পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ

১. যোৰহাটত আৰম্ভ হ'ল ১৩ দিনীয়াকৈ দ্বাদশ অসম মহোৎসৱঃ স্বেচ্ছাসেৱী সংস্থা ইনটেনডেমৰ উদ্যোগত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত ত্ৰিদিপ বৰদলৈ সোঁৱৰণী মহোৎসৱ খনি উদ্বোধন কৰিলে বিস্ময় বালক কাব্যম কাশ্যপে।

২. শিমলুগুৰিৰ অপহৃতা ছাত্ৰী গুঞ্জন শৰ্মাই কন-কন কেইবাটিও শিশুক ৰক্ষা কৰাৰ বাবে দেখুওৱা অদম্য সাহসৰ বাবে মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে ২লাখ টকাৰ সাহসিকতাৰ বঁটা, শিক্ষা বিভাগেও ঘোষণা কৰি ২৫হাজাৰ টকাৰ পুৰস্কাৰ।

৩. অহা ১০ জানুৱাৰীৰ পৰা অনুষ্ঠিত হব লগা ঢাকা আন্তঃ ৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হৈছে অৰূপ মান্না পৰিচালিত অসমীয়া ছবি "অধ্যায়"।

৪. মহানগৰীত প্ৰতিবাদ কৰিবলৈ আহি ২০০৭ চনত ৰাজপথত নিৰ্যাতিতা হোৱা লক্ষ্মী ওৰাঙে আজিও নাপালে ন্যায়ঃ অন্ততঃ তেওঁৰ জীৱন সংগ্ৰামক লৈ পাৰ্থজিত বৰুৱাই নিৰ্মাণ কৰি উলিয়ালে "লক্ষ্মী ওৰাং ৰাইজিং ফ্ৰম দ্য গ্ৰেভ"।

৫. "মই আম্বেদকাৰে কৈছো" শীৰ্ষক গ্ৰন্থৰ বাবে গহীন সেনাপতিলৈ আগবঢ়োৱা হৈছে সদৌ অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাই প্ৰথম বাৰৰ বাবে প্ৰবৰ্তন কৰা অসম দলিত উন্নয়ন বঁটাঃ আজি অসমৰ ৰাজ্যপালে আম্বেদকাৰ দিৱসৰ অনুষ্ঠানতে এই বঁটা প্ৰদান কৰিব। 

৬. শুৱালকুছিত ৰাসত অনুষ্ঠিত হল মনোজ্ঞ আলোচনা চক্ৰওঃ ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰিলে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মায়ো।

৭. গুৱাহাটীত সদৌ অসম সাংবাদিক সন্থাই মুকলি কৰিলে অস্থায়ী কাৰ্যালয়ঃ সমগ্ৰ অসমতে ইয়াৰ জৰিয়তে সাংবাদিক সন্থাৰ সাংগঠিনক কাম-কাজে গতি লাভ কৰিব বুলি আশা কৰি কাৰ্যালয়টো দিছপুৰৰ ছুপাৰ মাৰ্কেস্থিত মাকনপ্ৰিয়া লজত বন্তি প্ৰজলনেৰে শুভাৰম্ভ কৰে আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে।



৮. টিংখাং অঞ্চলত জ্ঞানৰ বন্তি জ্বলোৱা টিংখাং আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ আয়োজিত হৈছে শতবৰ্ষ সমাৰোহৰ উদযাপনঃ ২০-২২ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ আয়োজিত হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰ।

৯. কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু এন.এইচ.পি.চিৰ সৈতে বৈঠকৰ পূৰ্বে আলোচনাৰ দিশ নিৰ্ণয় কৰিবলৈ আজি গুৱাহাটীত একেলগে মিলিত হৈছে পাঁচোটাকৈ জাতীয় সংগঠন।

১০. দেশৰ পৰবৰ্তী তথ্য আয়ুক্ত ৰূপে ঘোষিত হল সুষমা সিঙৰ নামঃ দেশৰ তথ্য আয়ুক্তৰ দ্বায়িত্ব লোৱা তেখেত দ্বিতীয় গৰাকী মহিলাৰূপে নাম ঘোষণা কৰিলে প্ৰধান মন্ত্ৰীয়ে।

১১. অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ ইণ্টাৰনেশ্বনেল আণ্ডাৰ-গ্ৰেজুৱেট স্কলাৰশ্বিপৰ ১০০ শতাংশ বৃত্তিৰ বাবে নিৰ্বাচিত হৈছে যোৰহাটৰ বিক্ৰম কৌশিক বৰাঃ উল্লেখ্য যে তেখেত মুখ্যমন্ত্ৰীৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা দেৱকুমাৰ বৰা আৰু বৰ্তমানৰ বিশেষ কতৰ্ব্যৰত বিষয়া বৰ্ণালী শইকীয়া বৰাৰ পুত্ৰ।

১২. অহা ২৮-২৯ ডিচেম্বৰত কটনৰ ছেকেণ্ড মেছৰ উদযাপিত হব শতবৰ্ষৰ অনুষ্ঠানঃ ন-পুৰণি সকলো আবাসীকে যোগদানৰ আহ্বান জনালে আহ্বায়ক সমিতিয়ে।

১৩. ৰঙিয়াত অহা ১৪-১৫ ডিচেম্বৰত আয়োজিত হৈছে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ বাৰ্ষিক অধিবেশনঃ ৰসৰাজৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তী উপলক্ষে "অকণিৰ জেউতি" নামৰ শিশু আলোচনীয়ে আয়োজন কৰিছে ১৪ তাৰিখে চিত্ৰাংকন প্ৰতিযোগিতাও।

১৪. টাইম আলোচনীয়ে প্ৰকাশ কৰা ২০১৩ বৰ্ষৰ শ্ৰেষ্ঠ দহখন উপন্যাসৰ তালিকাত স্থান লাভ কৰিলে ভাৰতীয় মূলৰ লেখিকা ঝুম্পা লাহিড়ীৰ " দ্য ল'লেণ্ড" নামেৰে দুজন বঙালী ককাই-ভাইক লৈ লিখা উপন্যাসে।

১৫. বিশিষ্ট নাট্যকৰ্মী ৰত্ন ওজাদেৱে গৰকিলে ৮৩ৰ ডেওনাঃ সাংস্কৃতিক কৰ্মী অনুৰাগীয়ে জনালে জন্মদিনৰ শুভেচ্ছা।

১৬. ওৰাঙৰ জেনিথ ক্লাৱে ক্ৰীড়া প্ৰতিযোগিতা সমূহৰ সফল আয়োজনৰ পাছত এইবাৰ আয়োজন কৰিছে সদৌ অসম জেনিথ নৃত্য প্ৰতিযোগিতাৰোঃ অহা ২১-২২ ডিচেম্বৰত এয়া অনুষ্ঠিত হব স্থানীয় লক্ষ্মী মন্দিৰ প্ৰাংগনত।

১৭. শিক্ষা বিভাগে ধিঙতো অনুষ্ঠিত কৰিলে বিশ্ব প্ৰতিবন্ধী দিৱসৰ অনুষ্ঠানঃ চিত্ৰাংকন, কবিতা আবৃত্তি আদি প্ৰতিযোগিতাৰে সজাগতা অনাৰ বাবে কৰিলে চেষ্টা। 

১৮. বিটিএডিত সাম্ভাব্য ৰক্তাক্ত পৰিৱেশৰ যাতে সৃষ্টি নহয়, তাৰ বাবে এনডিএফবি(সংবিজিত) গোটৰ মূলসঁতিলৈ ঘূৰাই অনাৰ বাবে চেষ্টা কৰাৰ বাবে দ্বায়িত্ব দিলে ৰঞ্জন দৈমাৰীক।

১৯. ডিচেম্বৰতে মুক্তি পাব ভাগ্যশ্ৰী প্ৰডাকচনৰ বিহু ভিচিডি "ঢুলীয়া ককাই",   জুবিন গাৰ্গেও কৰিলে গীতত কণ্ঠদান।

২০. ৰেঙনি চেনেলত আৰম্ভ হৈছে "মই জুবিন গাৰ্গ হব খোজো" শীৰ্ষক এক গীত-মাতৰ প্ৰতিযোগিতাৰ।

No comments:

Post a Comment