হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
বজাৰত শেহতীয়াকৈ বৃদ্ধি পাইছে ক'লা পতাকাৰ চাহিদাঃ ক'লা বেপাৰী সকলে দেশত হোৱা এই প্ৰতিবাদী পৰিস্থিতিত এই পতাকাৰ বেপাৰেৰে কোটি টকা আৰ্জন কৰিব পাৰিব বুলি প্ৰকাশ কৰিলে আশা। কাপোৰৰ কোম্পানী সমূহৰ শ্বেয়াৰৰ মূল্য এই ভাল খবৰৰ ফলত উৰ্ধমুখী।

কৃত্ৰিম হৃদয় স্থাপন কৰা খবৰ লৈ আনন্দিত হৈ পৰিছে অসম প্লেবয় যুৱক সংঘ আৰু খিলাড়ী সুন্দৰী যুৱতী সংঘঃ এই হিয়া দিয়া নিয়া কৰাত কিমান ৰিক্স সেই কথা সবিশেষ জানিবলৈ পেৰিছৰ সেই হস্পিতেললৈ প্ৰশ্ন ই-মেইল কৰা বুলি সংস্থা দুটাই প্ৰকাশ কৰিলে প্ৰেছ বিজ্ঞপ্তিত।

পৰম্পৰাগত খাদ্য মেলাৰ আলমত সাজ, ছাই মদৰ জুতি সহজ হৈ পৰা বাবে মহানগৰীত বিদেশী সুৰাৰ বিক্ৰী তথা বাৰত সমাগম কম হোৱাৰ বাবেই "খাদ্য মেলাৰ নামত অবৈধ সুৰাৰ মেলা" শীৰ্ষক শিৰোনামাৰে বাতৰি পৰিবেশন কৰালে বাৰ আৰু সুৰা ব্যৱসায়ী সংঘইঃ তাৰ বাবে লেখক সংবাদিক বন্ধুলৈ দামী বিদেশী বটল যোগান দিয়াৰো গোপন খবৰ।

"বাংলাদেশীৰ জন-বিস্ফোৰণত বিধ্বস্ত অসমৰ অৰ্থনীতি" শীৰ্ষক গৱেষণা পত্ৰ লিখিলে ৰসাল গগৈয়েঃ দিল্লীৰ জনপথ বিশ্ববিদ্যালয়ৰ পৰা পিএইচ ডিৰ বাবে কৰিলে আবেদন। 

দেশত নিষ্পত্তিহীন গোচৰৰ সংখ্যা মাত্ৰ ৩.১৪ কোটিহে, এই সংখ্যা আৰু বৃদ্ধি কৰিব পাৰিলেহে ভাল বুলি প্ৰকাশ কৰিলে নোম টেঙৰ উকীল সন্থাইঃ "তাৰিখৰ পাছত তাৰিখ" ফৰ্মূলাটো  এটা আইনী ব্যৱসায়ৰ আটাইতকৈ লক্ষ্মী ফৰ্মূলা আৰু এইটো ভাৰতে পেটেণ্ট কৰি লব লাগে বুলি প্ৰকাশ কৰিলে মন্তব্য।

ৰাজকুমাৰ গান্ধীৰ পাঠশালাত বিশেষ ক্লাছ, "মেনিফষ্টো" শীৰ্ষক শ্ৰেণীত সকলো পিছপৰা জাতিৰ লোকক লৈ যথেষ্ট কষ্ট কৰা বুলি ভিডিঅ' জাৰি কৰিলে টিভি যোগেঃ দেশৰ বিভিন্ন অংশৰ যুৱক সকলেও এই ক্লাছত দূৰৈৰ পৰাই অংশ লবলৈ সকলো যুৱ সংঘলৈ লেপটপ প্ৰদান আঁচনি ঘোষণা কৰিবলৈ ৰাজকুমাৰলৈ পঠালে ফেক্স বাৰ্তা।

হাইড্ৰামা মুহিলাৰীয়ে খুলিলে "অৱদান চাৰ্টিফিকেচন সেৱা": ৰাজ্যপাল তথা দেশৰ সেনাৰ অন্যতম মূৰব্বী হোৱা মানুহজনকো প্ৰদান কৰিলে প্ৰাক্তন বিপ্লৱীয়ে অৱদানৰ চাৰ্টিফিকেট, আৰু তাত নম্বৰ কমকৈ প্ৰদান কৰাকলৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়া হোৱাৰো খবৰ।

আন্দোলন কৰাতকৈ মদ আৰু ড্ৰাগছ খালে ভাল বুলি মন্তব্য কৰিলে লিখা-পঢ়া মন্ত্ৰীয়েঃ আন্দোলন এতিয়া পুৰণি ফেশ্বন, তাতকৈ নতুন যুগৰ সতে তেওঁলোকে সৃষ্টি কৰা পৰিবেশত খাব লগীয়া বস্তুবোৰ খাই মস্তিত থাকিবলৈ তেখেতে দিয়া পৰামৰ্শক আদৰণি জনালে অসমীয়া নিচাখোৰ যুৱক সংঘই।

অসমত এতিয়া নদী-বান্ধ বিশেষজ্ঞৰ খুৱ চৰা দাম হোৱা বুলি জানিব পৰা গৈছেঃ স্থিতি সলনি কৰি যথেষ্ট ধন আহৰণ কৰাৰ লিমিটেড পিৰিয়ড অফাৰ শান্তিআন মেনেজমেণ্ট লিমিটেডে ঘৰে ঘৰে দিয়াৰ বাতৰি পোৱা গৈছে।

এইবাৰ হোমগাৰ্ডৰ ৬ হাজাৰ টকীয়া ছমহীয়া নিযুক্তিৰ বাবে ২০হাজাৰ টকাৰ ঘোঁচ গ্ৰহণ কৰি অভিলখ গঢ়িছে ৰিজাৰ্ভ বিষয়াইঃ ডিফুত সকলোৱে গ্ৰহণ কৰিব পৰা অফাৰ প্ৰদান কৰা বুলি প্ৰকাশ পালে খবৰ, ষ্টক সীমিত খৰধৰ কৰিবৰ বাবেও জনালে আহ্বান।

No comments:

Post a Comment