গ্ৰন্থ আলোচনা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্ৰন্থ আলোচনা

গ্ৰন্থ আলোচনা

Share This
আহোম বুৰঞ্জী আৰু সংস্কৃতি 
ড° বুলজিৎ বুঢ়াগোহাঁই
সাহিত্যিক পেঞ্চনাৰ আৰু অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা প্রাপক উমেশ চেতিয়াই প্রণয়ন কৰা ‘আহোম বুৰঞ্জী আৰু সংস্কৃতি’ এখন তথ্য সমৃদ্ধ গ্রন্থ। লেখকে গ্রন্থখন তিনিটা খণ্ডত ভাগ কৰিছে । প্রতিটো অধ্যায় বিশদ ভাবে আলোকপাত কৰিছে । 

প্রথম খণ্ডত ২৪টা অধ্যায় ,দ্বিতীয় খণ্ডত ৩৫টা আছে আৰু তৃতীয় খণ্ডত ৩টা অধ্যায় আছে । প্রথম খণ্ডত থকা অধ্যায়বোৰ হ’ল - টাই জাতি আৰু সভ্যতাৰ উৎসভূমি,গৌৰবোজ্জ্বল টাই আহোম জাতি, টাই আহোমৰ উৎপত্তি, চ্যুকাফাৰ উপৰি পুৰুষ পুলিন পুথাও ৰজাসকল, চাওলুং চ্যুকাফাৰ অসম আগমন, চ্যুকাফাৰ পৰা চুহুংমুংলৈ, আহোমৰ উন্নতিৰ যুগ অসমৰ নেপোলিয়ন স্বৰ্গদেউ চুহুংমুং, চ্যুক্লেংমুঙ আৰু চ্যুখামফা স্বৰ্গদেউ, স্বৰ্গদেউ প্রতাপসিংহ (১৬০৩-১৬৪০খৃঃ), চুৰমফাৰ পৰা জয়ধ্বজ সিংহলৈ আৰু মীৰজুমলাৰ অসম আক্রমণ, স্বৰ্গদেউ চক্রধ্বজ সিংহ আৰু মোগল সেনাপতি ৰাম সিংহৰ অসম আক্রমণ, স্বৰ্গদেউ উদয়াদিত্য সিংহ আৰু শৰাইঘাটৰ যুদ্ধ, অস্থিৰ যুগঃ যুগসন্ধিৰ যুগ, ল’ৰা ৰজা চুলিকফা আৰু জয়মতী কুঁৱৰীৰ শাস্তি, স্বৰ্গদেউ গদাধৰ সিংহ, স্বৰ্গদেউ ৰুদ্রসিংহঃ আহোমৰ গৌৰবোজ্জ্বল যুগ, শিৱসিংহ আৰু বৰ ৰজা ফুলেশ্বৰী কুঁৱৰী, স্বৰ্গদেউ প্রমত্ত সিংহ আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, লক্ষ্মী সিংহ আৰু গৌৰী নাথ সিংহঃ মোৱামৰীয়া বিদ্রোহ,স্বৰ্গদেউ কমলেশ্বৰ সিংহ, চন্দ্রকান্ত সিংহঃ বদন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিবাদ আৰু মানৰ আক্রমণ, বৃটিছৰ বিৰুদ্ধে প্রথম বিদ্রোহঃগোমধৰ কোঁৱৰ,শ্বহীদ পিয়লি ফুকন আৰু বৃটিছৰ কৰতলীয়া ৰজা স্বৰ্গদেউ পুৰন্দৰ সিংহ।

দ্বিতীয় খণ্ডত থকা অধ্যায়বোৰ হ’ল - আহোম সকলৰ বিভিন্ন খেল বা ফৈদ, আহোম স্বৰ্গদেউসকলৰ গৃহ দেৱতা ‘চোমদেও’,আহোম যুগৰ হেঙ্গদানঃ এক পৰম্পৰাগত সম্পদ ,আহোম যুগৰ শাসন ব্যৱস্থা,আহোমৰ কূটনৈটিক ব্যৱস্থাঃ পাহাৰীয়া জাতিৰ লগত সম্বন্ধ,আহোম যুগৰ সামৰিক ব্যৱস্থা,আহোম ৰাজত্বত বিচাৰ ব্যৱস্থা,আহোম ৰাজত্ব কালৰ ভূমি-ৰাজহ ব্যৱস্থা,আহোম শাসন কালত শিল্প উদ্যোগ,প্রসাধন সামগ্রী আৰু সাচি পাতৰ উদ্যোগ,আহোম দিনত ব্যৱসায়-বাণিজ্য,আহোম যুগৰ কৃষি ব্যৱস্থা,আহোম যুগৰ মুদ্রা,আহোম যুগৰ শিক্ষা ব্যৱস্থা,আহোম ৰাজত্ব কালত চিকিৎসা ব্যৱস্থা,আহোমৰ দিনত খেল-ধেমালি,আহোমৰ দিনত খনিজ সম্পদ আৰু বনজ সম্পদ ,আহোমৰ দিনৰ চিৰিয়াখানাঃপহু গড়,আহোম ৰাজত্ব কালত নাৰীৰ স্থান,খাদ্যসম্ভাৰ-ভোজন বিলাস,আহোমৰ দিনত ভাষা-সাহিত্য চৰ্চা,সঙ্গীত-নৃত্য-বাদ্য চৰ্চা,আহোম যুগৰ বুৰঞ্জী সাহিত্যঃ সংগ্রহ,সংৰক্ষণ আৰু সম্পাদনা,আহোম ৰাজত্বত চিত্র-ভাস্কৰ্য চৰ্চা,আহোম যুগৰ স্থাপত্য,আহোমসকলৰ বিবাহ পদ্ধতিঃচকলং ,আহোমৰ মৈদাম দিয়া প্রথা, স্বৰ্গদেউসকলৰ সিংহাসন আৰোহন আৰু ৰাজ অভিষেক,আহোম যুগৰ আ-অলংকাৰ আৰু সাজ-পাৰ,আহোম যুগৰ ধৰ্ম ধাৰা আৰু পূজা-পাৰ্বন,মে-ডাম-মেফি,‘ঙি-ঙ্যাও-খাম’:উৰণীয়া পাখিলগা ড্রেগন,আহোম যুগৰ মথাউৰি আৰু পুখুৰী, মেলডগীয়া ৰজা আৰু কুঁৱৰী মেল,আহোম স্বৰ্গদেউ আৰু ডা-ডাঙৰীয়াৰ সুবচনীঃ বুৰঞ্জীৰ বাণী আৰু মুছলমানৰ দ্বাৰা আহোমৰ ৰাজ্য আক্রমণ আৰু পৰাজয় বৰণ। তৃতীয় খণ্ডত থকা অধ্যায়বোৰ হ’ল - আহোম জাগৰণৰ ইতিহাস,টাই আহোমৰ বিভিন্ন সংগঠন সমূহৰ জন্ম আৰু ১২২৮ খৃষ্টাব্দৰ পৰা ১৮৩৮ খৃষ্টাব্দলৈ ৰাজত্ব কৰা আহোম স্বৰ্গদেউসকল। 

গ্রন্থখনৰ ‘আগ কথা’ত লেখকে এনেদৰে লিখিছে “…আহোম যুগত অসম বুৰঞ্জী অনেক ৰচিত হৈছিল যদিও সেইবোৰ সম্পূৰ্ণ পূৰ্ণাঙ্গ বুলি ক’ব নোৱাৰি। চাৰ এডৱাৰ্ড গেইটৰ ‘A History of Assam’, হিতেশ্বৰ বৰবৰুৱাৰ ‘আহোম দিন’, সৰ্বানন্দ ৰাজকুমাৰৰ ‘ইতিহাসে সোঁৱৰা ছশটা বছৰ’,ইউ.এন. গোহাঁইৰ ‘Assam under Ahom’, ৰায়চাহাব গোলাপচন্দ্র বৰুৱাৰ ‘আহোম বুৰঞ্জী’ আদি কেইখনমান পূৰ্ণাঙ্গ বুৰঞ্জী ৰচিত হৈছে যদিও এইবোৰ বুৰঞ্জীতো কিছু কিছু দিশ বাকী ৰৈ গৈছে বুলি ধাৰণা কৰা হৈছে। সেয়েহে ‘আহোম বুৰঞ্জী আৰু সংস্কৃতি ’নামৰ গ্রন্থখনি লিখিবলৈ প্রয়াস কৰা হ’ল। ……..” 

এই গ্রন্থখন প্রকাশ কৰিছে ধেমাজিৰ কিৰণ প্রকাশনে আৰু ইয়াৰ মূল্য ২৩০টকা। গ্রন্থখনত মুঠ ৩৫৮ পৃষ্ঠা আছে । এই গ্রন্থখন সংৰক্ষণযোগ্য । 

এনে এখন গৱেষণামূলক গ্রন্থ প্রণয়ন কৰা বাবে উমেশ চেতিয়া আৰু প্রকাশ কৰি ৰাইজৰ মাজত দাঙি ধৰা বাবে ধেমাজি কিৰণ প্রকাশনৰ নৱ কলিতাক ধন্যবাদ জনাইছোঁ। গ্রন্থখন আধুনিক নাট্য সাহিত্যৰ পুৰোধা নাট্যকাৰ, সাহিত্যাচাৰ্য, অধ্যাপক যোগেন চেতিয়াদেৱৰ পবিত্র স্মৃতিত উচৰ্গা কৰিছে। গ্রন্থখন লিখোতে সহায় লোৱা ৭২খন গ্রন্থৰ নাম ‘পৰিশিষ্ট’ত উল্লেখ কৰিছে।

No comments:

Post a Comment