পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. চৰকাৰী ভোজনৰ পৰা বিলাসী মাছ-মঙহ, মাদক দ্ৰব্য আৰু ধূমপান আঁতৰ কৰাৰ বাবে সিদ্ধান্ত ললে চীনৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিয়েঃ জনতাৰ ধনৰ অপব্যৱহাৰ ৰোধৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনে।
মেৰী কমৰ আত্ম-জীৱনী মুম্বাইত উন্মোচন
কৰিলে অমিতাভ বচ্চনে

২. আজি ১০ডিচেম্বৰ দিনটো ইলোৰা বিজ্ঞান মঞ্চই পালন কৰিছে "কু-সংস্কাৰবিৰোধী দিৱস" ৰূপেঃ কেন্দ্ৰীয়ভাৱে পালিত হৈছে বৰপেটা জিলাৰ চেঙাত। "আধুনিক সমাজত অন্ধ-বিশ্বাস" শীৰ্ষক বক্তৃতা প্ৰদান কৰিব ডঃ দীনেশ বৈশ্য দেৱে। আজি পালিত হৈছে মানৱ অধিকাৰ দিৱসো। পালিত হৈছে ছহিদ দিৱসো স্বৰ্গীয় খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত।


৩. অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে কৃষক মুক্তিৰ বৈঠকৰ সিদ্ধান্ত সমূহক ঐতিহাসিক বুলি ঘোষণা কৰিলে অখিল গগৈয়েঃ এই বৈঠকত হোৱা দাবী সমূহৰ ভিতৰত- এমাহৰ ভিতৰত অসমৰ নতুন ভূমি আইনৰ বাবে সংশোধনৰ দ্বায়িত্ব দিব উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক, দুবছৰৰ ভিতৰত হব প্ৰতিবিঘা মাটিৰ জৰীপ, ক্ষুদ্ৰ চাহ খেতিয়কলৈ ৩০বিঘাকৈ মাটিৰ প্ৰস্তাৱ, এসপ্তাহৰ ভিতৰত এন আৰ চি উন্নীতকৰণৰ জাননী আৰু কৃষিভূমি যাতে অকৃষকৰ হাতলৈ যোৱা ৰোধিবলৈ নামনি অসমৰ আয়ুক্তৰ তদন্ত ক্ষিপ্ৰ কৰাৰ নিৰ্দেশ আৰু থলুৱা উদ্যোগৰ সুৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ। তিনি বছৰৰ ভিতৰত নতুন ভূমি নীতি প্ৰণয়ণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কৰিলে ঘোষণা।

৪.অভিলেখ গঢ়ি নৱমবাৰলৈ বিজয়ী হল মিজোৰামৰ মুখ্যমন্ত্ৰী লাল থান হাওলাঃ কংগ্ৰেছে লাভ কৰিলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা।

৫. শিৱসাগৰত তোলন গোহাঁইক "বাঘ হাজৰিকা সমন্বয় বঁটা" প্ৰদান কৰি ৰাজ্যৰ বিশিষ্ট সাহিত্যিক ডঃ কুতুবুদ্দিন আহমেদে অসম চৰকাৰক সমন্বয়ৰ বাট চিকুনাবলৈ জনালে আহ্বান।

৬. শান্তি সম্প্ৰীতি অটুট ৰখাত পদক্ষেপ গ্ৰহণ কৰিলে মৰিগাঁৱৰ তিতাতলাৰ জনজাতীয় সমাজেঃ ৬০টা দৰিদ্ৰ ভূমিহীন পৰিয়ালক ভেটি-মাটি প্ৰদান কৰি দাঙি ধৰিলে অনন্য আদৰ্শ।

৭. ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ইতিহাস বিভাগে আয়োজন কৰিছে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰঃ অহা ১৬-১৭ ডিচেম্বৰত এই আলোচনা চক্ৰ অনুষ্ঠিত হব।

৮. অনুৰ্ধ ১৩ অসম ফুটবল দলক নেতৃত্ব দিয়া নিতাইপুখুৰী কটিয়ৰীৰ ৰিপুঞ্জয় দেউৰীক তেওঁৰ দক্ষতাৰ বাবে শিৱসাগৰ ক্ৰীড়া সন্থাই জনালে সম্বৰ্ধনা।

৯. অসম চিনিয়ৰছ বেডমিণ্টন ক্লাৱৰ উদ্যোগত অহা ১৩-১৫ ডিচেম্বৰত চতুৰ্থ উত্তৰ পূৱ ছিনিয়ৰছ বেডমিণ্ট্ন টুৰ্ণামেণ্ট অনুষ্ঠিত হবঃ প্ৰতিযোগিতাৰ স্থান নেহৰু ষ্টেডিয়ামৰ সংলগ্নকৈ থকা কনকলতা ইনড'ৰ ষ্টেডিয়াম।

১০. মৰিগাঁৱৰ ৰজাগাঁও বিষ্ণু-জ্যোতি সংঘই পালন কৰিব ৰূপালী জয়ন্তী অহা ২৩,২৪,২৫ জানুৱাৰীতঃ অনুষ্ঠিত হব ভিন্নমুখী সাংস্কৃতিক কাৰ্যক্ৰম, প্ৰকাশ হব স্মৃতিগ্ৰন্থও।

১১. বগৰীবাৰীত ব্ৰহ্মপুত্ৰ ডেভেলপমেণ্টৰ ছ'চাইটিয়ে অঞ্চলটোৰ শতাধিক দুখীয়া -দৰিদ্ৰক শীতৰ প্ৰকোপৰ পৰা ৰেহাই দিবলৈ গ্ৰহণ কৰিছে গৰম কাপোৰ আৰু কম্বল বিতৰণৰ কাৰ্যসূচীঃ অহা ১৭ ডিচেম্বৰত বৃক্ষৰোপন, বিভিন্ন প্ৰতিযোগিতা আদিৰো লগতে কৰিছে আয়োজন।

১২. এ আই ইউ ডি এফৰ সতে বুজাবুজি হলে বিৰোধিতা নকৰে মুখ্যমন্ত্ৰী তৰুণ গগৈয়েঃ লোকসভা নিৰ্বাচনত সফলতা লাভৰ স্বাৰ্থতে বিপিএফৰ লগতো মিত্ৰতা অব্যাহত ৰখাৰ আশাও ব্যক্ত কৰিলে চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলে চিন্তাত পেলোৱা কংগ্ৰেছী নেতাজনে।

১৩. মৰিগাঁও জিলাখনৰ ভিতৰতে প্ৰাচীন মৰিগাঁও উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ বাবে চলিছে প্ৰস্তুতিঃ সেই উদ্দেশ্যে অহা ১৪ ডিচেম্বৰত আয়োজন কৰিছে ৰাজহুৱা সভাৰ।

১৪. দ্য ইনষ্টিটিউট অৱ চাটাৰ্ড একাউণ্টেণ্ট অৱ ইণ্ডিয়াৰ গুৱাহাটী শাখাই অহা ১৩,১৪ ডিচেম্বৰত মাছখোৱাৰ আই এ টি চেণ্টাৰত আয়োজন কৰিছে "সাৰথি-মাৰ্চি এহেড" শীৰ্ষক এখনি ৰাষ্ট্ৰীয় অধিবেশন।

১৫. বৰপেটা জিলাৰ জনিয়াত নৰ্থ-ইষ্ট উদমাৰী ৱেলফেয়াৰ চ'ছাইটীয়ে আয়োজন কৰিলে দুদিনীয়াকৈ বিনামূলীয়াকৈ স্বাস্থ্য শিৱিৰ আৰু লগতে অনুষ্ঠিত হল সংগঠনটোৰ চতুৰ্থ বাৰ্ষিক অধিবেশনখনো।

১৬. মুম্বাইত মেৰী কমৰ আত্ম-জীৱনী উন্মোচন কৰিলে অমিতাভ বচ্চনে।

১৭. ফেচবুকত এতিয়াৰ পৰা "সহানুভূতি" বুটাম সন্নিবিষ্ট কৰাৰ বাবে চলিছে চিন্তা-ভাৱনা।

১৮. মংগল গ্ৰহত নাছাৰ ৰ'ভাৰে সতেজ পানীৰ হ্ৰদৰ সন্ধান পোৱাৰ তথ্য সদৰী।

১৯. ভাৰতত ১.৪ শতাংশ মটৰ চাইকেল বিক্ৰীৰ পৰিমাণ বৃদ্ধিঃ বিপৰীতে ব্যক্তিগত সৰু গাড়ী বিক্ৰীৰ হাৰ ৮ শতাংশ হ্ৰাস পোৱাৰ খবৰ।

২০. ষ্টাৰ ইণ্ডিয়াই লাভ কৰিলে টীম ইণ্ডিয়া ক্ৰিকেট দলৰ স্পনচৰশ্বিপঃ এতিয়াৰ পৰা ছাহাৰাৰ ল'গ' সমৃদ্ধ ভাৰতীয় টীম দেখা পোৱা নাযাব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত।

No comments:

Post a Comment