পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. বড়ো সাহিত্যলৈ বহুমূলীয়া অৱদানৰ বাবে সাহিত্য অকাডেমি বঁটা ডঃ অনিল বড়োলৈঃ ২২টা ভাষাৰ বাবে সাহিত্য অকাডেমীৰ পুৰস্কাৰ ঘোষিত। অসমীয়া ভাষাৰ বঁটাৰ ঘোষণা জুৰীৰ অসুবিধাৰ বাবে সদ্যহতে স্থগিত ৰখাৰ কথা প্ৰকাশ।

২. "চিলি কুইন" ৰূপে খ্যাতি লাভ কৰা তিতাবৰৰ আনন্দিতা দত্ত তামূলীয়ে লাভ কৰিলে আমেৰিকাত "ষ্টেনলি ছুপাৰ হিউমেন"ৰ সন্মানঃ আগতেও নাম সন্নিবিষ্ট কৰিছিল ইণ্ডিয়া বুক অৱ ৰেকৰ্ড আৰু লিমকা বুক অৱ ৰেকৰ্ডছত।

৩. নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে কইনাধৰাত মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ বৈঠকঃ এহেজাৰটা কেন্দ্ৰ স্থাপন, লাটমণ্ডল, কাননগোৰ নিয়োগ কৰা আৰু প্ৰতি গাঁও ৱাৰ্ডত ভ্ৰাম্যমাণ দল ৰখা সন্দৰ্ভত গ্ৰহণ কৰিছে উদ্যোগ।

৪. ৰাইজৰ সেৱাত উচৰ্গিত হল সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য প্ৰদত্ত নতুন স্বগৰ্ৰথ বাহনঃ অসমৰ ৰাজ্যপালে কৰিলে উন্মোচন। লগতে উন্মোচিত হল টেলিফোন ডাইৰেক্টৰীও।

৫. আজি গুৱাহাটীৰ পল্টন বজাৰত উন্মোচিত হৈছে বহু-প্ৰত্যাশিত বহু মহলীয়া গাড়ী পাৰ্কিঙৰঃ উন্মোচন কৰিব মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

৬. ধেমাজিত ২০০৪চনত হোৱা বোমা বিস্ফোৰণৰ বাহানাৰে যোৱা নবছৰে কাছাৰী ময়দান প্ৰশসনে জব্দ কৰি ৰখা বিষয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ ভিত্তিত গৃহ আয়ুক্ত সচিবক হাজিৰ হৈ কাৰণ দৰ্শোৱাৰ নিৰ্দেশ জাৰি কৰিলে উচ্চ ন্যায়ালয়ে।

৭. অসম সাহিত্য সভাই অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন উপলক্ষে মৰিগাঁৱত কেন্দ্ৰীয় ভাৱে উদযাপন কৰিলে জাতীয় চেতনা দিৱঃ সৰ্বাত্মক জাতীয় জাগৰণৰ বাবে ৰাইজক ওলাই আহিবলৈ আহ্বান জনালে ইমৰাণ শ্বাহ দেৱে।
৮. গুৱাহাটীত উন্মোচন হল নৱ-প্ৰজন্মৰ লেখিকা তথা দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপিকা ডঃ ৰক্তোত্তমা দাস বিক্ৰমৰ ব্যতিক্ৰমী উপন্যাস "হৰি গুণ কহন নযাই"ৰঃ আজিৰ দৈনিক বাতৰিৰ দেওবৰীয়া পৰিপূৰিকাত ধাৰাবাহিক ভাৱে প্ৰকাশিত হোৱা উপন্যাসখন উন্মোচন কৰিলে ডঃ লক্ষ্মীনন্দন বৰাই।

৯. নিঃস্ব কবিৰ স্বপ্ন সাৰ্থক কৰি ৬৩বছৰ বয়সত প্ৰকাশ পালে বিলাসীপাৰাৰ কবি ইব্ৰাহীম আলিৰ প্ৰথমখন কবিতা পুথিঃ লক্ষীগঞ্জৰ কেয়াৰ ইণ্ডিয়া ফাউণ্ডেচন নামৰ বে-চৰকাৰী সংস্থাটোৱে গ্ৰহণ কৰিলে আৰ্থিক অনাটনত ভোগা লেখক লেখিকাৰ কিতাপ প্ৰকাশৰ প্ৰশংসনীয় পদক্ষেপৰ অংশ ৰূপে প্ৰকাশ কৰিলে এই কবিতাপুথি।

১০. অহা ২৫ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীলৈকে চানমাৰিত অনুষ্ঠিত হব ১৫সংখ্যক উত্তৰ পূৱ গ্ৰন্থমেলাঃ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত হব লগা গ্ৰন্থমেলাত ১৫৩খন প্ৰকাশন তথা বিক্ৰেতাই অংশ লব।

১১. দিল্লীত আই কিউৰ গ্লুক'মা আৰু ৰেটিনা কেন্দ্ৰ উদ্বোধন কৰিলে ধৰ্মগুৰু দালাই লামাই।

১২. গুৱাহাটীত অনুষ্ঠিত অংকুৰজ্যোচি চেলেঞ্জ ক্ৰিকেটত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে এন এফ ৰেলৱে ক্ৰিকেট একাডেমীয়েঃ ৰিভাৰ-ৰাইন দলক কৰিলে পৰাজিত।

১৩. মোবাইলত লিখা কবিতাৰে সংকলন উলিওৱা কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবালৰ পথেৰে এইবাৰ বেংগেলুৰুৰ বিদ্যাশংকৰে বাছত অহা যোৱা কৰা সময়ৰ সদ-ব্যৱহাৰ কৰি মোবাইলতে লিখি উলিয়ালে উপন্যাস। কানাড়া ভাষাত এইদৰে লিখা এইখন প্ৰথম উপন্যাস ৰূপে বিবেচিত হৈছে।

১৪. অহা ২৬ জানুৱাৰীত শিৱসাগৰ নাট্য মন্দিৰত মঞ্চস্থ হব "দাবাগ্নি": জাৰ্নেলিষ্ট এচোচিয়েছন অৱ আসামৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ উদ্যোগত মঞ্চস্থ হব এই নাট।

১৫. জাৰ্মানীৰ জীয়ৰী তথা ধুবুৰীৰ বোৱাৰী নৃত্যশিল্পী ইৰিকা নন্দীলৈ অসম লেখিকা সমাৰোহে আগবঢ়ালে আইদেউ সন্দিকৈ বঁটাঃ ধুবুৰীত হোৱা অনুষ্ঠানতে এই বঁটা প্ৰদান কৰাৰ সুখৰ খবৰ।

No comments:

Post a Comment