পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. নগাঁৱৰ বেবেজীয়াত উদ্বোধন কৰিলে দৈনিক ৫হাজাৰ লিটাৰ দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্পৰঃ বৰ্ধিত গ্ৰাহকৰ চাহিদালৈ লক্ষ্য ৰাখি আগৰ দুহেজাৰ লিটাৰ ক্ষমতা সম্পন্ন প্ৰকল্পটো ১কোটি টকাৰে উন্নীত কৰি উচ্চ ক্ষমতা সম্পন্ন কৰি গঢ়ি তোলাৰ সুখবৰ।
গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত
"ৰ'দৰ চিঠি" কথাছবিৰ সংগীতৰ শ্ৰব্য সঁফুৰা হ'ল উন্মোচিত।
মাত্ৰ ৫৯.৯৪ টকাত টাইমচ মিউজিকৰ ৱেব পৰ্টেল যোগে
এই এলবাম ডাউনলোডৰো কৰিলে ব্যৱস্থা। 

২. বাৰ্ধক্যক নেওচি অসমীলৈ আহিব পদ্মশ্ৰী সন্মানেৰে বিভূষিতা লেখিকা মহাশ্বেতা দেৱীঃ অসম সাহিত্য সভাই প্ৰবৰ্তন কৰা প্ৰথম মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা অহা ২ মাৰ্চত গ্ৰহণ কৰিব গুৱাহাটীৰ মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পত।

৩. অসমলৈ বিগত তিনি বছৰত ১.২৯কোটি পৰ্যটকৰ আগমন হোৱা বুলি জনসংযোগে জাৰি কৰিলে তথ্যঃ তাৰে প্ৰায় ৮৯ হাজাৰ বিদেশী পৰ্যটক আছিল বুলিও কৰিলে সদৰী। 

৪. বৰদিনতে ৯০বছৰত ভৰি দিলে ৯বাৰকৈ লোকসভা আৰু ২বাৰ ৰাজ্যসভাৰ সাংসদ হোৱা কবি তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীঃ দেশজুৰি অলেখ শুভাকাংখীয়ে উদযাপন কৰিলে তেখেতৰ জন্মদিন আৰু প্ৰাৰ্থনা জনালে সুস্বাস্থ্যৰ বাবে।

৫. এইবাৰ আম আদমী পাৰ্টিক অনুসৰণ কৰি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি দলৰ "এক নোট, এক ভোট" আঁচনিঃ দহ টকাৰ পৰা এহাজাৰ টকালৈকে খুচুৰা পুঁজি সংগ্ৰহ আঁচনিৰে এইবাৰ দেশবাসীৰ কাষ চপাৰ বাবে কৰিলে নতুন উপায় অৱলম্বন।

৬. ৰামলীলা মৈদানত অহা ২৮ ডিচেম্বৰত শপত গ্ৰহণ কৰিব অৰবিন্দ কেজৰীৱালৰ নেতৃত্বত আম আদমী পাৰ্টিৰ মন্ত্ৰীসভাইঃ চুইপাৰৰ কণ্যা ৰাখী বিৰলাই কেবিনেট মন্ত্ৰীৰ বাব লাভ কৰি লাভ কৰিলে সংবাদ শিৰোনামা।

৭. গুৱাহাটীত ১৫সংখ্যক উত্তৰ পূৱ গ্ৰন্থমেলা উদ্বোধন কৰিলে প্ৰথিতযশা সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্যইঃ কম্পিউটাৰৰ আগ্ৰাসনৰ মাজতগণতান্ত্ৰিক চেতনা জীয়াই ৰখা, পৰস্পৰৰ প্ৰতি সন্মান বজাই ৰখাৰ সৌজন্যতা আদি মানৱীয় গুণৰ কৰ্ষণ কৰিবলৈকে গ্ৰন্থ সমাজক লাগিবই বুলিও তেখেতে কৰিলে মন্তব্য।

৮. শিৱসাগৰত সামাজিক সংগঠনৰ সংঘবদ্ধ সোঁৱৰণি সভাৰ আয়োজনঃ যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ মৃত্যুত অসমীয়া সমাজ-জীৱনে এজন আপোচবিহীন দিক-দৰ্শনকাৰী ব্যক্তিক হেৰুৱালে বুলি মন্তব্য কৰিলে শিক্ষাবিদ দিপালী চলিহাই।

৯. ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ আয়োগৰ যৌথ উদ্যোগত যোৱা ২৩ ডিচেম্বৰত দিনযোৰা কাৰ্যসূচীৰে শিক্ষকৰ বাবে শিশুৰ অধিকাৰ সম্পৰ্কত কৰ্মশালা অনুষ্ঠিত হ'ল মঙলদৈ চহৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত।

১০. অসমৰ ছয়টা সাংবাদিক সংগঠনৰ সমূহীয়া মঞ্চ সদৌ অসম সংবাদ মাধ্যম কৰ্মচাৰী সংঘৰ প্ৰথমখন বাৰ্ষিক অধিবেশনখ অহা পাঁচ জানুৱাৰীৰ পৰা দুদিনীয়াকৈ আয়োজন কৰিছেঃ মুকলি সভাত মুখ্য অতিথি হিচাবে অংশ লব দেশৰ আগশাৰীৰ সাংবাদক কলিকতাৰ স্নেহাশীস শূৰে।

১১. নিয়মীয়া সাহিত্য চৰ্চাৰে অসমীয়া ভাষা সাহিত্যলৈ বৰঙণিক উদগনি দিয়াৰ উদেশ্যে নগাঁও জিলা সাহিত্য সভাই ৫০ অনুৰ্ধৰ ৬গৰাকী নবীন লেখক লেখিকালৈ প্ৰেৰণা বঁটা আৰু পঞ্চাশোৰ্ধ্বৰ ৯গৰাকী লেখক লেখিকালৈ সাধনা বঁটা ঘোষণা কৰাৰ সুখবৰ।

১২. পাঠশালাতো অহা ২৮ডিচেম্বৰৰ পৰা ৩জানুৱাৰীলৈ আয়োজিত হৈছে এক গ্ৰন্থমেলাৰঃ নূপূৰ গোষ্ঠীৰ এই আয়োজন অংশ লব ৫০খনকৈ বিপনীয়ে।

১৩. কাইলৈৰ পৰা ছগাঁৱত অনুষ্টিত হব সপ্তম বাৰ্ষিক সদৌ অসম জংগম একাংক নাট প্ৰতিযোগিতাৰঃ উদ্বোধন কৰিব নাটাচাৰ্য শ্যামাপ্ৰসাদ শৰ্মাই। 

১৪. গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত চলি থকা অসম আৰু বংগৰ মাজৰ ১৬বছৰ অনুৰ্ধ বিজয় মাৰ্চেণ্ট ট্ৰফীৰ তততীয় মেচখন অমীমাংসিত ভাৱে সমাপ্ত হয়।

১৫. জামচেদপুৰৰ টাটা নগৰত চলি থকা ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত পাঁচটাকৈ ৰূপৰ পদক জয় কৰিছে বুলি অসম আৰ্চাৰী সন্থাই সদৰী কৰিছে।

No comments:

Post a Comment