হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম

১. ঢেকীয়াজুলিত ডাষ্টবিনৰ পৰা ওলাল যুৱকৰ মৃতদেহ। কিমান অসমীয়া-অনা-অসমীয়াক কোনে কত মাৰি পুতি থলে, আজিলৈকে তাৰ কোনো শুংসূত্ৰই নোলোৱা ৰাজ্যখনত ডাষ্টবিনতে ইমান সহজে মৃতদেহ উদ্ধাৰ হোৱাটো একা প্ৰেৰণাদায়ক ভাল খবৰ বুলি অভিহিত কৰিলে আইন শৃংখলাৰ দ্বায়িত্ব লোৱা গাওঁবুঢ়া গগৈয়ে। আমেৰিকাত ডাষ্টবিনত এইবিধ পায়নে নাপায়, সেই বিষয়ে পুত্ৰক গুগলাই দিবলৈ অনুৰোধ কৰাৰো গোপন খবৰ।
 
২. তেজপালৰ পৰা নিৰ্যাতনৰ ভয়ত একে চেলত থাকিবলৈ অস্বীকাৰ কৰিলে গোৱা কাৰাগাৰৰ ৩৬৫জন কাৰাবন্দীয়েঃ কাৰাবন্দী সংস্থাই দিয়া লিখিত প্ৰতিবাদী আবেদন মতে নিজ পুত্ৰীৰ বান্ধৱী তথা বন্ধুৰ জীয়েকেই যিজনৰ নিৰ্যাতনৰ সন্মুখীন হৈছে, সেইজনৰ সতে কি ভৰসাত একে ৰূমত কাৰাৰুদ্ধ হব বুলি প্ৰশ্ন তুলিছে!

৩. এঘাৰ মাহে দৰমহা পোৱা নাই ৩০হাজাৰ শিক্ষকে, শিক্ষা বিভাগে বিশ্ব অভিলেখ গঢ়িবলৈ ওলোৱা বুলি কাহিলীপাৰা তথ্য কেন্দ্ৰই সদৰি কৰিলে খবৰ। দৰমহা দি কি লাভ, তাতকৈ বিল্ডিং গ্ৰাণ্ট, শৈক্ষিক সমল, সজাগতা সভাতেই কমিছন বেছি আৰু আধাৰশিলা, উন্মোচনী সভাৰে সংবাদ শিৰোনামাত থাকিব পাৰি বুলি লিখা-পঢ়া মন্ত্ৰীয়ে স্বৰ্গতোক্তি কৰা বুলি খগেন কেৰেণীয়ে গোপনে জনাইছে।

৪. শম্ভু চিকাৰী সিঙে একে দিনাই এক ডজন সন্ত্ৰাসবাদীৰ গোটৰ সৈতে আলোচনাত বহি এক বিশ্বঅভিলেখ স্থাপন কৰিছে কাহিলীপাৰাত। কালি কাহিলী পুৱাতে এই অভিলেখ গঢ়া বুলি যোৰহাট শাখাৰ বিশ্বৰেকৰ্ড বৰুৱাই জানিবলৈ দিছে।

৫. প্ৰতিষ্ঠা দিৱসত শক্তি প্ৰদৰ্শনৰ দ্বাৰা সন্ত্ৰাসবাদী সংগঠনে নিজৰ ধন-দাবীৰ প্ৰতি পূৰ্ণ সহযোগ বিচৰাৰ বাতৰিয়ে পালে সংবাদ শিৰোনামাঃ অপহৰণ, ধন-দাবী আদিৰে আমাৰে নৱ-সংগ্ৰামী সকল স্ব-নিৰ্ভৰশীল হৈ উঠাটো অতিশয় শলাগনীয় কথা হৈছে বুলি গৃহ বিভাগৰ চংসদীয় চসিবে মন্তব্য কৰিছে আৰু সংগঠনৰ প্ৰতিষ্ঠা দিৱসৰ ওলগ জনাইছে।

৬. টুইটাৰত পঢ়া-শুনা মন্ত্ৰীয়ে ৰুটিন নিদিয়াকৈ, ৱেবচাইটত মেট্ৰিকৰ ৰুটিন আপলোড হোৱাত খৰ্গহস্ত হৈছে পৰিছে মন্ত্ৰী। তেখেত সৃষ্টি কৰা বিভাগীয় পৰম্পৰা ভংগ কৰাৰ অপৰাধত তেখেতে তদন্ত ঘোষণা কৰা লগতে ৱেব চাইট বন্ধ কৰাৰো ভাবুকি প্ৰদান কৰা বুলি ছেৱাৰ গেটৰ তামোলৰ দোকানত গুজৱ চলাৰ খবৰ।

৭. বৰপেটা, ধুবুৰীক লৈ আজকল পাৰ্টিয়ে হাতোৰা পাৰ্টিৰ সৈতে হাত মিলোৱাৰ লগে লগে বিৰোধিতা নাইকীয়া হোৱাৰ লগে লগে অসমৰ বিধান সভাত বিৰোধীৰ অবিসম্বাদী দলপতি হৈ কেবিনেট মৰ্যদা লাভ কৰিব বুলি প্ৰফুল্ল হৈ পৰা বুলি মহন্ত দলৰ পৰা কান-বাগৰি খবৰ আহিছে। বিৰোধিতা নোহোৱাকৈ মিত্ৰ দলকে বিৰোধী দলপতিও দি ৰখাটো গণতান্ত্ৰিক পৰম্পৰাৰ বিৰোধী বুলি গণ পৰিষদৰৰ সচেতকে ব্যক্ত কৰিছে।

৮. একেদিনাই ৰাজপথত পথ দুৰ্ঘটনাত গঢ়িলে নতুন অভিলেখ, ৬জনৰ প্ৰাণ হানি আৰু ২২জন আহত হোৱাৰ খবৰত আনন্দিত হৈ বাট পথ মন্ত্ৰীয়ে কয় যে ভাল ৰাস্তা পাই স্পীড দিয়াৰ বাবেহে এনে জনসংখ্যা বৃদ্ধিৰ প্ৰতিৰোধ কৰাৰ দৰে ভাল ঘটনাবোৰ সংঘটিত হৈছে আৰু এনে ঘটনাই বাট-পথ বিভাগৰ সফলতাকেই সূচাইছে বুলি কৃৰ্তিত্বও দাবী কৰে।

৯. চৰ অঞ্চললৈ নোযোৱাকৈ চৰ উন্নয়নৰ ধনেৰে নোদোকা হৈছে উন্নয়ন সমিতিৰ বিষয়া, নেতা,কৰ্মচাৰী বুলি প্ৰকাশ পালে সংবাদ শিৰোনামা। বহুমূত্ৰ আৰু হৃদৰোগৰ ৰোগী হোৱা এইসকল লোক চৰত হস্পাতাল বিহীনতাৰ বাবেহে গৈ উপস্থিত হবগৈ পৰা নাই। মন থাকিলেও স্বাস্থ্য আৰু আন্তঃগাঁথনিগত কাৰণতহে সেয়া সম্ভৱ হোৱা নাই বুলি কথাবোৰ বুজিবলৈ চৰবাসী ৰাইজক তেখেতসকলৰ শ্ৰীমতী ক্লাৱে স্পষ্টীকৰণ যোগে আহ্বান জনাইছে ।

১০. দুই পাহাৰীয়া জিলাৰ কংগ্ৰেছী সকলে ভৈয়ামৰ কংগ্ৰেছী সকলেই টকা-পইচা অহা যোৱা খোৱাত বাধা দিয়াৰ বাবেহে পাহাৰীয়া জিলা দুখন পিছ পৰি আছে বুলি বুদ্ধত্ব প্ৰাপ্তি হৈছে আৰু পৃথক ৰাজ্য গঠন কৰি হস্তক্ষেপ বিহীন ভাৱে পুঁজিৰ হৰণ ভগন কৰি খাব পৰাকৈ বেলেগ ৰাজ্য দাবী কৰিবলৈ দিল্লীত মেডামক আপত্তি ৰিজাবলৈ যাবলৈ ওলাইছে বুলি বিজ্ঞপ্তিত প্ৰকাশ।

No comments:

Post a Comment