পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. তেজপুৰত সদৌ অসম মইনা পাৰিজাতৰ চতুৰ্দশ দ্বি-বাৰ্ষিক শিশু সমাৰোহৰ আৰম্ভণিঃ ৰাজ্যৰ তিনি সহস্ৰাধিক শিশুৱে অংশ গ্ৰহণ কৰা এই অধিবেশনত "আমাক বৰ অসমহে লাগে, পৃথক ৰাজ্য নালাগে" শীৰ্ষক মূলমন্ত্ৰক আওৰাই খৰ্গেশ্বৰ গোস্বামী সোঁৱৰণী সমন্বয় ক্ষেত্ৰত বৰ অসমৰ মানচিত্ৰৰ সমুখত ডেৰশ গৰাকী সাহিত্যৰথী লক্ষ্মীনাথ অসমত জন্ম হোৱাৰ প্ৰাৰ্থনাৰে ডেৰশ গৰাকী শিশুৱে জ্বলালে বন্তি। পোন্ধৰ গৰাকী শিশুৱে লক্ষ্মীনাথ বেজবৰুৱাৰ মুখা পিন্ধিও সৃষ্টি কৰিলে বিশেষ আকৰ্ষণৰ।


২. আজি আছুৱে আয়োজন কৰিছে গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ ১১সংখ্যক মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা্জলী অনুষ্ঠানৰঃ চানমাৰিৰ শ্বহীদ উদ্যানত থকা প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে লোকসংস্কৃতিৰ সাধক ডিমা হাচাওৰ জইনাচৰণ বাগৰীক প্ৰতিমা পাণ্ডে বৰুৱা স্মাৰক বঁটা প্ৰদানৰ কৰিছে ব্যৱস্থা।

৩. মুকলি হ'ল ৰঘুৰাম ৰাজনৰ স্বাক্ষৰ সম্বলিত নতুন দুই ধৰণৰ দহটকীয়া নোটঃ এল আৰু আৰ আখৰ থকা দুটা নতুন ডিজাইনৰ নোট প্ৰচলনৰ বাবে ৰিজাৰ্ভ বেংকে মুকলি কৰাৰ কথা প্ৰকাশ কৰিলে প্ৰেছ বিজ্ঞপ্তি যোগে।

৪. উত্তৰ পূৱ গ্ৰন্থমেলাৰ দ্বিতীয় দিনা উন্মোচিত হ'ল চাৰিখনকৈ গ্ৰন্থঃ অহল্যা গগৈৰ "মোহন দাস কৰমচাঁদ গান্ধী" নামৰ পূৰ্ণাংগ জীৱনীখন উন্মোচন কৰিলে ডঃ লক্ষ্মীনন্দন বৰাই। গ্ৰন্থমেলাতে ডঃ বাণীকান্ত কাকতিৰ গ্ৰন্থ "শংকৰদেৱ"ৰ ডঃ ভূপেন্দ্ৰৰায় চৌধুৰীয়ে কৰা ইংৰাজী অনুবাদ, ৰেখা বৰুৱাৰ ইংৰাজী গ্নন্থ "টি গাৰ্ডেন মেম'ৰিজ" আৰু বিজয়েতা পাটগিৰিৰ কবিতাপুথি "তোমালৈ" উন্মোচিত হোৱাৰ সুখবৰ।

৫. উত্তৰ পূৱ গ্ৰন্থমেলাত অনুষ্ঠিত হ'ল "ডঃ দেৱপ্ৰসাদ বৰুৱা আৰু কমলেশ্বৰ বৰাৰ অসমৰ শিক্ষা ক্ষেত্ৰলৈ অৱদান" শীৰ্ষক এখন আলোচনাচক্ৰ।

৬. কামপুৰৰ কপিলীৰ পাৰ জীপাল কৰিলে "নতুন দিনৰ সুৰীয়া সুবাস" শীৰ্ষক সংগীতানুষ্ঠানেৰেঃ জে পি দাস, বৰ্ণালী কলিতা, বিদ্যাসাগৰকে ধৰি শিল্পীসকলে তিনি সহস্ৰাধিক দৰ্শকক সুৰেৰ মুগ্ধ কৰে। সামাজিক-সাংস্কৃতিক অনুষ্ঠান "এনাজৰী"ৰ এই আয়োজনতে উন্মোচিত হ'ল স্মৃতিগ্ৰন্থও, সম্বৰ্ধনা জনালে সামাজিক-সাংস্কৃতিক তথা ক্ৰীড়া ক্ষেত্ৰলৈ অৱদানৰ বাবে পাঁচজনকৈ যুৱকক।

৭. মংগলদৈত "চিৰ চেনেহী মোৰ ভাষা জননী"শীৰ্ষক অসম সাহিত্য সভাৰ গীতটি সমস্বৰে আজি পৰিবেশত হৈছে আঠ হাজাৰতকৈ অধিক কণ্ঠৰেঃ বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে সাহিত্য সভাৰ ৯৬তম প্ৰতিষ্ঠা দিৱসত কৰা হৈছে এই আয়োজন।

৮. ধেমাজি জিলা সাহিত্য সভাই আজি বৰদলনিত আয়োজন কৰিলে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰঃ মংগলদৈত কেন্দ্ৰীয় ভাৱে হৈছে এই দিৱস পালিত। 

৯. কাইলৈৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হব বিশ্বনাথ উতসৱ-২০১৩: বিশ্বনাথ ঘাটৰ বালিত ভলীবল, কাবাদীৰ লগতে বিহালীৰ গাংমৌ থানত আলোচনাচক্ৰ, কবি সন্মিলন, লুইতত নৌকা বিহাৰ, খাদ্য মেলা আদিৰো কৰিছে বিস্তৃত আয়োজন।

১০. গুৱাহাটীত উন্মোচিত হ'ল ময়ূৰ বৰাৰ নৱতম গ্ৰন্থ "কাৰ্ল মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা"।

No comments:

Post a Comment