পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আজি অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম দিৱসটি পালিত হৈছে চেতনা দিৱস ৰূপেঃ অসম কবি সন্মিলনে কেন্দ্ৰীয়ভাৱে বৰপেটাত আয়োজন কৰিছে এই দিৱসৰ উদযাপন।

অম্বিকাগিৰি ৰায় চৌধুৰী
১৮৮৫-১৯৬৭
২. অসমীয়া সাহিত্য সন্মিলনীৰ উদ্যোগত কাইলৈ কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ উজান বজাৰস্থিত ছহিদ ন্যাস ভৱনত আয়োজন কৰা হৈছে ছৈয়দ আব্দুল মালিক স্মৃতি দিৱসঃ বিয়লি তেখেতৰ জীৱনক লৈ দাৰা আহমেদ পৰিচালিত তথ্যচিত্ৰ প্ৰদৰ্শনৰ লগতে থাকিব "গীতে-মাতে-মালিক" শীৰ্ষক নৃত্য-গীত-কথাৰ অনুষ্ঠান।


৩. নগাঁও গ্ৰন্থমেলাত অসমৰ জাতীয় সংগীত পৰিবেশন কৰিলে সহস্ৰাধিক শিশুৱেঃ জাতীয় চেতনাৰ বাণীৰে মুখৰিত হ'ল কলঙৰ বাকৰি। গ্ৰন্থমেলাস্থলিতে হোৱা "বিশ্বাসৰ ভুল বাটে আমাৰ সমাজ" শীৰ্ষক আলোচনা চক্ৰত অংশ ললে বীৰুবালা ৰাভায়ো। উন্মোচিত হ'ল কবি অজিত ভৰালীৰ কাব্যগ্ৰন্থ "টেঙেচী ফুলৰ এটা দুপৰীয়া"। 

৪. সাহিত্যৰথীয়ে ১৯১৩চনতে প্ৰকাশ কৰা "জুনুকা"ৰ এহেজাৰ কপি শিশু সকলক বিনামূলীয়াকৈ প্ৰদান কৰে অকণিৰ সাহিত্য সভাইঃ সাহিত্যৰথীৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীৰ সতে সংগতি ৰাখি নগাঁও গ্ৰন্থমেলাতে গ্ৰহণ কৰিলে এই পদক্ষেপ। 

৫. অহা ৩১ জানুৱাৰীৰ পৰা গুৱাহাটীত মামণি ৰয়ছম গোস্বামী সোঁৱৰণি গ্ৰন্থ উতসৱঃ অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিবেশন উপলক্ষে নেচনেল বুক ট্ৰাষ্টৰ সহযোগত প্ৰায় দুশখন বিপনীৰে ছয়-দিনীয়াকৈ অনুষ্ঠিত কৰাৰ বাবে চলিছে প্ৰস্তুতি।

৬. নগাঁও প্ৰেছ ক্লাৱত উন্মোচিত হ'ল সাংবাদিক শৈলেন শইকীয়া দুখনকৈ গ্ৰন্থঃ গল্প সংকলন "কুৰুক্ষেত্ৰ হৃদয়" উন্মোচন কৰিলে সাহিত্যিক মহিম বৰাই। উপন্যাস "সেউজী পাতৰ উচুপনি" উন্মোচন কৰিলে লেখিকা নিৰূপমা বৰগোহাঞিয়ে।

৭. বন্যপ্ৰাণী সুৰক্ষা আইনৰ সংশোধনী কৰি অত্যাধুনিক অস্ত্ৰৰ প্ৰয়োগেৰে কাজিৰঙাৰ বন্য সম্পদৰ সুৰক্ষাৰ চেষ্টা কৰিছে বুলি প্ৰকাশ কৰিলে বন মন্ত্ৰীয়েঃ ৪৩০ বৰ্গ কিলমিটাৰ এলেকাৰ কাজিৰঙাত বন সুৰক্ষা ফৰ্চৰ ৪২৭ গৰাকী আৰু অস্ত্ৰ সম্পন্ন ১২৪জন সুৰক্ষা কৰ্মী নিয়োজিত হৈ থকাৰ তথ্য জনালে বিধান সভাক।

৮. হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনত ইলোৰা বিজ্ঞান মঞ্চ আৰু মধ্য কামৰূপ মহাবিদ্যালয়ৰ উদ্যোগত চেঙাত পালিত হল কুসংস্কাৰ বিৰোধী দিৱসঃ হেমচন্দ্ৰ বৰুৱাৰ জীৱন দৰ্শন আৰু আধুনিক সমাজত অন্ধ বিশ্বাস বিষয়ত বক্তৃতা প্ৰদান কৰিলে ক্ৰমে নতুন সাহিত্য পৰিষদৰ সভাপতি ডঃ পৰমানন্দ মজুমদাৰে আৰু নিৱন্ধকাৰ, শিক্ষাবিদ ডঃ দীনেশ বৈশ্যই।

৯. চেন্নাইৰ এপল' হস্পিতেলত আৰম্ভ হ'ল এম আৰ আই চালিত ফিলিপছ কোম্পানীৰ প্ৰযুক্তিৰে এম আৰ হাইফুৰে মহিলাৰ গৰ্ভাশয়ৰ ফাইব্ৰড আঁতৰোৱাৰ নতুন পদ্ধতিঃ এই পদ্ধতিৰ সূচনা কৰা প্ৰথমখন ভাৰতীয় হস্পিতেল ৰূপে ইতিহাসত নিজৰ নাম কৰিলে লিপিবদ্ধ।

১০. বাগসা জিলাৰ তামুলপুৰ অগ্ৰণী অনুষ্ঠান "শব্দ শংখ"ৰ উদ্যোগত প্ৰকাশ পাব দুমহীয়াকৈ "মনন" নামৰ এখন আলোচনীঃ প্ৰথম সংখ্যাটি কালি হ'ল উন্মোচিত।

১১. ৰাজ্য সভাৰ পাছত কিছু সংশোধনীৰে লোকসভাতো পাছ হ'ল চৰকাৰী লোকপাল বিলঃ এই লোকপাল মাত্ৰ চল্লিশ শতাংশহে কাৰ্যক্ষম বুলি মন্তব্য কৰিলে আন্না হাজাৰেই।

১২. বঙাইগাঁও উদীয়মান সাহিত্য সমাজে অনুষ্ঠিত কৰিলে "শীতৰ ৰ'দালিত শব্দৰ কছৰত" শীৰ্ষক এখন বহুভাষিক কবি সন্মিলনঃ ৪০ গৰাকী উদীয়মান কবিয়ে পাছ কৰিলে স্ব-ৰচিত কবিতা।

১৩. অহা ২০-২২ জানুৱাৰীত ধুবুৰীৰ চাপৰত সদৌ অসম কাবাদী সন্থাৰ উদ্যোগত অনুষ্ঠিত হব ৩৪তম আন্তঃজিলা জুনিয়ৰ কাবাদী প্ৰতিযোগিতাঃ লগতে অনুষ্ঠিত হব তৃতীয় ছিনিয়ৰ পুৰুষ মহিলাৰ আন্তঃজিলা বীচ কাবাদী প্ৰতিযোগিতাৰো। তাৰ বাবে গঠন হ'ল ৪০জনীয়া এক পৰিচালনা সমিতিৰো।

১৪. দৰং জিলাৰ দেওমৰনৈত নাৰী নিৰ্যাতন বিৰোধী দিৱস উদযাপন কৰিলে ভূড়াৰগড় পঞ্চায়ত মহিলা সমতা ছ'চাইটিয়েঃ খেল-ধেমালিৰ লগতে বাটৰ নাটৰ জৰিয়তেও প্ৰচেষ্টা চলালে সজাগতা বৃদ্ধিৰ।

১৫. ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাত থকা বিশ্ববিদ্যালয় সমূহৰ ১০০খন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ তালিকাত স্থান পালে ভাৰতৰ পাঁচখন আই আই টিয়ে।

১৬. অসমত মুক্ত হত্যা হোৱা বুলি লোকসভাত প্ৰতিবাদ মুখৰ হ'ল বিজেপিৰ আৰু বিপিএফৰ সাংসদ।

১৭. নলবাৰী ছাত্ৰ সন্থাৰ উদ্যোগত অহা ২০-২৩ ডিচেম্বৰলৈ অনুষ্ঠিত হব প্ৰসন্ন নাৰায়ণ চৌধুৰী সোঁৱৰণি সদৌ অসম একাংক নাট প্ৰতিযোগিতা।

No comments:

Post a Comment