দিল্লীত আম আদমীৰ সংখ্যালঘু চৰকাৰ
দ্বিজেন্দ্ৰ নাথ শৰ্মা
চৰ্বিত চৰ্বন যেন লাগিলেও পৰিবৰ্তনৰ ইংগিত বহন কৰি ৰাজনীতিলৈ অহা নতুন বতাহজাকৰ প্ৰতিটো চালচলন আজি সমাজৰ সুক্ষ্ম পৰ্যবেক্ষণত। ঘনে প্ৰতি নতুন নতুন মোৰ লোৱা দিল্লী বিধানসভাৰ নিৰ্বাচনোত্তৰ পৰিস্থিতি যে অকল এখন ৰাজ্যৰ ৰাজনীতি হৈ আছে তেনে নহয়, দিল্লী নিৰ্বাচন-কেন্দ্ৰিক ৰাজনৈতিক পৰিঘটনাই আগন্তুক দিনত ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনত সুদূৰ প্ৰসাৰী প্ৰভাব যে পেলাব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰা এই মুহুৰ্তত ৰাজনৈতিক বাধ্যবাধকতা আৰু আদৰ্শগত দিশৰ লগত প্ৰায়োগিক দিশৰ আহি পৰা সংঘাটে বহু ক্ষেত্ৰত বিভ্ৰান্ত কৰাৰ লগতে বিভিন্ন সন্দেহ, পুৰ্বাভাসৰ সৃষ্টি কৰিছে।
পৃষ্ঠভূমিৰ বৰ্ণনালৈ নগলেও এটা কথা ইয়াত মন কৰিব লাগিব এটা আন্দোলন আৰু সেই আন্দোলনে সৃষ্টি কৰা এটা ৰাজনৈতিক শক্তি। এটা প্ৰতিবাদ বা ৰাইজৰ দাবী আৰু এটা পৰিবৰ্তনকামী ৰাজনৈতিক শক্তি, দুইটাৰ মাজত বস্তুগত পাৰ্থক্য থাকে।
যেতিয়া এটা শক্তি "প্ৰভাৱ গোষ্ঠী" হৈ থাকে তেতিয়া সেই শক্তিটোৰ কাৰ্যাৱলী মূলতঃ শাসক পক্ষৰ ওপৰত হেঁচা বা চাপৰ সৃষ্টি কৰা। প্ৰভাৱ গোষ্ঠী (প্ৰেচাৰ গ্ৰুপ)ৰ মূল কাম ৰাইজৰ আশা আকাংক্ষা কি সেইটো শাসক গোষ্ঠীৰ ওচৰত দাঙি ধৰা। আনহাতে যেতিয়া সেই একেটা শক্তি ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰে তেতিয়া সেই শক্তিটো স্বাভাবিকতে ৰাজনৈতিক বাধ্যবাধকতাৰ সম্মুখীন হ'বই লাগিব। "প্ৰভাৱ গোষ্ঠী" আৰু "ৰাজনৈতিক শক্তি"ৰ মাজৰ পাৰ্থক্যখিনি অনুভৱ নকৰাকৈ যদি দিল্লীৰ পৰিবৰ্তিত ৰাজনৈতিক প্ৰেক্ষাপটত কিবা আলোচনা কৰা হয় তেতিয়া সেইটোৱে সাধাৰণ জনতাৰ মনত স্বাভাবিকতে এটা বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ আশংকা থাকে। আনহাতে এটা "প্ৰভাৱ গোষ্ঠীৰ" নেতা এজনে প্ৰভাৱগোষ্ঠীৰ নেতা হৈ থাকোতে যিধৰণৰ এপ্ৰোচ গ্ৰহন কৰে ৰাজনৈতিক শক্তি হিচাপে একে ধৰণৰ এপ্ৰোচ ৰাখিব নোৱাৰে। (ইয়াত এপ্ৰোচ শব্দটো বক্তব্য, চালচলন, আনকি সিদ্ধান্ত গ্ৰহন আদিৰ ক্ষেত্ৰত দেখুৱাব পৰা ক্ষিপ্ৰতা আদি সামগ্ৰীক বিষয় সামৰিব বিচৰা হৈছে)।

দাবীৰ একো সীমাবদ্ধতা নাথাকে, তেনেকৈ প্ৰেচাৰ গ্ৰুপৰো সীমাবদ্ধতা খুব কম। কিন্তু দাবী পূৰণৰ ক্ষেত্ৰত সমলৰ সীমাবদ্ধতা থাকিব। এটা দাবী উত্থাপন কৰা আৰু সেই দাবী কাৰ্যকৰী কৰাৰ মাজত থকা ব্যৱহাৰিক অসুবিধাখিনি অনুভব নকৰাকৈ যদি আমি এটা "প্ৰভাৱগোষ্ঠীৰ নেতা"ক প্ৰভাৱগোষ্ঠীৰ পৰা ৰাজনৈতিক শক্তিৰ নেতালৈ পৰিবৰ্তিত হোৱা মুহুৰ্ততে তেও প্ৰভাৱগোষ্ঠীৰ নেতাৰ পৰা ৰাজনৈতিক নেতা হোৱাৰ মাজত আহি পৰা এপ্ৰোচৰ প্ৰভেদখিনি সমলোচনা কৰিব আৰম্ভ কৰো তেতিয়া সেই নেতাজনক প্ৰকাৰান্তৰে কাৰ্যপন্থা হাতত লোৱাৰ পৰা বঞ্চিত কৰাহে হ'ব।
সৌসিদিনালৈ মূলত দূৰ্নীতি বিৰোধী আন্দোলনৰ হোতা হৈ থকা অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ সহযোগী লগতে পৰিবৰ্তনকামী জনতা এতিয়া এটা ৰাজনৈতিক শক্তি। আম আদমী পাৰ্টি এতিয়া জন্তৰ-মন্তৰত ধৰ্ণা দিয়া দল নহয়। সেইটো কথা মন নকৰাকৈ অকল সমালোচনা কৰাৰ স্বাৰ্থত কোনটো খোজ কিমান দীঘলৈ দিলে, কাৰ সোঁকাষে-বাওঁকাষে বহিলে জাতীয় সমালোচনা বিলাক মূলত বিৰোধী ৰাজনৈতিক কুটসা ৰটনাৰ বাহিৰে একো নহয়। ৰাজনীতিত এনেধৰণৰ কুটসা ৰটনা থাকেই। কিন্তু কথা হ'ল প্ৰৱল আশাৰ সঞ্চাৰ কৰি ৰাজনীতিত প্ৰৱেশ কৰা এই শক্তিটোৰ ওপৰত ৰাইজৰ প্ৰত্যাশা ইমানেই বেছি যে এই দলটোৱে ৰাজনৈতিক বাধ্যবাধকতা বা প্ৰায়োগিক সীমাবদ্ধতাৰ বাবে ল'ব লগীয়া কিছুমান পদক্ষেপেও ৰাইজক হতাশ কৰাৰ আশংকা আছে। আনহাতে বিৰোধী ৰাজনৈতিক শক্তিবিলাক এই শক্তিটোৰ বিৰুদ্ধে ইমানে শংকিত হৈ পৰিছে যে এই দলটোক এনেকুৱা কিছুমান পদক্ষেপ লবলৈ বাধ্য কৰাইছে যিবোৰে পদক্ষেপ আগতে তেওলোকে লৈ থৈছে আৰু সেই পদক্ষেপবিলাক লোৱাৰ পিছত তাৰ সমালোচনাত নিমগ্ন হৈছে।

প্ৰথম নিৰ্বাচনত অৱতীৰ্ণ হৈ ২৮ খন আসন লাভ কৰা এই দলটো ৰাজনৈতিক অৱস্থান কি হ'ব লাগে সেইটো লৈ ইমানে বিতৰ্ক হৈছে যিটো ভগা-পতাৰ ৰাজনীতিত অভ্যস্ত ভাৰতীয় ৰাজনীতিত কস্মিন কালেও হোৱা নাই। বিৰোধী ৰাজনৈতিক শক্তি বিলাক যেন এতিয়া এটাই কাম যে এই দলটোৱে লোৱা প্ৰতিটো পদক্ষেপতেই ভুল বুলি প্ৰমানিত কৰা। আচলতে এইটো নতুন ৰাজনৈতিক শক্তি উত্থানে ৰাজনৈতিক ক্ষেত্ৰখন তোলা ধুমুহাৰ বহিৰ্প্ৰকাশ।
এটা সময়ত নিজে বিৰোধীত বহি কংগ্ৰেছ আৰু আম আদমীয়েহে চৰকাৰ গঠন কৰা উচিত বুলি কোৱা দলটোৱে চৰকাৰ গঠনৰ বাবে পদক্ষেপ লোৱাৰ মুহুৰ্তত আচলতে ৰাইজে সেই দলটোকহে সংখ্যাগৰিষ্ঠ দল হিচাপে চৰকাৰ গঠন কৰাৰ বাবে জনমত দিয়া বুলি কোৱা আৰু আম আদমীয়ে জনতাক প্ৰতাৰণা কৰা বুলি কোৱাটো এটা স্ববিৰোধ আৰু যুক্তিহীন সমালোচনা বুলি ক'ব পাৰি। দ্বিতীয়তে কাৰো সমৰ্থনত চৰকাৰ গঠন নকৰে বুলি কোৱা আম আদমীয়ে পিছ মুহুৰ্তত চৰকাৰ গঠন কৰাক লৈ যিটো সমালোচনা হৈছে, সেই সমালোচনাটো হোৱাৰ একো থলেই নাথাকিলেহেতেন যদিহে আম আদমীয়ে প্ৰথমতেই ঘোষণা কৰিলেহেতেন যে যদিহে বিজেপিয়ে চৰকাৰ গঠন নকৰে তেতিয়া তেওঁলোকে চৰকাৰ গঠন কৰিব কিন্তু কাৰো সমৰ্থন নলয়। ভাৰতীয় সংবিধান মতে চৰকাৰ গঠনৰ বাবে নিৰকুংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰত্যক্ষ প্ৰয়োজন নাই। ভাৰতীয় সংবিধান মতে ৰাষ্ট্ৰপতি বা ৰাজ্যপালে প্ৰথমতে একক সংখ্যাগৰিষ্ঠ দলটোক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়, সেই দলে আমন্ত্ৰণ গ্ৰহণ নকৰিলে দ্বিতীয় দলটোক চৰকাৰ গঠনৰ বাবে সুযোগ দিয়ে। পিছত আস্থা-অনাস্থাৰ ভোটৰ কথা আহিলে চৰকাৰ ভাঙে থাকে সেইটো বেলেগ কথা। গতিকে আম আদমীয়ে চৰকাৰ গঠন কৰিবলৈ আন দলৰ সমৰ্থনৰ প্ৰয়োজন নাই কিন্তু আন দলে চৰকাৰ ভাঙিব পাৰিব। যোৱা কালি কেজৰিৱালে ঘোষোণা কৰিছে যে তেও কংগ্ৰেছ সমৰ্থন নিবিচাৰে। এতিয়া যদি আমি সঠিক ভাবে বিশ্লেষন কৰো তেতিয়া আমি দেখিম যে আম আদমীত চৰকাৰ কংগ্ৰেছৰ সমৰ্থনৰ চৰকাৰ নহয়। যদিও বিভিন্ন মাধ্যমত এইটো প্ৰচাৰ কৰা হৈছে যে আম আদমীয়ে কংগ্ৰেছৰ সহযোগত চৰকাৰ গঠন কৰিছে প্ৰকৃততে সেইটো নহয়।
আম আদমীৰ চৰকাৰ আচলতে এখন সংখ্যালঘিষ্ঠ চৰকাৰ আৰু ভাৰতবৰ্ষত আগতেও এনেকুৱা সংখ্যালঘিষ্ঠ চৰকাৰ গঠন হোৱাৰ উদাহৰণ আছে। আম আদমীয়ে কংগ্ৰেছৰ সহযোগত চৰকাৰ গঠন কৰা বুলি হোৱা প্ৰচাৰটো আচলতে শুদ্ধ নহয়। কিন্তু এই ক্ষেত্ৰত আম আদমী পাৰ্টিৰ ভুলটো হ'ল এই কথাটো স্পষ্ট ৰূপত প্ৰচাৰ কৰাত তেওঁলোক ব্যৰ্থ হৈছে।
চৰকাৰ গঠনৰ বিকল্প বিলাকৰ ভিতৰত এই সংখ্যালঘু চৰকাৰ গঠনৰ বিকল্পটোও যে আছে সেই কথাটো ৰাইজে মন কৰা উচিত। সংখ্যালঘু চৰকাৰৰ স্থায়ীত্ব নিৰ্ভৰ কৰে বিৰোধীৰ ওপৰত। আস্থাৰ ভোটত পৰাজিত কৰি সংখ্যালঘু চৰকাৰক বিৰোধীয়ে বিদায় দিব পাৰে। নাইবা পিছত অনস্থা প্ৰস্তাৱ আনি চৰকাৰ যিকোনো মূহুৰ্ততে বিদায় দিব পাৰে। এতিয়া আম আদমীক আস্থাৰ ভোটত পৰাজিত কৰে বা আম আদমীৰ বিৰুদ্ধে পিছত বিৰোধীয়ে অনাস্থাৰ প্ৰস্তাৱ আনে আৰু অনাস্থাৰ প্ৰস্তাৱত বিৰোধীয়ে জয়লাভ কৰে তেতিয়া পুনৰ নিৰ্বাচন আহিলেও আম আদমীৰ কৰিব লগীয়া একো নাই। গতিকে দিল্লীত পুনৰ নিৰ্বাচন বিচাৰে নে নিবিচাৰে সেইটো বিৰোধীৰ কথা। যদি বিচাৰে অনাস্থাৰ প্ৰস্তাৱত আম আদমীক হৰুৱাব আৰু যদি নিবিচাৰে অনাস্থাৰ প্ৰস্তাৱ নানে।
No comments:
Post a Comment