সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ে চলিত বৰ্ষৰ বঁটা কালি প্ৰদান কৰা হয় বিশিষ্ট শিক্ষাবিদ তথা অসমৰ সু-সন্তান ডঃ মৃণাল মিৰিক। এই বঁটা প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে।

২. অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ বিষয়ত তদন্ত এতিয়াও থমকি ৰোৱা নাই। ৰাকেশ পালৰ তুৰাৰ ঘৰতো তালাচী চলোৱাৰ লগতে, গ্ৰেপ্তাৰ হোৱা সদস্য ডঃ বসন্ত কুমাৰ দলেই ১৪গৰাকী প্ৰাৰ্থীৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ তথ্যও আৰক্ষীয়ে লাভ কৰাৰ সুখবৰ।

৩. অসম সাহিত্য সভাৰ মজিয়া পুনৰ বিতৰ্কৰ মাজলৈ অহাৰ পাছত এইবাৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহকক অবৈধ আখ্যা দি প্ৰতিবাদ ৰাজহুৱা কৰিলে ৪গৰাকী প্ৰাক্তন সভাপতি সহ ২২গৰাকী বিশিষ্ট সাহিত্যিক-সাংবাদিকে। কাৰ্যনিৰ্বাহক সভাৰ পুনৰ গঠন কৰিহে শিৱসাগৰত শতবাৰ্ষিকী পালন কৰিবলৈকো জনালে আহ্বান।


৪. যোৰহাট গ্ৰন্থমেলাৰ বাকৰিত ডঃ মালিনীৰ অজান পক্ষী উন্মোচন কৰিলে মৌচাক মামা ডঃ শান্তনু তামূলীয়ে। অসমীয়া গ্ৰন্থবোৰ ইলেক্ট্ৰনিক মাধ্যমত প্ৰকাশৰ সময় আহি পৰা বুলিও তেখেতে মত প্ৰকাশ কৰে। দেৱজিত গোস্বামীৰ গ্ৰন্থ বিল গেটছৰ অসুখ আৰু অন্যান্যও উন্মোচিত হোৱাৰ সুখবৰ।


৫. কালি গুৱাহাটী প্ৰেছ ক্লাৱত বাংলাদেশৰ লেখকৰ মুকুল ৰায়ৰ মূল বাংলা ভ্ৰমণোপন্যাসৰ সংগীতা বৰুৱা শইকীয়াই কৰা অনুদিত ৰূপ পাহাৰী কন্যা বাগেশ্বৰী উন্মোচিত হয়। উন্মোচন কৰে  বিশিষ্ট কবি-গীতিকাৰ মীৰা ঠাকুৰে।


৬. অচিৰেই সদৌ অসম টাই আহোম ছাত্ৰ সন্থা দ্বি-বিভক্ত দুটি গোটৰ একত্ৰীকৰণ সম্ভ হব বুলিও বাতৰি প্ৰকাশ পাইছে। জনগোষ্ঠীয় অধিকাৰৰ সংগ্ৰামখন শক্তিশালী ৰূপত আগুৱাই নিয়াৰ বাবে এয়া সময়োচিত পদক্ষেপ ৰূপেও পৰিগণিত হৈছে।

৭. অহা ১৬-১৭ ডিচেম্বৰত মৰিয়নি কলেজত অনুষ্ঠিত হব সোণালী জয়ন্তীৰ বৰ্ণাঢ্য সামৰণী অনুষ্ঠান। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও শিক্ষামন্ত্ৰীয়েও অংশগ্ৰহণ কৰিব।

৮. সঞ্জীৱন প্ৰকাশনে অসমীয়া ভাষাৰ প্ৰথম লেখক সাংবাদিকৰ গাইড নামৰ গ্ৰন্থখনি সংশোধিত আৰু পৰিবৰ্ধিত ৰূপত পুনৰ প্ৰকাশ কৰি উলিয়াইছে। জ্যেষ্ঠ সাংবাদিক ভাতৃদ্বয় শান্তনু কৌশিক বৰুৱা আৰু শাংকৱ কৌশিক বৰুৱাই যুগুত কৰা পুথিখনৰ সংকলন সহযোগী হিচাবে অৰিহণা যোগাইছে উতপল দত্ত, প্ৰভাত গোস্বামী, ৰঞ্জু হাজৰিকা, অভিজিত শৰ্মা বৰুৱা, দেৱজ্যোতি বৰা আৰু নেত্ৰকনল গোস্বামীয়ে।

৯. ভূটানৰ থিম্ফুত টং ইল মিডুৰ ছাউথ এছিয়ান গেমছলৈ অৰ্থৰ অভাৱত যাব নোৱাৰা কিক বক্সাৰ বিশ্বজিত ৰায়লৈ বাতৰি কাকতত প্ৰকাশিত বাতৰিৰ পাছতে ১৮হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াইছে গুৱাহাটীৰ কামাখ্যাৰ নীলাচল স্পৰ্টচ ক্লাৱ। উল্লেখযোগ্য যে শৈশৱতে দুৰ্ঘটনাত এখন হাত হেৰুৱা ৰায়ে এখন হাতেৰে কিক বস্কিংত প্ৰতিপক্ষত ধৰাশায়ী কৰি আহিছে।

১০. গুৱাহাটীত চলি থকা এলীট ছিনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত ছেমিফাইনেলত প্ৰৱেশ কৰিলে শিৱ থাপা, দ্ৰেৱেন্দ্ৰ আৰু মনোজ কুমাৰে। আনফালে শিৱসাগৰত অনুষ্ঠিত শৰীৰ চৰ্চা প্ৰতিযোগিতাত ডিমৌ ৰিয়ান ফ্লেক্স জীম ক্লাৱৰ আৰিফ আলিয়ে মিঃ শিৱসাগৰৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।

No comments:

Post a Comment