“তেজপিয়া”:দুর্নীতিৰ এক বাস্তৱ প্রতিচ্ছবি
লীলাকান্ত পায়েঙ
লীলাকান্ত পায়েঙ
অসম লোকসেৱা আয়োগত চাকৰিৰৰ নামত কিছু বছৰৰ আগৰপৰাই চাকৰিৰ নামত বহু টকাৰ লেন-দেন হৈ আহিছে। যোৱা কেইবা বছৰ ধৰি আয়োগৰ ভিতৰ চ’ৰাত দুর্নীতিৰ মেলা কেনে ভাবে বহি আহিছে সেই বিষয়ে বিভিন্ন জনে বাতৰি কাকত, টিভি চেনেলত বিভিন্ন আলোচনা-সমালোচনা চলি আহিছে। সেই বাস্তৱতাকে উপন্যাসৰ ৰুপ দিছে যুৱ লেখক বিশ্বজ্যোতি শর্মাই লিখি উলিয়াইছে এখন উপন্যাস যিখনৰ নাম ৰাখিছে “তেজপিয়া”।
উপন্যাসখনৰ পটভূমি বাস্তৱ। কিতাপখনৰ পাতনিত লেখকে উল্লেখ কৰিছে যে কেইবাজনো ভুক্তভোগীৰ বক্তব্য আৰু বহু কাকত, আলোচনী তথা তথ্য ইয়াৰ সমল। লেখকে চৰিত্রসমূহ কাল্পনিক বুলি উল্লেখ কৰি্লেও প্রকৃততে চৰিত্রসমুহ বাস্তৱতাত কোনোবাজন ব্যক্তিৰ সতে মিল দেখা যায়। লেখকে উপন্যাসখনত ‘আসাম চিভিল চাৰ্ভিচ’ৰ এ.চি.এছ.ই. নামৰ এক পৰীক্ষা দাঙি ধৰিছে। কিতাপখনত লেখকে অসম লোকসেৱা আয়োগত চলি থকা দুর্নীতিৰ বিষয়ে আভাস দিয়াৰ চেষ্টা কৰিছে।
ৰবীন, শান্তনু, গৌতম আৰু মাধৱ নামৰ চাৰিজন যুৱকে এ.চি.এছ.ই. নামৰ পৰীক্ষাত কেইবাবাৰো অবতীৰ্ণ হয় কিন্তু ইমান কষ্ট কৰাৰ পাছতো আটাইকেইজন অসফল হয়। অবশেষত উপাই বিহীন হৈ এজন মৃগাংক হাজৰিকা নামৰ এজন দালালৰ কাষ চাপে। ‘আসাম চিভিল চাভিচ’ৰ অধ্যক্ষ প্রকাশ পালৰ এজন দালাল। আটাইকেইজনে চাকৰিৰ আশাত নিজৰ নিজৰ খেতি মাটি বিক্রী কৰি সকলোবোৰ পইচা মৃগাংক হাজৰিকা নামৰ হাতত তুলি দিয়ে। তথাপিও দালাল মৃগাংক হাজৰিকা ইমান উচ্চ হাৰত পইচা দিব নোৱাৰি এ.চি.এছ.ই. পৰীক্ষাত বিফল হয়। আটাইকেইজনৰ বহু টকা দালালে ললে কিন্তু ঘুৰাই নাপালে।
কিন্তু চিৰন্তনৰ দৰে উচ্চ বিলাসী জীৱন কটোৱা যুৱকজনে যিমান পাৰে সিমান টকা দি চাকৰি কিনিছে। লেখকে উপন্যাসখনত অসম লোকসেৱা আয়োগত সংঘটিত হৈ থকা চাকৰিৰ নামত হৈ থকা দুর্নীতিক জীৱন্ত ৰূপত দাঙি ধৰিছে। বহু বছৰ ধৰি অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্রশ্নকাকত, উত্তৰ বহি আদি কিদৰে কিনা-বেচা হৈ আছে তাৰ স্পষ্ট উদাহৰণ উপন্যাসখনত দেখিবলৈ পোৱা যায়। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বিফল হোৱা ল’ৰা-ছোৱালীয়ে নিজকে বিচাৰি পাব উপন্যাসখনত। অসম লোকসেৱা আয়োগত সংঘটিত হৈ থকা কেলেংকাৰিৰ কথা বিভিন্ন লেখকে লেখি আহিছে কিন্তু “তেজপিয়া” উপন্যাসৰ ৰূপত প্রথম কিতাপ।
এই লেখাৰ যোগেদি লেখক বিশ্বজ্যোতি শর্মালৈ ধন্যবাদ জ্ঞাপন কৰিছো। অসমৰ কেইবাখনো বাতৰি কাকতত তেখেতৰ চিন্তা গধুৰ লেখনি প্রকাশ পাই আহিছে। তেজপিয়া লেখকৰ তৃতীয়খন উপন্যাস। বিভিন্নজন বঞ্চিত প্রার্থীৰ লৈ সম্পূন সত্যৰ ভিত্তিত সৃষ্টি হৈছে “তেজপিয়া”। ক’বলৈ গলে অসম লোকসেৱা আয়োগৰ দুর্নীতিৰ এক বাস্তৱ প্রতিচ্ছবি “তেজপিয়া”।

No comments:
Post a Comment