মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ক'লা ধনৰ বিৰুদ্ধে যুদ্ধ 
বনাম বগাধনৰ অপচয় 
ড° বিজয় কৃষ্ণ চেতিয়া
দেশত নতুন মুদ্ৰা নীতি অাৰম্ভ হ'ল, বিমুদ্ৰাকৰণ কৰা হ'ল ৫০০ আৰু ১০০০ টকীয়া নোট। দেশত হাহাকাৰ অৱস্থা সৃষ্টি হ'ল, সাধাৰণ জনতাই নিজৰ কষ্টোপাৰ্জিত ধনকেইটা সু্ৰক্ষিত কৰিবলৈ অশেষ কষ্টেৰে দীঘলীয়া শাৰীত ঠিয় হ'ল। ৰাইজৰ দুৰ্দশা দেখি প্ৰধান মন্ত্ৰীয়েও চকুলো টুকিলে। ৰাইজ নিৰাশ নহ'ল, দেশৰ সুস্থিৰ অৰ্থনীতি স্বাৰ্থত ৰাইজে নিজৰ কৰণীয় কৰি গ'ল। 

এই খিনি লৈকে ওপৰে ওপৰে সকলো থিকেই আছিল। কিন্তু ইয়াৰ পিছতে আমাৰ দৰে কৰ্মহীনবোৰৰ মূৰত কিছু অলাগতীয়াল প্ৰশ্নই খুন্দা খুন্দি কৰিবলৈ আৰম্ভ কৰিলে। 

১৭ নৱেম্বৰ, ২০১৬, তাৰিখৰ পৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ল, আৰু প্ৰথম দুটা দিন হাইস্থূলেৰে সদন স্থগিতেৰে পাৰ হ'ল। সাধাৰণ ৰাইজৰ ভাবিবলৈ কিটো আছে, সেইবোৰ ডাঙৰ মানুহ ডাঙৰ কথা, ভাৱেৰে বেংকৰ লাইনত থিয় ৰৈ ৰ'ল। ৰাইজে পিছে লাইন পাতি বেয়া নাপায় , অভ্যাসটো পুৰণি , মতাধিকাৰৰ সময়ৰ লাইন, বানপানীৰ ৰিলিফৰ কেম্পত লাইন আৰু শেহতীয়াকৈ জিঅ' চিমৰ লাইন , কিনো কথাটো ঠিয় হৈ থাকিবহে লাগে। নে কি কয়? 

এনেকৈয়ে আৰু কিমান দিন ৰাইজ? আমাৰ নিৰ্বাচিত সাংসদসকল কিমান জনচেতনাৰে পৰিপুষ্টনে? প্ৰকৃততে  সেয়া সত্য অলপো নহয় । যিসময়ত দেশৰ সাধাৰণ ৰাইজে নিজৰ মূল্যৱান সময় দেশৰ বাবে ত্যাগ কৰিছে, আমাৰ সাংসদসকলে তেওঁলোকৰ সময় বোৰ কাজিয়া বাক বিতণ্ডাৰে সদন স্থগিত কৰি দেশক সকলো পিনৰ পৰা অনিষ্ট কৰিছে। কিন্তু হব লাগিছিল কি , গঠনমূলক চিন্তাৰে দেশ আগুৱাই নিয়া পৰিকল্পনা।

আপুনি হয়তু জানি আচৰিত হব সংসদৰ প্ৰতিটো মিনিট চালিত কৰিবলৈ কিমান খৰছ হয়, ২০১২ চনত ইয়াৰ পৰিমান আছিল ২৫,০০০ টকা/প্ৰতি মিনিট আৰু ২০১৫ চনত ইয়াৰ পৰিমান বাঢ়ি হ'ল গৈ ২৯,০০০ টকা/ প্ৰতি মিনিট আৰু সদন চলে দিনে গড়ে ৫/৬ ঘন্টা । গতিকে আপুনি খৰছৰ হিচাপটো নিজে উলিয়াই লওঁক। এতিয়া দুটা দিনৰ অপচয়টো চাওঁক। ২০১৫ চনৰ বৰ্ষাকালীন অধিৱেশনত ১৮টা দিন সদন অচল আছিল, অপচয় হৈছিল ৩৫ কোটি ( উৎস ndtv , economic times)

আমাৰ চিন্তাৰ বিষয়টো হ'ল এই ধনখিনি অৰ্থাৎ অপচয়খিনি কিন্তু কোনো পুঁজিপতিৰ ক'লাধন নহয়, এইয়া আপোনাৰ মোৰ কষ্টোপাৰ্জিত বগা ধন। গতিকে এইযে আমি ক'লাধনৰ বিপৰীতে যুদ্ধ ঘোষণা কৰিছোঁ, তেনে সময়ত আমি আমাৰ বগা ধনৰ অপচয়কলৈ কিমান সজাগ। 

এবাৰ চকু দিয়ক চোন আমাৰ নেতাসকলৰ নিৰ্বাচন প্ৰক্ৰিয়া পৰা তেওঁলোকৰ আৰামপ্ৰিয় জীৱন প্ৰক্ৰিয়ালৈ। জাকজমক ৰাজনৈতিক নিৰ্বাচনী সভা পৰা উন্নত নিৰাপত্তা ব্যৱস্থাৰে অভ্যস্ত তেওঁলোকৰ জীৱন প্ৰক্ৰিয়ালৈ। আপোনাৰ বগাধনৰ তেজেই জানো এওঁলোকে খোৱা নাই।
আজি তাৰিখত আমি বাৰু আমাৰ গণতন্ত্ৰৰ ঘূণে ধৰা অংশবোৰকলৈ চিন্তিত হবৰ হ'ল নেকি? মই জানো এইবোৰ ভাৱিবলৈ আপোনাৰ সময় নাই, এই কেইদিন লাইনত এনেই থিয় হৈ থকাতকৈ এইবোৰকে ভাৱকচোন।

জয় আই অসম
জয় হিন্দ....

No comments:

Post a Comment