আজিৰ ভাল খবৰবোৰঃ
১. অংকীয়া ভাওনা দেখি মন্ত্ৰমুগ্ধ এন এছ ডিৰ একডেমিক ডীনঃ অহা বছৰৰ পৰাই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব সত্ৰীয়া সংস্কৃতি। দেশৰ বিভিন্ন প্ৰান্তৰ এজাক তৰুণ-তৰুণীয়ে গুৱাহাটীলৈ আহি অংকীয়া নাট "সীতা-স্বয়ম্বৰ"ৰ চলাইছে আখৰা।
২. অসম সাহিত্য সভাৰ সৃজনাত্মক কাম-কাজত সন্তুষ্টি প্ৰকাশ কৰি বিটিএডিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মুহিলাৰীয়ে পশ্চিম মণ্ডলত স্থাপিত কোকৰাঝাৰৰ সীতানাথা ব্ৰহ্মচৌধুৰী ভাষা গৱেষণা কেন্দ্ৰ, বাগসা জিলাৰ জালাহৰ ডাঃ অচ্যুত নিবেদিতা মেধি ভাষা-সাহিত্য-সংস্কৃতি-শিক্ষা গৱেষণা প্ৰতিষ্ঠান, ওদালগুৰিৰ মংগলচণ্ডী ব্ৰহ্ম ভাষা গৱেষণা কেন্দ্ৰলৈ বাৰ্ষিক পাঁচ লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। মুহিলাৰীয়ে গুৱাহাটীত মামণি ৰয়ছম গোস্বামীৰ প্ৰতিমূৰ্তি নিৰ্মাণ আৰু সাহিত্য সভাৰ ২০১৪ চনৰ প্ৰতিষ্ঠা দিৱস উদযাপনতো বিশেষ ভূমিকা গ্ৰহণ কৰাৰো প্ৰদান কৰে প্ৰতিশ্ৰুতি।
পুৰীৰ বলুকাত নেলচন মেণ্ডেলালৈ শ্ৰদ্ধাঞ্জলি সুদৰ্শন পাটনায়কৰ |
৩. ইণ্ডোনেছিয়াত হোৱা বিশ্ব বাণিজ্য সংস্থাৰ বৈঠকত ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিলে ১৫৯দেশেঃ এই চুক্তিয়ে উন্নয়নশীল দেশবোৰক মূল খাদ্যশস্য আহৰণ কৰা আঁচনিবোৰত ৰাজসাহাৰ্য অব্যাহত ৰখাৰ অনুমতি দিব। ভাৰতীয় বাণিজ্য মন্ত্ৰী আনন্দ শৰ্মাই এয়া ভাৰতৰ বাবে এটা উল্লেখনী দিন বুলি উল্লেখ কৰি এই চুক্তিয়ে খাদ্যৰ সুৰক্ষা আইনক ৰূপায়ন কৰাত থকা আন্তৰ্জাতিক বাধা সমূহ দূৰ হোৱা বুলিও ব্যক্ত কৰে।
৪. প্ৰসিদ্ধ সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞিৰ ৮১তম জন্মদিন পালিত হল নগাঁৱতঃ পুৰুষ দ্য জেনেৰেছনৰ উদ্যোগত এই দিনৰ বিশেষ কাৰ্যসূচী পালন কৰা হয়।
৫. অসম লোকসেৱা আয়োগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰাকেশ পালক স্থায়ী অধ্যক্ষ ৰূপে নিযুক্তি প্ৰদান কৰিলে ৰাজ্য চৰকাৰে।
৬. গুৱাহাটীৰ কুমাৰাপাৰাৰ শ্ৰীশ্ৰী ৰাজহুৱা নামঘৰ প্ৰাংগনত অনুষ্ঠিত হব চাৰিদিনীয়াকৈ গোৱালপৰীয়া লোকগীতৰ কৰ্মশালাঃ ১২-১৫ ডিচেম্বৰত হব লগা কৰ্মশালাত হস্তী বিশেষজ্ঞা পাৰ্বতী বৰুৱাও উপস্থিত থাকি লোকগীতৰ কেতবোৰ দিশৰ ওপৰত আলোকপাত কৰিব।
৭. আঠ হাজাৰ শব্দৰে সমৃদ্ধ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ প্ৰাধ্যাপক ডঃ ভীমকান্ত বৰুৱাই প্ৰণয়ন কৰি উলিয়ালে ত্ৰিভাষিক নাগামিজ অভিধান। তেখেতে নাগামিজ ভাষাক লৈ যথেষ্ট গৱেষণা গ্ৰন্থৰেও উল্লেখনীয় বৰঙণি আগবঢ়াইছে।
৮. নগাঁও গ্ৰন্থমেলাত ১৭ডিচেম্বৰত সাহিত্যৰথীৰ " জুনুকা" নামৰ শিশু-গ্ৰন্থৰ শতবৰ্ষ অনুষ্ঠানঃ এহাজাৰ শিশুলৈ জুনুকাৰ নতুনকৈ মুদ্ৰিত কপি বিনামূলীয়াকৈ বিতৰণ কৰিব অকণিৰ সাহিত্য সভা আৰু সাংস্কৃতিক গোষ্ঠী কল্লোলে।
৯. দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ে ইতিমধ্যে ভৰি দিছে সোণালী জয়ন্তীঃ অহা ২১ ডিচেম্বৰত মহাবিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰিছে ছাত্ৰাৱাসৰ ন-পুৰণি আৱাসীৰ প্ৰীতি সন্মিলন।
১০. নাগালেণ্ড বিশ্ববিদ্যালয়ত বন্য জীৱ সংৰক্ষণ সম্পৰ্কীয় শিক্ষাৰ্থী বৈজ্ঞানিক অভিবৰ্তন য়েটি হৈছে আয়োজিতঃ ১৬-১৯ডিচেম্বৰলৈ।
১১. শিমলুগুৰিৰ ছাত্ৰী অপহৰণৰ মূল নায়ক বিমান বৰাক আৰক্ষীয়ে কৰিলে কৰিলে গ্ৰেপ্তাৰঃ একাংশ লোকে চিনাক্ত কৰাৰ পাছত জেৰাত তেওঁ অপহৰণ কাণ্ডৰ কথা স্বীকাৰ কৰিবলৈ বাধ্য হয়।
১২. তৰুণ তেজপালক পুনৰ অতিৰিক্ত চাৰিদিনৰ বাবে আৰক্ষী জিম্মালৈ।
১২. তৰুণ তেজপালক পুনৰ অতিৰিক্ত চাৰিদিনৰ বাবে আৰক্ষী জিম্মালৈ।
No comments:
Post a Comment