয়নও তেতিয়াহে বাস্তৱিক হব, যেতিয়া অৰ্থনীতিৰ পৰা মুদ্ৰা সৰকি যোৱাৰ ৰাস্তাবোৰ বন্ধ কৰিব পৰা যাব ।
No comments:
Post a Comment