সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ডিজিটেল মানিঃ নগদ ধনৰ শক্তিশালী বিকল্প 
অভিনন্দন গোস্বামী
যোৱা ৯ নৱেম্বৰৰ পৰা দেশত প্ৰযোজ্য হোৱা বিমুদ্ৰাকৰণৰ নীতিৰ ফলত নগদ টকা চুবলৈ পোৱাটোৱেই বর্তমান সৌভাগ্যৰ কথা হৈ পৰিছে৷ নিজৰ প্ৰাপ্য নগদ ধন উলিয়াবলৈ যোৱা ২০ দিনত বহু লোকক ঘন্টাৰ পিছত ঘন্টা ধৰি বেংক-এটিএমৰ দীঘলীয়া শাৰীত থিয় হোৱা দেখা গল৷ কোনোৱে হয়টো সফল হল বা আন কোনোবাই হয়টো শুদা হাতেৰেই ঘৰলৈ উভটিব লগীয়া হল৷ কাৰোবাৰ হয়টো অত্যাৱশ্যকীয় সামগ্ৰী কিনিবলৈ নগদ ধন নাই আন কাৰোবাৰ হয়টো স্কুল-টিউচনৰ ফিজ দিবলৈ ধন নাই৷ এই সকলো খদমদম বা টনা-আজোঁৰা চলিল মাথো নগদ টকাৰ বাবে, কিয়নো ভাৰতত বর্তমানলৈকে ডিজিটেল মানি বা ডিজিটেল লেনদেনৰ ধাৰনাটো সর্বসাধাৰণে গুৰুত্বপূর্ণ বুলি ভবা নাছিল বা এই সর্ম্পকে বিশেষ প্ৰচাৰ বা সজাগতাও সৃষ্টি কৰা হোৱা নাছিল৷ কিন্তু সাম্প্ৰতিক পৰিস্হিতিত নগদ ধনৰ অভাৱৰ বাবে ডিজিটেল লেনদেন এক শক্তিশালী বিকল্পৰূপে দেখা দিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াও তেওঁৰ শেহতীয়া দুই এক ভাষনত জনসাধাৰণক তথ্য-প্ৰযুক্তিৰ সঠিক ব্যৱহাৰ কৰি ডিজিটেল লেনদেন কৰিবলৈ আহবান জনাইছে৷ নগদ ধনৰ অভাৱৰ সৈতে মোকাবিলা কৰাত ই বহু পৰিমানে সহায় কৰিব৷ ভাৰতবর্ষত দুর্নীতিয়ে গোজেই গজালি মেলাত মূল অৰিহনা যোগাই আহিছিল অবাধ গতিত প্ৰচলন হৈ থকা নগদ ধনৰ লেনদেন৷ ইয়াৰ ফলত মানুহ এজনে কিমান ধন সৎ পথেৰে আর্জিছে আৰু কিমান ক’লা ধনে তেওঁৰ আলমাৰিৰ ল’কাৰ শুৱনি কৰিছে তাৰ অংক মিলোৱাত আয়কৰ বিভাগ বিশেষ সফল হোৱা নাছিল৷ কিন্তু লেনদেন প্ৰক্ৰিয়া ডিজিটেল হলে ইয়াৰ স্বচ্ছতা বৃদ্ধি পাব আৰু অবৈধ লেনদেন ধৰা পেলোৱাত সহায়ক হব৷

এই সকলোবোৰৰ গুৰুত্ব উপলব্ধি কৰিয়েই চৰকাৰে ২০১৫ বর্ষৰ জুলাই মাহত আৰম্ভ কৰিছিল ‘ডিজিটেল ইন্ডিয়া’ নামেৰে এক অভিলাষী আচঁনি৷ দেশৰ সকলো কাম-কাজ তথ্য-প্ৰযুক্তিৰ সহায়ত পৰিচালনা কৰি ইয়াক স্বচ্ছ আৰু সাধাৰণ ৰাইজৰ সহায়ক হোৱাকৈ গঢ়ি তোলাৰ বাবে মূলত এই আচঁনি আৰম্ভ কৰা হৈছিল৷ যোৱা সময়খিনিত ইয়াৰ সুফল ৰাইজে বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পাইছে বা অনুভৱ কৰিছে৷ কিন্তু ডিজিটেল মাধ্যমেৰে টকা-পইচৰ লেনদেন কৰা ধাৰণাটোৱে দেশত বর্তমান সময়লৈ বিশেষ গুৰুত্ব লাভ কৰা নাছিল৷ বৃহৎ শ্বপিং মল বা ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান কিছুসমূহতে এনে ব্যৱস্হা প্ৰচলিত আছিল৷ পিছে জন-ধন আচঁনিৰ জৰিয়তে দেশৰ সকলো শ্ৰেণীৰ নাগৰিকে বেংকিং সেৱাৰ সুবিধা লাভ কৰাত এই ব্যৱস্হা ৰূপায়ন কৰিবলৈ বর্তমান কিছু পৰিমানে হলেও সহায়ক হব৷ ইতিমধ্যে বিমুদ্ৰাকৰণৰ ফলত দেশৰ কিছু কিছু চহৰত ক্ষুদ্ৰ ব্যৱসায়ীয়েও Paytm বা অন্য ধৰণৰ মোবাইল ৱালেট ব্যৱহাৰ কৰি লেনদেন কৰা আৰম্ভ কৰিছে৷ বর্তমান প্ৰায়সংখ্যক লোকৰ হাততেই স্মার্টফোন সহজলভ্য হৈ পৰিছে৷ ডিজিটেল মানি কি বা মোবাইল ফোনক কিদৰে বেংক বা মানিবেগ ৰূপে ব্যৱহাৰ কৰিব পাৰি তাৰ বাবে সজাগতা আনিবলৈ শেহতীয়াকৈ চৰকাৰীভাবেও প্ৰয়াস কৰা দেখা গৈছে৷

ডিজিটেল লেনদেনৰ কেইবিধমান প্ৰকাৰ হৈছে- ১) ক্ৰেডিট কার্ড আৰু ডেবিট কার্ডঃ- আমি এটিএমৰ পৰা টকা উলিয়াবলৈ ব্যৱহাৰ কৰা ডেবিট কার্ডখনকে যিকোনো ব্যৱসায়িক প্ৰতিষ্ঠানত ‘Swipe’ কৰি নগদ ধনৰ পৰিবর্তে নিজৰ বেংক একাউন্টৰ পৰা পোনপটীয়াকৈ আদায় দিব পাৰো৷ অৱশ্যে ইয়াৰ বাবে দোকান-প্ৰতিষ্ঠানসমূহে তেনে আন্তঃগাথঁনি গঢ়ি তুলিব লাগিব৷ সাম্প্ৰতিক সময়ত এনে ব্যৱস্হা উপলব্ধ কৰাটো অত্যধিক জৰুৰী হৈ পৰিছে৷ ইয়াৰ ফলত নগদ ধন লবলৈ এটিএমৰ সন্মুখত শাৰী পাৰি সময় অপচয় নহব আৰু বিক্ৰেতা সকলো খুচুৰাৰ অভাৱৰ সমস্যাৰ পৰা পৰিত্ৰান পাব৷ বিভিন্ন অনলাইন লেনডেন কৰিবলৈও এনে কার্ড ব্যৱহাৰ কৰিব পাৰি৷ ২) USSD ঃ- এই ব্যৱস্হা অৱলম্বন কৰি আপুনি অনায়েসে নিজৰ মোবাইল ফোনৰ দ্বাৰা অন্য কোনো ব্যক্তিৰ বেংক একাউন্টলৈ টকা-পইচা পঠিয়াব পাৰিব৷ ইয়াৰ বাবে ইন্টাৰনেট বা স্মাটফোনৰো কোনো আৱশ্যকতা নাই৷ সাধাৰন মোবাইলতো এই সুবিধা উপলব্ধ৷ মাথো গ্ৰাহকৰ মোবাইল নম্বৰটো বেংকত পন্জীয়নভুক্ত হোৱাটো আৱশ্যক৷ প্ৰথমে নিজৰ মোবাইলৰ পৰা *99# ডায়েল কৰিব লাগিব৷ নিজৰ বেংকৰ প্ৰথম তিনিটা আখৰ বা IFSC Code ৰ প্ৰথম চাৰিটা সংখ্যা টিপিব লাগিব৷ ইয়াৰ পাছত Fund Transfer-MMID বিকল্প নিবার্চন কৰিব লাগিব৷ যিজন ব্যক্তিৰ একাউন্টত ধন জমা কৰিব তেওঁৰ মোবাইল নম্বৰ আৰু MMID অর্ন্তভুক্ত কৰিব লাগিব৷ ইয়াৰ পাছত জমা কৰিব লগীয়া ধনৰ পৰিমাণ আৰু নিজৰ MPIN অর্ন্তভুক্ত কৰিব লাগিব৷ (প্ৰতিজন গ্ৰাহকৰ বাবে MPIN বেংকৰ পৰা প্ৰদান কৰে)৷ ইয়াৰ পাছৰ Space এৰি নিজৰ একাউন্টৰ অন্তিম চাৰিটা সংখ্যা অর্ন্তভুক্ত কৰিলেই আপোনাৰ ধন ব্যক্তিজনৰ একাউন্টলৈ স্হানান্তৰিত হৈ গল৷ বেংকত শাৰী নপতাকৈয়ে ঘৰতে বহি এনে সহজ পদ্ধতিৰে আপুনি ধন স্হানান্তৰিত কৰিব পাৰিব৷
৩) e-Wallet ঃ- মোবাইল ৱালেট বা e-Wallet একপ্ৰকাৰ ডিজিটেল মানিবেগৰ দৰে৷ ক্ৰেডিট বা ডেবিট কার্ডৰ জৰিয়তে আপুনি পইচা জমা ৰাখি বিভিন্ন অনলাইন লেনদেন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ জৰিয়তে আপুনি প্ৰত্যেক লেনদেনত কার্ড নম্বৰ বা পিন নম্বৰ ব্যৱহাৰ কৰি থকাৰ প্ৰয়োজন নাই৷ Google Play Store ত Paytm, Oxygen কে ধৰি এনে বহু ৱালেট উপলব্ধ৷ ৪) Unified Payment Interface (UPI) ঃ- UPIৰ জৰিয়তে আপুনি যেতিয়াই আৰু যিকোনো স্হানৰ পৰাই স্মার্টফোনৰ জৰিয়তে ধনৰ লেনদেন কৰিব পাৰিব৷ নিজৰ মোবাইলৰ পৰা মেছেজ পঠিওৱাৰ দৰেই ই সহজ৷ নিজৰ মোবাইল নম্বৰটো বেংকত পন্জীয়নভুক্ত কৰাই UPI এপ ডাউনল’ড কৰি Unique ID আৰু UPI Pin স্হিৰ কৰিব লাগিব৷ ইয়াৰ পাছত আপুনি মোবাইলটোকে বেংক হিচাবে ব্যৱহাৰ কৰি ধনৰ লেনদেন কৰিব পাৰিব৷ ভাৰতীয় ৰির্জাভ বেংকৰ তদানীন্তন গৱর্নৰ ৰঘুৰাম ৰাজনে যোৱা এপ্ৰিল মাহত এই ব্যৱস্হা উদ্বোধন কৰিছিল৷ ৫) আধাৰ কার্ডৰ যোগেডি লেনদেনঃ- অসমত বর্তমানেও আধাৰ কার্ড প্ৰদান কৰা প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই যদিও ভাৰতবর্ষৰ অন্য ৰাজ্য সমূহত ইতিমধ্যে আধাৰ কার্ডৰ লগত বেংক একাউন্ট যোগ কৰা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ ইয়াৰ যোগেদি নগদ ধন লগত নাথাকিলেও আধাৰ কার্ডৰ জৰিয়তে সহজতে বিভিন্ন লেলদেন কৰিব পৰাটো সম্ভৱপৰ হৈ উঠিছে৷ ‘ডিজিটেল ইন্ডিয়া’ আচঁনিৰ ইও এক চমকপ্ৰদ ফলাফল৷

ভাৰতবর্ষৰ দৰে বিশাল আৰু বৈচিত্ৰ্যপূর্ণ দেশ এখনক মূহুর্ততে ডিজিটেল কৰাটো মুঠেও সম্ভৱপৰ নহয়৷ কিন্তু সুপৰিকল্পিত আচঁনি তথা সঠিক দৃষ্টিভংগীৰে আগবাঢ়িলে এই লক্ষ্যত নিশ্চয় উপনীত হব পৰা যাব৷ দুর্নীতি তথা ক’লা ধনৰ মহামাৰীৰ পৰা ৰক্ষা পাবলৈ লেনদেন প্ৰক্ৰিয়াক ডিজিটেল কৰাৰ বাহিৰে গত্যন্তৰ নাই৷ ইয়াৰ গুৰুত্ব চৰকাৰে ইতিমধ্যে বুজি উঠিছে৷ সময় আহি পৰিছে সাধাৰণ জনতাক এই বিষয়ে সজাগ সচেতন তথা প্ৰশিক্ষিত কৰাৰ৷ দেশৰ গৰিষ্ঠসংখ্যক লোকেই বর্তমান বেংকিং সেৱাৰ সৈতে সংযুক্ত হৈ পৰাত এই কার্য কিছু পৰিমানে হলেও সুচল হব৷ শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে ডিজিটেল লেনদেনত সহায়ক হোৱাকৈ ৰাইজক বিনামূলীয়াকৈ মোবাইল ফোন যোগান ধৰা কার্য প্ৰশংসনীয় আৰু শলাগিবলগীয়া৷ ভাৰতক দুর্নীতিমুক্ত দেশ হিচাবে গঢ়ি তুলিবলৈ আগন্তক সময়ত লেনদেন প্ৰক্ৰিয়া সম্পূর্ণ ডিজিটেল কৰাটো বাধ্যতামুলক৷ ডিজিটেল মানি যে নগদ ধনৰ শক্তিশালী বিকল্প হৈ পৰিছে সেয়া সাম্প্ৰতিক সময়ত প্ৰতিয়মান হৈছে৷ মাথো জনসাধাৰণৰ সূচল হোৱাকৈ ইয়াক গঢ় দিয়াটো চৰকাৰৰ গধুৰ দায়িত্ব আৰু প্ৰত্যাহবান৷

লেখক পুনে. মহাৰাষ্ট্ৰত IBMত  তথ্য প্ৰযুক্তি বিশেষজ্ঞ ৰূপে কৰ্মৰত, ফোনঃ 08402852801

No comments:

Post a Comment