পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ধুবুৰীত উন্মোচিত হ'ল জননেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী শৰত চন্দ্ৰ সিংহৰ প্ৰতিমূ্ৰ্তিঃ শিল্পী বীৰেন সিংহৰ হাতৰ পৰশত ৰূপ পোৱা এই প্ৰতিমূৰ্তি উদ্বোধন কৰিলে ধুবুৰী জিলাৰ উপায়ুক্ত কুমুদ চন্দ্ৰ কলিতাই।

২. বিগত আঢ়ৈ বছৰত ৯৪৬.৫২ কোটি টকাৰ যান-বাহন ৰাজহ সংগ্ৰহ কৰি অভিলেখ গঢ়াৰ কৃতিত্ব দাবী কৰিলে পৰিবহন মন্ত্ৰী চন্দন ব্ৰহ্মই।

৩. গুৱাহাটীত উভচৰ প্ৰাণীৰ সংৰক্ষণ সন্দৰ্ভত কৰ্মশালা উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়েঃ অসম ৰাজ্যিক চিৰিয়াখানাৰ আধুনিকীৰণৰ বাবে ৬কোটি টকা ৰাজ্য চৰকাৰে আগবঢ়োৱাৰ কথাও কৰিলে প্ৰকাশ।


৪. উচ্চ সাংবিধানিক পদাধিকাৰীয়েহে গাড়ীত লগাব পাৰিব ৰঙা লাইট উচ্চতম ন্যায়ালয়ে জাৰি কৰিলে নিৰ্দেশঃ এম্বুলেঞ্চ, আৰক্ষী আৰু জৰুৰীকালীন সেৱাৰ গাড়ীয়ে ব্যৱহাৰ কৰিব পাৰিব নীলা লাইট।

৫. দিল্লীত ছোনিয়া গান্ধীৰ বাসভৱনৰ সমুখতো অসম যুৱ পৰিষদৰ ডেৰ শতাধিক কৰ্মীয়ে কৰিলে বাংলাদেশলৈ মাটি হস্তান্তৰ বিষয়ত প্ৰতিবাদ সাব্যস্তঃ যন্তৰ মন্তৰত সমবেত হৈছিল কৰ্মীসকল।

৬. শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমাধিস্থলীত আছু নেতৃবৃন্দই যাচিলে শ্ৰদ্ধাঞ্জলিঃ বটদ্ৰ'ৱাত বিজেপিয়ে পাতিলে কেন্দ্ৰীয় ভাৱে শ্বহীদ দিৱস।

৭. নাছা ভ্ৰমণৰ সফল সামৰণি পেলাই অসম পালেহি অসমৰ কৃৰ্তি শিক্ষাৰ্থীৰ দল।

৮. চাৰি ৰাজ্যৰ নিৰ্বাচন মুখ-থেকেচা খোৱাৰ পাছত এইবাৰ ৰাজ-সাহাৰ্য বৃদ্ধি কৰা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাসৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে কংগ্ৰেছ পাৰ্টিয়ে।

৯. নেলচন মেণ্ডেলালৈ বিশ্ববাসীৰ শেষ শ্ৰদ্ধা জ্ঞাপনঃ অন্তিম দৰ্শনৰ বাবে ভাৰতৰ পৰা ৰাষ্ট্ৰপতি আৰু ইউপিএৰ অধ্যক্ষা ছোনিয়া গান্ধীও উপস্থিত হলগৈ দক্ষিণ আফ্ৰিকাত।

১০. ভাৰতীয় ৰাষ্ট্ৰদূত ৰূপে অৱসৰ গ্ৰহণ কৰিলে অসমীয়া যৈমিনী ভাগৱতীয়েঃ ব্ৰিটেইনত তেখেতৰ স্থানত উপবিষ্ট হব ৰঞ্জন মাথাই।

১১. জন-লোকপাল বিল পাছ কৰোৱাৰ দাবীত আজি দুদিনত ভৰি দিলে সমাজকৰ্মী আন্না হাজাৰেৰ অনশনেঃ মহাৰাষ্ট্ৰৰ ৰালেগন সিদ্ধিতে আন্নাই কালিৰে পৰা আৰম্ভ কৰিছে অনশন।

১২. "এই সকলৰ এজনো পচন্দৰ প্ৰাৰ্থী নহয়" বুলি ভোটদান কৰিব পৰা নতুন ব্যৱস্থা "নোটা"ত সৰ্বাধিক ভোট পৰিল মাও অধ্যুষিত ছত্তীশগড় ৰাজ্যতঃ দিল্লীতো বহুতে ৰাইজে এই পচন্দৰ বুটাম টিপি সাব্যস্ত কৰিলে নিজৰ পচন্দ।

১৩. ৰাজ্যসভাত উত্থাপিত হল অসমৰ উচ্চ সদন সম্পৰ্কীয় বিধেয়কঃ মন্ত্ৰী কপিল ছিবালে কৰিলে এই বিধেয়ক উত্থাপন।

১৪. অসমতো টঙালি বান্ধিছে আম আদমী পাৰ্টিয়েঃ দহ খন জিলাত সাংগঠনকি কাম কাজ পূৰ্ণগতিত চলি থকা বুলি কালি সংবাদমেল যোগে কৰিলে প্ৰকাশ।

১৬. সাংবাদিকৰ পেঞ্চনৰ বাবে আলোচনা কৰাৰ কথা ঘোষণা কৰিলে অসমৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী বসন্ত দাসে।

১৭. সপ্তম বাৰ্ষিক অইল-মৰাণ আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাত ফাইনেলত প্ৰবেশ কৰিলে দুলীয়াজান অইল দলেঃ কালি ছেমি-ফাইনেলত পৰাস্ত কৰিলে অসম পুলিচ ব্লুজ দলক।

১৮. বিশ্ব পাঞ্জাৰ ৮৩কেজি শাখাত সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়ালে চতিয়াৰ জোনালী শইকীয়াইঃ পাঞ্জাৱৰ হুছিয়াৰপুৰত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।

১৯. অহা ১২-১৫ ডিচেম্বৰলৈ অনুপ লাহটি টেনিছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব গুৱাহাটীৰ ইণ্ডিয়া ক্লাৱেঃ উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যৰ পৰা ১০০-১২০গৰাকী খেলুৱৈৱে ইয়াত যোগদান কৰিব বুলি জানিব পৰা গৈছে।

২০. অহা ১ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হব অসম সাহিত্য সভাৰ বিশেষ অধিবেশন।

No comments:

Post a Comment