পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকে অনুমোদন জনালে "অ' মোৰ আপোনাৰ দেশ"ক অসমৰ জাতীয় সংগীতৰ মৰ্যদা প্ৰদানৰ প্ৰস্তাৱত।

২. ৰাষ্ট্ৰীয় মৰ্যদাৰে সমাপন হ'ল নেলচন মেণ্ডেলাৰ শেষকৃত্যঃ ল'ৰালিৰ গাঁও কুনুত শেষ শয়নত পূৰ্বপুৰুষৰ কাষতে কৰা হল সমাধিস্থ।
দেহ বিচাৰ গীত পৰিবেশনেৰে ডিগবৈত অভিলেখ গঢ়াৰ দৃশ্য

৩. আই আই টি খড়গপুৰত চেণ্টাৰ ফৰ পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙ" স্থাপনৰ বাবে ১ নিযুত ডলাৰৰ  দান আগবঢ়ালে প্ৰাক্তন ছাত্ৰী তথা ৰুমা আচাৰ্য দে নামৰ মহিলাইঃ তেখেতে টেক্সাছত "গ্ৰাউণ্ডেড টেকন'লজি" নামৰ প্ৰতিষ্ঠান স্থাপন কৰি ইতিমধ্যে ৫০গৰাকী লোকক নিয়োগৰ সুবিধাও প্ৰদান কৰিছে।

৪. গুৱাহাটীত টাই আহোম উন্নয়ন পৰিষদে আয়োজন কৰিলে টাই-আহোমৰ পৰম্পৰাগত খাদ্যৰ প্ৰদৰ্শনী আৰু প্ৰশিক্ষণঃ এই খাদ্য সম্ভাৰক সাধাৰণ জনতাৰ সমুখলৈ তুলি ধৰাৰ বাবে কৰিলে প্ৰশংসনীয় প্ৰয়াস।

৫. অহা মাৰ্চ মাহৰ ভিতৰতে অনুষ্ঠিত হব ভাৰতত লোকসভাৰ সাধাৰণ নিৰ্বাচনঃ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ভি এছ ছম্পটে অহা পহিলা জুনৰ ভিতৰতে নতুন সংসদ গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হব বুলি প্ৰকাশ কৰিলে আশা।

৬. আজিৰ পৰা অনুষ্ঠিত হৈছে অসম বিধান সভাৰ পাঁচ দিনীয়া শীতকালীন অধিবেশন।

৭. ডিগবৌত ১৫৮৯ গৰাকী শিল্পীয়ে একেলগে দেহ বিচাৰ গীত পৰিবেশন কৰি গঢ়িলে অভিলেখঃ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছে প্ৰদান কৰিলে স্বীকৃতি।

৮. ধিং নগৰৰ পৌৰপতি ৰাম অযোধ্যা সিঙলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৰ্থনৈতিক পৰিষদে আগবঢ়ালে চলিত বৰ্ষৰ ইন্দিৰা গান্ধী সদ্ভাৱনা বঁটাঃ দিল্লীৰ ত্ৰিমূৰ্তি ভৱনত এই বঁটা প্ৰদান কৰিলে উৰিষ্যাৰ ৰাজ্যপাল এছ চি জমিৰে।

৯. এটকাত দৰিদ্ৰক চাউল যোগান দিয়াৰ আঁচনি প্ৰবৰ্তন কৰিলে তৃতীয় বাৰলৈ মুখ্যমন্ত্ৰী হোৱা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেঃ সুৰাৰ দোকানৰ আৰু কোনো নতুন লাইচেঞ্চ নিদিয়াৰ কথাও কৰিলে ঘোষণা।

১০. ব্যক্তিগত আৰু আন কামত সময় দিবৰ বাবে এইবাৰৰ পাছত আৰু মুখ্যমন্ত্ৰী নহয় পঞ্চমবাৰলৈ মিজোৰামৰ মুখ্যমন্ত্ৰীৰ দ্বায়িত্ব লোৱা লালথান হাওলাইঃ ২০১৮চনত ৰাজনৈতিক জীৱনৰ অৱসৰ গ্ৰহণ কৰিব বুলিও কৰিলে ঘোষণা।

১১. শিৱসাগৰৰ পৰা অহা জানুৱাৰী মাহৰ পৰা প্ৰকাশিত হব এখন নতুন পষেকীয়া বাতৰি কাকত "কলঞ্চুপাৰ": কাকতখনৰ বাবে স্থানীয় সংবাদদাতা হবৰ বাবেও আগ্ৰহী লোকৰ পৰা বিচাৰিছে আবেদন।

১২. পশ্চিম নলবাৰীৰ নাট্যানুষ্ঠন "সূনাগ"ৰ শেহতীয়া প্ৰযোজনা যেছে দৰজে ঠংচিৰ "নকিয়াম্পো" আমন্ত্ৰিত হৈছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আয়োজন কৰা ভাৰত ৰংগ মহোতসৱলৈঃ অহা ১৫জানুৱাৰীৰ সন্ধিয়া নতুন দিল্লীৰ এলটিজিত প্ৰেক্ষাগৃহত হব নাটখন মঞ্চস্থ।

১৩. তেজপুৰৰ বিহগুৰিৰ ৰাজহৱা ন-লগোৱা বা ন-খোৱা ভোজৰ পৰম্পৰাই গৰকিলে ১৩০বচঃ একখন চোতালত ১২০০ গঞাই উদযাপন কৰিলে শস্য চপোৱাৰ এই আনন্দোতসৱ।

১৪. ইণ্টাৰনেচনেল স্কুল অৱ এণ্টাৰপ্ৰেনিউৰশ্বিপ এডুকেশ্বন এণ্ড ডেভলেপমেণ্টে ছাত্ৰ-ছাত্ৰীৰ মাজত চলোৱা সমীক্ষাৰ প্ৰকাশ পালে প্ৰতিবেনঃ ৮৭ শতাংশ ছাত্ৰ ছাত্ৰীয়ে নিজা উদ্যোগ স্থাপনৰ বাবে আগ্ৰহ দেখুওৱাৰ প্ৰেৰণাময় তথ্য পালে প্ৰকাশ।

১৫. চৰ্দাৰ বল্লভ ভাই পেটেলৰ সোঁৱৰণত দেশ জুৰি চলোৱা একতা দৌৰ অনুষ্ঠিত হল অসমৰ বিভিন্ন প্ৰান্ততোঃ এই দৌৰত অংশ গ্ৰহণ কৰিলে ৫০হাজাৰ অসমবাসীয়ে।

No comments:

Post a Comment