সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. বিমুদ্ৰাকৰণৰ পাছত আয়কৰ জৰিমনাৰ নতুন নিৰিখ আদিক সামৰি কঠোৰতৰ নিয়ম সমৃদ্ধ কৰ আইন (দ্বিতীয় সংশোধনী) বিধেয়ক-২০১৬ কালি লোকসভাত গৃহীত হয়।

২. বিজেপিৰ সংসদীয় সমিতিৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে দলৰ সকলো বিধায়ক আৰু সাংসদক এই বৰ্ষৰ বেংকৰ লেনদেনৰ হিচাব এক জানুৱাৰীত সভাপতি অমিত শ্বাহক দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। বিৰোধীৰ অভিযোগৰ বিপৰীতে স্বচ্ছতা প্ৰদৰ্শনৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

৩. উপনিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থী প্ৰদান বৰুৱাই লোকসভাত লখিমপুৰ সমষ্টিৰ সাংসদ ৰূপে অসমীয়া ভাষাতে শপত গ্ৰহণ কৰে। তেখেতে কেন্দ্ৰীয় কৃষিমন্ত্ৰী ৰাধামোহন সিঙৰ সৈতে সাক্ষাতৰ পাছতে ধেমাজিত অচিৰেই কৃষি বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হব সুখবৰ সদৰী কৰে।

৪. ৭০৬গৰাকী ষ্টাফ নাৰ্চক আনুষ্ঠানিকতাৰে কালি অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ প্ৰদান কৰে। অচিৰেই লখিমপুৰ আৰু ধুবুৰীত মেডিকেল কলেজ স্থাপন কৰাৰ লগতে নাৰ্ছ শিক্ষাৰ বাবে বেলেগ সঞ্চালকালয় খোলাৰ বাবেও চৰকাৰে বিবেচনা কৰি থকাৰ কথাও সদৰী কৰে।

৫. অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ তদন্তৰ আওতা বৃদ্ধি পোৱাৰ সুখবৰ। বসন্ত দলেক ১৪দিনলৈ আৰক্ষী জিম্মাত দিয়াৰ লগতে তিনি গৰাকী এচিএছ আৰু এগৰাকী এপিএছকো জেৰা কৰিবলৈ আৰম্ভ কৰাৰ সুখবৰ।

৬. অসমো অচিৰেই নগদ ধনবিহীন ৰাজ্যলৈ ৰূপান্তৰিত হব বুলি অসমৰ উদ্যোগমন্ত্ৰীয়ে ঘোষণা কৰিছে। সকলো ব্যক্তিগত খণ্ড আৰু চৰকাৰী বিভাগত নগদ ধনৰ লেনদেন বন্ধ হব। চেক, ড্ৰাফট আৰু কাৰ্ঢৰ জৰিয়তে লেনদেনৰ সুবিধা অচিৰেই সৰ্বাত্মক ৰূপ দিয়া হব বুলিও কৰিলে ঘোষণা।

৭. অখিল গগৈক জখলাবন্ধাৰ কাজিৰঙাৰ উচ্ছেদ অভিযান সম্পৰ্কীয় দুটা গোচৰত কালি জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।ৰাজনৈতিক প্ৰতিবাদ ৰোধিবলৈকে চৰকাৰে পুৰণি গোচৰত বাৰে বাৰে নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা বুলিও কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগ তুলিছে।

৮. নামভৰ্তিৰ দিনাই গছপুলি ৰোপণ নকৰা ছাত্ৰ-ছাত্ৰীক মেট্ৰিকৰ প্ৰপত্ৰ পূৰণ কৰিবলৈ দিয়া নহব বুলি দদৰাত বিনামূলীয়া চাইকেল বিতৰণৰ সময়ত ঘোষণা কৰিলে অসমৰ শিক্ষামন্ত্ৰীয়ে। অহা ২০২০ চনৰ পৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈকো বিনামূলীয়া পাঠ্যপুথি প্ৰদানৰ ব্যৱস্থা কৰাৰো দিলে আশ্বাস।

৯. পঞ্চায়তৰ মুখিয়াল তথা গাঁও পঞ্চায়তৰ সম্পাদক সকলৰ সামৰ্থ্য বৃ্দ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। অহা ৩০নৱেম্বৰৰ পৰা ২ডিচেম্বৰলৈ দিল্লীত অনুষ্ঠিত হব লগা এই কাৰ্যসূচী কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰীয়ে উদ্বোধন কৰিব।

১০. লখিমপুৰৰ ১২টা চৰকাৰী কাৰ্যালয়ত উপায়ুক্তই দিলে ছাডেন ভিজিট। কামত অকৰ্তৃত্বশীলভাৱে উপস্থিত নথকা ১২০গৰাকী কৰ্মচাৰীৰ এদিনৰ দৰমহা কৰ্তনৰ বাবেও দিলে নিৰ্দেশ।

No comments:

Post a Comment