১. নগাঁও আৰু কাছাৰ কাগজ কলৰ পুনৰোজ্জীৱিকৰণ বাবে কেন্দ্ৰীয় চৰকাৰে ৮০০কোটি টকা মোকোলাই দিয়াৰ বাবে অচিৰেই কেবিনেট টোকা প্ৰস্তু কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ অনুমোদনৰ বাবে পঠিওৱাৰ প্ৰস্তুতি চলা বুলি অসমৰ উদ্যোগ মন্ত্ৰীয়ে সুখবৰ সদৰী কৰিছে।
২. বগীবিল দলঙৰ কাম দ্ৰুততৰ কৰিবৰ বাবে পূৰ্বতকৈ অধিক ধন মোকোলাই দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে।
৩. নগাঁও প্ৰেছ ক্লাৱত কালি উন্মোচিত হয় বিশিষ্ট নাট্যকাৰ আব্দুছ ছুভানৰ পূৰ্ণাংগ নাট ‘ৰহিমা’। উল্লেখযোগ্য যে ২০০১ চনত শম্ভু চিকাৰী নামৰ নাটকখনৰ বাবে নাট্যকাৰগৰাকীয়ে অসম নাট্য সন্মিলনৰ পৰা লাভ কৰিছিল বিশেষ বঁটাও।
৪. ধেমাজি প্ৰেছ ক্লাৱে অতিক্ৰম কৰিলে ৰূপালী জয়ন্তী বৰ্ষ। অহা ২৩ ডিচেম্বৰত ৰূপালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানৰ শুভাৰম্ভ কৰা হব।
৫. কেনছাৰ প্ৰতিৰোধী কলা ধানৰ খেতি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰি প্ৰচুৰ উতপাদন লাভেৰে আদৰ্শ দেখুৱালে দৰঙৰ ধ্ৰুৱজ্যোতি শইকীয়াই। দৰঙ কৃষি বিজ্ঞান কেন্দ্ৰই এই ক্ষেত্ৰত সম্পূৰ্ণ পৰামৰ্শ আৰু দিহা দিয়া বুলিও জানিব পৰা গৈছে।
৬. সাৰথিৰ উদ্যোগত কালি গুৱাহাটীত পালিত হয় ‘ৰাসায়নিক দুৰ্যোগ প্ৰতিৰোধ দিৱস’। ইয়াৰ সৈতে সংগতি ৰাখি ‘অসমৰ ৰাসায়নিক প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ’ শীৰ্ষক এখনি ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।
৭. প্ৰয়াত ভূপেন বৰ্মন চতুৰ্থ বাৰ্ষিক সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ শিল্প-কলা বিষয়ৰ স্নাতক পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰা ছাত্ৰ ‘চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়, অসম’ৰ মনোজ কুমাৰ শৰ্মাক এই বঁটা প্ৰদান কৰা হয়।
৮. গুৱাহাটীৰ প্ৰকৃতি সংগঠন আৰ্লি বাৰ্ডছে মহানগৰীৰ বাটৰুৱা কুকুৰৰ বন্ধ্যাকৰণ ও জলাতংক প্ৰতিৰোধী বেজি প্ৰদানৰ অভিযান চলোৱাৰ বাতৰি। এই কাৰ্যসূচীত নুনমাটি শোধনাগাৰে আৰ্থিক সাহাৰ্য আগবঢ়াইছে।
৯. গ্ৰাম্য নিয়োগ নিশ্চিতকৰণৰ আঁচনিৰ বাবে মোদী চৰকাৰে শেহতীয়াকৈ অতিৰিক্ত ৩৫০০০কোটি টকা ধাৰ্য কৰিছে আৰু ই সংসদীয় কমিটিৰ অনুমোদনো লাভ কৰিছে।
১০. গুৱাহাটীত এইবাৰ আৰম্ভ হ’ল বিলাসী গাড়ী ব্ৰেণ্ড মাৰ্ছিডিছৰ শ্ব’ৰুম। অসম মটৰ্ছৰ বেনাৰত কোম্পানীটোৱে কালি শ্ব’ৰুমটো মুকলি কৰে।
No comments:
Post a Comment