শ্ৰদ্ধাঞ্জলি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ফিডেল কেষ্ট্ৰ'লৈ শ্ৰদ্ধাঞ্জলি
ডাঃ অজিত কুমাৰ পটংগীয়া
(১)
মই মোৰ ককাদেউতাক দেখা নাছিলো, কিন্তু বৰদেউতাই আছিল ককাৰ দৰে শৈশৱৰ সাৰথি আৰু প্ৰিয় বন্ধু স্বৰূপ। তেখেতৰ মুখতে শুনিছিলো ফেণ্টম, ৰবিন হুড, দস্যু ভাস্কৰ, পা-ফু চিৰিজৰ কথা। একেদৰেই শুনিছিলো বাস্তৱ জীৱনৰ হিৰো স্বৰূপ ডঃ আৰ্নেষ্ট চে গুৱেভাৰা আৰু কিউবান নেতা ফিডেল কেষ্ট্ৰৰ কথা। মোৰ কেতিয়াবা আচৰিত লাগে, মোৰ বৰদেউতা যদিও পানবাৰী চাহ বাগিচাৰ সঞ্চালক আছিল অথচ তেখেতে গান্ধীবাদৰ কথা অধ্যয়ন কৰিছিল, জ্যাঁ পল ছাত্ৰেৰ অস্তিত্ববাদৰ পৰা মাৰ্ক্সিজিমৰ ধাৰা পৰ্যন্ত গ্ৰন্থৰাজি অধ্যয়ন কৰিছিল।মাও চে টুং, চে গুৱাভাৰা আৰু ফিডেল কেষ্ট্ৰ’ৰ আদৰ্শবাদী চিন্তাধাৰাও তেওঁৰ অধ্যয়ন কৰিছিল। তেখেতে মোক খুৱ ধনী হবলৈ কৈছিল আৰু তাৰ সৈতে মানৱীয়তা সম্পন্ন এজন উন্নত মানুহ হোৱাৰ কথাটোত বেছি প্ৰাধান্য দিছিল। মানৱতাবাদী হোৱাৰ বিশাল মন গঢ়িবলৈ হ’লে আমি যথেষ্ট পঢ়া-শুনা কৰাৰ প্ৰয়োজন, কাৰণ ইয়াৰ বাবে লাগিব পৃথিৱীৰ ভিন্ন আদৰ্শবোৰক বুজিব পৰা তথা মৌলিক বিভিন্নতাবোৰ বিশ্লেষণ কৰিব পৰা সক্ষমতাও আৰ্জন কৰিব লাগিব। তেখেতে মোক সাধাৰণ মানুহক ভাল পাবৰ বাবে উদ্বেলিত কৰিছিল আৰু এই জীৱনতে সাধাৰণ মানুহৰ জীৱনৰ মান উন্নীতকৰণৰ বাবে যতপৰোনাস্তি কৰি যোৱাৰ বাবেও মত পোষণ কৰিছিল। আৰু চাগৈ এই শিকনিৰ আৰু হাতবাউলিৰ বাবেই আমেৰিকা, কানাডাকে ধৰি ভিন্ন দেশত কৰ্মৰত হৈ তাতে নিগাজিকৈ থকাৰ সুবিধা পোৱাৰ পাছতো জন্মভূমি অসমলৈ উভতি আহিলো। 

মোৰ জীৱনৰ এই যাত্ৰাত ৰোমাণ্টিক বিপ্লৱী ডাঃ চে গুৱেভাৰাই আদৰ্শ ব্যক্তি হিচাবে প্ৰেৰণা যোগাই আহিছে। এজন তীক্ষ্ণ মগজুৰ মেডিকেলৰ শিক্ষাৰ্থী আৰু বিশ্বখ্যাত বিপ্লৱী। তেওঁৰ সহযোদ্ধা ফিডেল কেষ্ট্ৰ’ৰ ব্যক্তিত্ব আৰু আদৰ্শয়ো সেয়েই স্বাভাৱিকভাৱেই শিহৰিত কৰিছিল। তেওঁলোকৰ দেশত আমেৰিকাৰ সৈতে অৰ্থনৈতিক প্ৰতিবন্ধকতাকো নেওচি সমাজবাদী চিন্তাৰে দেশৰ বেংক, ভূমি আদিকে ধৰি সম্পদ সমূহৰ চৰকাৰীকৰণ কৰা হৈছিল। এতিয়াও জনস্বাস্থ্য আঁচনিৰ ক্ষেত্ৰত কিউবা হেনো বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ। হয়তো দীৰ্ঘকালীন শাসক হিচাবে কেষ্ট্ৰৰো ভুল-ক্ৰুটি নোহোৱা নহয়। কিন্তু গোটেই দীৰ্ঘজীৱন আমেৰিকাৰ ষড়যন্ত্ৰ আৰু হত্যাৰ পৰিকল্পনাক উফৰাই নিজৰ চৰ্তৰে কিউবান জনতাৰ পৰা বিদায় লোৱা কেষ্ট্ৰক আজি বিশ্বই চকুলোভৰাই বিদায় দিছে। 

আৰু এটা কথা উল্লেখ কৰিব লাগিব যে, এখন ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰই গণতন্ত্ৰ আৰু পুঁজিবাদৰ নামত গোটেই বিশ্বত নব্য-উপনিবেশিক আগ্ৰাসন চলোৱা আৰু কূটনৈতিক হেঁচা, যুদ্ধ আদিৰে নিজৰ অভিভাৱকত্ব খটোৱাৰ পাছতে কিন্তু কিউবাই নিজৰ স্থিতিৰ পৰা কেতিয়াও হটি দিয়া নাছিল। যদিও আমেৰিকাৰ সৈতে কোনো কূটনৈতিক সম্পৰ্কও নাৰাখিছিল দেশখনে তথাপি কিন্তু আচৰিত ভাৱে আমেৰিকান যুৱক যুৱতীৰো বহুল একাংশৰ মাজত বিপ্লৱৰ হিৰ হিচাবে চে গুৱেভাৰা আছিল অত্যন্ত জনপ্ৰিয়। এই জনপ্ৰিয়তা যে প্ৰকৃততে বিশ্বজোৰাহে সেই কথাও আজি উপলদ্ধি কৰিব পাৰি। সেয়ে চাগৈ ফ্ৰান্সৰ অস্তিত্ববাদী দাৰ্শনিক জাঁ-পল ছাত্ৰেই কৈছিল-“Che is the most complete human being of our time”.
(২) 

ফিডেল কেষ্ট্ৰৰ ব্যক্তিত্ব আৰু জীৱনো আছিল বিশ্বৰ বহুতৰ বাবেই প্ৰেৰণাদায়ক আৰু উতসুকতাৰ বিষয়বস্তুৱেই আছিল। তেখেতেলৈ শ্ৰদ্ধাঞ্জলি জনালো-

ফিডেল তুমি আকৌ আহিবা
বধ্যভূমিত যি গোলাপৰ জন্ম দিয়ে 
মাত্ৰ এমুঠি বিপ্লৱী লৈ 
জেলৰ প্ৰাচীৰ ভাঙে 
সাম্ৰাজ্যবাদীৰ চাপ খোৱা বিবৰ্ণ মানুহৰ 
তেজৰ টোপালৰ পৰা জন্ম লয় 
ৰঙা গোলাপ।

আজি প্ৰতীক্ষাত সাম্ৰাজ্যবাদৰ ধৰ্ষিত ভাৰতবৰ্ষ 
আমাৰ সুতীক্ষ্ণ যন্ত্ৰণাত ভাহি থকা 
আবেগ আৰু অনুভূতিত আঘাত হানি 
কেতিয়া সপোনৰ পুৱাত জাগি উঠিব ভাৰতবৰ্ষ 
এক দমবন্ধ প্ৰতীক্ষাৰ অৱসান হ'ব।

এটা জীৱন 
যি দেখুৱাব সাম্ৰাজ্যবাদক ৰঙাচকু 
আকৌ সমগ্ৰ লেটিন আমেৰিকাৰ পৰা ভাৰতবৰ্ষলৈ 
সমগ্ৰ বিশ্বৰ সংগ্ৰামী মানুহৰ নেতৃত্ব ল'ব 
নতজানু হৈ মাতৃৰ ওচৰত প্ৰাৰ্থনা জনাইছো 
আৰু এজন ফিডেল কেষ্ট্ৰোৰ।

No comments:

Post a Comment