পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ফিডেল কেষ্ট্ৰ, কিউবাৰ পাৰমাণৱিক সংকটাৱস্থা আৰু ভাচিলি আৰ্খিপভ্‌
প্ৰতিম প্ৰতাপ বৰুৱা
বিশ্বৰ বিপ্লৱী চিন্তাধাৰাৰ অন্যতম যুগপুৰুষ কিউবাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফিডেল কেষ্ট্ৰৰ কালি দেহাৱসান ঘটিছে। বিশ্ব ৰাজনীতিৰ ভিন্ন নেতাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তাৰ বিপৰীতে আমেৰিকাৰ মিয়ামিলৈ দেশান্তৰিত হৈ বসবাস কৰা কিউবান কল'নীত তেওঁৰ মৃত্যুৰ খবৰৰ পাছত স্ব-দেশলৈ ঘূৰি যোৱাৰ ৰাষ্টা মুকলি হোৱাৰ আশাত আনন্দ প্ৰকাশ কৰাও বতৰা আহিছে। দেশ-বিদেশৰ সংবাদ মাধ্যম, সামাজিক গণ-মাধ্যম, নিউজ পৰ্টেল আদিতো এতিয়া মানুহে বিপ্লৱী নেতাৰ পৰা দীৰ্ঘদিনৰ বাবে শাসক হোৱা কেষ্ট্ৰৰ জীৱন-কৰ্মৰ ওপৰত চাৰ্ছ তথা অধ্যয়ন দ্ৰুততৰ হৈছে। চ'ছিয়েল মেডিয়াটো ভিন্ন আলোচনাত কেষ্ট্ৰৰ সংগ্ৰাম, শাসন শৈলী আৰু তেওঁৰ দিনত সৃষ্টি হোৱা সুদিন-দুৰ্দিনৰ কথাও আলোচিত হৈছে।

তাৰ মাজতে এঠাইত পঢ়িবলৈ পালো - Fidel’s rule brought the world to its closest point of nuclear war during those fateful 13 days in 1962. সেই দুৰ্ভাগ্যপূৰ্ণ ১৩ দিন কিনো আছিল আচলতে? কিউবান ক্ৰাইছিছ্‌ কিমানলৈ আগবাঢ়িছিল? পৃথিৱীখন কেনেকৈ এবাৰ ৰক্ষা কৰিছিল? কথাবোৰ জানো আহক।


ভাচিলি আলেক্‌জেণ্ড্ৰ’ভিছ্‌ আৰ্খিপভ্‌ (Vasili Alexandrovich Arkhipov)। ১৯৬২ চনত এই সৈনিকজন ৰাছিয়ান নৌসেনাৰ এজন বিষয়া আছিল আৰু এখন বি-৫৯ নিউক্লিয়াৰ টৰ্পেডোযুক্ত ছাব্‌মেৰিনৰ ডেপুটি কামাণ্ডাৰ আছিল। সেই সময়ত শীতল যুদ্ধই তীব্ৰ ৰূপ ধাৰণ কৰিছে। কিউবাত, আমেৰিকাৰ মূল ভূখণ্ডৰ পৰা মাত্ৰ কেইশমান কিলোমিটাৰ দূৰত্বত ৰাছিয়াই নিউক্লিয়াৰ মিছাইল বহুৱাইছে।

সশস্ত্ৰ বিপ্লৱেৰে অত্যাচাৰী শাসক ইমানুৱেল বাটিষ্টাৰ চৰকাৰক ওফৰাই কিউবাৰ শাসনজৰী লৈছিল ফিডেল কেষ্ট্ৰোৱে। ফিডেলৰ সোঁহাত আছিল ভাতৃ ৰাউল, চে গুৱাভাৰা, কেমিল’ কেন্‌ফুজ, তানিয়া ইত্যাদি বিপ্লবী বীৰসকল। আমেৰিকাই গাতে লাগি থকা কিউবাত নতুনকৈ আৰম্ভ হোৱা কমিউনিষ্ট শাসনক যি কোনো প্ৰকাৰে ওফৰাবলৈ চিআইএক নিৰ্দেশ দিছিল। আনকি ফিডেলক কেইবাবাৰো হত্যা কৰাৰো ষড়যন্ত্ৰ কৰা হৈছিল। অসহ্য হৈ ফিডেলে ৰাছিয়াৰ কাষ চাপিছিল। অৱশেষত ৰাছিয়াৰ সেই সময়ৰ প্ৰিমিয়াৰ নিকিটা খ্ৰুছেভ আৰু ৰাউল কেষ্ট্ৰোৰ মাজত ১৯৬২ চনৰ জুলাই মাহত এখন গোপন চুক্তি হয় আৰু ৰাছিয়াই কিউবাৰ ভূমিত বেলিষ্টিক নিউক্লিয়াৰ মিছাইলৰ ঘাটি বহুৱাৰ কাম আৰম্ভ কৰে। ১৯৬২ চনৰ ১৪ অক্টোৱৰৰ দিনা এখন আমেৰিকান ইউ-২ বিমানে এই মিছাইলৰ ঘাটিসমূহৰ ফটো তোলে আৰু এই ফটোবোৰ ১৫ অক্টোৱৰৰ দিনা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰা হয়। লগে লগে সমগ্ৰ পৃথিৱী জুৰি আৰম্ভ হয় ১৩ দিনীয়া ভয়াবহ “কিউবান ক্ৰাইছিছ্‌”। সেই ১৩ দিনত সমগ্ৰ বিশ্বই এখন নিউক্লিয়াৰ যুদ্ধৰ একেবাৰে কাষ চাপিছিল।

আমেৰিকাই কিউবাৰ ওপৰত অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰিলে। আমেৰিকান নৌসেনাৰ যুদ্ধ জাহাজে বিশাল বিমানবাহক যুদ্ধজাহাজ ইউ এচ এচ ৰেন্‌ডল্ফ্‌ৰ নেতৃত্বত কিউবাৰ উপকূলৰ পৰা দূৰত আন্ত:ৰাষ্ট্ৰীয় সীমাৰ বাহিৰত অৱস্থান ল’লে আৰু আমেৰিকান যুদ্ধ বিমানে কিউবাৰ বায়ুসীমাত প্ৰবেশ কৰিবলৈ ধৰিলে।

২৭ অক্টোৱৰ, ১৯৬২ চন। পৃথিৱীৰ ইতিহাসত আটাইতকৈ ভয়ংকৰ দিন। সেইদিনা কিউবাৰ আকাশত এখন আমেৰিকাৰ চোৰাংচোৱা বিমান গুলীয়াই ভূ-পতিত কৰা হৈছিল আৰু আন এখন আমেৰিকান ইউ-২ বিমান ৰাছিয়ান বায়ুসীমাত প্ৰৱেশ কৰাৰ পিছত হেৰাই গৈছিল। ইতিমধ্যে আৰ্ক্‌টিক চাৰ্কোলৰ পৰা চাৰিখন ৰাছিয়ান নিউক্লিয়াৰ টৰ্পেডোযুক্ত ছাব্‌মেৰিন আহি কিউবাৰ উপকূলৰ কাষ পাইছিলহি। তাৰে এখন ছাব্‌মেৰিনৰ ডেপুটি কামাণ্ডাৰ আছিল ভাচিলি আৰ্খিপভ্‌। আমেৰিকান নৌ-বাহিনীৰ চকুত ধুলি মাৰি কিউবাৰ উপকূলত উপস্থিত হৈ এক নিউক্লিয়াৰ ছাব্‌মেৰিনৰ ঘাটি তৈয়াৰ কৰিবলৈ আদেশ পাইছিল এই চাৰিখন ছাব্‌মেৰিনে।

ভাচিলিৰ ছাব্‌মেৰিনখনক ইউ এচ এচ ৰেন্‌ডল্ফ্‌ৰ নেতৃত্বত ১১ খন আমেৰিকান ডেষ্ট্ৰয়াৰ যুদ্ধজাহাজে ঘেৰি ধৰিলে আৰু ছাব্‌মেৰিনখনক উদ্দেশ্যি ডেফ্ট চাৰ্জ নিক্ষেপ কৰিবলৈ ধৰিলে। আমেৰিকানসকলৰ এই আক্ৰমণৰ উদ্দেশ্য আছিল ছাব্‌মেৰিনখনক পানীৰ উপৰিভাগলৈ আহিবলৈ বাধ্য কৰোৱা। কিন্তু এই আক্ৰমণৰ তীব্ৰতা ইমানেই বেছি আছিল যে ছাব্‌মেৰিনখনৰ কেপ্তেইন ভেলেন্টিন্‌ ছভিট্‌স্কিয়ে ধৰি ললে যে ইতিমধ্যে তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছে। সেই সময়ত তেওঁলোকৰ মস্কোৰ লগত ৰেডিঅ’ যোগাযোগ প্ৰায় হেৰাই যোৱাৰ দৰে হৈছিল।

কেপ্তেইন ভেলেন্টিন্‌ ছভিট্‌স্কিয়ে প্ৰতিআক্ৰমণৰ নিৰ্দেশ দি ছাব্‌মেৰিনখনৰ ১০ কিলোটন ক্ষমতাৰ নিউক্লিয়াৰ টৰ্পেডোটো নিক্ষেপৰ বাবে সাজু কৰিবলৈ নিৰ্দেশ দিলে। টৰ্পেডোটৰ লক্ষ্য স্থিৰ কৰা হ’ল আমেৰিকান টাস্ক ফৰ্চৰ নেতৃত্ব লোৱা বিশাল বিমানবাহক যুদ্ধজাহাজ ইউ এচ এচ ৰেন্‌ডল্ফ্‌।

ছোভিয়েট হাই ক’মাণ্ডে নিউক্লিয়াৰ টৰ্পেডো নিক্ষেপ কৰিবলৈ সিদ্ধান্ত লোৱাৰ ক্ষমতা ছাব্‌মেৰিনখনৰ কেপ্তেইন আৰু তেওঁৰ ঠিক তলৰ দুজন বিষয়াৰ হাতত অৰ্পণ কৰিছিল। তিনিওজন বিষয়াই একমত হ’লে নিউক্লিয়াৰ টৰ্পেডো নিক্ষেপ কৰিব পাৰে। ছাব্‌মেৰিনখনৰ কেপ্তেইন ভেলেন্টিন্‌ ছভিট্‌স্কি আৰু পলিটিকেল অফিচাৰজনে নিউক্লিয়াৰ টৰ্পেডোটো নিক্ষেপৰ সপক্ষে মত দিলে, কিন্তু এক্‌জিকিউটিভ অফিচাৰ ভাচিলি আৰ্খিপভে টৰ্পেডোটো নিক্ষেপৰ সপক্ষে মত নিদিলে আৰু তেওঁ নিজৰ মতত অলৰ-অচৰ হৈ থাকিল। অৱশেষত এলানি ভয়ানক তৰ্ক-বিতৰ্কৰ পিছত ভাচিলিয়ে ছাব্‌মেৰিনখনৰ কেপ্তেইন আৰু পলিটিকেল অফিচাৰজনক টৰ্পেডোটো নিক্ষেপ কৰাৰ পৰা বাৰণ কৰি মস্কোৰ পৰা আদেশ অহালৈ বাট চাবলৈ সন্মত কৰাবলৈ সক্ষম হ’ল।

সেইদিনা যদি ভাচিলি আৰ্খিপভে আন দুজন অফিচাৰৰ সৈতে একমত হ’লহেঁতেন, তেন্তে কি হ’লহেঁতেন? ইউ এচ এচ ৰেন্‌ডল্ফৰ নেতৃত্বৰ আমেৰিকান টাস্ক ফৰ্চ নিমিষতে ধ্বংস হ’লহেঁতেন। পাৰমানবিক ডাৱৰে সাগৰৰ পৰা মাটিলৈ গতি কৰিলেহেঁতেন। মুহূৰ্ততে আমেৰিকাই নিউক্লিয়াৰ মিছাইলেৰে প্ৰতিআক্ৰমণ কৰিলেহেঁতেন। আৰম্ভনিৰ আক্ৰমণ-প্ৰতিআক্ৰমণত মস্কো, লণ্ডন আৰু জাৰ্মানি ধ্বংস হ’লহেঁতেন। পেণ্টাগনে SIOP (Single Integrated Operational Plan) ৰ মতে ১০০০ লক্ষ্যলৈ প্ৰায় ৫৫০০ নিউক্লিয়াৰ মিছাইল নিক্ষেপ কৰিলেহেঁতেন। আনকি আলবেনিয়া, চীন আদি দেশতো নিউক্লিয়াৰ মিছাইলে আঘাত হানিলেহেঁতেন। ক্ষয়-ক্ষতিৰ পৰিমান কিমান হ’লহেঁতেন সেয়া কল্পনাও কৰিব নোৱাৰি।

ভাচিলি আৰ্খিপভে সেইদিনা পৃথিৱীক ধ্বংসৰ মুখৰপৰা ৰক্ষা কৰিছিল। পিছলৈ তেওঁ ৰাছিয়ান নৌবাহিনীৰ ভাইছ্‌ এড্‌মিৰেল হৈছিলগৈ আৰু ৮০ ৰ দশকৰ মাজভাগত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। ১৯৯৮ চনৰ ১৯ আগষ্টত তেওঁৰ মৃত্যু হৈছিল। সেয়ে যুদ্ধ আৰু অস্ত্ৰ হাতত থকাৰ সময়ত বিবেচনাৰ দিশটোৰ গুৰুত্ব কিন্তু এই ঘটনাৰ বিশ্লেষণ কৰিয়ে কৰিব পাৰি। যিটোৰ পৰা সামৰিক দায়িত্ব তথা সামৰিক বাহিনী প্ৰয়োগৰ যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষমতা থকা সকলে শিকনি লোৱা উচিত। কাৰণ এনে সময়ত স্থিতপ্ৰজ্ঞতাইহে আজিৰ পৃথিৱীখনক আজিৰ ৰূপত পোৱাটো সম্ভৱ পৰ কৰি তুলিছিল।

(এই প্ৰৱন্ধটো যুগুতাওতে ৱিকিপেডীয়াকে ধৰি কেইবাটাও উৎসৰ সহায় লোৱা হৈছে।)

No comments:

Post a Comment