সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. দেশৰ চাহ বাগিচা সমূহৰ ভিতৰত প্ৰথম হিচাবে চাহ শ্ৰমিক সকলৰ সাপ্তাহিক মজুৰি আদায়ক নগদ বিহীন কৰাৰ বাবে অসমৰ ধলাগুৰি চাহ বাগিচাত স্থাপিত হ’ল প্ৰথমটো এটিএম। গোলাঘাট জিলাত এই ইতিবাচক পদক্ষেপৰ শুভাৰম্ভ কৰিবলৈ পৰামৰ্শ দিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

২. কালি ৰাজহুৱা হল অসমৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৱলী। বৰ্তমান ৬০০০টকা দৰমহা পাই থকা সকলে ১৫৯০০ টকা পৰ্যন্ত বৰ্ধিত দৰমহা লাভ কৰিব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৩. সপ্তম দৰমহা আয়োগে অসমৰ পেঞ্চনাৰ সকলৰ বাবেও আনিছে সুখবৰ। আশী বছৰৰ উৰ্ধত ২০শতাংশ অধিক পেঞ্চন লাভ কৰাৰ লগতে পৰিয়াল পেঞ্চনৰ ক্ষেত্ৰতো আধা মৰগীয়া বানচ দিয়াৰ সিদ্ধান্ত ঘোষণা কৰিছে অসমৰ বিত্ত মন্ত্ৰীয়ে।

৪. লোকসভাত আয়কৰ বিষয়ত সংশোধনী বিধেয়ক উত্থাপন কৰিলে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে। আয়কৰ বিভাগক নিজে ঘোষণা নকৰা আয়ৰ ওপৰত ৭৫শতাংশ পৰ্যন্ত জৰিমনাৰ ব্যৱস্থা কৰা লগতে বিমুদ্ৰাকৰণৰ পাছত হিচাব বিহীন আয় খাটাত দেখা পালে তাৰে পঞ্চাশ শতাংশ কৰ হিচাবে কাটি লোৱা হব বুলিও জানিব পৰা গৈছে।

৫. জনজাতিকৰণৰ বিষয়টোত অসম চৰকাৰে মুঠ ৪২টা জনগোষ্ঠীৰ নাম কেন্দ্ৰলৈ প্ৰেৰণ কৰা বুলি কালি সংসদত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ছয় জনগোষ্ঠীৰ বাহিৰেও অসমৰ বিভিন্ন ক্ষুদ্ৰ নৃগোষ্ঠীয় সম্প্ৰদায় সমূহকো এই তালিকাত সামৰি লোৱা হৈছে।

৬. অৱশেষত অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ তদন্তৰ আওতালৈ আহি গ্ৰেপ্তাৰ হল আন এজন সদস্য বসন্ত কুমাৰ দলে। এতিয়া অসমৰ সচেতন ৰাইজে এপিএছচিৰ আমূল সংস্কাৰ সাধনেৰে পুনৰ গঠন কৰিবলৈকো দাবী জনাইছে।

৭. গেৰুকামুখত নিৰ্মীয়মান এন.এইচ.পি.চি.ৰ প্ৰকল্পৰ বিষয়ত কেন্দ্ৰক ৮জনীয়া নিৰীক্ষণ সমিতিৰ মাজত মতভেদ হোৱাৰ কথা প্ৰকাশ পাইছে। দুটা গোটে দুখনকৈ পৃথক প্ৰতিবেদন দাখিল কৰা বুলিও কেন্দ্ৰীয় শক্তিমন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে।

৮. অসমে বিশেষ ৰাজ্যৰ মৰ্যদা লাভ নকৰিলেও পূৰ্বৰ ৯০:১০ হাৰতেই কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰকল্পবোৰৰ বাবে ধন পাই থাকিব বুলি ৰাজ্য সভাত কেন্দ্ৰীয় গ্ৰামোন্নয়ন ৰাজ্যমন্ত্ৰী ৰামকৃপাল যাদৱে স্পষ্ট কৰি দিয়ে।

৯. সামাজিক দায়বদ্ধতাৰ পৰিচয় দি ভাদৈ পাঁচ আিৰ পৰা বকুলনি পৰ্যন্ত পথ মেৰামতিৰ বাবে নীপকোৱে ২৭লাখ টকা মুকলি কৰি দিয়াৰ ইতিবাচক খবৰ।

১০. নলবাৰী জিলা কাৰাগাৰৰ পৰাই পাঁচ খনকৈ গ্ৰন্থ লিখি প্ৰকাশ কৰিলে প্ৰদীপ কাকতিৰ পাঁচখনকৈ গ্ৰন্থ প্ৰকাশ হোৱাৰ সুখবৰ। সংস্কাৰৰ ভিত্তিত তেখেতেক অচিৰেই মুকলি কৰি দিয়াৰ বাবেও পৰিয়ালে পালিছে আশা।

No comments:

Post a Comment