হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. অসমৰ থলুৱা দালাল সকললৈ সুখবৰঃ দুলীয়াজানত বনুৱা নিযুক্তিৰ নামত ২০কোটি টকাৰ পৰ্যন্ত দালালী কাৰাবাৰ মুকলি হোৱাৰ সন্তোষজনক খবৰ। এই সুবিধা গ্ৰহণ কৰিবলৈ দুলীয়াজানত আগ্ৰহী দালাল সকলক উবুৰি খাই পৰিবলৈ ইয়াৰে স্থানীয় সংবাদদাতাই আহ্বান জনাইছে।


২. "বিজয়া জিকিছে, বিজয়াই জিকিব" বুলি মন্তব্য কৰিছে ৰসাল গগৈয়ে। কটুক্তি কৰা গিৰিপ চলিহা জিকাতকৈ বিহু নচা বিজয়া জিকিলেই তেখেতে সন্তোষ পাব বুলিও খোৱাৰ টেবুলত তেখেতে ব্যক্ত কৰিছে।
৩. মাত্ৰ ৫০হাজাৰ টকাতে সাংসদে চিঠি লিখি দিয়া বুলি কোব্ৰা সাপ.কমে ষ্টিং অপাৰেচন যোগে কালি সদৰী কৰাত হাহাঁকাৰ লাগিছে দিল্লীত। ইমান মূ্ল্যবৃ্দ্ধি আৰু মুদ্ৰাস্ফীতিৰ দিনতো সাংসদ সকলে নিজকে ইমান কম দামত বিক্ৰী কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাংসদ সমাজে নিজৰ মূল্য ইমান অৱনমন নকৰিবলৈ সঁকিয়নি সূচক নিৰ্দেশনাও জাৰি কৰিছে।

৪. "পৰাগ দাসৰ দৰে অৱস্থা কৰিম" বুলি সাংবাদিকক প্ৰাক্তন ক্ৰিকেটাৰে ভাবুকি দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাক্তন বিপ্লৱীৰ গুপ্ত হত্যাৰ দিন এতিয়া নাই বুলি সাংবাদিকে ক্ৰিকেটাৰ জনক সঁকিয়াই দিয়ে আৰু কয় যে এতিয়া সেই পুৰণি ধমকিৰ কোনো ভেল্যু নাই! এতিয়া যুগ মুক্ত হত্যাৰহে। প্ৰমীলা ৰামী বাইদেৱেউ এই কথাটোত সহমত প্ৰকাশ কৰিছে।

৫. শান্তিকাম নামৰ শান্তি-কামনা কৰা এজন অসমীয়াই নদী-বান্ধৰ পক্ষে সহমত প্ৰকাশ কৰা কৰাবৰ বাবে বুদ্ধিজীৱি-অভিযন্তাৰ দুৱাৰে দুৱাৰে ধনৰ টোপোলা লৈ ঘূৰি ফুৰা বুলি সংবাদ শিৰোনামত প্ৰকাশ পাইছেঃ ঘৰলৈ অহা লক্ষ্মীক নেওঁচা দিব নাপায় বুলি হোম-ডেলিভাৰীৰ এক্সপাৰ্ট ব্যক্তিজনে জাতি-ভাই সকলৰ প্ৰতি আহ্বান জনাইছে।


৬. মাত্ৰ পাঁচ লাখ টকাতে পাঁচ বছৰ ধৰি চিআইডিয়ে ইমান ডাঙৰ মন্ত্ৰীৰ হত্যাৰ কেচ দবাই ৰখাত অসণ্টুষ্টি প্ৰকাশ কৰিছে যোগদল কাণ্ডৰ অভিযোগ আৰু সাক্ষ্য সংস্থাইঃ ডাঙৰ মানুহৰ পৰা অলপ ভাল পইচা লৈহে কেচ দবোৱাৰ আদৰ্শ দেখুৱাব লাগে আৰু সৰু সৰু মানুহক এই ক্ষেত্ৰত সুলভ মূল্যত সহায় কৰিব লাগে বুলি চিআইডি বিষয়া সংস্থালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।

৭. অসমৰ থলুৱা যুৱক সকলে গঠন কৰা অপৰহণ ক্লাৱ সমূহলৈ বিশেষ বৰঙণি দিয়াৰ ব্যৱস্থা নকৰাৰ বাবেই ভাৰতীয় ঔপনিবেশিক ৰেলৰ প্ৰকল্প সমূহ আগবঢ়াব পৰা নাই বুলি লোকসভাত কালি মন্ত্ৰীয়ে জনাইছেঃ সেয়ে সকলোৱে ভাগ পাব পৰাকৈ এনে প্ৰকল্পত চান্দা-বৰঙণি-মুক্তিপন পুঁজিৰ বিশেষ ব্যৱস্থা ৰখাৰ প্ৰয়োজন বুলি চংসদ সকলে সমস্বৰে মত প্ৰকাশ কৰে।

৮. দাম দৰ নিমিলিলে আয়কৰ অভিযান চলিবই বুলি কালি মত প্ৰকাশ কৰিলে আয়কৰ বিশেষ পুঁজি আহৰণ সংস্থাই। কালি পুতেক গ্ৰুপত এনে অভিযান চলোৱাৰ মূলতে বাপেক সকলে সঠিক সাপ্তা বিশেষ পুঁজি সংস্থালৈ পঠাই নথকাই বুলিও এই সংস্থাই স্পষ্ট কৰি দিছে।

৯. নিৰ্বাচনী বিষয়াৰ পৰা ভোটাৰ তালিকা কাঢ়ি নিয়াৰ অপৰাধত চৰকাৰী নিবাসত শোৱাপাতিৰ পৰাই অন্তৰ্বাসতে অৰুণাচলৰ চংচদীয় চচিবক গ্ৰেপ্তাৰ কৰি সমালোচনাৰ সন্মুখীন হৈছে আৰক্ষী বিষয়াঃ প্ৰত্যুত্তৰত আৰক্ষী বিষয়াজনে অপৰাধীয়ে যি কোনো সময়তে চুট-টাই পিন্ধি থকাৰ অভ্যাস কৰিলে তেখেত সকলক অন্তৰ্বাসত গ্ৰেপ্তাৰ কৰাৰ পৰা আঁতৰত থাকিব পৰা যাব বুলি মত প্ৰকাশ কৰিছে।

১০. কাম কৰা ছোৱালীক নিৰ্যাতন কৰি গ্ৰেপ্তাৰ হোৱা ভাৰতীয় ৰাষ্ট্ৰদূতে লাভ কৰিলে জামিন। কাম কৰা ছোৱালীক নিৰ্যাতন কৰিবলৈ আমেৰিকাত ৰাষ্ট্ৰদূত হোৱাৰ কি দৰকাৰ, আমাৰ অসমতে লালু-পাঞ্জুৱে সেইবোৰ চলাই থাকে বুলি মন্তব্য কৰিলে তামোলৰ দোকানী খগেন গগৈয়ে।

No comments:

Post a Comment