এজন শ্রেষ্ঠ সমাজ বিজ্ঞানী কাৰ্ল মাৰ্ক্স
সাগৰ হাজৰিকা
এজন সচেতন লোকক প্রশ্ন কৰা হৈছিল, এজন শৰীৰ বিজ্ঞানী আৰু এজন সমাজ বিজ্ঞানীৰ মাজত পাৰ্থক্য কি বুলি? ব্যক্তিজনে বহু বিবেচনা কৰি ক'লে যে এজন শৰীৰ বিজ্ঞানীয়ে কোনো এক ঔষধ আৱিস্কাৰ কৰাৰ পিছত তেওঁ প্রথমে গিনিপিগৰ ওপৰত পৰীক্ষা চলায় তাৰ পাছতহে তাক মানুহৰ ওপৰত প্রয়োগ কৰে।কিন্তু এজন সমাজ বিজ্ঞানীয়ে কোনো তত্ব উদ্ভাৱন কৰাৰ পাছত প্রথমে মানুহৰ ওপৰতহে পৰীক্ষা কৰে তাৰ পাছতহে গিনিপিগৰ ওপৰত প্রয়োগ কৰে।কৌতুক যদিও ইয়াত এক গভীৰ সাৰমৰ্ম লুকাই আছে।
আজিৰ তাৰিখত সাম্যবাদৰ অসফলতাৰ মূল কাৰণ মাৰ্ক্সবাদক ধৰ্মীয় মন্ত্রৰ দৰে খামুচি ধৰি থকাতো। কাৰ্ল মাৰ্ক্সে নিজেই এনে মানসিকতাৰ বিৰোধিতা কৰিছিল।
মাৰ্ক্সৰ যুগৰ পাছৰে পৰা আজিলৈকে মাৰ্ক্সবাদকলৈ কোনেও গঠনমূলক সমালোচনা নকৰিলে।যি সমালোচনা কৰিছে পুজিঁবাদৰ তাড়নাতহে কৰিছে।
সমালোচক সকলৰ মাজত এনেলোকো আছে যি মাৰ্ক্সবাদ আচলতে পঢ়াই নাই।এয়েই সাম্যবাদৰ বিড়ম্বনা।মাৰ্ক্সে যি বিজ্ঞান দি থৈ গ'ল লেনিনে তাক এক কাৰিকৰী ৰূপহে দিলে।সেই সময়ত সেই পটভূমিত হয়তো সেয়াই সমাজৰ প্রয়োজন আছিল।আজি প্রয়োজন আহি পৰিছে মাৰ্ক্সবাদক পুণঃবিশ্লষণ কৰি চোৱাৰ।সাম্যবাদৰ বিসংগতিবোৰ ধৰা পেলোৱাৰ আৰু প্রয়োজন হৈছে এক শ্রেষ্ঠ সমাজ দৰ্শনৰ।

No comments:
Post a Comment