পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. চামেলী মেম চাহাব, বনহংস, বনজুইৰ নিৰ্মাতা, পৰিচালক আব্দুল মজিদে ২২বছৰৰ পাছত পুনৰ কৰিবলৈ ওলাইছে অসমীয়া কথাছবিৰ নিৰ্দেশনাঃ "সাত নম্বৰৰ সন্ধানত" নামৰ এই ছবিখনৰ কালি হৈ যায় শুভ মুহুৰত।
"অজেয়" ৰ এটি দৃশ্যত ৰূপম চেতিয়া আৰু মুনমী কলিতা

২. অহা ৩জানুৱাৰীত শুভমুক্তি লভিব জাহ্নু বৰুৱাৰ নৱতম ছবি "অজেয়"।

৩. ড'নাৰ মন্ত্ৰণালয়ৰ ১১.৫৬কোটি টকা ৰাজহুৱা ধন ব্যয় কৰি নিৰ্মাণ কৰা ১৫০খন গাড়ীৰ পাৰ্কিং কৰিব পৰা বহুমহলীয়া পাৰ্কিং প্লেছ গুৱাহাটীৰ পল্টন বজাৰত উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

৪. অচিৰেই কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমৰ পৰিবহন বিভাগে ১৫০০খন বাছ লাভ কৰিব বুলি প্ৰকাশ কৰিলে অসমৰ মু্খ্যমন্ত্ৰীয়েঃ ৰাজ্যিক পৰিবহন নিগমে পৰিচালনা কৰিব এই বাছ সমূহ।

৫. গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ'ল সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদিত ৰূপত "যোগিনী তন্ত্ৰ": দেৱেন্দ্ৰ নাথ ভট্টাচাৰ্য দেৱে কৰা এই অনুবাদখনক গ্ৰন্থাকাৰে উন্মোচন কৰিলে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপক শৰ্মাই।

৬. অহা ২২ডিচেম্বৰত গুৱাহাটীৰ ৰাজ্যিক সংগ্ৰাহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হব হোমেন বৰগোহাঞি আৰু জিনামণি ফুকন সংকলিত আৰু সম্পাদিত গ্ৰন্থ "জীৱনৰ পৰা কি শিকিলো" শীৰ্ষক গ্ৰন্থঃ অসমৰ ৬০ৰ উৰ্ধৰ চল্লিশজন স্বনামধন্য ব্যক্তিৰ অনুভৱৰ সংকলনখন উন্মোচন কৰিব নলিনীধৰ ভট্টাচাৰ্যই। প্ৰকাশৰ উদ্যোগ নীলাক্ষি বৰুৱা শইকীয়া স্মাৰক নিধিৰ।

৭. কণ্ঠ সংগীতৰ সৰ্বভাৰতীয় পৰীক্ষাত সোণৰ পদক লাভ কৰিলে মৰাণৰ ৰূপালীমা দুৱৰাৰঃ কলিকতাৰ সুৰনন্দন ভাৰতীৰ তৰফৰ পৰা এই পদক সহ "সংগীত নন্দনা" উপাধি প্ৰদান কৰিলে কলকাতাৰ বিৰলা একাডেমী আৱ আৰ্ট এণ্ড কালচাৰ ভৱনত।

৮. নগাঁও গ্ৰন্থমেলা প্ৰাংগনত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নগাঁও শাখাৰ সৌজন্যত "জাতীয় ইতিহাস অধ্যয়ন, জাতীয় চৰিত্ৰ গঠনৰ আদিপাঠ" শীৰ্ষক অনুষ্ঠিত হ'ল আলোচনাচক্ৰঃ লগতে উন্মোচিত হ'ল স্মৃতিগ্ৰন্থ "শতৰূপা"।

৯. সৌমিত্ৰ যোগীৰ নিৰ্বাচন আৰু সম্পাদনাৰে প্ৰকাশ পালে সপ্তম বছৰৰ ধাৰাবাহিকতা ৰক্ষা কৰি আঁক বাঁক প্ৰকাশৰ "বছৰৰ গল্প-২০১৩": ৩২ গল্পৰে সমৃদ্ধ সংকলন খন ৩৫২ পৃষ্ঠাৰ আৰু দাম ২২০টকা।

১০. নতুন পৰিচালিকা ৰবী শৰ্মা বৰুৱাৰ মুক্তিৰ অপেক্ষাত থকা "অদম্য" নামৰ ছবিখন মুম্বাইত ৩জানুৱাৰীৰ পৰা হব লগা ১২তম থাৰ্ড আই এছিয়ান চলচ্চিত্ৰ মহোতসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হোৱাৰ সুখবৰ।

১১. অহা ৬-১১ জানুৱাৰীলৈ যোৰহাটত অনুষ্ঠিত হব ৰাষ্ট্ৰীয় জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতা।

1 comment:

  1. বজালীত জুনিয়ৰ ভলীবল প্ৰতিযোগিতা সদৌ অসম ভিত্তিত যোৱাকালিৰ পৰা চলি আছে ।

    ReplyDelete