মোহময়ী নাৰী
- ড° বুলজিৎ বুঢ়াগোহাঁই
নলবাৰী জিলাৰ বানেকুছিৰ ড°মণিমা চৌধুৰী(মনু)ৰ বহুতো মূল্যৱান প্ৰবন্ধ বিভিন্ন বাতৰি কাকত তথা আলোচনীত প্রকাশ পাইছে যিবোৰত অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশ সর্ম্পকে আলোকপাত কৰা লগতে বহুতো সমস্যাৰ বিশ্লেষণাত্মক সমাধান সূত্র আগ বঢ়াইছে । নাৰীৰ গুণ,গৰিমা,স্থিতি,সুপ্ত/মুক্ত সমস্যা,শোষণৰ প্রসংগৰ লগতে ভিন্ন দিশৰ অতি চিন্তনীয়, মহত্ত্বপূৰ্ণ বিষয়ত আলোকপাত কৰা ড°মণিমা চৌধুৰীৰ ব্যতিক্রমধৰ্মী নাৰী বিষয়ক এখন প্রবন্ধ সংকলন হ’ল ‘মোহময়ী নাৰী’।
সংকলনটিত থকা মুঠ ১৮টা প্রবন্ধ আছে। প্রবন্ধবোৰ হ’ল – “মোহময়ী নাৰী”,“নাৰী শব্দৰ উৎপত্তি,ভিন্ন সম্বন্ধ আৰু ৰূপত নাৰীক বুজোৱা শব্দ তথা স্ত্রীৰূপৰ বিশেষত্ব”,“ ‘অবলা’ নাৰীৰ প্রকৃত অৰ্থ,নাৰী সুৰক্ষা বনাম নাৰী নিৰ্যাতন”,“নাৰীৰ স্থিতি”,“ভ্রণ অৱস্থাতে নাৰীৰ ওপৰত আৰম্ভ হয় পাশৱিক অত্যাচাৰ”,“আত্মীয়ৰ দ্বাৰা হোৱা নাৰীৰ যৌন নিৰ্যাতন এটি গুপ্ত ভয়ংকৰ সমস্যা”,“নাৰী হৈছে বিশ্বৰ নাড়ী”,“নাৰীৰ উন্নতি,সবলীকৰণৰ বাবে প্রয়োজন ‘মানসিকতা পৰিবৰ্ত্তন’”, “বেশ্যাবৃত্তিৰ প্রচলন পুৰুষৰ সংযমহীনতাৰ বাবে হৈ অহা নাৰী নিৰ্যাতনহে…..”,“পুৰুষ প্রধান সমাজ বৱস্থাৰ অধিকাংশ দিশেই নাৰীৰ উন্নতিৰ অন্তৰায়”,“পিতৃ গৃহত কন্যা সন্তান সমূহৰ স্থিতি বহিৰাগতৰ দৰে কিয় ? ”,“সৃষ্টিৰ প্রেৰণা বিচাৰি ‘ভুৱা প্রেম’ কৰা ভণ্ডবোৰৰ পৰা সাৱধান হওঁক নাৰী…..”,“আত্মসন্মান আৰু স্বাধীনতাক গুৰুত্ব দিলেহে ৰক্ষা হ’ব নাৰী জাতিৰ অস্তিত্ব”,“নাৰী সুৰক্ষা,বৰ্ণালী আৰু ব্লেক মেইলাৰ প্রেমিকৰ কথাৰে…”,“নাৰী নিৰ্যাতনৰ উপেক্ষিত প্রসংগঃ পিতৃ গৃহত কন্যা সন্তানৰ মুক্ত নিৰ্যাতন”,“মানৱ সমাজত শাৰীৰিক জোৰক প্রাধান্য দি নাৰীক হেয়দৃষ্টি দিয়া অনুচিত”,“ ভাৰতত নাৰী আজিওতো ‘বন্দিনী ৰূপতে’ আছে….”,“মেধা,বুদ্ধিমত্তা,প্রেম,সাহসেৰে নিজৰ শ্রেষ্ঠত্বৰ পৰিচয় দি ৰোৱা হে মোহময়ী নাৰী !!”।
প্রবন্ধ সংকলনটিৰ ‘মৌন প্রয়াস…’ত ড°মণিমা চৌধুৰীয়ে এনেদৰে লিখিছে “…..নাৰী হৈ সদায়ে নাৰী জাতিৰ মান মৰ্যাদা,আৱেগ,অনুভূতিৰ সমানে বিশ্ব নিৰ্মাণত যুগে যুগে নাৰীজাতিয়ে দি অহা মানসিক,শাৰীৰিক অৰিহনাৰ কথা গৌৰৱেৰে অনুভৱ কৰো। পিছে, ভিন্ন সময়ত,ভিন্ন স্তৰৰ মানুহ আৰু সমাজে কাৰ্যক্ষেত্রত নাৰীক কিমান দূৰ ‘মানুহ’ বুলি মান্যতা দি প্রাপ্য সন্মান দিয়ে আৰু ‘সামগ্রী’ জ্ঞান কৰি হেয়ধৃষ্টি দিব খোজে,সেই সত্যতাও উপলদ্ধি হয়।
এনে অনুভৱ,উপলব্ধিৰ আধাৰত বিচাৰ,বিশ্লেষণ কৰি নাৰীৰ স্থিতি,গুণ,মানসিকতা,ভুল ভ্রান্তি,নিৰ্যাতনৰ কাহিনী আৰু সমস্যা আদিৰ কথা ব্যক্ত কৰাৰ এটি মৌন প্রয়াসতে জন্ম হ’ল ‘মোহময়ী নাৰী’।
এই প্রবন্ধ সংকলনটি প্রকাশ কৰিছে নলবাৰীৰ “জাৰ্ণাল এম্প’ৰিয়াম”য়ে আৰু ইয়াৰ মূল্য ৭৫ টকা । গ্রন্থখনত মুঠ ৮০পৃষ্ঠা আছে আৰু প্রথম প্রকাশ পাইছে ১৪ ফেব্রুৱাৰী,২০১৩।
No comments:
Post a Comment