আলহী অতিথিৰ পৰিবৰ্তিত পৰম্পৰা
ব্রহ্মানন্দ পাতিৰি
এসময়ত আমাৰ ঘৰবোৰলৈ প্রায়ে আলহী অতিথি আহি থকা মনত আছিল। আলহী আহিলে আমাৰো মনবোৰ ভাল লাগে, কেতিয়াবা আমাৰ সাধাৰণ জ্ঞান, প্রতিভা আদিৰো আলোচনা হৈছিল।
কেইবছৰ মানৰ পৰা মন কৰিছো বিনা কাৰণত প্রায়ে কম মানুহ আহে। আহিলেও বিয়া,অন্নপ্রাসন্ন আদিৰ নিমণ্ত্রনৰ বাবে, কিবা এল আই চি জাতীয় বা এম ৱে জাতীয় বস্তুৰ ব্যৱসায়ৰ বাবেহে অহাযেন লাগিছিল ।
কেইবছৰ মানৰ পৰা মন কৰিছো বিনা কাৰণত প্রায়ে কম মানুহ আহে। আহিলেও বিয়া,অন্নপ্রাসন্ন আদিৰ নিমণ্ত্রনৰ বাবে, কিবা এল আই চি জাতীয় বা এম ৱে জাতীয় বস্তুৰ ব্যৱসায়ৰ বাবেহে অহাযেন লাগিছিল ।
নতুনকৈ ফেচবুক আদিৰ জৰিয়তে আমি বহু বন্ধু বান্ধৱ পালো, অহা যোৱাও আৰম্ভ হৈছেগৈ। কিন্তু প্রায়ে আন্তৰিকতাৰ অভাৱ দেখা যায়, বিবাহিত পৰিয়ালবোৰত ইজনৰ বন্ধু বা বান্ধবীক আনজনে বৰ সহজ ভাৱেৰে নলয়।কিছু জড়তা এতিয়াও দূৰ হোৱা নাই।
ভাত খাবলৈ মতা পাৰ্টি বোৰতো একঘেয়ামী ভাব এটা পৰিলক্ষিত হোৱা যেন লাগে। বনভোজ বোৰত সুৰাৰে সময়বোৰ পাৰ কৰা যেন লাগে।
মনত প্ৰশ্নৰ উদয় হয়। সঁচাই কৰবাত আমাৰ সামাজিক জীৱনত কেনা লাগিছে নেকি ?
সঁচাই আমাৰ জীৱনবোৰ আৰু সম্বন্ধবোৰ দিনক দিনে জটিল হৈ আহিব ধৰিছে৷
ReplyDelete