সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
উদ্যোগী মহিলাৰ বাবে স্বাধীন ব্যৱসায়

ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়, 
যোগ্যতা থাকিলেও বিভিন্ন কাৰণত কিছুমান মহিলাই চাকৰি নাপায় বা বহুতো মহিলাই বিভিন্ন কাৰণত চাকৰি কৰিব নিবিচাৰে । সেইসকল মহিলাৰ কিছুমানে নিজৰ নিজৰ ভাল লগা বিষয়ত উদ্যোগ স্থাপন তথা ব্যৱসায় কৰা কথা ভাবি চাব পাৰে ।

অসমত মহিলাই স্থাপন কৰিব পৰা কিছুমান উদ্যোগ তথা ব্যৱসায় হ’ল- বিউটি পাৰ্লাৰ, নাৰ্চাৰী,অসমীয়া গহনা বিক্রীৰ প্রতিষ্ঠান, শাৰীৰ ফলচ ,ৰুমাল প্রস্তুত , কম্পিউটাৰৰ প্রয়োজনীয় সামগ্রী যোগান, টিভি মেৰামতি , কুকুৰা ফাৰ্ম ,ছাগলী ফাৰ্ম ,গৰু ফাৰ্ম ,কুকুৰ পোৱালী বিক্রী কেন্দ্র, কুৰিয়াৰ ছাৰ্ভিচ , কিতাপ,আলোছনী আদি বন্ধা ,মাছৰ একুৰিয়াম, কেটাৰিং ছাৰ্ভিচ ,মটৰ ড্রাইভিং স্কুল , কেৰিয়াৰ কাউন্সেলিং ,স্কুল আৰু কলেজৰ ছাত্র-ছাত্রীৰ ইউনিফৰ্ম, এম্ব্রইডাৰি বিছনা চাদৰ আৰু গাৰু,পুতলা নিৰ্মাণ,বুক বাইণ্ডিং ,ফটোষ্টেট আৰু লেমিনেচন, ডি.টি.পি., ভিডিঅ’ ৰেকৰ্ডিং, ট্রেভেল এজেন্সি,পৰ্যটন সেৱা কেন্দ্র, ভাড়াত গাড়ী দিয়া, পেকেজিং উদ্যোগ, আচাৰ আৰু জাম-জেলী প্রস্তুত, কাঠফুলাৰ খেতি, ফুলৰ বাগিচা, বাঁহ-বেতৰ উদ্যোগ, গাখীৰৰ পৰা তৈয়াৰী বিভিন্ন সামগ্রী, ফাষ্ট ফুড ৰেস্তোৰাঁ, টেণ্ট হাউচ, মৰাপাটেৰে তৈয়াৰী বিভিন্ন সামগ্রী, আইচক্রীম, বেকাৰী, পিঠা আৰু লাডু প্রস্তুত, ক্রেচ, ছবি অঁকা স্কুল,গানৰ স্কুল আদি ।

সম্পাদকৰ সংযোজনঃ
ভাৰত চৰকাৰে ক্ৰেডিট গাৰাণ্টি অধিনিয়ম যোগে ৰাষ্ট্ৰীয়কৃত বেংকৰ পৰা  এনে উদ্যোগত মাত্ৰ ১৫% বিনিয়োগ কৰা সকললৈ বাকী ৮৫% পৰ্যন্ত কোনো গাৰাণ্টিবিহীন ঋণৰ সুবিধাও আগবঢ়াইছে। আৰু উদ্যোগী মহিলাৰ বাবে বিশেষ সুতৰ হাৰৰো ব্যৱস্থা কৰিছে। সবিশেষ উদ্যোগী মহিলাসকলে নিকটবৰ্তী ৰাষ্ট্ৰীয়কৃত বেংকৰ পৰা জানি লব পাৰে। 

No comments:

Post a Comment