সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ  চিঠি

সম্পাদকলৈ চিঠি

Share This
সংবাদ শিৰোনামাই সকলো নহয়
ড° বুলজিৎ বুঢ়াগোহাঁই

মাননীয় সম্পাদক মহোদয়, 
বাতৰি কাকত এখনৰ কেৱল হেডলাইন কেইটা চকু ফুৰাই বহুতে মন্তব্য কৰা দেখা যায় যে বাতৰি কাকতবোৰত পঢ়িবলগীয়া একো নাই । বাতৰি কাকতৰ হেডলাইনবোৰত চকু ফুৰাই এনে মন্তব্য দিয়া উচিত নহয়। এখন বাতৰি কাকতৰ প্রথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে।
বাতৰি কাকত এখনে সাম্প্রতিক ঘটনা প্রবাহ(Current Affairs)ৰ উপৰিও সাহিত্য, সংস্কৃতি, শিক্ষা-দীক্ষা, ৰাজনৈতিক, অৰ্থনীতি, ক্রীড়া, বিজ্ঞানকে আদি কৰি সমাজ জীৱনৰ সকলো দিশ সামৰি লয় । বাতৰি কাকতৰ সম্পাদকীয় পৃষ্ঠাত বহুতো মূল্যৱান লেখা তথা চিঠি প্রকাশ পায় যিবোৰত সমাজ জীৱনৰ বিভিন্ন দিশ সর্ম্পকে আলোকপাত কৰা লগতে বহুতো সমস্যাৰ বিশ্লেষণাত্মক সমাধান সূত্র আগ বঢ়ায় ।

বাতৰি কাকত এখনত পৰিয়াল এটাৰ সকলো বয়সৰ সদস্যৰ বাবে বিভিন্ন শিতান থাকে । বাতৰি কাকতে মানসিক তথা বৌদ্ধিক বিকাশত সহায় কৰে। সকলো পৰিয়ালৰ সদস্যসকলে বাতৰি কাকত এখন নিয়মীয়াকৈ পঢ়া উচিত। এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে আজি-কালি বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ কথাও সোধে ।

গতিকে, ছাত্র-ছাত্রীসকলে সাধাৰণ জ্ঞান আহৰণ কৰিবৰ বাবে বাতৰি কাকত নিয়মীয়াকৈ পঢ়া উচিত যিহেতু সাধাৰণ জ্ঞান একে দিনাই গোটোৱা সম্ভৱ নহয়। ইয়াৰ কাৰণে দীঘলীয়া প্রস্তুতিৰ প্রয়োজন ।বাতৰি কাকত তথা আলোচনী নিয়মীয়াকৈ পঢ়াৰ উপকাৰিতাৰ বিষয়ে অসমৰ জনসাধাৰণক জনোৱাৰ বাবে সজাগতা সভা আয়োজন কৰা প্রয়োজন হৈ পৰিছে। এনেধৰণৰ সজাগতা সভা আয়োজন কৰিব বাবে চৰকাৰী অনুষ্ঠান, বে-চৰকাৰী অনুষ্ঠান, স্বেচ্ছাসেৱী অনুষ্ঠানবোৰ আগ বাঢ়ি আহিলে ভাল হয় ।

No comments:

Post a Comment