পলকতে সুখ দুখৰ খবৰঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ খবৰঃ

পলকতে সুখ দুখৰ খবৰঃ

Share This
আজিৰ ভাল খবৰবোৰঃ
১. শীঘ্ৰেই অসম আৰক্ষীত আৰম্ভ হ'ব ব্যাপক নিযুক্তিঃ আইন শৃংখলা লৈ প্ৰধান মন্ত্ৰী, গৃহমন্ত্ৰীৰ উদ্বিগ্নতা প্ৰকাশৰ পাছতে নিযুক্তিৰ বাবে গাইডলাইন প্ৰস্তুত কৰাৰ বাবে ডিজিপক নিৰ্দেশনা দিলে গৃহ বিভাগে।


কোহিমাত চলি থকা হৰ্নবিল ফেষ্টিভেলৰ এক দৃশ্য
২. এইবাৰ নিৰ্বাচনত ভোটদান কৰিব দিল্লীৰ জিবি ৰোডৰ ১৫০০গৰাকী দেহ-ব্যৱসায়ক পেশাৰূপে লব লগা হোৱা দুৰ্ভগীয়া মহিলাইঃ নিৰ্বাচনী আয়োগে প্ৰদান কৰিলে ভোটাৰৰ পৰিচয় পত্ৰও। দীৰ্ঘদিনীয়া সমস্যাবোৰৰ সমাধানৰ সন্ধানতে এই সকল নাগৰিকে অংশ গ্ৰহণ কৰিব শাসক নিৰ্বাচন প্ৰক্ৰিয়াত।

৩. ইণ্ডিয়া ইণ্টাৰনেচনেল ট্ৰেড ফেয়াৰ-২০১৩ ত ছাত্ৰ-ছাত্ৰীয়ে প্ৰদৰ্শন কৰিলে বহু উদ্ভাৱনী সামগ্ৰী তথা মডেলঃ হাৰিয়ানাৰ মানৱ ৰচনা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ এনে প্ৰদৰ্শনে হাৰিয়ানাৰ পেভিলিয়নক আন ৰাজ্যৰ সমুখত এক প্ৰশংসাৰ পাত্ৰ কৰি তোলাৰ সুখৰ খবৰ।

৪. জুভেনাইল আইনৰ পৰিবৰ্তনৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে উদ্যোগঃ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ পৰামৰ্শ গুৰুত্বসহকাৰে লৈ ১৮বছৰৰ পৰা ১৬বছৰীয়া অপৰাধীক প্ৰাপ্ত-বয়স্ক ৰূপে বিবেচনা কৰাৰ বাবে গ্ৰহণ কৰিছে প্ৰস্তাৱ।

৬. শিৱসাগৰত উন্মোচিত হ'ল "সংগীত নিনাদ"ৰ দ্বিতীয় সংস্কৰণঃ গায়ন আৰু বায়ন দুয়োটা শৈলীৰে উপযোগীকৈ প্ৰস্তুত কৰা বীণাপাণি শইকীয়াৰ গ্ৰন্থখনি বিশ্ববিদ্যালয়ৰ স্বীকৃত সংগীত শিক্ষাৰ পাঠ্যক্ৰমৰ ব্যৱহাৰিক গ্ৰন্থ ৰূপে পৰিগণিত হোৱাৰ সুখৰ খবৰ।

৭. ৰাজ্যজুৰি পালিত হ'ল অসম দিৱস ৰূপে চ্যুকাফা দিৱসঃ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত চৰকাৰী কাৰ্যসূচী, ডিমৌত ২০১৩ গচি চাকি জ্বলাই পূৰ্ব-পুৰুষক স্মৰণ কৰিলে আটাছুৱে।

৮. সফলতাৰে পোন্ধৰ দিনীয়াকৈ আয়োজন কৰা পলাশবাৰী ৰাস মহোতসৱৰ পৰিল সামৰণিঃ অৰ্ধ শতাধিক মণ্ডৱত মৃন্ময় মূৰ্তিৰে পৌৰাণিক কাহিনীক ৰূপ দান কৰা আৰু মানৱ-হস্তী সংঘাতকো তুলি ধৰা শিল্পী সকলক সকলোৱে কৰিলে ভূয়সী প্ৰশংসা ।

৯. বড়োলেণ্ড ৰিজিঅ'নেল এপেক্স ৱেভাৰছ এণ্ড আৰ্টিছনছ কো-অপাৰেটিভ ফেডাৰেছন লিমিটেড চমুকৈ ব্ৰফেডৰ উদ্যোগত খানাপাৰাৰ খেলপথাৰত অনুষ্ঠিত হৈছে "ৰাষ্ট্ৰীয় হস্তাঁত মেলা-২০১৩":দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো প্ৰায় ৬২খন বিপনীয়ে ইয়াত কৰিছে অংশগ্ৰহণ। বিটিচি প্ৰধান হাগ্ৰামা মুহিলাৰীয়ে উদ্বোধন কৰা এই মেলাত ২২ডিচেম্বৰলৈকে মুঠ ৩.৫০কোটি টকাৰ বিক্ৰীৰ লক্ষ্য ধাৰ্য কৰি লোৱা হৈছে।

১০. কৃষক শ্ৰমিকৰ স্বাৰ্থৰ হকে চিপিআই (ভাৰতৰ কমিউনিষ্ট পাৰ্টি)য়ে অহা লোকসভা নিৰ্বাচনত এজন প্ৰাৰ্থীক থিয় কৰাব বুলি কৰিলে প্ৰকাশঃ অহা ৫-৬ডিচেম্বৰত হব লগা ৰাজ্যিক অভিবৰ্তনত কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে সম-ভাবাপন্ন পাৰ্টিৰ সতে ঐক্যবদ্ধ যুঁজ দিবলৈ ৰণনীতি প্ৰস্তুত কৰিব বুলিও প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে।

১১. স্বজাতি আন্তঃগাথনি গোট, অসমৰ ভাৰত বৰিষ আন্তঃ গাঁথনি অভিযানৰ চতুৰ্থ কাৰ্যসূচী উদযাপন কৰে বৰপেটা জিলা পুথিভঁৰালত তিনিদিনীয়াকৈঃ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোতসৱ, মহৰম, বিশ্ব ডায়েবেটিছ দিৱস, শিশু দিৱসক সামৰি অনুষ্ঠিত কৰে কুইজ প্ৰতিযোগিতাও।

১২. সাংবাদিক আলতাপ হুছেইন আহমেদক আপকুৱে আগবঢ়ালে পবিত্ৰ নাৰায়ণ সোঁৱৰণী বঁটা-২০১৩: বিলাসীপাৰৰ বিভিন্ন সমস্যা তথা অনুসন্ধানমূলক তথ্য সমৃদ্ধ বাতৰিৰে কৰা সংবাদ সেৱাৰ স্বীকৃতি স্বৰূপেই এই বঁটা আগবঢ়োৱা বুলি জানিব পৰা গৈছে।

১৩. সকলোৰে উন্নয়নৰ বাবে গঠিত হব "বড়োলেণ্ড ষ্টুডেণ্টছ ইউনিয়ন": বিপিএফৰ ছত্ৰছায়াত গঢ় লব লগা এই উমৈতহতীয়া ছাত্ৰ সংগঠনে কোনো জাতিৰ ছাত্ৰ সংগঠনৰ ক্ষতি নকৰে বুলি মন্তব্য কৰিলে প্ৰবীণ বড়োৱে।

১৪. ডিব্ৰুগড় নগৰৰ সুৰক্ষা বান্ধ উন্নীতকৰণ প্ৰকল্পৰ স্থাপন হল আধাৰশিলাঃ এছিয়ান ডেলেলপমেণ্ট বেংকৰ ৮০কোটি ধনেৰে হাতত লোৱা হৈছে এই প্ৰকল্পৰ কাম।

১৫. আজি বিশ্ব প্ৰতিবন্ধী দিৱসঃ গুৱাহাটীতো এই দিৱস হৈছে পালিত। প্ৰতিবন্ধীৰ বাবে ৰাজ্যৰ দহটা বিভাগত খালী হৈ থকা ২০০০টা পদত নিযুক্তিৰে এই সকল নাগৰিকক সৱল ভাৱে জীয়াই থকাৰ অধিকাৰ দিবলৈ সচেতন নাগৰিকে আহ্বান জনাইছে ৰাজ্য চৰকাৰক।

No comments:

Post a Comment