পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিষয়ঃ অসম লোকসেৱা আয়োগ
"তদন্তৰ সীমা আৰু সংস্কাৰৰ সপোন"
অজয় লাল দত্ত
কেৱল প্ৰশাসনিক বিষয়াই নহয়, ৰাজ্যৰ উচ্চ স্তৰৰ আৰক্ষী বিষয়া, বিত্ত বিভাগৰ বিভিন্ন স্তৰৰ বিষয়া, আবকাৰী, কৰ, চৰকাৰী কলেজৰ অধ্যাপক/অধ্যক্ষ, মেডিকেল কলেজৰ অধ্যক্ষ, বিভিন্ন বিভাগৰ সঞ্চালক, অভিযন্তাকে ধৰি গুৰুত্বপূৰ্ণ আমোলা-বিষয়া নিৰ্বাচন আৰু নিযুক্তিৰে ৰাজ্য প্ৰশাসনৰ মেৰুদণ্ড নিৰ্মাণৰ গুৰুভাৰ অৰ্পণ কৰি, সংবিধানৰ ৩১৮নং অনুচ্ছেদ অনুসৰি আন ৰাজ্য সমূহৰ দৰেই অসমতো গঠন কৰা হৈছিল অসম লোকসেৱা আয়োগ। সাংবিধানিক সংস্থা হিচাবে ই এক স্বতন্ত্ৰ আৰু ৰাজ্যপালৰ ওচৰত দায়বদ্ধ অনুষ্ঠানহে। স্বাধীন ভাৰতত অসম লোকসেৱা আয়োগৰ প্ৰথমজনা অধ্যক্ষ ৰূপে দ্বায়িত্ব পালন কৰিছিল বিশিষ্ট শিক্ষাবিদ কমলেশ্বৰ দাসে।

বিগত সময়চোৱাত অসম লোকসেৱা আয়োগে বিশাল অনিয়ম, স্বজন তোষণ, ধনৰ বিনিময়, প্ৰভাৱশালী ৰাজনীতিবিদ মন্ত্ৰীৰ সন্তান, অঙহী-বঙহীৰ নিযুক্তি, তুলনামূলক ভাৱে বিদ্যায়তনিক দিশত কম সফল এচাম ‘অযোগ্য’ক নিৰ্বাচন কৰা বুলি তীব্ৰ অভিযোগ উঠিছিল। পূৰ্বৰ চৰকাৰৰ আওকনীয়া মনোভাৱৰ বিপৰীতে বিজেপি চৰকাৰে বিষয়টোত গাদীত বহিয়েই মুখ্যমন্ত্ৰীয়ে সংস্কাৰমূলক পৰামৰ্শৰে সদিচ্ছা প্ৰকাশ কৰিছিল। আৰু এতিয়াও এগৰাকী দালালক গ্ৰেপ্তাৰ কৰাৰ পাছত ক্ৰমান্বয়ে অসম পুলিচে আৰম্ভ কৰা তদন্তলৈ সেউজ সংকেত প্ৰদান কৰি এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আৰু তাৰ বাবে সোনোৱাল চৰকাৰ ভূয়সী প্ৰশংসাৰ পাত্ৰ।

ইমান দিনে জনপ্ৰিয় গণ-মাধ্যমসমূহত প্ৰকাশ পাই থকা আশংকাবোৰ, কৃষক মুক্তিকে ধৰি সংগঠন সমূহে তুলি ধৰা অভিযোগবোৰ যেন ক্ৰমাত প্ৰমাণ হোৱাৰ দিশেই আগবাঢ়িছে। অসমৰ মানুহে সাংবিধানিক সংস্থা এটাৰ মুৰব্বী, সদস্য, বিষয়া ও দালাল চক্ৰৰ গ্ৰেপ্তাৰ ও তদন্তত উন্মোচিত কাহিনীবোৰৰ কথাই মানুহক আপ্লুত কৰিছে আৰু জনগণে আশা কৰিছে যাতে এই সকলৰ বিৰুদ্ধে থকা অভিযোগবোৰ আদালতৰ মজিয়াতো সৱলভাৱে সাব্যস্ত হব আৰু দৃষ্টান্তমূলক শাস্তিৰ বিধান হব। ইয়াৰ সমান্তৰালভাৱে আমূল সংস্কাৰ সাধন কৰিব লাগিব অসম লোকসেৱা আয়োগৰো। পূৰ্বৰ কু-কীৰ্তিক ম্লান কৰি পুনৰ মানুহৰ আস্থাভাজন হোৱাকৈ ইয়াৰ পুনৰ গঠন কৰাটো হব ৰাজ্য চৰকাৰৰ বাবে অনাগত দিনৰ নতুন প্ৰত্যাহ্বান।

এইখিনিতে বহু প্ৰশ্নই আগদেৱা কৰিছে। অসম আৰক্ষীয়ে চলোৱা তদন্তৰ আওতা আৰু পৰিসীমা কি হব? ৰাকেশ পালৰ কু-কৰ্মৰ বিচাৰতেই ই শেষ হৈ যাব নেকি? নে এই তদন্তত উদ্ধাৰ হোৱা অনিয়মৰ ইংগিত বা উন্মোচিত দিশবোৰক লৈও ক্ৰমাগতভাৱে চলিব অভিযান। বহুতেই আশংকা কৰা মতে, কেঁচু খানোতে সাপ ওলোৱাৰ সম্ভাৱনাৰ ফলতে এটা স্তৰত এই অভিযান নিস্তেজ হৈ যাবলৈ বাধ্য। বহুতেই অন্তত বিগত পাঁচ বছৰমানত হোৱা নিযুক্তি প্ৰক্ৰিয়াৰ পুনৰীক্ষণ আৰু চাকৰি কিনা সকলক চিনাক্ত কৰি বৰ্খাস্ত কৰাৰো পৰামৰ্শ আগবঢ়াইছে। খোদ তদন্তকাৰী অসম পুলিচৰ বহু বিষয়াৰো চাকৰিৰ প্ৰতি ভাবুকি অহাৰ সম্ভাৱনা, যাৰ বাবে এই হাই-প্ৰফাইল গোচৰটো সৰ্ব-ভাৰতীয় সংস্থা চিবিআই, নিয়া আদিৰ দ্বাৰা কৰোৱাটো অতি দৰকাৰী কথা হৈ পৰিছে। আমোলা গ্ৰেপ্তাৰেই শেষ সীমা নে তেওঁলোকক ব্যৱহাৰ কৰা ৰাজনেতাও আওতালৈ আহিব সেয়াও কোটি টকীয়া প্ৰশ্ন ৰূপে বিবেচিত হৈছে।

আনহাতে দেশৰ আন আন ৰাজ্যৰ ৰাজ্যিক লোকসেৱা আয়োগবোৰতো দুৰ্নীতি, ৰাজনৈতিক হস্তক্ষেপ, স্বজন-তোষণৰ বাতৰি কম নহয়। ৰাষ্ট্ৰীয় ৰাজনীতি কঁপোৱা মধ্যপ্ৰদেশৰ ব্যাপমৰ কথা কোনে নাজানে? খানিবলৈ গ'লে অসমতো ব্যাপমতকৈ ব্যাপক কাণ্ডৰ নেটৱৰ্ক পোহৰলৈ আহিব। অসমৰ আশীৰ দশকৰ পৰা এতিয়া পৰ্যন্ত সকলো চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াৰ কেচুঁ খানিবলৈ গ'লে সৰ্পিল নাগবাহিনীয়ে নেজত কোব পৰাৰ ফলত ভূ-কম্প সৃষ্টি কৰিবই! অসম আন্দোলনৰ পাছত আন্দোলনৰ নেতা-কৰ্মী, স্বজন-তোষণ, দলীয় কৰ্মীৰ ৰাজনৈতিক নিযুক্তিবোৰৰ কথাৰ বিষয়ে কোনো অজানা নহয়। উচ্চ ন্যায়ালয়ত সেই সংক্ৰান্তীয় দশক পুৰণি কেচ বোৰত আনকি চৰকাৰী পক্ষক জগৰীয়া সাব্যস্ত কৰি চাকৰি নিয়মীয়াকৰণতে এই গোচৰবোৰৰ স্ক'পটো শেষ কৰা হয়। তাৰ বিপৰীতে অবৈধ নিযুক্তি কিয় দিয়া হৈছিল, কোনে দিছিল, সেই সকলৰ অপৰাধ সাব্যস্তকৰণ তথা শাস্তি প্ৰদানৰ বিষয়টো খুৱ সচেতন ভাৱে এৰাই চলা হয়। হাইকৰ্টত কেচ খেলি ভুৱা নিযুক্তি বা অবৈধ নিযুক্তিৰ চাকৰি নিয়মীয়াকৰণৰ লাভজনক বজাৰখনৰ কথাও সমাজ নিকাকৰণৰ বিশাল দৃষ্টিৰে তদন্ত হোৱাৰ প্ৰয়োজন আছে।

পিছে দল-মত-জাতি-ধৰ্ম নিৰ্বিশেষ এই অব্যৱস্থাৰ দ্বাৰা উপকৃত সকলৰ ব্যক্তি স্বাৰ্থলৈ ইয়াৰে আহিব ভয়ংকৰ বিপদ। সেয়ে সেই ন্যায়ৰ সন্ধানত দুঃসাহস দেখুবাৱ খোজা হুইচেল ব্ল'ৱাৰ সকললৈ, ব্যাপমৰ তদন্তত সাক্ষী মচাৰ গোপন অভিযানত চল্লিশতকৈ অধিকজন সন্দেহজনকভাৱে মৃত্যুমুখত পৰাৰ দৰেই দুৰ্ভাগ্য নামি অহাটোৱেই স্বাভাৱিক হব বুলিও অনুমান কৰি লব পাৰি। ব্যাপম কেচতো আঢ়ৈ হাজাৰতকৈ অদিক গ্ৰেপ্তাৰী পৰৱোনা জাৰী হৈছিল, দুহেজাৰতকৈ অধিক লোকে ন্যায়িক জিম্মাত ৰুটি চিঙি আছে আৰু এই সকলৰ বেছিভাগেই পুঠি খলিহনাহে। ৰৌ-বাহু জালত নপৰিবলৈ লিংক মচাৰ অভিযানতহে আচলতে ইমানবোৰ মানুহৰ সন্দেহজনক মৃত্যু ঘটিছে! সেয়ে এনে তদন্তৰ বাস্তৱিক পৰিসীমা নিৰ্ণয় কৰি চিষ্টেম নিকা কৰাৰ প্ৰত্যাহ্বানটো চৰকাৰ, নাগৰিক সমাজ সকলোৰেই বাবেই হৈছে আজি অগ্নিপৰীক্ষা স্বৰূপেই। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ নিকা ভাবমূৰ্তিৰ বিপৰীতে প্ৰাদেশিক লোকসেৱা আয়োগবোৰ এনে অভিযোগৰ আৱৰ্ততে কিয় থাকে সেই প্ৰশ্নৰো উত্তৰ সমাজে বিচাৰিব লাগিব।

বিশিষ্ট চিন্তাবিদ হোমেন বৰগোহাঞিয়ে বিতৰ্কিত আয়োগখনক লৈ নিজৰ কলমেৰে একালত সুনাম থকা অনুষ্ঠানটো ক্ৰমাত কিদৰে ৰাজনৈতিক হস্তক্ষেপৰ জৰিয়তে দিনক দিনে ৰাজনৈতিক শ্ৰেণীৰ নিজা স্বাৰ্থ সিদ্ধিৰ হাতোৰাত বন্দী হ’লহি কেইবাটাও লেখাৰে উন্মোচন কৰি দিছিল। তেখেতৰ লেখনিত প্ৰকাশ পোৱা মতেই প্ৰয়াত হিতেশ্বৰ শইকীয়া নেতৃতাধীন স্বেচ্ছাচাৰী শাসনৰ কালৰে পৰাই অসম লোকসেৱা আয়োগ ক্ৰমান্বয়ে কলংকৰ পংকিলতালৈ সোমাবলৈ ধৰিলে। অসম গণ পৰিষদৰ প্ৰথমবাৰৰ চৰকাৰে এই বিষয়ত কিছু শুধৰণিসুলভ স্থিতি গ্ৰহণ কৰিলেও কিন্তু পাছৰ বাৰ শাসনকালত এই আয়োগক একেদৰেই ৰাজনৈতিক নেতাৰ পুতলাত পৰিণত কৰাতহে হাত উজান দিয়া দেখা গ’ল।

দুহেজাৰ চনত, তদানীন্তন আয়োগৰ অধ্যক্ষ ডাঃ তাৰাপ্ৰসাদ দাসৰ দিনত হোৱা পৰ্বতসম দুৰ্নীতিৰ কথা সংবাদ মাধ্যমে পোহৰলৈ অনাৰ পাছতে নতুনকৈ মুখ্যমন্ত্ৰী হোৱা তৰুণ গগৈয়ে অৱসৰপ্ৰাপ্ত আই.এ.এছ বিষয়া তপনলাল বৰুৱাৰ নেতৃত্বত এখন এজনীয়া তদন্ত আয়োগ গঠন কৰি বিষয়টোত পদক্ষেপ লবলৈ নিৰ্দেশ দিছিল। সেই বছৰৰ ৩১ ডিচেম্বৰতে এই আয়োগে ৫২টাকৈ পৰামৰ্শৱলী কাৰ্যকৰীকৰণৰ বাবে আগবঢ়ায়। কিন্তু গগৈ চৰকাৰে পৰামৰ্শৱলীক কাৰ্যকৰী কৰাৰ সলনি এখন কেবিনেট উপসমিতি পাতি, সেই সমূহৰ ওপৰত বিচাৰ কৰিবলৈহে এৰি দিয়ে। এই কেবিনেট উপসমিতিয়ে আয়োগৰ মূল দুটা পৰামৰ্শৱলীকে নাকচ কৰি দিয়াৰ ফলতে মূলত অসম লোকসেৱা আয়োগৰ সংস্কাৰ সাধনৰ দুৱাৰখন গগৈ চৰকাৰৰ চৈধ্য বছৰীয়া কাৰ্যকালত বাস্তৱতঃ বন্ধ হৈ থাকিল। “কমিছন অৱ এনকুৱেৰী এক্ট”ৰ অধীনত ঘোষিত এনে তদন্ত আয়োগৰ প্ৰতিবেদন যদিও বিধান সভাত ছমাহৰ ভিতৰতে দাখিল কৰাৰ নিয়ম, তথাপি চৈধ্য বছৰ অতিক্ৰম কৰাৰ পাছতো গগৈ চৰকাৰে প্ৰতিবেদন সদনৰ মজিয়াত উপস্থাপন নকৰিলে। তাৰ বিপৰীতে কোনো অভিযোগ উঠিলেই প্ৰতিবাদ মষিমূৰ কৰা, ভেঙুচালি কৰাৰ বেপেৰুৱা কৌশল অৱলম্বন কৰাহে দৃষ্টিকটুকৈ পৰিলক্ষিত হ’ল।

সেই পৰামৰ্শৱলী সময়মতে কাৰ্যকৰীকৰণ হোৱা হ’লে বৰ্তমানৰ বিতৰ্কিত অধ্যক্ষজনৰ বিতৰ্কিত ৰাজনৈতিক নিযুক্তিৰ ক’লা অধ্যায়ো সংঘটিত নহলহেতেন বুলিও বহুবিশ্লেষক মত প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বিতৰ্কিত অধ্যক্ষ ৰাকেশ পালকো অতি খৰখেদাকৈ যাৱতীয় নীতি-নিয়মৰ পালন নকৰাকৈয়ে মুখ্যমন্ত্ৰীৰ উদ্যোগত নিযুক্তি দিয়া হৈছিল বুলিও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। তেওঁক দীৰ্ঘদিন ৰাজনৈতিক সুৰক্ষা প্ৰদান কৰি ধৃতৰাষ্ট্ৰ সাজি তৰুণ গগৈয়ে এই বিষয়ত কাললৈ কুখ্যাতি গোটাই লোৱা বুলি ক’লেও হয়তো অতুক্তি নহব! যাৰ সাহসতে ঘৰতে উত্তৰবহী লিখোৱাকে ধৰি আশ্চৰ্যকৰ দুষ্কাৰ্য তথা চূড়ান্ত দৌৰাত্ম্যবোৰ কৰি আছিল পদবীধাৰী এইসকল সামাজিক অপৰাধীয়ে। অৱশেষত কৃষক মুক্তিৰ বৰ্ধিত প্ৰতিবাদৰ পৰা সাময়িক ভাৱে ৰেহাই পাবলৈ গগৈ চৰকাৰে জ্যেষ্ঠ আই.এ.এছ বিষয়া এম.পি.বেজবৰুৱাৰ নেতৃত্বত এখন কমিটি পাতি দি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰা কিবা মডেল লব পাৰি নেকি তাক বিচাৰ কৰিবলৈ দিছিল। এই কমিটিয়ে লোকসেৱা আয়োগৰ সদস্য সকলৰ নিযুক্তিৰ বিষয়েও পৰামৰ্শৱলী দিয়াৰ কথা আছিল যদিও আজিকোপতি সেই কমিটিয়ে কি কৰিলে সেয়া জনা নগ’ল।

ঘূণে ধৰা ব্যৱস্থাৰে নিযুক্তি দি কোনো কালেই একোটা সুস্থ প্ৰশাসনিক ব্যৱস্থাৰ মেৰুদণ্ড গঢ়ি তুলিব নোৱাৰি। এই ব্যৱস্থাৰে কেৱল এচাম দুৰ্নীতিকাৰী, ক্ষমতাৰে বলীয়ান, উদণ্ড দিন-ডকাইতৰহে সৃষ্টি কৰিব পাৰি, যিটো আজি ৰাইজে প্ৰত্যক্ষ কৰিছেই! ৰাজনেতা সকলকতো নিৰ্বাচনত প্ৰতি পাঁচবছৰতে নকৈ নিৰ্বাচন কৰাৰ সুযোগ পোৱা যায়, কিন্তু ৰাজবিষয়া সকলক এনেকৈ এবাৰ নিযুক্তি দিলে গোটেই জীৱন সমাজখনে দুৰ্ভোগ ভূগিব লগা হয়। নিজৰ ৰাজনৈতিক লিংক, ধনবল, বাহুবলৰ প্ৰভুত্বৰে এচামে ক্ষমতাৰ ৰাজপত্ৰিত চকী কব্জা কৰি লোৱাৰ ফলতেই আন কেৱল মেধাৰ বলত চাকৰি লাভ কৰা সকলেও আজি সমাজত দুৰ্নামৰ সন্মুখীন হব লগা হৈছে। পুনৰীক্ষণ অথবা আইনী মেৰপেচলৈ আহিলে চাকৰি কিনা সকলৰ সৈতে ভাল সকলৰ অৱস্থাও জানো উলুৰ লগত বগৰী পোৰা নহব?

অনাগত দিনত এই সাংবিধানিক প্ৰতিষ্ঠানটোৰ হৃত গৌৰৱ উদ্ধাৰ কৰাৰ অতীৱ প্ৰয়োজন আছে। ৰাজনৈতিক হস্তক্ষেপৰ হাতোৰাৰ পৰাও ইয়াক মুক্ত কৰিবই লাগিব। তপনলাল বৰুৱা আয়োগৰ ৫২টা পৰামৰ্শৱলীৰ কাৰ্যকৰীকৰণৰ বাবে সচেতন ৰাইজেই চৰকাৰক বাধ্য কৰাব লাগিব। পৰীক্ষা তথা নিযুক্তি প্ৰক্ৰিয়া অধিক স্বচ্ছ আৰু নিকা কৰাৰ স্বাৰ্থত দেশ-বিদেশৰ সংস্থাই লোৱা ট’ফেল, জি-মেট আদি পৰীক্ষাৰ আৰ্হিত কেন্দ্ৰীভূত প্ৰযুক্তি কেন্দ্ৰত অনলাইন পৰীক্ষাৰ বিকল্পৰ কথা চিন্তা কৰা উচিত। অফলাইন পৰীক্ষাৰ ক্ষেত্ৰত প্ৰশ্ন কাকত আগতীয়াকৈ বিক্ৰী কৰাটো ৰোধ কৰাৰ বাবে কেইবাটাও ছেটৰ প্ৰশ্ন কাকত তৈয়াৰ কৰি, পৰীক্ষা কেন্দ্ৰত থিতাতে লটাৰী যোগে শেষ সিদ্ধান্ত লোৱাৰ ব্যৱস্থাও কৰিবও পাৰি। পৰীক্ষাৰ উত্তৰ বহী পাছত লিখোৱাৰ অভিযোগৰ পৰা মুক্ত কৰিবলৈ পৰীক্ষাৰ বহী জমা দিয়াৰ পাছতে তাক থিতাতে স্কেন কৰি চাৰ্ভাৰত জমা কৰাৰ লগতে সেই স্কেন কপিকে দুজনতকৈ অধিক পেনেল বিশেষজ্ঞক পৰীক্ষা কৰিবলৈ দিয়াৰ ব্যৱস্থাও কৰা উচিত। মৌখিক পৰীক্ষা তথা সাক্ষাতকাৰৰ ভিডিঅ’ ৰেকৰ্ডিঙৰ ব্যৱস্থাৰ লগতে এই পৰীক্ষাৰ নম্বৰ অতি নগণ্য বা শূণ্য কৰাৰ ব্যৱস্থা কৰিব লাগে। অভিযোগ উঠাৰ দৰে মৌখিক পৰীক্ষাত কাঠ পেঞ্চিলেৰে নম্বৰ দিয়াটো বাৰণ কৰিব লাগে। তাৰ সলনি সাক্ষাতকাৰত প্ৰাৰ্থী একোজনৰ সমগ্ৰ শৈক্ষিক তথা অন্যান্য ক্ষেত্ৰৰ অৰ্হতাৰ প্ৰমাণ পত্ৰ আৰু নম্বৰৰ ভিত্তিত এক বিশেষ পদ্ধতি অৱলম্বন কৰি টেট শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়াৰ দৰেই ক্ৰুটিহীন কৰি পেলাব লাগে।

এই আয়োগৰ পুনৰ গঠনত অসমৰ বিভিন্ন বুদ্ধিজীৱিয়ে পৰামৰ্শ দিয়াৰ দৰেই আয়োগৰ সদস্য হবৰ বাবেও মুকলি প্ৰতিযোগিতামূলক পৰীক্ষা আৰু অৰ্হতাৰ মূল্যমান তথা সামাজিক প্ৰতিষ্ঠাক গুৰুত্ব প্ৰদান কৰা হওক। ৰাজনৈতিক নিযুক্তিৰ সলনি আয়োগখনতো মেধাৰ ভিত্তিত স্বচ্ছ নিযুক্তি প্ৰদান কৰিলেহে সাংবিধানিক সংস্থাটিক ন-ৰূপত গঢ়ি তুলিব পৰা যাব। অসমৰ সকলো স্তৰৰ মেধাৱী শিক্ষাৰ্থী সকলক নিজা প্ৰতিভা প্ৰতিপন্ন কৰাৰ বাবে এখন নিকা মঞ্চ আয়োগৰ যোগেদি চৰকাৰে দিবই লাগিব। এই জটিল সময়ত অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সচেতন ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, আবাল-বৃদ্ধ বনিতাই দল-মতৰ বেৰা নেওচিও অসমৰ শাসন ক্ৰমাত চাকৰি কিনা দিন ডকাইতৰ হাতলৈ গুচি যোৱাৰ পৰা ৰক্ষা কৰাৰ বাবেই তদন্ত থমকি নোৰোৱাৰ নিশ্চিতি লোৱাৰ সময় আহি পৰিছে। ৰাজনৈতিক দল সমূহ বা আন জাতীয় সংগঠনক পেশা হিচাবে গ্ৰহণ কৰা নেতা জাতীয় মানুহবোৰে এই আয়োগক নিজা আঙুলিৰ তালত নচা পুতলা কৰি ৰাখিবলৈকে সদায়েই চেষ্টা কৰি আহিছে। তদন্তৰ আওতা বৃদ্ধি কৰি আৰু অধিক কুশল তদন্তকাৰী সংস্থা নিয়োগ কৰি তেনে ৰৌ-বৰালীকো শাস্তি দিয়াব পাৰিলেহে, বেমাৰৰ শিপা উচন কৰিব পাৰিলেহে সৰ্বা চৰকাৰৰ সদিচ্ছাই সৰ্বাত্মক ৰূপ পোৱা বুলি কব পৰা যাব। তদন্ত, পালতেই আৰম্ভণি পালতেই অন্ত ধৰণৰ হ’লে আৰু আয়োগখনক সংস্কাৰ সাধেনেৰ হৃত গৰিমা ঘূৰাই নানি সাংবিধানিক সংস্থা সমূহৰ স্বকীয়তা আৰু স্বচ্ছতা এইদৰে লুণ্ঠিত হবলৈ এৰি দিলে উত্তৰ-পুৰুষে যে কাকোৱেই ক্ষমা নকৰিব সেই কথা কিন্তু নিশ্চিত।

ইমেইলঃ tolalinc@gmail.com , ফোনঃ 9531107150

No comments:

Post a Comment