সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসম চৰকাৰে ৰাজ্যৰ সকলো বিত্তীয় লেনদেন অনলাইনৰ জৰিয়তে কৰাৰ বাবে ব্যৱস্থা কৰিবলৈ ৰিজাৰ্ভ বেংক, সকলো বেংক, কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান আৰু ৰাজ্য চৰকাৰৰ বিভাগ সমূহক নিৰ্দেশ জাৰি কৰিছে।

২. অসমৰ চাহ বাগিচা সমূহতো স্থাপিত হব এটিএম। এতিয়াৰ পৰা চাহ বাগিচাত কাম কৰা সকলৰ বাবেও একাউণ্ট খুলি, একাউণ্ট যোগেহে মজুৰী আদায় দিবৰ বাবেও চৰকাৰে পৰামৰ্শ দিছে।

৩. তেজপুৰৰ ঘোঁৰামৰাত এনিমেল কৰিডৰত ঔদ্যোগিক পামৰ নামত পতঞ্জলিক মাটি প্ৰদান কৰা বিষয়টোত বন বিভাগে গোচৰ ৰুজু কৰিছে। তাত এটা গাঁতত পৰি হাতীৰ মৃত্যু ঘটাৰ পাছতে এই পদক্ষেপ লোৱা হৈছে। ইফালে এজাহাৰ দাখিলৰ পাছতে পতঞ্জলিৰ সমন্বয়ক উদয় গোস্বামী নেপাললৈ ৰাওনা হোৱাৰো খবৰ প্ৰকাশ পাইছে।

৪. মাজুলীত বালিৰ বস্তাৰে খহনীয়া প্ৰতিৰোধৰ নামত ১২৪কোটি টকা লুটি নিয়াৰ পাঙ পতাৰ অভিযোগত মাজুলীত ক্ষুদ্ধ ৰাইজে ব্ৰহ্মপুত্ৰ বৰ্ডৰ অভিযন্তা বিষয়াক ঘেৰাও কৰি সঠিক ৰূপত খহনীয়া ৰোধৰ পদক্ষেপ লোৱাৰ বাবে দাবী জনায়।

৫. বাংলাদেশৰ মুক্তিযুদ্ধত শ্বহীদ হোৱা ভাৰতীয় সেনাক সন্মান জনাব বাংলাদেশ চৰকাৰে। ১৭০০ পৰিয়ালক পাঁচ লাখকৈ টকাৰ আৰ্থিক সাহাৰ্য দিবলৈ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা।

৬. চতিয়াৰ শ শ যুৱকে চৰকাৰী চাকৰিলৈ কেৱল আশা পালি নাথাকি কষি, মীন, দুগ্ধ আদি পালনৰ জৰিয়তে স্বাৱলম্বনৰ আদৰ্শ দেখুওৱা বুলিও বাতৰি প্ৰকাশ পাইছে।বিধায়ক পদ্ম হাজৰিকাই সমষ্টিত নিৰ্মাণ হব লগা ১৪হাজাজাৰ শৌচালয়ৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী এই সকল থলুৱা উদ্যমীৰ পৰাই লোৱা হব বুলিও ঘোষণা কৰিছে।

৭. দেশৰ ন্যায় ব্যৱস্থাত প্ৰয়োজনীয় সংখ্যক ন্যায়াধীশ নথকাৰ বাবেই ৰাইজে ন্যায়হীনতাত ভূগিব লগা হোৱা বুলি আঙুলিয়াই দি উচ্চতম ন্যায়লয়ৰ ন্যায়াধীশ সকলে কেন্দ্ৰীয় চৰকাৰ ন্যায়াধীশ নিযুক্তিৰ প্ৰক্ৰিয়া দ্ৰুত কৰিবলৈ লক্ষ্ণণ ৰেখা নিৰ্ণয় কৰি দিয়া বুলিও বাতৰি প্ৰকাশ পাইছে।

৮. কালি ২৬-১১ৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আৰু নিৰাপত্তাৰক্ষীৰ সাহসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মুম্বাইত সাগৰীয় উপকূলত বিপদসংকুল সাঁতোৰৰ আয়োজন কৰা হয়।

৯. জে.ই.ই পৰীক্ষাৰ বাবে অসম আৰু মেঘালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আধাৰ নম্বৰ আবেদন পত্ৰত উল্লেখ নকৰিলেও হব। এই দুই ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে এই শিঠিলতা ঘোষণা কৰিছে চিবিএছইয়ে।

১০. গুৱাহাটীৰ ৰাজপথত আৰু দেখা নাযাব ১০-১৫ বছৰ পুৰণি চিটিবাছ, ট্ৰেকাৰ। এই যানবাহন সমূহ চলাচলৰ বাবে অন্তিম সীমা যোৱা শুকুৰাবাৰলৈহে আছিল বুলিও বাতৰি প্ৰকাশ পাইছে।

No comments:

Post a Comment