পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. অহা গণৰাজ্য দিৱসত দিল্লীত চলমান প্ৰতীক পট ৰূপে প্ৰদৰ্শিত হব সুধাকণ্ঠৰ সৃষ্টিৰাজিঃ চিত্ৰশিল্পী ননী বৰপূজাৰীক প্ৰদান কৰা হৈছে এই দ্বায়িত্ব।

২. আছুৰ "ছেভ ৰাইন' অনুষ্ঠানত অংশগ্ৰহণ কৰিলে ভাৰতীয় বন্যপ্ৰাণী ন্যাসৰ কাৰ্যবাহী সঞ্চালক বিশিষ্ট প্ৰকৃতিবিদ বিবেক মেননেঃ গঁড় সুৰক্ষাৰ বাবে চোৰাংচোৱা ব্যৱহাৰ কৰিব লাগিব বুলিও তেখেতে প্ৰকাশ কৰিলে মতামত।

৩. অ'এনজিচিৰ অসম নৱীকৰণ প্ৰকল্পৰ বাবে কেন্দ্ৰীয় কেবিনেটে দিলে ২৩৭৯ কোটি টকাৰ বিনিয়োগৰ অনুমতিঃ কাৰিকৰী ক্ষেত্ৰত উন্নতিৰে উতপাদন বৃদ্ধিৰ বাবে পুৰণি তৈলক্ষেত্ৰত হব এই বিনিয়োগ।

৪. "কল্লোল"ৰ উদ্যোগত নগাঁৱত আৰম্ভ হ'ল নগাঁও গ্ৰন্থমেলাঃ ১৯৭৮চনতে ভাস্কৰ প্ৰকাশনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অসমত গ্ৰন্থমেলা নগাঁৱত অনুষ্ঠিত হৈছিল বুলিও প্ৰকাশ পালে তথ্য।

৫. দিল্লীত শিমলুগুৰিৰ সাহসী ছাত্ৰী গুঞ্জন শৰ্মাক সমস্বৰে অভিনন্দন জনালে ৰাজ্য সভাইঃ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৰাজ্য সভাত তুলি ধৰিছিল এই প্ৰস্তাৱ।

৬. ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰিবলৈ লোৱা সাংবাদিকৰ পেঞ্চন আঁচনিত মফচলীয়া সাংবাদিকসকলো অন্তৰ্ভুক্ত হোৱাত আনন্দ প্ৰকাশ কৰিছে আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ বা আপকুৱে। ২০বছৰ নিয়মিত কাম কৰা মফচলীয় সাংবাদিক আৰু সম্পাদনা বিভাগৰ কৰ্মীয়ে এই পাঁচ হাজাৰ টকীয়া পেঞ্চনৰ গ্ৰহণ কৰিব পাৰিব সুবিধা। ইতিমধ্যে মণিপুৰ, পশ্চিমবংগকে ধৰি ৯খন ৰাজ্যত চলি আছে এই ব্যৱস্থা।

৭. এইবাৰ নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ দাঁতি কাষৰীয়া অঞচলৰ ৪৫জন যুৱকলৈ কাৰ্যকুশলতা বৃদ্ধিৰ প্ৰশিক্ষণ আগবঢ়াই ৰাইজৰ মন জিনিবলৈ ওলাইছে এন.এইচ.পি.চিঃ ২০জন যুৱকক "টাটা হিটাচী"ৰ সহযোগত গধুৰ যন্ত্ৰপাতি চলোৱাৰ প্ৰশিক্ষণ আৰু ২৫জন "এল এণ্ড টি"ৰ সহযোগত দিল্লীত নিৰ্মাণ কাৰ্যৰ প্ৰশিক্ষণ বাবে "ইনস্কিল" নামৰ সংস্থাৰ জৰিয়তে চলাইছে প্ৰচেষ্টা।

৮. "লক্ষ্মী" নামৰ ছবিৰ প্ৰচাৰৰ বাবে অসম পালেহি বিশিষ্ট চলচ্চিত্ৰ পৰিচালক নাগেশ কুকুনোৰ আৰু প্ৰতিভাশালী গায়িকা ম'নালি ঠাকুৰঃ গুৱাহাটীত অনুষ্ঠিত কৰিলে সংবাদ মেলো।


৯. অহা ১৬-২৩ ডিচেম্বৰলৈ আই আই টি গুৱাহাটীত অহা ১৬-২৩ ডিচেম্বৰলৈ অনুষ্ঠিত হব ৪৯সংখ্যক আন্তঃ আই আই টি ক্ৰীড়া সমাৰোহ।

১০. মৰিগাঁৱত অসম সাহিত্য সভাই আয়োজন কৰিছে কেন্দ্ৰীয়ভাৱে জাতীয় চেতনা দিৱসঃ অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰীৰ জন্মদিন উপলক্ষে পালন কৰিব এই দিৱস।

১১. ৭ম বাৰ্ষিক অইল মৰাণ আমন্ত্ৰণমূলক ফুটবলত অইলক পৰাজিত কৰি চেম্পিয়ন হ'ল গ্ৰীনভেলী ।

১২. আন্তৰ্জাতিক ক্ৰিকেট সন্থাৰ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটৰ ৰূপে পৰিগণিত হ'ল মাইকেল ক্লাৱঃ বৰ্ষশ্ৰেষ্ঠ উদীয়মান ক্ৰিকেটাৰ বঁটাৰে সন্মানিত হ'ল ভাৰতীয় ক্ৰিকেটাৰ চেতেশ্বৰ পূজাৰা।

১৩. দৰং মহাবিদ্যালয়ত সাম্প্ৰতিক অসমীয়া সাহিত্যৰ গতিধাৰা সম্পৰ্কে অনুষ্ঠিত হ'ল আলোচনাচক্ৰঃ গৱেষণা ধৰ্মী আলোচনী "স্বৰ্ণলিপি"ৰ সহযোগত অনুষ্ঠিত হ'ল এই অনুষ্ঠান।

১৪. দৰং আৰু ওদালগুৰি জিলাৰ কবি বন্ধুসকলৰ উমৈহতীয়া মঞ্চ নোৱানৈপৰীয়া কবি সমাজৰ উদ্যোগত "গীতে-মাতে কবিতাৰ দিন" শীৰ্ষক মনোজ্ঞ অনুষ্ঠানৰ সফল আয়োজন।

১৫. বট'দ্ৰৱাত মুকলি হল মাদ্ৰাছাৰ নৱ-নিৰ্মিত ভৱনঃ উন্মোচন কৰিলে অসমৰ শিক্ষামন্ত্ৰীয়ে।

No comments:

Post a Comment