পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অহা ৮-১১ জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিতসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব প্ৰথম অসম আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য প্ৰদৰ্শনীঃ ইতিমধ্যে ৭খন বিদেশী ৰাষ্ট্ৰই অংশগ্ৰহণৰ বাবে দিছে সন্মতি।
জন-লোকপালৰ দাবীত আন্না হাজাৰেৰ অনশনে
আজি ভৰি দিলে তৃতীয় দিনত,
ৰালেগন সিদ্ধিত চলি থকা এই অনশনৰত
আন্নাৰ প্ৰেছাৰ নৰ্মেল থকা  আৰু
 এক কেজি ওজন হ্ৰাস হোৱাৰ খবৰ ।


২. অহা ১৪ ডিচেম্বৰত ৰাষ্ট্ৰজুৰি "ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস"ৰ লগত সংগতি ৰাখি শিৱসাগৰ কলেজৰ শিক্ষক গোট আৰু অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ যৌথ উদ্যোগত শিৱসাগৰ কলেজত দুদিনীয়াকৈ এখনি কৰ্মশালা তথা সজাগতা শিবিৰৰ আয়োজন কৰিছে।


৩. ৰামপুৰৰ নহিৰাৰ ১০টা আত্ম সহায়ক গোটৰ ৩০গৰাকী মহিলাক এমহীয়াকৈ খাদ্য প্ৰস্তুতকৰণৰ বাবে প্ৰশিক্ষণ আৰম্ভ কৰিছে এণ্ডিয়ান ইনষ্টিটিউট অৱ ইণ্টাৰপ্ৰেনৰশ্বিপে।

৪. এইবাৰ আঢ়ৈ হাজাৰ শাৰীৰ কবিতা লিখি বিশ্ব অভিলেখ গঢ়াৰ বাবে সাজু হৈছে নিয়মীয়া বাৰ্তাৰ গোৱালপাৰাৰ স্থানীয় সংবাদদাতা পংকজ মাহাতোইঃ প্ৰায় ১২৫০০ শব্দৰ কবিতাটোৰ অভিলেখ গঢ়াৰ বাবে ৱৰ্ল্ড ৰেকৰ্ড লিপিবদ্ধ কৰা সংস্থাৰ লগতো যোগাযোগ কৰাৰ খবৰ পোৱা গৈছে।

৫. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ ১২৫বছৰীয়া জন্ম-জয়ন্তীৰ শুভাৰম্ভণিঃ তেজপুৰৰ মেডিকেল কলেজৰ নামাকৰণৰ বাবে পুনৰ উঠিল সজোৰ দাবীঃ "যুগে যুগে চন্দ্ৰনাথ" শীৰ্ষক নাটকে বান থিয়েটাৰৰ মঞ্চত লাভ কৰিলে ব্যাপক সঁহাৰি।

৬. অসমত বাঢ়িছে লোকেল মাছৰ উতপাদন, অহা পাঁচ বছত অসম মাছৰ ক্ষেত্ৰত হব স্বাৱলম্বী বুলি মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়েঃ ৰাজ্যিক কৰ্মচাৰীৰ নিৰিখতে মীন নিগমৰ কৰ্মচাৰীক দৰমহা দিয়াৰ কথা চিন্তা কৰা বুলি প্ৰকাশ কৰিলে মীন মন্ত্ৰী বসন্ত দাসে।

৭. টাটা ফুটবল একাডেমীৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত প্ৰতিভা সন্ধানী শিবিৰৰ পৰা অসমৰ ১৬জন খেলুৱৈক অহা বছৰৰ ৩-১০ ফেব্ৰুৱাৰীলৈ হব লগা চূড়ান্ত শিৱিৰলৈ নিৰ্বাচিত কৰিছে।

৮. দেশত খাদ্য দ্ৰব্যৰ ভঁৰালৰ পৰিসৰ বৃ্দ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় খাদ্য নিগমে ব্যক্তিগত উদ্যোগী নিশ্চিতকৰণ আঁচনি ৰূপায়ণত মনোনিৱেশ কৰিছেঃ ১৯খন ৰাজ্যত ২০৩.৭৬ লাখ মেট্ৰিক টন এলানি ভঁৰালগৃহ নিৰ্মাণৰ প্ৰস্তাৱলৈ অনুমোদন জনোৱা হৈছে।

৯. পৰ্যটক সকলৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহত পৰ্যটন আৰক্ষীৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছেঃ তেৰখন ৰাজ্য চৰকাৰে ইতিমধ্যে এনে আৰক্ষীৰ সেৱা আগবঢ়োৱা বুলি মন্ত্ৰী কে. চিৰঞ্জীৱিয়ে লোকসভাত তথ্য আগবঢায়।

১০.কম্পিউটাৰাইজড পৰীক্ষাৰে অসমৰ লোকসেৱা আয়োগত দুৰ্নীতিৰ সম্ভাৱনীয়তা নোহোৱা হৈছে বুলি মন্তব্য কৰিলে আয়োগৰ স্থায়ীপদত অধ্যক্ষ ৰূপে শপত গ্ৰহণ কৰা ৰাকেশ পালেঃ কালি ৰাজ্যপালৰ পৰা ৰাজভৱনত তেখেতে কৰিলে শপতগ্ৰহণ।

 ১১. আৰক্ষী জিম্মাৰ দিন উকলাৰ পাছত এতিয়া ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে তেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালকঃ ভাচকোৰ শাদা কাৰাগাৰলৈ তেখেতক প্ৰেৰণ কৰিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পালে সম্ভাৱনা।

১২. ইউনাইটেড ফৰাম ফৰ হিল ষ্টেট নামৰ কংগ্ৰেছৰ সুকীয়া গোটে সুকীয়া কাৰ্বি-ডিমাছা ৰাজ্যৰ দাবী লৈ সাক্ষাত কৰিলে গৃহমন্ত্ৰী সুশীল কুমাৰ সিন্ধেক।

১৩.  গোৱালিয়ৰত ১৬-১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হব লগা ইণ্ডিয়ান অডিট এণ্ড একাউটেণ্ট বিভাগৰ নক-আউট ফুটবলৰ বাবে ঘোষিত হ'ল অসম দল।

১৪. অভিযন্তা ৰাজীৱ পাঠক হত্যাকাৰী গ্ৰেপ্তাৰঃ একশ্বন ডিমাচা নামৰ ডি এইচ ডি (একশ্বন)ৰ মূৰব্বী গ্ৰেপ্তাৰ হোৱাৰ বাতৰিয়ে পালে সংবাদ শিৰোনামা।

১৫. গুৱাহাটীত আৰম্ভ হ'ল ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোতসৱঃ আয়োজন কৰিছে গুৱাহাটী চিনে ক্লাৱে।

১৬. ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু তেওঁৰ সৃষ্টিশীল কৰ্মৰাজি শীৰ্ষক আলোচনাচক্ৰৰ আয়োজন চলিছে ২৫-৩০ ডিচেম্বৰলৈ জ্যোতি-বিষ্ণু সাংস্কৃতিক মঞ্চৰ উদ্যোগত।

১৭. গুৱাহাটীৰ প্ৰেছ ক্লাৱত ডঃ মনোজ কুমাৰ নাথৰ "অসমৰ জনজাতি ৰাজনীতি" শীৰ্ষক গ্ৰন্থ উন্মোচিতঃ উন্মোচন কৰিলে ইতিহাসবিদ ডঃ ৰাজেন শইকীয়াই।

১৮. আই ভি এফ পদ্ধতিৰে ৬৪ বছৰ বয়সত মাতৃত্বৰ সোৱাদ লভিলে দিল্লীত সৰলা শ্ৰীবাস্তৱ নামৰ এগৰাকী মহিলাইঃ বিবাহৰ ৪১ বছৰ পাছত তেখেত মাতৃ হবলৈ সক্ষম হোৱাৰ সুখবৰ।

১৯. শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমাৰোহত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় বোকাখাততঃ দৰং জিলাৰ বামুণঝাৰৰ শংকৰী কলা-কৃষ্ট কেন্দ্ৰই লাভ কৰিলে শ্ৰেষ্ঠত্বৰ স্বীকৃতি।

২০. নগাঁৱৰ ঐতিহাসিক হাঁহিলা বিলৰ উন্নয়নৰ বাবে ১.০৮কোটি টকাৰ প্ৰকল্পৰ শুভাৰমম্ভ কৰিলে মীন মন্ত্ৰী বসন্ত দাসে।

No comments:

Post a Comment