পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আজি পবিত্ৰ বৰদিনঃ বিশ্বৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপিত হৈছে  এই পবিত্ৰ দিনটি। খ্ৰীষ্টধৰ্মী সকলো ৰাইজলৈ অসমীয়া সুখ দুখৰ পৰিয়ালৰ পৰা জ্ঞাপন কৰিছো আন্তৰিক শুভেচ্ছা।
গুৱাহাটীৰ গীৰ্জাঘৰত বৰদিনৰ সা-সজ্জা,
ফটোঃ বিক্ৰমজিত কাকতি

২. সদৌ অসম ছাত্ৰ সন্থা আৰু গুৱাহাটী উন্নতি সভাই ২০১৩ বৰ্ষৰ ইতিবাচক চিন্তাৰ ওপৰত "আশাৰ অসম ইতিবাচক চিন্তা" শীৰ্ষক অনুষ্ঠানৰ কৰিছে আয়োজনঃ অহা ২৯ডিচেম্বৰত উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত হব এই অনুষ্ঠান। বিশিষ্ট অধ্যাপক, সাংবাদিক, অৰ্থনীতিবিদ, সাহিত্যিক আৰু ক্ৰীড়া সাংবাদিকে কৰিব এই আলোকপাত।

৩. আজিৰে পৰা গুৱাহাটীৰ চান্দমাৰিত অনুষ্ঠিত হৈছে উত্তৰ-পূৱ গ্ৰন্থমেলাঃ ১৫৩খন প্ৰকাশ আৰু বিক্ৰেতা প্ৰতিষ্ঠানৰ ২৪৪খন বিপনীত গ্ৰন্থৰ সুৱাস লোৱাৰ হৈছে ব্যৱস্থা। বিভিন্ন কাৰ্যসূচী তথা আমন্ত্ৰিক বিশেষ ব্যক্তিসকৰ বিষয়ে জানিবলৈ গ্ৰন্থমেলাৰ ৱেবচাইট ত ক্লিক কৰিব পাৰে।

৪. গুৱাহাটীৰ ৰাণীৰ পাটগাঁৱত নিৰ্মীয়মাণ কৃষ্ণকান্ত সন্দিকৈৰ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ মাল্টিমিডিয়া প্ৰডাকচন চেণ্টাৰৰ নৱ-নিৰ্মিত ভৱন উদ্বোধন কৰিলে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়েঃ এই সভাতে অহা ২০১৫চনৰ পৰা শিক্ষকৰ বাবে বিএড আৰু ডি এল এড ডিগ্ৰী থকাটো বাধ্যতামূলক হব বুলি ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে।

৫. গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ'ল পূৰ্বাঞ্চল প্ৰকাশৰ পাঁচখনকৈ নতুন গ্ৰন্থঃ ডঃ সত্যকাম বৰঠাকুৰৰ "শংকৰদেৱৰ নাটঃ বিশ্লেষণাত্মক অধ্যয়ন", ডঃ মালিনীৰ "ঋষি-ৰাজ কন্যা", হেমচন্দ্ৰ শৰ্মাৰ "হিমালয়ৰ চক্ৰৱাত", কাব্যশ্ৰী মহন্তৰ "সুমথিৰা ফুল" আৰু হৰেণ দাসৰ "মোপাঁছাৰ উপন্যাস সমগ্ৰ" উন্মোচন কৰি গ্ৰন্থপ্ৰেমীলৈ আগবঢ়াই দিয়াৰ সুখবৰ। লগতে প্ৰকাশন প্ৰতিষ্ঠানটোৰ ৱেবচাইট www.purbanchalprakash.in উন্মোচন কৰে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান দিলীপ বৰাদেৱে।

৬. ৰঙিয়াৰ ৰাইজমেল কৃষক শ্বহীদ ভৱনত কাইলৈৰ পৰা আৰম্ভ হব ডনবস্ক ইনষ্টিটিউট আৰু অসম চৰকাৰৰ নিয়োগ সৃষ্টি মিছনৰ সহয়োগত ৬টাকৈ বিভাগৰ ৩মহীা কৰ্মসংস্থানমুখী প্ৰশিক্ষণঃ বিনামূলীয়াকৈ খোৱা আৰু থকাৰো ব্যৱস্থা কৰিছে প্ৰশিক্ষাৰ্থী সকৰ বাবে।

৭. ছিপাঝাৰৰ হাজৰিকাপাৰা সাহিত্য সভাই ২০১৩-১৫বৰ্ষৰ কাৰ্ষকালত প্ৰকাশ কৰিবলৈ পৰিকল্পনা কৰিছে ২৫খনকৈ গ্ৰন্থঃ "হাজৰিকাপাৰাৰ বুৰঞ্জী" শীৰ্ষক জীৱনী গ্ৰন্থও প্ৰকাশ কৰিব বুলি প্ৰকাশ কৰিলে শাখা সাহিত্য সভাৰ সূত্ৰই।

৮. অসমৰ উদ্যোগিক ক্ষেত্ৰৰ অন্যতম ভোটাতৰা নুমলীগড় শোধনাগাৰে অতিক্ৰম কৰিলে ২১টাকৈ বছৰঃ উতপাদন বৃদ্ধিৰ লক্ষ্যৰে ৮৯৫৫কোটি টকাৰ প্ৰকল্পৰ সম্প্ৰসাৰণৰ পৰিকল্পনাৰ হ'ল ঘোষিত।

৯. শ্বহীদ ন্যাসত অধিবক্তা অৰূপ বৰবৰাৰ উপন্যাস "মৃত্যুদণ্ড" হ'ল উন্মোচিতঃ ৰীতা চৌধুৰী আৰু অজিত কুমাৰ ভূঞাই অংশগ্ৰহণ কৰিলে উন্মোচনী অনুষ্ঠানত।

১০. অহা ২৭ ডিচেম্বৰত স্বৰ্গীয়া প্ৰতিমা পাণ্ডে বৰুৱালৈ একাদশ মৃত্যু তিথিত চৰকাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানঃ সন্ধিয়া ৬বজাৰ পৰা গোৱালপাৰীয়া একুঁকি লোকগীত পৰিবেশন কৰিব জনপ্ৰিয় শিল্পী মিনি ভট্টাচাৰ্যই।

১১. চানডুৱি উতসৱৰ আয়োজন চলিছে পহিলা জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈকেঃ বিগত বৰ্ষৰ দৰেই থলুৱা কৃষ্টি-সংস্কৃতি, খাদ্য-সম্ভাৰ, সাজপাৰ, খেল আদি পৰিবেশিত হব এই উতসৱত।

১২. দ্বায়িত্ব লৈয়ে ৰাভা হাছং আন্দোলনৰ প্ৰথম তিনিগৰাকী শ্বহীদৰ পৰিয়ালৰ খবৰ লবলৈ ঘৰ ওলালগৈ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা।

১৩. ডঃ গোবিন্দ শৰ্মাৰ "ব্যক্তি, ব্যক্তিত্ব আৰু সাহিত্য" শীৰ্ষক সাতশ পৃষ্ঠাৰো অধিক কলেৱৰৰ গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি চলাইছে জ্যোতি প্ৰকাশনেঃ অহা ২৮ ডিচেম্বৰত গুৱাহাটী প্ৰেছ ক্লাৱত এই গ্ৰন্থখন হব উন্মোচিত।

১৪. আমেৰিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে দেশৰ যুৱ বিজ্ঞানী/অভিযন্তা সমূহলৈ আগবঢ়োৱা ৰাষ্ট্ৰপতিৰ বঁটা "প্ৰেছিডেনছিয়েল আৰ্লি কেৰিয়াৰ এৱাৰ্ড"ৰ বাবে নিৰ্বাচিত ১০২ গৰাকীৰ ভিতৰত স্থান লাভ কৰিলে দুগৰাকী ভাৰতীয় মূলৰ মাৰ্কিন গৱেষকেঃ ডাঃ কৰনেশ গাংগুলী আৰু ডাঃ হৰদীপ সিঙে এই সাফল্য বতৰা কঢ়িয়াইছে।

১৫. ৰহা মহাবিদ্যালয়ত অনুষ্ঠিত হল "শিক্ষা আৰু মানৱ অধিকাৰ" বিষয়ক দুদিনীয়া আলোচনাচক্ৰঃ সঞ্চালনা কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ দুলুমণি গোস্বামীয়ে। 

No comments:

Post a Comment