হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. বড়োলেণ্ড বিশ্ববিদ্যালয়ত নিযুক্তিত দুৰ্নীতিৰ পোহাৰ মেলাৰ সু-খবৰে পালে সংবাদ শিৰোনামাঃ টকা পইচা থকা অথচ নম্বৰ নথকা প্ৰাৰ্থীয়ে সঠিক চেনেলযোগে আবেদন কৰিবলৈ আহ্বান জনালে কোকৰাঝাৰ গোপন খবৰ সাংবাদিক সন্থাই।
২. মৰিগাঁৱত জাগৰণৰ শ্ব ৰুমত জুই, বকোত ধানৰ পথাৰত দিলে জুই, শিৱসাগৰত ৰবৰ বাগান কাটি তহিলং, অনলাইন পেমেণ্ট ফৰ অপহৰণ, অপহৃতৰ হোম ডেলিভাৰী আদিৰে, অসমত দুৰ্বৃত্ত সংঘৰ এনে নিত্য-নতুন আৰু সৃষ্টিশীল অপৰাধৰ বাবে অসমৰ গৃহ বিভাগক জনালে অভিনন্দনঃ এনে ক্ৰিয়েটিভ অপৰাধেৰে বিশ্বৰ কোনো অংশ উজ্বলি উঠিব পৰাৰ নজিৰ নাই বুলি ডিজিপিয়ে কৰিলে প্ৰকাশ।
![]() |
বিসম্বাদী আৰু মহন্তক দেখাইছো.... মিছা ক'লে কি ডাল হবহে.. |
৩. মায়ঙৰ বেজালিৰ ব্ৰেণ্ড এম্বেছেডৰ ৰসাল গগৈয়ে কেতিয়ালৈ অন্ধবিশ্বাস বিৰোধী আইন প্ৰনয়ন কৰিব সেয়াই অসমৰ আটাইতকৈ উত্তৰ বিহীন প্ৰশ্নৰূপে থিয় দিয়া বুলি বিজ্ঞান সচেতন মঞ্চই ব্যক্ত কৰিছেঃ মোদীক ৰোধিবলৈ ২০১৪ পৰ্যন্ত তেখেতে মায়ঙৰ বেজৰ ওপৰত ভৰসা কৰি থাকিলে এই আইন প্ৰণয়নত স্বাভাৱিকতে দেৰি হবই বুলি ৰাইজেও গুণাগুথা কৰিছে।
৪. জুবিন গৰ্গৰ সাংস্কৃতিক সন্ধিয়া শান্তিপূৰ্ণ ভাৱে শেষ হবনে নহয় তাকে লৈ জুৱাৰী সকলৰ মাজত আৰম্ভ হৈছে বেটিঙঃ শান্তিপূৰ্ণ ভাৱে শেষ হলে ১ টকাৰ ঠাইত ১০০০ টকা দিয়া এই জুৱাটোৰ প্ৰতি আকৰ্ষিত হৈ মেঘালয়ৰ সকলো তীৰ খেলুৱৈ খানাপাৰাৰ পৰা গুচি অহা বুলি জানিব পৰা গৈছে।
৫. দেউলীয়া হোৱাৰ পথত ৰাজ্য চৰকাৰ বুলি কৌতুক প্ৰকাশ পালে সংবাদ শিৰোনামাতঃ যি ৰাজ্যৰ মন্ত্ৰীৰ এশ কোটি টকীয়া চেনেল, হোটেল, কাববাৰ, চেকগেট, যি অসম চৰকাৰে এইবোৰো দিল্লীৰ পৰা আনিব মাত্ৰ ৩লাখ কোটি টকা, এক লাখ ছাত্ৰ ছাত্ৰীলৈ দিব বিশেষ জলপানি, সেই ৰাজ্যত মাত্ৰ কৰ্মচাৰীৰ বকেয়া ধন দিবলৈ চৰকাৰ দেউলীয়া হোৱাৰ কথাক বিশ্বাস কৰিব নোৱাৰি চিবিআইৰ তদন্ত দাবী কৰিলে বিপ্লৱী কৰ্মচাৰী সন্থাই।
৬. নিৰ্ভয়া ফাণ্ডৰ ফুটা কড়িও খৰছ নকৰাকৈ এবছৰ ৰাখি বিশ্ব অভিলেখ গঢ়িলে কেন্দ্ৰীয় চৰকাৰেঃ হাতত ধন থাকিও নাৰী নিৰ্যাতনৰ পৰা ৰোধিবলৈ পইচা খৰছ নকৰা বাবে চৰকাৰক বিশ্বৰ কৃপনতম চৰকাৰ ৰূপে গীনিজ বুকত নাম লিপিবদ্ধ কৰিবলৈ আহ্বান জনালে সচেতন নাৰী সন্থাই।
৭. আজি কাৰাগাৰৰ পৰা ওলাব লালুঃ ওলায়েই আই আই এমত জেলত থাকি কেনেকৈ ৰাজনৈতিক দল পৰিচালনা কৰিব লাগে সেই সন্দৰ্ভে দিব ব্যৱহাৰিক প্ৰশিক্ষণ। সাম্ভাব্য জেল গমনকাৰী সকলো দলৰ নেতাই এই কৰ্মশালাত অংশ লব বুলি জানিব পৰা গৈছে।
৮. তিনি বছৰ গা নুধুৱাকৈ থাকি বিশ্ব অভিলেখ গঢ়া বুলি আদাবাৰীত দাবী কৰিছে চিটি বাচৰ হেণ্ডিমেন জগন দাসেঃ যোৰহাটৰ অভিলেখ গঢ়া অফিচত দিবৰ বাবে ফীজ নোহোৱাৰ বাবেই স্বীকৃতি নোপোৱা বুলি দাবী কৰি জগনে এতিয়া তেওঁৰ প্ৰতিভাৰ স্বীকৃতিৰ বাবে সঠিক পথৰ সন্ধান কৰিছে। সদাশয় লোকে তেখেতক সহায় কৰিবৰ বাবেও আহ্বান জনাইছে।
![]() |
লোকপাল কাৰ? |
৯. "লোকপাল কাৰ" নামৰ ৰাজকুমাৰ গান্ধীৰ নতুন চিনেমাখন অহা শুকুৰবাৰে ৰিলিজ হোৱাৰ সম্ভাৱনা প্ৰকাশঃ মহাৰাষ্ট্ৰৰ আন্না আৰু দিল্লীৰ কেজৰীৱালেও অভিনয় কৰা চিনেমাখনত আচল ভিলেইন কোন চিনাক্ত কৰাৰ বাবেই ছবিৰ প্ৰযোজকে এক আকৰ্ষণীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। এচএমএছ যোগে আপুনিও তাৰ উত্তৰ পঠাব পাৰে।
১০. "নাৰায়ন ছাই"ৰ প্ৰেমৰ ছবিৰ মুকলি হল ভিচিডিঃ পিছে ভিচিডিখনত নাৰী-ভক্তিৰ ইমান পয়োভৰ আছিল যে চেন্সৰ বৰ্ডেও চাবলৈ লাজ কৰি এনেয়ে প্ৰাপ্ত-বয়স্কৰ বাবে বুলি চাৰ্টিফিকেট জাৰি কৰি বুলি গোপন সূত্ৰই কৰিলে তথ্য প্ৰকাশ।
No comments:
Post a Comment