পৰমাসক্তৰ আত্মকথাঃ ''পাপে চুব ৰাইজ"
নাপায় বুইছে, মোৰ দৰে এজন মহাপুৰুষ, মহাপ্ৰতাপী, সৰ্বজ্ঞানী, সৰ্বশ্ৰেষ্ঠ সাহিত্যখাদকক এইদৰে ৰাজহুৱাকৈ তিৰষ্কাৰ, উপলুঙা আৰু ইতিকিং কৰিব নাপায়৷ বৰ দুখ পাইছোঁ৷ বৰগোহাঞিছাৰ, শইকীয়াছাৰক মই শ্ৰীশ্ৰী পৰমাসক্ত ৰাজবংশীয়ে বৰ সন্মান কৰিছিলোঁ৷ নিউজ চেনেলে মোৰ বিৰুদ্ধে কি বকে,বকি থাকক৷ আই ডণ্ট কেয়াৰ৷ মোক জে’লত ভৰায় !! হুহ ! নাম নাজানো তাৰ ! নাম নাজানো কাৰণেই তেওঁলোক মোৰ অচিনাকি মানুহ৷ কিন্তু আপোনালোক ছাৰ,আপোনালোকতো মোৰ একেবাৰে নিজৰ মানুহ আছিল৷ আপোনালোকে অন্ততঃ মোক বুজি পাব লাগিছিল৷ কিন্তু এতিয়া মোৰ বিৰুদ্ধে আপোনালোকেই বিবৃতিত স্বাক্ষৰ কৰি দিলে ! সঁচাকৈয়ে বৰ হৃদয়বিদাৰক আৰু সকৰুণ৷ আমাৰ বৰাছাৰলৈ দেখিছেনে ! কিমান শান্ত,স্থিৰ আৰু ধৈৰ্যশীল মানুহ! সাহিত্যিক হ’ব লাগে ডাঃ বৰাছাৰৰ লেখিয়া৷ তেহে সভাৰ নাম ৰৌছন হ’ব, ঋত্বিক ৰৌছনৰ লেখিয়া পুৰা ইণ্ডিয়াত ৱৰ্ল্ড-ফেমাছ৷ মিছা ক'লে কি ডাল হব!
অসমীয়া সাহিত্যক বিশ্বদৰবাৰলৈ লৈ যাবলৈ মই কিমান কি কি নকৰিলোঁ ! জন্ম হোৱাৰে পৰা এতিয়ালৈকে সাহিত্য সভাৰ চুকটোতে চুক-ভেকুলী পৰাৰ দৰে পৰি থাকিলোঁ৷ সেই চুকটোতে বিচনা এখন পাতি, লেপ-কম্বলৰ তলত সোমাই সোমাই,বিদেশী পানীয়ৰ লগত মুৰ্গীৰ ঠেং চোবাই চোবাই অসমৰ ইতিহাস, বুৰঞ্জী, বিশ্বকোষ,অভিধান সব একাকাৰ কৰি পেলালোঁ৷ জাৰ-জহ সমস্ত কাটি কৰি দিন-ৰাত মেহনত কৰি হ’ল লাইফ...হ’ল লাইফ মই সাহিত্য সভাৰ নামত ডেডিকেট কৰি দিছোঁ ৷ ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নাম লগাই দিছোঁ ৷ যাতে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ খিছিৰি খাই সিহঁতৰ পেটকেইটা বেয়া নহয় ৷ পেট বেয়া হ’লেই লাগিল নহয় লেঠা ৷ হাস্পতাললৈ অহা-যোৱা ৷ আৰু মই এটা মানুহে হাস্পতাললৈ অহা-যোৱা কৰিমনে সভাৰ কাম-কাজকে চাম ! সেইকাৰণে ‘বোলোঁ,ইংলিছ মিডিয়ামতে পঢ়৷ অসমীয়া ভাষা অহা জনমত শিকিবি৷’ ইমান ত্যাগ অইন কোনো সাহিত্যপ্ৰেমীয়ে কৰিব পাৰিবনে ! মোৰ দৰে দুইঠেঙীয়া ঘৰচীয়া পৰনাৰীপ্ৰেমী জীৱ এটাই ইয়াতকৈ অধিক আৰু কি কৰিব পাৰে ! মাজে-মাজে সভাৰ চুকটোৰ পৰা ওলাই আহিলোঁ,ৰাইজৰ মাজত বিতৰ্কৰ সৃষ্টি কৰিবলৈ৷ চকুৰ টিপতে গৈ নিউজ চেনেলৰ ৰঙা বৃত্তটোৰ ভিতৰতো সোমালোঁ৷ সেয়া কৰিছিলোঁ পাহৰণিৰ গৰ্ভলৈ গতি কৰা সভাৰ গ্লেমাৰকণ বচাই ৰাখিবলৈহে৷ মানুহখিনিয়ে মোক নুবুজিলে৷ ঘৰে-ঘৰে গৈ জখলা বগাই ছাইনলুমৰ টিনপাত লগালোঁ৷ এতিয়া কঁকালৰ বিষত তৰণি পোৱা নাই৷ বৰাছাৰৰ কেঁকনি এতিয়াও মোৰ নাকত অ’হ ছ’ৰি কাণত বাজি আছে৷ এইবোৰ খবৰ জানো আপোনালোকে ৰাখিছে !
আচলতে আপোনালোকক দোষ দিও লাভ নাই৷ ভুল মোৰেই৷ মোৰ জন্ম হ’ব লাগিছিল ইটালি,ফ্ৰান্স নাইবা জাপানৰ দৰে সাহিত্য-সংস্কৃতিৰ প্ৰকৃত মূল্য বুজি পোৱা,গুণী লোকেৰে উভৈনদী হৈ থকা দেশত৷ মই কেতিয়াবাই সাহিত্যৰ ন’বেল বঁটা পাই গ’লোঁহেঁতেন৷ মোৰ নামত সেইবোৰ দেশৰ মানুহে স্কুল,কলেজ,ইউনিভাৰ্ছিটি স্থাপন কৰিলেহেঁতেন৷ চুবুৰীয়া দেশৰ পৰা জাকে-জাকে ল’ৰা-ছোৱালী সেইবোৰ প্ৰতিষ্ঠানত অধ্যয়ন কৰিবলৈ গ’লহেঁতেন৷ সিহঁতে মোৰ বিষয়ে গৱেষণা কৰিলেহেঁতেন৷ উফ! ভাবিলেই ভাল লাগি যায়৷ মোৰ উপন্যাসোপম জীৱন-কাহিনীক আধাৰ হিচাপে লৈ হলিউডে কল্প-বিজ্ঞানধৰ্মী ছবি নিৰ্মান কৰিলেহেঁতেন৷ সেইবোৰ চিনেমাই অস্কাৰ-টচকাৰ পাই গ’লহেঁতেন৷ কিন্তু মোৰেই দুৰ্ভাগ্য-মোৰ জন্ম হ’ল অসমৰ দৰে এখন ৰাজ্যত৷ মোৰ দৰে গুণী,মেধাৱী আৰু প্ৰতিভাৰে দলদোপ-হেন্দোলদোপকৈ থকা ব্যক্তিৰ কোনো আদৰ আৰু কদৰ বুজি নোপোৱা এখন ৰাজ্যত৷
ভাষাৰ ‘ভ’ আৰু সাহিত্যৰ ‘স’টোও নজনা, কেওকিছু নোহোৱা কিছুমান মানুহৰ কি চাবা ভেঙুচালি ! ওঁঠ টিপিলেই গাখীৰ ওলোৱা ইয়ং জেনেৰেশ্যনৰ এমখাৰ কি চাবা কথাৰ বাহাদুৰি ! হেৰৌ,আগতে ‘ব্যাকৰণ’নো কাক বোলে,ণত্ব বিধিনো কাক বোলে তাকেই কৈ দেখুৱাচোন৷ তাৰপিছত মোৰ লগত টক্কৰ দিবি ! ফে’চবুকত দুটা-তিনিটা কথা লিখি দিলেই সাহিত্যিক নহয়তো, বুজিছ ! বিশেষকৈ মোৰ দৰে সাহিত্যিক হ’বলৈ তঁহতে খাৱন-শোৱন বাদ দিব লাগিব৷ সাতদিন,সাতৰাতি সাহিত্যসভাৰ পিছফালৰ বাঁহতলত বহি “ঔ পৰমাসক্তয়েই নমঃ” মন্ত্ৰোচ্চাৰণ কৰি তপস্যা কৰিব লাগিব৷ পাৰিবি জানো ? নাম নাজানো তহঁতৰ!
সব ষড়যন্ত্ৰ ! মোৰ বিৰুদ্ধে সব ষড়যন্ত্ৰ৷ এতিয়া যে আপোনালোকে ইমান টেঁটুটো মেলিছে,তেতিয়ানো আপোনালোকৰ টেঁটুটো কোনখন দেশত আছিল যেতিয়া আমি গুৱাহাটীৰ হৰ্ডিঙে-হৰ্ডিঙে গৈ ইংৰাজী ভাষা বিৰোধী আন্দোলন চলাইছিলোঁ ৷ অ’, কামৰ সময়ত হ’বলা সকলো ইনভিজিবল মেন হৈ যাবা আৰু যেতিয়া কাম নাথাকে তেতিয়া মোৰ দৰে নিষ্ঠাৱান সাহিত্যপ্ৰেমীৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক চলাবা ! নাপায়৷ মানুহ ইমান চকুচৰহা আৰু সুবিধাবাদী হ’ব নাপায়৷
শেষত এটা কথা কৈ দিওঁ৷ মোৰ বিৰুদ্ধে কিমান বিতৰ্ক কৰে,কৰি থাকক৷ কিমান ষড়যন্ত্ৰ কৰে,কৰি থাকক৷ কিমান অশ্লীল,অশ্ৰাব্য আৰু লেতেৰা ভাষাৰে গালি পাৰে, পাৰক৷ মোৰ নোম এডাল আপোনালোকে ইফালৰ পৰা সিফাল কৰিব নোৱাৰে৷ খুউব বেছি,দুদিন৷ নাইবা সাতদিন৷ তাৰপিছত সবকে ঠাণ্ডা কৰি দিম৷ যদি কোনোবাই বেছি হৈ-হাল্লা কৰি থাকে,বিশেষকৈ এই নতুন প্ৰজন্মৰ স্বয়ম্ভু সাহিত্যিকমখাৰ কথা কৈছোঁ-তঁহতে যদি বেছি হৈ-হাল্লা কৰি থাক; তেন্তে মই কি কৰিম জাননে? অসমীয়া সাহিত্যৰ যিডাল গছৰ পৰা ৰস চুহি চুহি তঁহতে খাই আছ,সেইডাল গছকে বাপ্পেকে উভালি আনিম৷ সাহিত্যৰ ৰস তেতিয়া কোনখন হোটেলৰ পৰা আন,আনিবি৷ সময় থাকোঁতেই চিধা হৈ লোৱাহঁত৷
শেষত আকৌ কওঁ,নাপায় ৷ মোৰ দৰে মহাপুৰুষ, মহাপ্ৰতাপী, সৰ্বজ্ঞানী,সৰ্বশ্ৰেষ্ঠ সাহিত্যখাদক, জাতীয় স্তম্ভ এজনক এইদৰে তিৰষ্কাৰ,উপলুঙা আৰু ইতিকিং কৰিব নাপায়৷ পাপে চুব! কৈ থলো, সঁকিয়াই দিলো! ৰাইজ, চাব পাপে চুব!
HBSE 10th Result 2017
ReplyDelete